পদ্ম বিভূষণ পণ্ডিত ছান্নুলাল মিশ্ৰৰ মৃত্যুত প্ৰধানমন্ত্ৰী মোদীৰ শোক বাৰ্তা

October 02nd, 02:00 pm

প্ৰধানমন্ত্ৰীয়ে কয় যে পণ্ডিত ছান্নুলাল মিশ্ৰ জীৰ মৃত্যু ভাৰতীয় সংগীত জগতৰ বাবে এক অপূৰণীয় ক্ষতি। তেওঁ মন্তব্য কৰে যে পণ্ডিত ছান্নুলাল মিশ্ৰই শিল্প আৰু সংস্কৃতিৰ প্ৰতি নিজৰ জীৱন উৎসৰ্গা কৰাৰ লগতে বেনাৰস ঘৰানাৰ সংগীত পৰম্পৰাক নতুন উচ্চতালৈ লৈ যোৱাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

প্ৰখ্যাত শাস্ত্ৰীয় কণ্ঠশিল্পী পণ্ডিত ছান্নুলাল মিশ্ৰ জীৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ

October 02nd, 09:42 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰখ্যাত শাস্ত্ৰীয় কণ্ঠশিল্পী পণ্ডিত ছান্নুলাল মিশ্ৰ জীক ভাৰতীয় কলা-সংস্কৃতিৰ আজীৱন ভক্ত বুলি অভিহিত কৰি তেওঁৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে।