ৰাষ্ট্ৰপতি ভৱনত আয়োজিত অসামৰিক বিনিয়োগ অনুষ্ঠান-২ ত অংশগ্ৰহণ কৰিলে প্ৰধানমন্ত্ৰী

June 23rd, 09:29 pm

প্ৰধানমন্ত্ৰী, শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাষ্ট্ৰপতি ভৱনত আয়োজিত অসামৰিক বিনিয়োগ অনুষ্ঠান-২ত অংশগ্ৰহণ কৰে। এই অনুষ্ঠানতে পদ্ম বঁটাসমূহ প্ৰদান কৰা হয়।

ওড়িশা চৰকাৰৰ দুবছৰ সম্পূৰ্ণ হোৱা উপলক্ষ্যে প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ

June 20th, 01:10 pm

সন্মানীয় ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু জী, ৰাজ্যপাল শ্ৰীযুত হৰি বাবু জী, জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰীযুত মোহন চৰণ মাঝি জী, উপ-মুখ্যমন্ত্ৰী শ্ৰী কনক বৰ্ধন সিং দেও জী, শ্ৰীমতী প্ৰৱতী পৰিদা জী, ওড়িশাৰ মন্ত্ৰী শ্ৰী গণেশ সিং খুন্তিয়া জী, শ্ৰী কৃষ্ণ চন্দ্ৰ মহাপাত্ৰ জী, সংসদ সদস্য শ্ৰী নৱ চৰণ মাঝি জী, শ্ৰী মনমোহন সমল জী, শ্ৰী বৈজয়ন্ত পাণ্ডা জী, অন্যান্য বিশিষ্ট ব্যক্তিসকল, ভাই-ভনীসকল।

ওড়িশা চৰকাৰৰ দুবছৰ সম্পূৰ্ণ হোৱা উপলক্ষে ময়ূৰভঞ্জ জিলাৰ ৰায়ৰংগপুৰত ৪৭,৬০০ কোটি টকাৰো অধিক ব্যয়ৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

June 20th, 01:00 pm

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ময়ূৰভঞ্জ জিলাৰ পাহাড়পুৰ গাঁও ভ্ৰমণ কৰে। ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীয়ে পবিত্ৰ উপবন চাওতালী জাহেৰা আৰু হো জাহেৰা, দক্ষতা কেন্দ্ৰ আৰু পাহাড়পুৰ বিদ্যালয়ত প্ৰাৰ্থনা জনায়। ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীয়ে ওড়িশা চৰকাৰৰ দুবছৰ সম্পূৰ্ণ হোৱা উপলক্ষে ময়ূৰভঞ্জ জিলাৰ ৰায়ৰংগপুৰত অনুষ্ঠিত এক কাৰ্যসূচীত অংশগ্ৰহণ কৰে। কাৰ্যসূচীৰ বিষয় হৈছে ‘বিকাশ ৰা ধাৰা, ওড়িশা সাৰা’। শ্ৰী মোদীয়ে ৪৭,৬০০ কোটি টকাৰো অধিক ব্যয়ৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে।

প্ৰধানমন্ত্ৰীৰ পদ্ম বঁটা প্ৰদান অনুষ্ঠানৰ কিছু আভাস শ্বেয়াৰ

May 25th, 11:19 pm

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে অনুষ্ঠানটো গৌৰৱ, কৃতজ্ঞতা আৰু অনুপ্ৰেৰণাৰে ভৰি পৰিছিল কিয়নো সমাজ আৰু ৰাষ্ট্ৰলৈ আগবঢ়োৱা ব্যতিক্ৰমী অৱদানৰ বাবে বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিসকলক সন্মানিত কৰা হৈছিল।

স্বদেশী সামগ্ৰী, ‘ভ’কেল ফৰ লোকেল’: ‘মন কী বাত’ত প্ৰধানমন্ত্ৰী মোদীৰ উৎসৱকালীন আহ্বান

September 28th, 11:00 am

চলিত মাহৰ ‘মন কী বাত’ ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে ভগত সিং আৰু লতা মংগেশকাৰৰ জন্ম বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ভাৰতীয় সংস্কৃতি, মহিলা সৱলীকৰণ, সমগ্ৰ দেশতে উদযাপিত বিভিন্ন উৎসৱ, ‘আৰ এছ এছট-ৰ ১০০ বছৰীয়া যাত্ৰা, পৰিষ্কাৰ-পৰিচ্ছন্নতা, খাদী বিক্ৰীৰ উত্থান আদি গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভতো তেওঁ অভিমত ব্যক্ত কৰে। দেশক স্বাৱলম্বী কৰাৰ পথ ‘স্বদেশী’ক আঁকোৱালি লোৱাতেই নিহিত হৈ আছে বুলি পুনৰ কয় প্ৰধানমন্ত্ৰীগৰাকীয়ে।

শ্ৰীমতী কে ভি ৰাবিয়াৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ

May 05th, 04:57 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পদ্মশ্ৰী বঁটা বিজয়ী শ্ৰীমতী কে ভি ৰাবিয়াৰ মৃত্যুত শোক প্ৰকাশ কৰিছে।

বিহাৰৰ জামুইত জনজাতীয় গৌৰৱ দিৱসৰ অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

November 15th, 11:20 am

বিহাৰৰ ৰাজ্যপাল ৰাজেন্দ্ৰ আৰ্লেকাৰ জী, বিহাৰৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী নীতিশ কুমাৰ জী, কেন্দ্ৰীয় কেবিনেটত মোৰ সহযোগী জুৱেল ওৰাম জী, জিতন ৰাম মাঞ্জি জী, গিৰিৰাজ সিং জী, চিৰাগ পাছৱান জী, দুৰ্গাদাস উইকে জী, মোৰ সৌভাগ্য যে আজি বীৰছা মুণ্ডা জীৰ পৰিয়ালৰ বংশধৰসকল আমাৰ মাজত আছে। আজি ইয়াত এটা ডাঙৰ পূজা অনুষ্ঠিত কৰা হৈছে। পৰিয়ালৰ বাকী সকলো সদস্যই পূজাৰ কামত ব্যস্ত, তথাপিও বুদ্ধৰাম মুণ্ডা জী আমাৰ মাজত উপস্থিত আছে। আমি সৌভাগ্যৱান যে সিদ্ধু কানহু জীৰ বংশধৰ মণ্ডল মুৰ্মু জীও আমাৰ লগত আছে। আৰু মোৰ বাবে সুখৰ কথা যে আজি যদি মই আমাৰ ভাৰতীয় জনতা পাৰ্টি পৰিয়ালৰ জ্যেষ্ঠ নেতা আমাৰ শ্ৰদ্ধাৰ কৰিয়া মুণ্ডা জীও আমাৰ মাজত আছে। এসময়ত তেওঁ লোকসভাৰ উপাধ্যক্ষ আছিল। পদ্ম বিভূষণেৰে সন্মানীত মুণ্ডাজীয়ে এতিয়াও সকৱোকে মাৰ্গদৰ্শন কৰে। আৰু যেনেকৈ আমাৰ জুৱেল ওৰাম জীয়ে কৈছিল যে তেওঁ মোৰ বাবে এজন পিতৃৰ দৰে। এনে জ্যেষ্ঠ কাৰিয়া মুণ্ডা জী আজি ইয়ালৈ আহিছে বিশেষকৈ ঝাৰখণ্ডৰ পৰা। বিহাৰৰ উপ-মুখ্যমন্ত্ৰী, মোৰ বন্ধু ভাই বিজয় কুমাৰ সিনহা জী, ভাই সম্ৰাট চৌধুৰী জী, বিহাৰ চৰকাৰৰ মন্ত্ৰী, সাংসদ, বিধায়ক, অন্যান্য জনপ্ৰতিনিধি, দেশৰ চুক-কোণৰ ​​পৰা অহা সকলো গণ্যমান্য ব্যক্তি আৰু জামুইৰ মোৰ মৰমৰ ভাই-ভনীসকল।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জনজাতীয় গৌৰৱ দিৱস উপলক্ষে ভগৱান বিৰছা মুণ্ডাৰ ১৫০ সংখ্যক জন্ম বাৰ্ষিকী বৰ্ষ উদযাপনৰ আৰম্ভণি কৰে

November 15th, 11:00 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিহাৰৰ জমুইত জনজাতীয় গৌৰৱ দিৱস উপলক্ষে ভগৱান বিৰছা মুণ্ডাৰ ১৫০ সংখ্যক জন্ম বাৰ্ষিকী বৰ্ষ উদযাপন কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰি প্ৰায় ৬,৬৪০ কোটি টকা মূল্যৰ ভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰে।

পদ্মশ্ৰী বঁটা বিজয়ী কমলা পূজাৰীৰ মৃত্যুত প্ৰধানমন্ত্ৰীয়ে শোক প্ৰকাশ কৰে

July 20th, 05:18 pm

পদ্মশ্ৰী বঁটা বিজয়ী কমলা পূজাৰীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে।

লাক্ষাদ্বীপৰ কাৱাৰাট্টিত উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰি দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ ইংৰাজী উপস্থাপনৰ অনুবাদ

