থাই চৰকাৰে মুকলি কৰা ৰামাকিয়েন মুৰেল অংকিত আইষ্টাম্প সন্দৰ্ভত আলোকপাত প্ৰধানমন্ত্ৰীৰ
April 03rd, 09:14 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে থাই চৰকাৰে মুকলি কৰা ৰামাকিয়েন মুৰেল অংকিত আই-ষ্টাম্পৰ বিষয়ে আলোকপাত কৰে।চাহিবাবাদ আৰআৰটিএছ ষ্টেচনৰ পৰা নিউ অশোক নগৰ আৰআৰটিএছ ষ্টেচনলৈ নমো ভাৰত ৰে'লৰ যাত্ৰাৰ সময়ত ছাত্ৰ-ছাত্ৰী আৰু ট্ৰেইন লোকো পাইলটৰ সৈতে হোৱা প্ৰধানমন্ত্ৰীৰ বাৰ্তালাপৰ অসমীয়া অনুবাদ
January 05th, 08:50 pm
এয়া নৱযুগ, এয়া নৱ ভাৰত, আমি নিজেই লিখিম নিজৰ ভাগ্যপ্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নমো ভাৰত ৰেলত ছাত্ৰ-ছাত্ৰী আৰু লোকো পাইলটৰ সৈতে মত বিনিময় কৰে
January 05th, 08:48 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সাহিবাবাদ আৰ আৰ টি এছ ষ্টেচনৰ পৰা নিউ অশোক নগৰ আৰ আৰ টি এছ ষ্টেচনলৈ নমো ভাৰত ৰেলত যাত্ৰা কৰে। যাত্ৰাৰ সময়ছোৱাত তেওঁ যুৱ বন্ধুসকলৰ সৈতে আন্তৰিকতাৰে ভাৱৰ আদান-প্ৰদান কৰে, যিয়ে তেওঁক কেইবাখনো চিত্ৰ আৰু শিল্পকৰ্ম উপহাৰ দিয়ে। প্ৰধানমন্ত্ৰী আৰু উদীয়মান ভাৰতৰ বিষয়ে কবিতা আবৃত্তি কৰা এগৰাকী কণমানি ছোৱালীৰ সৈতে মত বিনিময় কৰি শ্ৰী মোদীয়ে তেওঁক প্ৰশংসা কৰে। শ্ৰী মোদীয়ে এজন ল’ৰাৰ সৈতেও মত বিনিময় কৰে, যিয়ে তেওঁক এখন ছবি উপহাৰ দিয়ে। ল’ৰাজন হৈছে চৰকাৰৰ পৰা ঘৰৰ সুবিধা লাভ কৰা এটা হিতাধিকাৰী পৰিয়ালৰ সন্তান। প্ৰধানমন্ত্ৰীয়ে নতুন ঘৰটোৰ অগ্ৰগতিৰ বুজ লয় আৰু শুভেচ্ছা জনালে। আন এগৰাকী কণমানি ছোৱালীয়েও প্ৰধানমন্ত্ৰীগৰাকীৰ বিষয়ে কবিতা আবৃত্তি কৰে, যাৰ বাবে তেওঁ ছোৱালীগৰাকীক প্ৰশংসা কৰে।সংবিধান আমাৰ পথ প্ৰদৰ্শকঃ মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
December 29th, 11:30 am
‘মন কী বাত’ৰ এইটো খণ্ডত প্ৰধানমন্ত্ৰী মোদীয়ে ‘সংবিধানৰ ৭৫ সংখ্য বাৰ্ষিকী’ আৰু প্ৰয়াগৰাজত অনুষ্ঠিতব্য ‘মহাকুম্ভ’ৰ প্ৰস্তুতিকে ধৰি ভাৰতৰ সাফল্যসমূহৰ বিষয়ে উল্লেখ কৰে। তেওঁ ‘বস্তৰ অলিম্পিক’ৰ সফলতাৰ প্ৰশংসা কৰে আৰু ‘আয়ুষ্মান ভাৰত আঁচনি’ৰ অধীনত মেলেৰিয়া নিৰ্মূল আৰু কৰ্কট ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত হোৱা অগ্ৰগতিৰ দৰে গুৰুত্বপূৰ্ণ স্বাস্থ্য সফলতাৰ কথাও উল্লেখ কৰে। তদুপৰি, তেওঁ উৰিষ্যাৰ কালাহাণ্ডিত সম্পাদিত হোৱা কৃষি বিপ্লৱৰো প্ৰশংসা কৰে।ড্ৰাগছৰ অপব্যৱহাৰ বিৰোধী অভিযানত যুৱ সমাজৰ ব্যাপক অংশগ্ৰহণ অতিশয় উৎসাহজনকঃ মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
July 30th, 11:30 am
‘মন কী বাত’লৈ আপোনালোক সকলোকে বহুত বহুত আদৰণি জনাইছো৷ জুলাই মাহ, অৰ্থাৎ বৰষুণ বতৰ৷ বিগত কিছুদিন ধৰি প্ৰাকৃতিক দুৰ্যোগৰ বাবে, চিন্তা আৰু উদ্বেগপূৰ্ণ হৈ আছে৷ যমুনাসহ কেইবাখনো নদীৰ বানত বহু অঞ্চলৰ লোকসকল যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে৷ পাহাৰীয়া এলেকাত ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে৷ সেই সময়ছোৱাত দেশৰ পশ্চিমাঞ্চলত, কিছু দিন পূৰ্বে গুজৰাটত বিভিন্ন অঞ্চলত বিপৰ্যয় ঘূৰ্ণীবতাহ আহিছিল৷ কিন্তু বন্ধুসকল, এই দুৰ্যোগৰ মাজতো আমি সকলো দেশবাসী পুনৰ দেখুৱাই দিলো যে সামূহিক প্ৰচেষ্টাৰ শক্তি কিমান৷ স্থানীয় লোকসকলে, আমাৰ এনডিআৰএফ জোৱানসকলে, স্থানীয় প্ৰশাসনৰ লোকসকলে দিনে-ৰাতিয়ে লাগি এই দুৰ্যোগৰ মোকাবিলা কৰিলে৷ যিকোনো ধৰণৰ দুৰ্যোগ প্ৰশমনত আমাৰ সামৰ্থ্য আৰু সম্পদৰ ভূমিকা অধিক-কিন্তু ইয়াৰ সমান্তৰালভাৱে আমাৰ সংবেদনশীলতা আৰু এজনে আনজনক হাতে হাত ধৰাটো সিমানেই গুৰুত্বপূৰ্ণ৷ সৰ্বজন হিতায়ৰ এই ভাৱনা ভাৰতৰ পৰিচয়ৰ লগতে শক্তিও৷প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী স্কট মৰিছনে ভাৰত-অষ্ট্ৰেলিয়া দ্বিতীয় ভাৰ্চুৱেল সন্মিলনৰ আয়োজন কৰে
March 21st, 06:08 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী মাননীয় স্কট মৰিছনে আজি ভাৰত-অষ্ট্ৰেলিয়া দ্বিতীয় ভাৰ্চুৱেল সন্মিলনৰ আয়োজন কৰে। সন্মিলনৰ সময়ত তেওঁলোকে দুয়োখন দেশৰ মাজত বহুমুখী সম্পৰ্কৰ পৰ্যালোচনা কৰে আৰু আঞ্চলিক আৰু গোলকীয় উন্নয়নৰ ওপৰত মত বিনিময় কৰে।তেওঁৰ পেইণ্টিং অঁকাৰ লগতে জনস্বাস্থ্যক লৈ চিন্তা প্ৰকট কৰা যুৱ-শিল্পীক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
August 26th, 06:02 pm
The Prime Minister Shri Narendra Modi has written to Steven Harris, a student from Bengaluru, praising him for his paintings. This rising 20 years old young artists had sent two beautiful paintings of the Prime Minister along with a letter to the Prime Minister. The Prime Minister replied with encouragement and praise.