নতুন দিল্লীত আয়োজিত আইনী সাহায্য প্ৰদান ব্যৱস্থাক সুদৃঢ়কৰণ বিষয়ক ৰাষ্ট্ৰীয় সন্মিলনত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

November 08th, 05:33 pm

চিজেআই শ্ৰী বি.আৰ. গাৱাই জী, ন্যায়াধীশ সূৰ্য্য কান্ত জী, ন্যায়াধীশ বিক্ৰম নাথ জী, কেন্দ্ৰত মোৰ সতীৰ্থ অৰ্জুন ৰাম মেঘৱাল জী, উচ্চতম ন্যায়ালয়ৰ আন-আন সন্মানীয় ন্যায়াধীশ, উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ, ভদ্ৰলোক আৰু মহিলাসকল।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে “আইনী সাহায্য প্ৰদান ব্যৱস্থাক সুদৃঢ়কৰণ” শীৰ্ষক ৰাষ্ট্ৰীয় সন্মিলন সম্বোধন কৰে

November 08th, 05:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰতৰ উচ্চতম ন্যায়ালয়ত “আইনী সাহায্য প্ৰদান ব্যৱস্থাক সুদৃঢ়কৰণ” শীৰ্ষক ৰাষ্ট্ৰীয় সন্মিলন উদ্বোধন কৰে। এই উপলক্ষে সমবেতসকলক সম্বোধনেৰে শ্ৰী মোদীয়ে উল্লেখ কৰে যে এই গুৰুত্বপূৰ্ণ অনুষ্ঠানত উপস্থিত থকা সকলোৰে মাজত থাকিবলৈ পোৱাটো সঁচাকৈয়ে এক বিশেষ অভিজ্ঞতা। তেওঁ মন্তব্য কৰে যে আইনী সাহায্য প্ৰদান ব্যৱস্থা আৰু আইনী সেৱা দিৱসৰ সৈতে জড়িত কাৰ্য্যসূচীক শক্তিশালী কৰিলে ভাৰতৰ ন্যায়িক ব্যৱস্থাক নতুন শক্তি প্ৰদান কৰা হ’ব। প্ৰধানমন্ত্ৰীয়ে ২০ সংখ্যক ৰাষ্ট্ৰীয় সন্মিলনৰ বাবে সকলোলৈ শুভেচ্ছা জ্ঞাপন কৰে। লগতে উপস্থিত বিশিষ্ট ব্যক্তি, ন্যায়পালিকাৰ সদস্য, আইনী সেৱা কৰ্তৃপক্ষৰ প্ৰতিনিধিসকলকো সম্ভাষণ জনায়।

উদীয়মান বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱন সন্মিলন ২০২৫ ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

November 03rd, 11:00 am

দেশৰ বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিং জী, ভাৰত চৰকাৰৰ প্ৰধান বৈজ্ঞানিক উপদেষ্টা অজয় কুমাৰ সুদ, ন'বেল বঁটা বিজয়ী ছাৰ আন্দ্ৰে গেইম, আমাৰ মাজত উপস্থিত সকলো বিজ্ঞানী, উদ্ভাৱক, শিক্ষাবিদ, দেশ-বিদেশৰ বিশিষ্ট ব্যক্তিসকল, ভদ্ৰ পুৰুষ-মহিলাসকল!

উদীয়মান বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱন সন্মিলন ২০২৫ত ভাষণ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

November 03rd, 10:30 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত উদীয়মান বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱন সন্মিলন (এছটিআইচি) ২০২৫ত ভাষণ প্ৰদান কৰে। এই উপলক্ষে আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে দেশ-বিদেশৰ বিজ্ঞানী, উদ্ভাৱক, শিক্ষাবিদ আৰু অন্যান্য বিশিষ্ট অতিথিসকলক আদৰণি জনায়। আইচিচি মহিলা বিশ্বকাপ ২০২৫ত ভাৰতৰ উল্লেখনীয় বিজয়ৰ কথা উল্লেখ কৰি শ্ৰী মোদীয়ে কয় যে ভাৰতীয় ক্ৰিকেট দলৰ সফলতাত সমগ্ৰ দেশবাসী উৎফুল্লিত হৈছে। তেওঁ ভাৰতৰ প্ৰথম মহিলা বিশ্বকাপ বিজয়ৰ কথা উল্লেখ কৰি মহিলা ক্ৰিকেট দলটোক আন্তৰিক অভিনন্দন জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে দেশবাসী তেওঁলোকৰ বাবে গৌৰৱান্বিত আৰু তেওঁলোকৰ সাফল্যই দেশৰ লাখ লাখ যুৱক-যুৱতীক অনুপ্ৰাণিত কৰিব বুলি তেওঁ আশা ব্যক্ত কৰে।