January 03rd, 12:00 pm

লাক্ষাদ্বীপত পুৱাৰ পৰিৱেশটো চাবলৈ পাই মই খুবেই সুখী হৈছো। লাক্ষাদ্বীপৰ সৌন্দৰ্য শব্দৰে বৰ্ণনা কৰাটো খুবেই কঠিন। মই সৌভাগ্যৱান যে এইবাৰ আগাট্টি, বাঙ্গাৰাম আৰু কাৱাৰাট্টিত মোৰ পৰিয়ালৰ সকলো সদস্যক লগ পোৱাৰ সুযোগ পাইছোঁ। লাক্ষাদ্বীপৰ ভৌগোলিক এলেকা সৰু হ'ব পাৰে, পিচে, লাক্ষাদ্বীপৰ জনতাৰ হৃদয় সাগৰৰ দৰেই বিশাল। আপোনালোকৰ মৰম আৰু আশীৰ্বাদৰ বাবে মই কৃতজ্ঞ।

লক্ষদ্বীপৰ কাৱৰাট্টিত ১১৫০ কোটি টকাৰো অধিক মূল্যৰ উন্নয়নমূলক প্ৰকল্পৰাজিৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰীৰ

January 03rd, 11:11 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি লক্ষদ্বীপৰ কাৱৰাট্টিত ১১৫০ কোটি টকাৰো অধিক মূল্যৰ উন্নয়নমূলক প্ৰকল্পৰাজিৰ উদ্বোধন, ৰাষ্ট্ৰলৈ উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰে। আজিৰ উন্নয়নমূলক প্ৰকল্পসমূহে প্ৰযুক্তি, শক্তি, জলসম্পদ, স্বাস্থ্যসেৱা আৰু শিক্ষাকে প্ৰমুখ্য কৰি একাধিক খণ্ডক সামৰি লৈছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে লেপটপ আঁচনিৰ অধীনত ছাত্ৰ-ছাত্ৰীসকলক লেপটপ বিতৰণৰ লগতে বেটি বচাও, বেটি পঢ়াওৰ অধীনত বিদ্যালয়ৰ ছাত্ৰীসকলক চাইকেল প্ৰদান কৰে। লগতে কৃষক আৰু মৎস্যজীৱী হিতাধিকাৰীসকলক পিএম কিষাণ ক্ৰেডিট কাৰ্ড প্ৰদান কৰে।

পদ্মশ্ৰী বঁটা বিজয়ী, সংস্কৃত পণ্ডিত তথা নদিয়াদৰ ব্ৰহ্মৰ্ষি সংস্কৃত মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক দহভাই শাস্ত্ৰীৰ মৃত্যুত প্ৰধানমন্ত্ৰীয়ে শোক প্ৰকাশ কৰিছে

October 10th, 06:43 pm

প্ৰধানমন্ত্ৰীয়ে এটা এক্স পোষ্টত এইদৰে কয়, নদিয়াদস্থিত ব্ৰহ্মৰ্ষি সংস্কাৰ ধামৰ প্ৰতিষ্ঠাপক পদ্মশ্ৰী দহভাই শাস্ত্ৰীজীৰ মৃত্যুৰ খবৰটো অত্যন্ত দুখজনক।তেওঁ গোটেই জীৱন সংস্কৃত ভাষাৰ প্ৰসাৰ আৰু শিক্ষাৰ বাবে কাম কৰিছিল।ভগৱানে তেওঁৰ পবিত্ৰ আত্মাক শান্তি প্ৰদান কৰক আৰু শোকসন্তপ্ত অনুগামীসকলক সান্ত্বনা দিয়ক।ওম শান্তি...

NDA today stands for N-New India, D-Developed Nation and A-Aspiration of people and regions: PM Modi

July 18th, 08:31 pm

PM Modi during his address at the ‘NDA Leaders Meet’ recalled the role of Atal ji, Advani ji and the various other prominent leaders in shaping the NDA Alliance and providing it the necessary direction and guidance. PM Modi also acknowledged and congratulated all on the completion of 25 years since the establishment of NDA in 1998.

PM Modi addresses the NDA Leaders Meet

July 18th, 08:30 pm

PM Modi during his address at the ‘NDA Leaders Meet’ recalled the role of Atal ji, Advani ji and the various other prominent leaders in shaping the NDA Alliance and providing it the necessary direction and guidance. PM Modi also acknowledged and congratulated all on the completion of 25 years since the establishment of NDA in 1998.

