ইউ এ ই, নেদাৰলেণ্ড, ছুইডেন, নৰৱে, আৰু ইটালীলৈ প্ৰধানমন্ত্ৰীৰ ভ্ৰমণ (১৫ - ২০ মে', ২০২৬)

May 11th, 09:00 pm

২০২৬ চনৰ ১৫ মে’ৰ পৰা ২০ মে’লৈ ইউ এ ই, নেদাৰলেণ্ড, ছুইডেন, নৰৱে আৰু ইটালী ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। এই ভ্ৰমণৰ সময়ত তেওঁ ইউ এ ইৰ ৰাষ্ট্ৰপতি শ্বেইখ মহম্মদ বিন জায়েদ আল নাহিয়ানক সাক্ষাৎ কৰি বিভিন্ন বিষয়ত মত বিনিময় কৰিব। নেদাৰলেণ্ডত প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰজা উইলেম-আলেকজেণ্ডাৰক সাক্ষাৎ কৰাৰ লগতে প্ৰধানমন্ত্ৰী ৰব জেটেনৰ সৈতে আলোচনাত মিলিত হ’ব। ছুইডেনত তেওঁ প্ৰধানমন্ত্ৰী ক্ৰীষ্টাৰছনৰ সৈতে আলোচনাত মিলিত হ’ব। নৰৱেত তেওঁ ৰজা পঞ্চম হাৰাল্ডক সাক্ষাৎ কৰাৰ লগতে প্ৰধানমন্ত্ৰী জ’নাছ গাহৰ ষ্ট’ৰৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ’ব। ইয়াৰ পিছত তেওঁ ইটালী ভ্ৰমণ কৰি প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলনীৰ সৈতে আলোচনাত মিলিত হ’ব।

উত্তৰ প্ৰদেশৰ হৰদোইত গংগা এক্সপ্ৰেছৱে’ৰ উদ্বোধনৰ সময়ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ মূল পাঠ

April 29th, 11:35 am

সৰ্বপ্ৰথমে, মই ভগৱান নৰসিংহৰ এই পুণ্যভূমিক প্ৰণাম জনাইছো। ইয়াৰ পৰা কেইকিলোমিটাৰমান দূৰত মা গংগা সুন্দৰভাৱে বৈ গৈছে। সেয়েহে, এই সমগ্ৰ অঞ্চলটো কোনো তীৰ্থতকৈ কম নহয়। আৰু মই বিশ্বাস কৰোঁ যে উত্তৰ প্ৰদেশলৈ এক্সপ্ৰেছৱে’ৰ এই উপহাৰো মা গংগাৰ আশীৰ্বাদ। এতিয়া আপুনি কেইঘণ্টামানৰ ভিতৰতে সংগমলৈ যাব পাৰে আৰু কাশীত বাবাক সাক্ষাৎ কৰি উভতিও আহিব পাৰে।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ উত্তৰ প্ৰদেশৰ হাৰদোইত ৫৯৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ প্ৰৱেশ-নিয়ন্ত্ৰিত গ্ৰীণফিল্ড গংগা এক্সপ্ৰেছৱে উদ্বোধন

April 29th, 11:30 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশৰ হাৰদোইত ৫৯৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ প্ৰৱেশ-নিয়ন্ত্ৰিত গ্ৰীণফিল্ড গংগা এক্সপ্ৰেছৱে উদ্বোধন কৰে। ভগৱান নৰসিংহৰ পৱিত্ৰ ভূমি হিচাপে আৰু মাত্ৰ কেইকিলোমিটাৰমান দূৰেৰে বৈ যোৱা মা গংগাৰ ঐশ্বৰিক উপস্থিতিক সন্মান জনাই ভাষণ আৰম্ভ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে গুৰুত্ব আৰোপ কৰি কয় যে সমগ্ৰ অঞ্চলটো নদীখনৰ আধ্যাত্মিকতা আৰু উৰ্বৰতাৰ দ্বাৰা আশীৰ্বাদপ্ৰাপ্ত এক তীৰ্থস্থান হিচাপে পৰিগণিত হৈছে। উত্তৰ প্ৰদেশত এই এক্সপ্ৰেছৱে’ৰ অৱস্থিতি স্বয়ং মা গংগাৰ পৰাও এক আশীৰ্বাদ, এই এক্সপ্ৰেছৱে’ই কেনেদৰে ঘণ্টাৰ ভিতৰত পৱিত্ৰ গন্তব্যস্থানলৈ যাত্ৰা কৰাটো সম্ভৱ কৰি তুলিব সেই বিষয়ে আলোকপাত কৰি শ্ৰী মোদীয়ে দৃঢ়তাৰে কয়।

TMC government is run either by goons or only after High Court and Supreme Court orders: PM Modi in Arambagh, West Bengal

April 26th, 01:50 pm

Addressing a Vijay Sankalp rally in Arambagh, West Bengal, PM Modi remarked that after 15 years of intimidation, the people of Bengal are now determined to defeat injustice. He noted that the TMC government acts only after the court intervention. He concluded by urging people to vote decisively for BJP, stating that only a government free from fear, corruption and syndicate control can unlock Bengal’s true potential.