অন্ধ্ৰ প্ৰদেশৰ কুৰ্ণুলত বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভণি অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ

October 16th, 03:00 pm

অন্ধ্ৰ প্ৰদেশৰ মাননীয় ৰাজ্যপাল এছ আব্দুল নাজীৰ জী; জনপ্ৰিয় আৰু কঠোৰ পৰিশ্ৰমী মুখ্যমন্ত্ৰী শ্ৰী চন্দ্ৰবাবু নাইডু জী; কেন্দ্ৰীয় মন্ত্ৰী কে ৰামমোহন নাইডু জী; চন্দ্ৰ শেখৰ পেম্মাছানি জী; ভূপতিৰাজু শ্ৰীনিবাস বাৰ্মা জী; উপ-মুখ্যমন্ত্ৰী পৱন কল্যাণ জী; ৰাজ্য চৰকাৰৰ মন্ত্ৰী নাৰা লোকেশ জী; আন সকলো মন্ত্ৰী; বিজেপিৰ ৰাজ্যিক সভাপতি পি.ভি.এন. মাধৱ জী; সকলো সংসদ সদস্য, বিধায়ক আৰু মোৰ মৰমৰ ভাই-ভনীসকল, যিসকলে ইয়াত ইমান বৃহৎ সংখ্যাত আমাক আশীৰ্বাদ দিবলৈ গোট খাইছে!

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অন্ধ্ৰ প্ৰদেশৰ কুৰ্ণুলত ১৩,৪৩০ কোটি টকাৰ ৰাষ্ট্ৰ উন্নয়ন প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন তথা উৎসৰ্গা কৰে

October 16th, 02:30 pm

দ্বাদশ জ্যোতিৰ্লিংগ স্তোত্ৰমৰ এটা শ্লোক—“সৌৰাষ্ট্ৰ সোমনাথম চ শ্ৰীশৈলা মল্লিকাৰ্জুনম” আবৃত্তি কৰি শ্ৰী মোদীয়ে আলোকপাত কৰে যে বাৰটা জ্যোতিৰ্লিংগৰ ভিতৰত আৰম্ভণিতে ভগৱান সোমনাথ আৰু ভগৱান মল্লিকাৰ্জুনৰ নাম একেলগে থকা দেখা যায়। “গুজৰাটৰ পবিত্ৰ সোমনাথ ভূমিত জন্ম লোৱা, কাশীত বাবা বিশ্বনাথৰ ভূমিত সেৱা কৰাৰ সুযোগ পোৱা, আৰু এতিয়া শ্ৰীছাইলামৰ আশীৰ্বাদ লাভ কৰাটো মোৰ সৌভাগ্য”, শ্ৰী মোদীয়ে কয়। শ্ৰীছাইলাম ভ্ৰমণৰ অন্তত প্ৰধানমন্ত্ৰীয়ে শিৱাজী স্পুৰতি কেন্দ্ৰত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে মঞ্চৰ পৰা ছত্ৰপতি মহাৰাজক শ্ৰদ্ধাঞ্জলি জনায়। তেওঁ আল্লামা প্ৰভু আৰু আক্কামাদেৱী আদি পূজনীয় শৈৱী সন্তসকলক প্ৰণাম জনায়। লগতে শ্ৰী উয়ালাৱাদা নৰসিংহ ৰেড্ডী গাৰু আৰু শ্ৰী হৰি সৰ্বোত্তম ৰাওকে ধৰি মহান স্বাধীনতা সংগ্ৰামীসকলকো শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

৮ অক্টোবৰত ইণ্ডিয়া মোবাইল কংগ্ৰেছৰ নৱম সংস্কৰণ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে

October 07th, 10:27 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৫ চনৰ ৮ অক্টোবৰৰ পুৱা প্ৰায় ৯:৪৫ বজাত নতুন দিল্লীৰ যশোভূমিত এছিয়াৰ সৰ্ববৃহৎ টেলিকম, মিডিয়া আৰু প্ৰযুক্তিবিদ্যা অনুষ্ঠান ইণ্ডিয়া মোবাইল কংগ্ৰেছ (আই এম চি) ২০২৫ৰ নৱম সংস্কৰণ উদ্বোধন কৰিব।

অসমৰ দৰঙত বিভিন্ন উন্নয়নমূলক প্ৰকল্প আৰম্ভ কৰাৰ সময়ত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ পূৰ্ণপাঠ

September 14th, 11:30 am

অসমৰ বিকাশৰ যাত্ৰাৰ এই ঐতিহাসিক দিনটোত দৰংবাসীৰ লগতে সমগ্ৰ অসমবাসীক মই আন্তৰিক ওলগ আৰু অভিনন্দন জনাইছো।