প্ৰধানমন্ত্ৰীয়ে আমেৰিকান বৌদ্ধ পণ্ডিত তথা শিক্ষাবিদ অধ্যাপক ৰবাৰ্ট থুৰমানৰ সৈতে বৈঠক কৰে

June 21st, 08:26 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আমেৰিকাৰ নিউয়ৰ্কত আমেৰিকান বৌদ্ধ পণ্ডিত, লেখক তথা পদ্মশ্ৰী বঁটাৰে সন্মানিত অধ্যাপক ৰবাৰ্ট থুৰমানৰ সৈতে সাক্ষাৎ কৰে।

১৮খন ৰাজ্য আৰু ২টা কেন্দ্ৰ শাসিত অঞ্চলত ৯১টা এফ এম ট্ৰেন্সমিটাৰৰ উদ্বোধনী অনুষ্ঠানত দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ

April 28th, 10:50 am

আজিৰ এই কাৰ্যক্ৰমত পদ্ম সন্মান পোৱা অনেক ব্যক্তিত্বও আমাৰ সৈতে সংযুক্ত আছে। মই তেওঁলোককো আদৰণি জনাইছো, অভিনন্দন জনাইছো। আজি অল ইণ্ডিয়া ৰেডিঅ'ৰ এফ এম সেৱাৰ এই সম্প্ৰসাৰণ অল ইণ্ডিয়া এফ এম হোৱাৰ দিশত এটা ডাঙৰ আৰু গুৰুত্বপূৰ্ণ পদক্ষেপ। অল ইণ্ডিয়া ৰেডিঅ'ৰ ৯১ এফ এম ট্ৰেন্সমিটাৰৰ এই আৰম্ভণি দেশৰ ৮৫খন জিলাৰ ২ কোটি মানুহৰ বাবে উপহাৰ স্বৰূপ। একপ্ৰকাৰে এই আয়োজনত ভাৰতৰ বিবিধতা আৰু বেলেগ বেলেগ ৰঙৰ এটা ৰেঙনিও। যিসমূহ জিলাক সামৰি লোৱা হৈছে তাত এস্পিৰেচনেল ডিষ্ট্ৰিক্ট, এস্পিৰেচনেল ব্লক তেওঁলোকেও এই সেৱাৰ লাভ পাই আছে। মই অল ইণ্ডিয়া ৰেডিঅ'ক এই প্ৰাপ্তিৰ বাবে বহুত বহুত অভিনন্দন জনাইছো। ইয়াৰ যথেষ্ট লাভ আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ ভাতৃ ভগ্নীসকলৰ হ'ব, যুৱক-যুৱতী মিত্ৰসকলৰ হ'ব। ইয়াৰ বাবে তেওঁলোকক মই বিশেষভাৱে অভিনন্দন জনাইছো।

দেশত ‘এফএম’-ৰ সংযোগ বৃদ্ধিৰ বাবে ৯১ টা নতুন ‘১০০ ৱাট এফএম ট্ৰেন্সমিটাৰ’ উদ্বোধন কৰে প্ৰধানমন্ত্ৰীয়ে

April 28th, 10:30 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘ভিডিঅ' কনফাৰেন্স’ ব্যৱস্থাৰে ৯১ টা নতুন ‘১০০ ৱাট ক্ষমতা সম্পন্ন এফএম ট্ৰেন্সমিটা’ৰ উদ্বোধন কৰে। এই উদ্বোধনে দেশৰ ৰেডিঅ' সংযোগক আৰু অধিক উৎসাহিত কৰিব।

Our motto is to unlock the potential of the youth of our country: PM Modi

April 24th, 06:42 pm

PM Modi addressed the Yuvam conclave and acknowledged that for the vibrancy of any mission, the vibrancy of youth is of utmost importance. He stated that India has transformed from being the fragile five to being the fifth largest economy. He mentioned that the BJP and the youth of this country have a similar wavelength. We bring reforms and the youth brings results enabling a successful youth-led partnership and change

PM Modi addresses ‘Yuvam’ Conclave in Kerala

April 24th, 06:00 pm

PM Modi addressed the Yuvam conclave and acknowledged that for the vibrancy of any mission, the vibrancy of youth is of utmost importance. He stated that India has transformed from being the fragile five to being the fifth largest economy. He mentioned that the BJP and the youth of this country have a similar wavelength. We bring reforms and the youth brings results enabling a successful youth-led partnership and change

প্ৰধানমন্ত্ৰীয়ে পদ্মশ্ৰী বঁটা বিজয়ী শ্ৰী প্ৰেমজিত বৰিয়াৰ দ্বাৰা উপস্থাপন কৰা শিল্পকৰ্ম ভাগ-বতৰা কৰে

April 16th, 10:09 am

প্ৰধানমন্ত্ৰীয়ে পদ্মশ্ৰী বঁটা বিজয়ী শ্ৰী প্ৰেমজিৎ বৰিয়াজীৰ ডিউৰ বিখ্যাত স্থানসমূহৰ শিল্পকৰ্মৰ ভাগ-বতৰা কৰে।