The expiry date of this 15-year syndicate TMC raj is 4 May: PM Modi in Bangaon, West Bengal

April 26th, 01:30 pm

Addressing a massive public rally in Bangaon, West Bengal, PM Modi delivered a sharp message against TMC’s corruption, syndicate raj and fear politics. Stating that “Nari Shakti” has been the worst affected under TMC rule, he called upon women to lead the change. He also outlined BJP’s roadmap for development, security and prosperity in West Bengal and recalled the legacy of Syama Prasad Mookerjee.

PM Modi’s impactful rallies in Bangaon and Arambagh, West Bengal

April 26th, 01:24 pm

PM Modi addressed massive public gatherings in Bangaon and Arambagh, delivering a sharp message against TMC’s corruption, syndicate raj and fear politics, while presenting BJP’s roadmap for development, security and prosperity in West Bengal.

অংশগ্ৰহণ কৰি ‘ডিজিটেল লোকপিয়ল ২০২৭’ সফল কৰি তুলিবলৈ দেশবাসীৰ প্ৰতি ‘মন কী বাত’ত আহ্বান জনাই প্ৰধানমন্ত্ৰী মোদীয়ে

April 26th, 11:30 am

‘মন কী বাত’ৰ চলিত মাহৰ খণ্ডটোত প্ৰধানমন্ত্ৰী মোদীয়ে পাৰমাণৱিক আৰু বায়ু শক্তিখণ্ডত ভাৰতৰ অগ্ৰগতিৰ প্ৰসংগত আলোকপাত কৰে। ভগৱান বুদ্ধৰ শিক্ষা, ‘বীটিং ৰিট্ৰীট’ অনুষ্ঠান, প্ৰকৃতি সংৰক্ষণ, বাঁহ উদ্যোগখণ্ড, প্ৰাচীন গ্ৰন্থ আৰু ‘গাণিতিক অলিম্পিয়াড’ কাৰ্যসূচীকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ো তেওঁ স্পৰ্শ কৰে। চলি থকা ‘ডিজিটেল লোকপিয়ল অভিযান’ সন্দৰ্ভতো মন্তব্য কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে সকলোকে এই প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়।

Bengal’s strength is known worldwide, but TMC has trapped it in corruption: PM Modi in Mathurapur

April 23rd, 01:00 pm

Addressing a Vijay Sankalp rally in Mathurapur, West Bengal, PM Modi contrasted BJP’s 11 years of development with TMC’s 15 years of “lies and betrayal.” Targeting the TMC's syndicate culture, he described widespread “cut money” in jobs, land, rations and mandis. He concluded by asserting that a strong wave of change is visible across Bengal, driven by women and youth.

Today, against TMC’s jungle raj, people across Bengal are blowing the conch of change: PM Modi in Krishnanagar

April 23rd, 12:45 pm

PM Modi addressed a massive public rally in Krishnanagar, delivering a sharp critique of TMC’s misgovernance while presenting BJP’s vision of development, security and women-led growth in West Bengal. He highlighted 15 years of “scams and broken promises” under TMC, contrasting it with BJP’s vision of “Sabka Saath, Sabka Vikas”. Reaffirming Modi's guarantee, he announced 10 guarantees for women.

PM Modi’s high-energy rallies in Krishnanagar and Mathurapur, West Bengal

April 23rd, 12:30 pm

PM Modi addressed massive public gatherings in Krishnanagar and Mathurapur, delivering a sharp critique of TMC’s misgovernance while presenting BJP’s vision of development, security and women-led growth in West Bengal.

কোৰিয়া গণৰাজ্যৰ ৰাষ্ট্ৰপতিৰ সৈতে প্ৰধানমন্ত্ৰীয়ে দিয়া যৌথ প্ৰেছ বিবৃতিৰ অসমীয়া অনুবাদ

April 20th, 01:05 pm

ৰাষ্ট্ৰপতি লীক প্ৰথম ভাৰত ভ্ৰমণৰ সময়ত আদৰণি জনাবলৈ পোৱাৰ কথাই মোক অতি আনন্দিত কৰিছে। তেওঁৰ জীৱনটো স্থিতিস্থাপকতা, সেৱা আৰু সমৰ্পণৰ এক প্ৰেৰণাদায়ক উদাহৰণ হিচাপে থিয় দিছে। তেওঁ সন্মুখীন হোৱা প্ৰতিটো প্ৰত্যাহ্বানেই তেওঁৰ মনত থকা জনসাধাৰণৰ সেৱাৰ সংকল্পক অধিক শক্তিশালী কৰি তুলিছে। যদিও এয়া তেওঁৰ প্ৰথম ভাৰত ভ্ৰমণ, তথাপি আমাৰ প্ৰথম সাক্ষাতৰ পৰাই ভাৰতৰ প্ৰতি তেওঁৰ উষ্ম মৰম আৰু আত্মীয়তা স্পষ্ট হৈ পৰিছে।

সাংসদসকলক নাৰী শক্তি বন্দন অধিনিয়ম সংশোধনীৰ সপক্ষে ভোটদান কৰিবলৈ প্ৰধানমন্ত্ৰীৰ আহ্বান আৰু ইয়াক ঐতিহাসিক সুযোগ বুলি অভিহিত

April 17th, 02:13 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উল্লেখ কৰে যে নাৰী শক্তি বন্দন অধিনিয়মৰ সংশোধনী সন্দৰ্ভত বৰ্তমান সংসদত আলোচনা চলি আছে আৰু যোৱা নিশা ১ বজালৈকে আলোচনা অব্যাহত আছিল ।

লোকসভাত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পূৰ্ণপাঠ

April 16th, 03:30 pm

এই গুৰুত্বপূৰ্ণ বিধেয়কখনৰ ওপৰত আজি পুৱাৰে পৰা আলোচনা আৰম্ভ হৈছে। বহু সহকৰ্মীয়ে ইয়াত উত্থাপিত বিষয়সমূহৰ বিষয়ে তথ্য আৰু যুক্তিৰে সদনক নিশ্চয় অৱগত কৰিছে। গতিকে সেইবোৰ বিষয়ত মই গভীৰভাৱে সোমাব নিবিচাৰো।

লোকসভাত ভাষণ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

April 16th, 03:07 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি লোকসভাত সম্বোধন কৰে। এই গুৰুত্বপূৰ্ণ বিধেয়কখনৰ ওপৰত পুৱাৰে পৰা আলোচনা আৰম্ভ হোৱা বুলি স্বীকাৰ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে বহু সহযোগীয়ে তথ্য আৰু যুক্তিৰ ওপৰত নিৰ্ভৰ কৰি গুৰুত্বপূৰ্ণ বিষয়সমূহ ফলপ্ৰসূভাৱে উত্থাপন কৰিছে।

ৰাজ্যসভাত প্ৰধানমন্ত্ৰীৰ ভাষণৰ মূলপাঠ

March 18th, 11:30 am

এই বিশেষ অনুষ্ঠানত মোক মোৰ অনুভূতি প্ৰকাশৰ সুযোগ দিয়াৰ বাবে মই আপোনাৰ ওচৰত অতি কৃতজ্ঞ।

ৰাজ্যসভাৰ বিদায়ী সদস্যসকলক প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ সম্বোধন

March 18th, 11:20 am

ৰাজনীতিত কোনো সম্পূৰ্ণ সমাপ্তি নাথাকে, আপোনালোকৰ অভিজ্ঞতা আৰু অৱদান সদায় দেশৰ জীৱনৰ এক অংশ হৈ থাকিবঃ প্ৰধানমন্ত্ৰী

পশ্চিম বংগৰ কলকাতাত উন্নয়নমূলক কাম আৰম্ভ কৰাৰ সময়ত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ

March 14th, 02:15 pm

ৰাজ্যপাল শ্ৰী আৰ এন ৰবি জী, কেন্দ্ৰীয় মন্ত্ৰীসভাৰ মোৰ সহযোগী শান্তনু ঠাকুৰ জী, সুকান্ত মজুমদাৰ জী, পশ্চিম বংগৰ বিৰোধী দলপতি শুভেন্দু অধিকাৰী জী, মোৰ সতীৰ্থ সংসদ সদস্য শমিক ভট্টাচাৰ্য জী, অন্যান্য জনপ্ৰতিনিধি, ভদ্ৰলোক-ভদ্ৰ মহিলাসকল,

পশ্চিমবংগৰ কলকাতাত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৮,৭০০ কোটি টকাৰ বিভিন্ন উন্নয়নমূলক কামৰ উদ্বোধনৰ লগতে আধাৰশিলা স্থাপন কৰে

March 14th, 02:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পশ্চিম বংগৰ কলকাতাত ১৮ হাজাৰ কোটিতকৈ অধিক টকাৰ বিভিন্ন উন্নয়নমূলক কামৰ শুভাৰম্ভ কৰাৰ লগতে আধাৰশিলা স্থাপন কৰে। সভাত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে, আজি কলকাতাৰ ভূমিৰ পৰা পশ্চিম বংগ আৰু পূব ভাৰতৰ বাবে উন্নয়নৰ এক নতুন অধ্যায় লিখা হৈছে।প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰে যে এই অনুষ্ঠানত পথ, ৰে’লৱে, আৰু বন্দৰৰ আন্তঃগাঁথনিৰ সৈতে জড়িত ১৮,০০০ কোটি টকাতকৈ অধিক মূল্যৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উৎসৰ্গা কৰা হৈছে। তেওঁ কয় যে এই প্ৰকল্পসমূহে পশ্চিম বংগ আৰু পূব ভাৰতক নতুন গতি প্ৰদান কৰিব, বাণিজ্য আৰু উদ্যোগক উন্নীত কৰিব, আৰু লাখ লাখ লোকক নতুন সুযোগ প্ৰদান কৰি তেওঁলোকৰ জীৱন সহজ কৰি তুলিব। কিছুমান মূল প্ৰকল্পৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে খড়গপুৰ–মৰেগ্ৰাম এক্সপ্ৰেছৱে’ৰ কাম সম্পূৰ্ণ হ’লে পশ্চিম বংগৰ বহু ঠাইত অৰ্থনৈতিক কাৰ্যকলাপ ত্বৰান্বিত হ’ব। তেওঁ দুবৰাজপুৰ বাইপাছ আৰু কংসাবতী আৰু শিলাবটি নদীৰ ওপৰত নিৰ্মাণ হৈ থকা প্ৰধান দলংসমূহৰ কথাও উল্লেখ কৰে, যাৰ ফলত সংযোগ আৰু অধিক উন্নত হ’ব। শ্ৰী মোদীয়ে মন্তব্য কয়- এই পৰিৱৰ্তনশীল প্ৰকল্পসমূহৰ বাবে পশ্চিম বংগৰ জনসাধাৰণ আৰু সমগ্ৰ পূব ভাৰতক অভিনন্দন জনাইছো।

অসমৰ শিলচৰত বিভিন্ন উন্নয়নমূলক কাম উদ্বোধনৰ সময়ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ মূল পাঠ

March 14th, 11:10 am

সংস্কৃতি, সাহস আৰু সজীৱতাৰে ভৰা ঠাই বৰাক উপত্যকাৰ পৰিয়ালৰ সদস্যসকল, আপোনালোক সকলোৰে মাজত থকাটো এক অতি বিশেষ অভিজ্ঞতা। শিলচৰক বৰাক উপত্যকাৰ প্ৰৱেশদ্বাৰ হিচাপে জনা যায়। এইখন এনে এখন ঠাই, য’ত ইতিহাস, ভাষা, সংস্কৃতি, উদ্যোগ একত্ৰিত হৈ এক অনন্য পৰিচয়ৰ সৃষ্টি হৈছে। ইয়াত বাংলা ভাষা কোৱা হয়, অসমীয়া প্ৰতিধ্বনি শুনা যায়, আন আন জনজাতীয় পৰম্পৰাও প্ৰস্ফুটিত হয়। এই বৈচিত্ৰ্যক আপোনালোকৰ শক্তি হিচাপে লৈ সকলোৱে এই সমগ্ৰ অঞ্চলটোক ভাতৃত্ববোধ আৰু সম্প্ৰীতিৰে বিকশিত কৰিছে। এয়াই বৰাক উপত্যকাৰ অপৰিসীম শক্তি।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ শিলচৰত ২৩,৫৫০ কোটি টকাৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে

March 14th, 10:45 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অসমৰ শিলচৰত কেইবাটাও উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। সভাত ভাষণ দি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে সংস্কৃতি আৰু সজীৱতাৰ বাবে পৰিচিত বৰাক উপত্যকা ভ্ৰমণ কৰাটো তেওঁৰ বাবে সদায় এক অতি বিশেষ অভিজ্ঞতা হৈ আহিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে কয় যে শিলচৰ হৈছে এই উপত্যকাৰ দুৱাৰমুখ, য’ত ইতিহাস আৰু ভাষা একত্ৰিত হৈ এক অনন্য আঞ্চলিক পৰিচয় সৃষ্টি কৰে। শ্ৰী মোদীয়ে কয় যে এই অঞ্চলৰ শক্তি নিহিত হৈ আছে ইয়াৰ বৈচিত্ৰ্যত, য’ত বাঙালী, অসমীয়া, জনজাতীয় পৰম্পৰা একেলগে সমন্বয়ৰ মাজেৰে বিকশিত হয়। শ্ৰী মোদীয়ে গুৰুত্ব আৰোপ কৰি কয় যে, বৰাক উপত্যকাৰ বৈচিত্ৰ্যই ইয়াৰ সৰ্ববৃহৎ সম্পদ, ইয়েই ইয়াৰ নাগৰিকসকলৰ মাজত ভাতৃত্ববোধ গঢ়ি তুলিছে।