অসমৰ দৰঙত প্ৰায় ৬,৫০০ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

September 14th, 11:00 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অসমৰ দৰঙত প্ৰায় ৬,৫০০ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু শুভাৰম্ভ কৰে। এই উপলক্ষে সভাত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে অসমৰ উন্নয়ন যাত্ৰাৰ এই ঐতিহাসিক দিনটোত দৰংবাসীৰ লগতে অসমবাসীলৈ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰে।

ৰাইজিং নৰ্থ ইষ্ট ইনভেষ্টৰ্ছ ছামিটত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

May 23rd, 11:00 am

কেন্দ্ৰীয় কেবিনেটৰ মোৰ সতীৰ্থ জ্যোতিৰাদিত্য সিন্ধিয়া জী, সুকান্ত মজুমদাৰ জী, মণিপুৰৰ ৰাজ্যপাল অজয় ভল্লা জী, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা জী, অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু জী, ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মানিক সাহা জী, মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা জী, ছিক্কিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং তামাং জী, নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ' জী, মিজোৰামৰ মুখ্যমন্ত্ৰী লালদুহোমা জী, সকলো উদ্যোগৰ নেতা, বিনিয়োগকাৰী, ভদ্ৰমহিলা আৰু সুধী সমাজ!

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাইজিং নৰ্থ-ইষ্ট ইনভেষ্টৰ্ছ ছামিট, ২০২৫ উদ্বোধন কৰে

May 23rd, 10:30 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত ৰাইজিং নৰ্থ-ইষ্ট ইনভেষ্টৰ্ছ ছামিট, ২০২৫ উদ্বোধন কৰে। ইয়াত সমবেত সকলো গণ্যমান্য ব্যক্তিক উষ্ম আদৰণি জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ ভৱিষ্যতক লৈ গৌৰৱ আৰু গভীৰ আস্থা প্ৰকাশ কৰে। শেহতীয়াকৈ ভাৰত মণ্ডপমত অনুষ্ঠিত অষ্টলক্ষ্মী মহোৎসৱৰ কথা স্মৰণেৰে তেখেতে কয় যে আজি এই অনুষ্ঠানত উত্তৰ-পূৰ্বাঞ্চলত বিনিয়োগক উদযাপন কৰা হৈছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে এই সন্মিলনত একাধিক উদ্যোগপতিয়ে অংশগ্ৰহণ কৰাৰ কথা উল্লেখেৰে অঞ্চলটোৰ সুযোগৰাজিক কেন্দ্ৰ কৰি বিৰাজ কৰা উৎসাহ-উদ্দীপনাত আলোকপাত কৰে। তেখেতে সকলো মন্ত্ৰালয় আৰু ৰাজ্য চৰকাৰলৈ অভিনন্দন জ্ঞাপনেৰে এটি বিনিয়োগ-অনুকূল পৰিবেশ গঢ়ি তোলাৰ ক্ষেত্ৰত তেওঁলোকে গ্ৰহণ কৰা প্ৰচেষ্টাৰাজিৰ শলাগ লয়। সকলোকে শুভেচ্ছা জ্ঞাপনেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাইজিং নৰ্থ-ইষ্ট ইনভেষ্টৰ্ছ ছামিটক ​​প্ৰশংসাৰে অঞ্চলটোৰ অবিৰত বিকাশ আৰু সমৃদ্ধিৰ প্ৰতি স্বকীয় দায়বদ্ধতাৰ কথা দোহাৰে।

Delhi needs a government that works in coordination, not one that thrives on conflicts: PM Modi

January 31st, 03:35 pm

Addressing the huge rally in New Delhi’s Dwarka, PM Modi said, “Delhi needs a double-engine government at both the Centre and the state. You gave Congress years to govern, then the AAP-da took over Delhi. Now, give me the chance to serve Delhi with a double-engine government. I guarantee you that the BJP will leave no stone unturned in Delhi’s development. If this AAP-da continues, Delhi will keep falling behind in development. Delhi needs a government that believes in coordination, not confrontation.”

PM Modi electrifies New Delhi’s Dwarka Rally with a High-Octane speech

January 31st, 03:30 pm

Addressing the huge rally in New Delhi’s Dwarka, PM Modi said, “Delhi needs a double-engine government at both the Centre and the state. You gave Congress years to govern, then the AAP-da took over Delhi. Now, give me the chance to serve Delhi with a double-engine government. I guarantee you that the BJP will leave no stone unturned in Delhi’s development. If this AAP-da continues, Delhi will keep falling behind in development. Delhi needs a government that believes in coordination, not confrontation.”

নিৰ্বাচন আয়োগে সময়ে সময়ে আমাৰ ভোটদান প্ৰক্ৰিয়াক শক্তিশালী কৰি আহিছেঃ মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

January 19th, 11:30 am

In the 118th episode of Mann Ki Baat, PM Modi reflected on key milestones, including the upcoming 75th Republic Day celebrations and the significance of India’s Constitution in shaping the nation’s democracy. He highlighted India’s achievements and advancements in space sector like satellite docking. He spoke about the Maha Kumbh in Prayagraj and paid tributes to Netaji Subhas Chandra Bose.

কুৱেইটত ভাৰতীয় সম্প্ৰদায়ৰ অনুষ্ঠান 'হালা মোদী'ত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ

December 21st, 06:34 pm

মই মাত্ৰ আঢ়ৈ ঘণ্টা আগতে কুৱেইটত উপস্থিত হৈছোহি আৰু মই ইয়াত ভৰি দিয়াৰ পিছৰে পৰা মই চাৰিওফালে এক বেলেগ সম্পৰ্ক, এক পৃথক উষ্ণতা অনুভৱ কৰিছোঁ। আপোনালোক সকলো ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা আহিছে। কিন্তু আপোনালোক সকলোকে দেখি এনে লাগিছে যেন মোৰ সন্মুখত এখন ক্ষুদ্ৰ ভাৰতহে গঢ়ি উঠিছে। ইয়াত, উত্তৰ, দক্ষিণ, পূব আৰু পশ্চিমৰ প্ৰতিটো অঞ্চলৰ পৰা বিভিন্ন ভাষা কোৱা লোকসকলক মোৰ সন্মুখত দেখিবলৈ পাইছোঁ। কিন্তু সকলোৰে হৃদয়ত একেই প্ৰতিধ্বনি অনুৰণিত হৈ আছে। সকলোৰে হৃদয়ত কেৱল এটাই প্ৰতিধ্বনি অনুৰণিত হৈ আছে— ভাৰত মাতা কী জয়, ভাৰত মাতা কী জয়।

Prime Minister Shri Narendra Modi addresses Indian Community at ‘Hala Modi’ event in Kuwait

December 21st, 06:30 pm

PM Modi addressed a large gathering of the Indian community in Kuwait. Indian nationals representing a cross-section of the community in Kuwait attended the event. The PM appreciated the hard work, achievement and contribution of the community to the development of Kuwait, which he said was widely recognised by the local government and society.

Our Constitution is the foundation of India’s unity: PM Modi in Lok Sabha

December 14th, 05:50 pm

PM Modi addressed the Lok Sabha on the 75th anniversary of the Indian Constitution's adoption. He reflected on India's democratic journey and paid tribute to the framers of the Constitution.

PM Modi addresses Lok Sabha during special discussion on 75th anniversary of adoption of Constitution

December 14th, 05:47 pm

PM Modi addressed the Lok Sabha on the 75th anniversary of the Indian Constitution's adoption. He reflected on India's democratic journey and paid tribute to the framers of the Constitution.

নতুন দিল্লীত অষ্টলক্ষ্মী মহোৎসৱৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ

December 06th, 02:10 pm

অসমৰ মুখ্যমন্ত্ৰী শ্ৰী হিমন্ত বিশ্ব শৰ্মা জী, মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা জী, ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মাণিক সাহা জী, ছিক্কিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং তামাং জী, কেন্দ্ৰীয় কেবিনেটত মোৰ সহযোগী জ্যোতিৰাদিত্য সিন্ধিয়া জী, সুকান্ত মজুমদাৰ জী, অৰুণাচল প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী, মিজোৰাম আৰু নাগালেণ্ড চৰকাৰৰ মন্ত্ৰীগণ, অন্যান্য জনপ্ৰতিনিধিসকল, উত্তৰ পূৰ্বাঞ্চলৰ পৰা অহা সকলো ভাতৃ-ভগ্নী, দেৱী আৰু সজ্জনসকল।

অষ্টলক্ষ্মী মহোৎসৱৰ শুভাৰম্ভ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

December 06th, 02:08 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত অষ্টলক্ষ্মী মহোৎসৱৰ শুভাৰম্ভ কৰে। অনুষ্ঠানত সকলো বিশিষ্ট ব্যক্তিক আদৰণি জনাই শ্ৰী মোদীয়ে কয় যে আজি বাবাছাহেব ড০ বি আৰ আম্বেদকাৰৰ মহাপৰিনিৰ্বাণ দিৱস। তেওঁ লগতে কয় যে ৭৫ বছৰ সম্পূৰ্ণ কৰা বাবাছাহেব আম্বেদকাৰে প্ৰস্তুত কৰা সংবিধানখন সকলো নাগৰিকৰ বাবে এক বৃহৎ প্ৰেৰণা। শ্ৰী মোদীয়ে ভাৰতৰ সকলো নাগৰিকৰ হৈ বাবাছাহেব আম্বেদকাৰৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰে।