কৰ্ণাটকৰ উড়ুপিস্থিত শ্ৰীকৃষ্ণ মঠত লক্ষ কণ্ঠ গীতা পাৰায়ণ কাৰ্য্যসূচীত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

November 28th, 11:45 am

মই আৰম্ভ কৰাৰ পূৰ্বে একাংশ শিশুৰ হাতত অংকন দেখা পাইছো। অনুগ্ৰহ কৰি এছপিজি আৰু স্থানীয় আৰক্ষীক এয়া সংগ্ৰহ কৰাত সহায় কৰিব। পিছফালে ঠিকনা লিখিলে নিশ্চয় ধন্যবাদ পত্ৰ প্ৰেৰণ কৰিম। অনুগ্ৰহ কৰি অংকনসমূহ তেওঁলোকক দিয়ক; তেওঁলোকে সংগ্ৰহ কৰিব। শিশুসকলে ইমান কষ্ট কৰিছে। মই যদি তেওঁলোকৰ লগত অন্যায় কৰো, তেন্তে মই আঘাত পাম।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কৰ্ণাটকৰ উড়ুপিস্থিত শ্ৰীকৃষ্ণ মঠত লক্ষ কণ্ঠ গীতা পাৰায়ণ কাৰ্য্যসূচী সম্বোধন কৰে

November 28th, 11:30 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কৰ্ণাটকৰ উড়ুপিস্থিত শ্ৰীকৃষ্ণ মঠত লক্ষ কণ্ঠ গীতা পাৰায়ণ কাৰ্য্যসূচী সম্বোধন কৰে। এই উপলক্ষে ভাষণ প্ৰদানেৰে প্ৰধানমন্ত্ৰীয়ে কয় যে ভগৱান শ্ৰীকৃষ্ণৰ ঐশ্বৰিক দৰ্শনৰ সন্তুষ্টি, শ্ৰীমদ্ভগৱত মন্ত্ৰৰ আধ্যাত্মিক অভিজ্ঞতা আৰু ভালে সংখ্যক পূজনীয় সাধু-গুৰুৰ সান্নিধ্য তেওঁৰ বাবে এক পৰম সৌভাগ্যৰ কথা। তেওঁ কয় যে এয়া হৈছে অসীম আশীৰ্বাদ লাভ কাৰ্য্য।

কুৰুক্ষেত্ৰত শ্ৰী গুৰু টেগ বাহাদুৰ জীৰ ৩৫০ সংখ্যক শ্বহীদ দিৱসৰ কাৰ্য্যসূচীত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

November 25th, 04:40 pm

আজি ভাৰতৰ ঐতিহ্যৰ এক উল্লেখযোগ্য দিন। ৰাতিপুৱা মই ৰামায়ণৰ নগৰ অযোধ্যাত আছিলো আৰু এতিয়া মই গীতাৰ নগৰ কুৰুক্ষেত্ৰত আছো। শ্ৰী গুৰু টেগ বাহাদুৰ জীৰ ৩৫০ সংখ্যক শ্বহীদ দিৱস উপলক্ষে আমি সকলোৱে শ্ৰদ্ধাঞ্জলি জনাইছো। মই এই কাৰ্য্যসূচীত অংশগ্ৰহণ কৰা সন্ত আৰু সন্মানীয় মণ্ডলীক সম্ভাষণ জনাইছো।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে হাৰিয়ানাৰ কুৰুক্ষেত্ৰত শ্ৰী গুৰু টেগ বাহাদুৰ জীৰ ৩৫০ সংখ্যক শ্বহীদ দিৱসৰ কাৰ্য্যসূচী সম্বোধন কৰে

November 25th, 04:38 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হাৰিয়ানাৰ কুৰুক্ষেত্ৰত শ্ৰী গুৰু টেগ বাহাদুৰ জীৰ ৩৫০ সংখ্যক শ্বহীদ দিৱসৰ কাৰ্য্যসূচী সম্বোধন কৰে। এই উপলক্ষে ভাষণ প্ৰদানেৰে প্ৰধানমন্ত্ৰীয়ে কয় যে আজি ভাৰতৰ ঐতিহ্যৰ এক উল্লেখযোগ্য দিন। তেওঁ কয় যে ৰাতিপুৱা তেওঁ ৰামায়ণৰ নগৰ অযোধ্যাত আছিল আৰু এতিয়া তেওঁ গীতাৰ নগৰ কুৰুক্ষেত্ৰত আছে। তেওঁ উল্লেখ কৰে যে শ্ৰী গুৰু টেগ বাহাদুৰ জীৰ ৩৫০ সংখ্যক শ্বহীদ দিৱস উপলক্ষে সকলোৱে শ্ৰদ্ধাঞ্জলি জনাইছে। প্ৰধানমন্ত্ৰীয়ে এই কাৰ্য্যসূচীত অংশগ্ৰহণ কৰা সন্ত আৰু সন্মানীয় মণ্ডলীক সম্ভাষণ জনায়।

Congress kept misleading ex-servicemen with false promises of One Rank One Pension: PM Modi in Aurangabad, Bihar

November 07th, 01:49 pm

Continuing his high-voltage election campaign, PM Modi today addressed a massive public meeting in Aurangabad. He said that Bihar has created history in the very first phase of voting. The PM noted that yesterday’s polling has recorded the highest turnout ever in Bihar, with nearly 65% of voters participating. He remarked that this clearly shows that the people of Bihar themselves have taken the lead in ensuring the return of the NDA government.

PM Modi campaigns in Bihar’s Aurangabad and Bhabua

November 07th, 01:45 pm

Continuing his high-voltage election campaign, PM Modi today addressed two massive public meetings in Aurangabad and Bhabua. He said that Bihar has created history in the very first phase of voting. The PM noted that yesterday’s polling recorded the highest turnout ever in the state, with nearly 65% voter participation. He remarked that this clearly shows that the people of Bihar have themselves taken the lead in ensuring the return of the NDA government.

Mahagathbandhan is a bundle of lies: PM Modi in Arrah, Bihar

November 02nd, 02:00 pm

Massive crowd attended PM Modi’s public rally in Arrah, Bihar, today. Addressing the gathering, the PM said that when he sees the enthusiasm of the people, the resolve for a Viksit Bihar becomes even stronger. He emphasized that a Viksit Bihar is the foundation of a Viksit Bharat and explained that by a Viksit Bihar, he envisions strong industrial growth in the state and employment opportunities for the youth within Bihar itself.

PM Modi addresses large public gatherings in Arrah and Nawada, Bihar

November 02nd, 01:45 pm

Massive crowd attended PM Modi’s rallies in Arrah and Nawada, Bihar, today. Addressing the gathering in Arrah, the PM said that when he sees the enthusiasm of the people, the resolve for a Viksit Bihar becomes even stronger. He emphasized that a Viksit Bihar is the foundation of a Viksit Bharat and explained that by a Viksit Bihar, he envisions strong industrial growth in the state and employment opportunities for the youth within Bihar itself.

নৱ ৰায়পুৰত ছট্টিশগড় বিধানসভাৰ নতুন ভৱন উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া ৰূপান্তৰ

November 01st, 01:30 pm

আজি ছট্টিশগড়ৰ উন্নয়ন যাত্ৰাৰ এক সোণালী অধ্যায়। ব্যক্তিগতভাৱে এয়া মোৰ বাবেও অতি বিশেষ আৰু আনন্দৰ দিন। বহু দশক ধৰি এই ভূমিৰ সৈতে আৱেগিকভাৱে জড়িত হৈ আছো। এগৰাকী দলীয় কৰ্মী হিচাপে মই ছট্টিশগড়ত বহু সময় কটাইছো আৰু ইয়াৰ মানুহৰ পৰা বহু গুৰুত্বপূৰ্ণ শিক্ষা লাভ কৰিছোঁ। মোৰ জীৱন গঢ় দিয়াত এই ৰাজ্যৰ জনসাধাৰণ আৰু পৰিৱেশে ডাঙৰ ভূমিকা লৈছে। ছট্টিশগড় গঠনৰ প্ৰাৰম্ভিক ধাৰণাৰ পৰা আৰম্ভ কৰি, ইয়াক ৰাজ্য হিচাপে অস্তিত্বলৈ অনালৈকে, আৰু তাৰ পিছৰ যি অগ্ৰগতি, এই যাত্ৰাৰ প্ৰতিটো পৰ্যায় মই দেখিছো। আৰু আজি ছট্টিশগড় গঠনৰ ২৫ বছৰ পূৰ্ণ হোৱা সময়ততে পুনৰবাৰ এই ঐতিহাসিক মুহূৰ্তৰ অংশ হ’বলৈ পাই মই সন্মানিত অনুভৱ কৰিছো। এই ৰূপালী জয়ন্তী উপলক্ষে ৰাজ্যবাসীৰ বাবে নতুন বিধানসভা ভৱন উদ্বোধন কৰাটো মোৰ বাবে অতি গৌৰৱৰ বিষয়। এই স্মৰণীয় `দিৱসৰ বাবে ছট্টিশগড়বাসী আৰু ৰাজ্য চৰকাৰলৈ মোৰ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ ছট্টিশগড়ৰ ৰাজ্যপাল ৰমেন ডেকা ডাঙৰীয়া, লোকসভাৰ অধ্যক্ষ ওম বিৰলা ডাঙৰীয়া, ছট্টিশগড় বিধানসভাৰ অধ্যক্ষ ৰমন সিং ডাঙৰীয়া, মুখ্যমন্ত্ৰী বিষ্ণুদেও ছাই ডাঙৰীয়া, কেন্দ্ৰীয় চৰকাৰৰ মোৰ সতীৰ্থ টোখন চাহু ডাঙৰীয়া, উপ-মুখ্যমন্ত্ৰী বিজয় শৰ্মা ডাঙৰীয়া আৰু অৰুণ ছাও ডাঙৰীয়া, বিৰোধী দলৰ নেতা চৰণ দাস মহন্ত ডাঙৰীয়া, অন্যান্য সন্মানীয় মন্ত্ৰী, জনপ্ৰতিনিধি, আৰু ইয়াত উপস্থিত থকা সকলোকে মোৰ উষ্ম সম্ভাষণ ও শুভেচ্ছা!

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ছত্তীশগড়ৰ নৱ ৰায়পুৰত ৰাজ্য খনৰ বিধানসভাৰ নতুন ভৱন উদ্বোধন কৰে

November 01st, 01:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ছত্তীশগড়ৰ নৱ ৰায়পুৰত ছত্তীশগড় বিধানসভাৰ নতুন ভৱন উদ্বোধন কৰে। এই উপলক্ষে সভাত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে আজি ছত্তীশগড়ৰ উন্নয়ন যাত্ৰাৰ বাবে এক সোণালী আৰম্ভণি। তেওঁ উল্লেখ কৰে যে ব্যক্তিগতভাৱে তেওঁৰ বাবে এয়া এটা অতি আনন্দময় আৰু উল্লেখযোগ্য দিন। কেইবা দশক ধৰি লালন-পালন কৰা এই ভূমিৰ সৈতে তেওঁৰ গভীৰ আৱেগিক বন্ধনক তেওঁ আলোকপাত কৰিছিল। দলীয় কৰ্মী হিচাপে থকা সময়ছোৱাৰ কথা স্মৰণ কৰি শ্ৰী মোদীয়ে কয় যে তেওঁ ছত্তীশগড়ত যথেষ্ট সময় কটাইছিল আৰু বহু কথা শিকিছিল। তেওঁ ছত্তীশগড়ৰ দৃষ্টিভংগী, ইয়াৰ সৃষ্টিৰ সংকল্প আৰু সেই সংকল্প পূৰণৰ কথা মনত পেলাই কয় যে তেওঁ ছত্তীশগড়ৰ ৰূপান্তৰৰ প্ৰতিটো মুহূৰ্তৰ সাক্ষী হৈ আহিছে। ৰাজ্যখনে ২৫ বছৰীয়া যাত্ৰাত এক বৃহৎ মাইলৰ খুঁটিত উপনীত হোৱাৰ লগে লগে এই মুহূৰ্তৰ অংশ হোৱাৰ সুযোগ পোৱাৰ বাবে তেওঁ কৃতজ্ঞতা প্ৰকাশ কৰে। ৰূপালী জয়ন্তী উদযাপন উপলক্ষে প্ৰধানমন্ত্ৰীয়ে কয় যে ৰাজ্যবাসীৰ বাবে নতুন বিধানসভা ভৱন উদ্বোধন কৰাৰ সুবিধা পাইছো। এই উপলক্ষে তেওঁ ছত্তীশগড়বাসী আৰু ৰাজ্য চৰকাৰলৈ শুভেচ্ছা তথা অভিনন্দন জ্ঞাপন কৰে।

নতুন দিল্লীত আয়োজিত আন্তঃৰাষ্ট্ৰীয় আৰ্য্য মহাসন্মিলন, ২০২৫-ৰ কাৰ্য্যসূচীত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

October 31st, 07:00 pm

মই প্ৰথমেই পলমকৈ আহি পোৱাৰ বাবে ক্ষমা বিচাৰিছোঁ। আজি চৰ্দাৰ চাহাবৰ ১৫০ বছৰীয়া জয়ন্তী উপলক্ষে একতা নগৰৰ ষ্টেচু অৱ ইউনিটিত এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছিল আৰু সেয়েহে ইয়াত উপস্থিত হোৱাত পলম হ’ল। মই ইয়াত সময়মতে উপস্থিত হ’ব নোৱাৰাৰ বাবে অনুতপ্ত হৈছোঁ আৰু ইয়াৰ বাবে আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিছোঁ। ক্ষন্তেক পূৰ্বে শুনা মন্ত্ৰধ্বনিসমূহৰ শক্তি এতিয়াও সকলোৱে অনুভৱ কৰি আছে। যেতিয়াই মই এনে সমাৱেশৰ মাজলৈ আহোঁ, তেতিয়াই ঐশ্বৰিক আৰু অসাধাৰণ অভিজ্ঞতা লাভ কৰোঁ। এই অনুভূতিৰ কাৰণ হৈছে স্বামী দয়ানন্দ জীৰ আশীৰ্বাদ। মই স্বামী দয়ানন্দ জীৰ আদৰ্শৰ প্ৰতি গভীৰ শ্ৰদ্ধা জনাইছোঁ। ইয়াত উপস্থিত আপোনালোক সকলো চিন্তকৰ সৈতে মোৰ দশক-দশক পুৰণি আত্মীয়তাৰ বান্ধোন আছে। আপোনালোকে মোক বাৰে-বাৰে আপোনালোকৰ মাজত থকাৰ সুযোগ দিছে। যেতিয়াই মই আপোনালোকক লগ পাওঁ আৰু আপোনালোকৰ সৈতে যোগাযোগ কৰোঁ, তেতিয়াই মোৰ মন এক সুকীয়া শক্তি আৰু এক অনন্য প্ৰেৰণাৰে ভৰি পৰে।

কেবডিয়াত ৰাষ্ট্ৰীয় একতা দিৱসৰ কাৰ্য্যসূচীত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

October 31st, 09:00 am

আজি চৰ্দাৰ পেটেলৰ ১৫০ সংখ্যক জয়ন্তী পালন কাৰ্য্য হৈছে এক ঐতিহাসিক উপলক্ষ। একতা নগৰৰ পুৱাটো ঐশ্বৰিক আৰু নান্দনিক। চৰ্দাৰ পেটেলৰ চৰণত সামূহিক উপস্থিতি উল্লেখযোগ্য। ৰাষ্ট্ৰখন এক বৃহৎ তাৎপৰ্য্যপূৰ্ণ মুহূৰ্তৰ সাক্ষী হৈছে। দেশজোৰা ৰান ফৰ ইউনিটিত কোটি-কোটি ভাৰতীয়ই উৎসাহেৰে অংশগ্ৰহণ কৰিছে। ইয়াত নৱ্য ভাৰতৰ সংকল্প স্পষ্টভাৱে অনুৰণিত হৈছে। পূৰ্বে অনুষ্ঠিত হোৱা অনুষ্ঠান আৰু পূৰ্বৰ সন্ধিয়াৰ উপস্থাপন উল্লেখযোগ্য আছিল। ইয়াত অতীতৰ পৰম্পৰা, বৰ্তমানৰ শ্ৰম আৰু সাহস তথা ভৱিষ্যতৰ সাফল্যৰ আভাস প্ৰতিফলিত হৈছে। চৰ্দাৰ পেটেলৰ ১৫০ বছৰীয়া জয়ন্তী উপলক্ষে এটি স্মাৰক মুদ্ৰা আৰু এটা বিশেষ ডাক টিকট মুকলি কৰা হৈছে। চৰ্দাৰ পেটেলৰ জন্ম বাৰ্ষিকী আৰু ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে মই দেশৰ ১৪০ কোটি নাগৰিকলৈ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিলোঁ।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ কেবডিয়াত ৰাষ্ট্ৰীয় একতা দিৱসৰ কাৰ্য্যসূচী সম্বোধন কৰে

October 31st, 08:44 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ কেবদিয়াত ৰাষ্ট্ৰীয় একতা দিৱসৰ কাৰ্য্যসূচী সম্বোধন কৰে। ইয়াত প্ৰধানমন্ত্ৰীয়ে কয় যে আজি চৰ্দাৰ পেটেলৰ ১৫০ সংখ্যক জয়ন্তী পালন কাৰ্য্য হৈছে এক ঐতিহাসিক উপলক্ষ। একতা নগৰৰ পুৱাটো ঐশ্বৰিক আৰু নান্দনিক বুলি অভিহিতকৰণেৰে শ্ৰী মোদীয়ে চৰ্দাৰ পেটেলৰ চৰণত সামূহিক উপস্থিতি লক্ষ্য কৰি কয় যে ৰাষ্ট্ৰখন এক বৃহৎ তাৎপৰ্য্যপূৰ্ণ মুহূৰ্তৰ সাক্ষী হৈছে। তেখেতে দেশজোৰা ৰান ফৰ ইউনিটি আৰু ইয়াত কোটি-কোটি ভাৰতীয়ৰ উৎসাহপূৰ্ণ অংশগ্ৰহণৰ কথা উল্লেখেৰে ইয়াত নৱ্য ভাৰতৰ সংকল্প স্পষ্টভাৱে অনুৰণিত হৈছে বুলি কয়। পূৰ্বে অনুষ্ঠিত হোৱা অনুষ্ঠান আৰু পূৰ্বৰ সন্ধিয়াৰ উল্লেখযোগ্য উপস্থাপনৰ কথা উল্লেখেৰে প্ৰধানমন্ত্ৰীয়ে কয় যে ইয়াত অতীতৰ পৰম্পৰা, বৰ্তমানৰ শ্ৰম আৰু সাহস তথা ভৱিষ্যতৰ সাফল্যৰ আভাস প্ৰতিফলিত হৈছে। তেখেতে অৱগতে কৰে যে চৰ্দাৰ পেটেলৰ ১৫০ বছৰীয়া জয়ন্তী উপলক্ষে এটি স্মাৰক মুদ্ৰা আৰু এটা বিশেষ ডাক টিকট মুকলি কৰা হৈছে। চৰ্দাৰ পেটেলৰ জন্ম বাৰ্ষিকী আৰু ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে প্ৰধানমন্ত্ৰীয়ে দেশৰ ১৪০ কোটি নাগৰিকলৈ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে ৩০-৩১ অক্টোবৰত গুজৰাট ভ্ৰমণ কৰিব

October 29th, 10:58 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অক্টোবৰ মাহত গুজৰাট ভ্ৰমণ কৰিব। ৩০ অক্টোবৰত প্ৰধানমন্ত্ৰীয়ে কেৱাদিয়াৰ একতা নগৰলৈ যাত্ৰা কৰিব আৰু সন্ধিয়া প্ৰায় ৫.১৫ বজাত ই-বাছৰ শুভাৰম্ভ কৰিব। সন্ধিয়া প্ৰায় ৬.৩০ বজাত তেওঁ একতা নগৰত ১,১৪০ কোটি টকাতকৈও অধিক মূল্যৰ বিভিন্ন আন্তঃগাঁথনি আৰু উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব।

‘বন্দে মাতৰম’ৰ ভাৱনা ভাৰতৰ অমৰ চেতনাৰে বিজড়িত হৈ আছে: ‘মন কী বাত’ত প্ৰধানমন্ত্ৰী মোদী

October 26th, 11:30 am

চলিত মাহৰ ‘মন কী বাত’ ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে ৩১ অক্টোবৰত ১৫০ সংখ্যক জয়ন্তী উপলক্ষে চৰ্দাৰ পেটেললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেওঁ ছঠপূজা উৎসৱ, পৰিৱেশ সুৰক্ষা, ভাৰতীয় জাতৰ কুকুৰ, ভাৰতীয় কফি, জনজাতীয় সম্প্ৰদায়ৰ নেতা আৰু সংস্কৃত ভাষাৰ গুৰুত্ব আদি আমোদজনক বিষয় সন্দৰ্ভতো আলোকপাত কৰে। ‘বন্দে মাতৰম’ গীতৰ ১৫০ সংখ্যক বৰ্ষৰ বিষয়ে প্ৰধানমন্ত্ৰীগৰাকীয়ে বিশেষভাৱে উল্লেখ কৰে।

আই এন এছ বিক্ৰান্তত সশস্ত্ৰ বাহিনীৰ সৈতে দীপাৱলী উদযাপনৰ সময়ত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পূৰ্ণপাঠ

October 20th, 10:30 am

আজি এটা আচৰিত দিন, এই মুহূৰ্তটো স্মৰণীয়, এই দৃশ্য আচৰিত। আজি মোৰ এফালে বিশাল মহাসাগৰ আৰু আনফালে ভাৰত মাতাৰ বীৰ সৈনিকৰ অপৰিসীম শক্তি। আজি মোৰ এফালে অসীম দিগন্ত, অন্তহীন আকাশ আৰু আনফালে অসীম শক্তিক মূৰ্ত কৰি তোলা এই বিশাল আই এন এছ বিক্ৰান্ত। সাগৰৰ পানীৰ ওপৰত সূৰ্য্যৰ ৰশ্মিৰ এই জিলিকনি এক প্ৰকাৰে সাহসী সৈনিকে জ্বলোৱা দীপাৱলীৰ প্ৰতিফলন। এইবোৰ আমাৰ ঐশ্বৰিক প্ৰদীপৰ মালা। আপোনালোক সকলো নৌসেনাৰ বীৰ জোৱানৰ মাজত এই পবিত্ৰ দীপাৱলী উৎসৱ উদযাপন কৰিবলৈ পাই মই সৌভাগ্যৱান।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দীপাৱলী উদযাপন কৰিলে আই এন এছ বিক্ৰান্তত

October 20th, 10:00 am

আজি আই এন এছ বিক্ৰান্তত দীপাৱলী উদযাপনৰ সময়ত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সশস্ত্ৰ বাহিনীৰ বিষয়া-জোৱানক সম্বোধন কৰে। আজি এটা উল্লেখযোগ্য দিন, এটা উল্লেখযোগ্য মুহূৰ্ত আৰু এটা উল্লেখযোগ্য পৰিঘটনা বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে কয় যে এফালে বিশাল মহাসাগৰ আৰু আনফালে ভাৰত মাতৃৰ বীৰ সৈনিকৰ অপৰিসীম শক্তি। তেওঁ কয় যে এটা পক্ষই অসীম দিগন্ত আৰু সীমাহীন আকাশক উপস্থাপন কৰিলেও আনটো পক্ষই অসীম শক্তিক মূৰ্ত কৰি আই এন এছ বিক্ৰান্তৰ বিশাল শক্তিক প্ৰদৰ্শন কৰিছে। প্ৰধানমন্ত্ৰীয়ে পৰ্যবেক্ষণ কৰে যে সাগৰৰ ওপৰত পৰা সূৰ্যৰ পোহৰৰ জিলিকনিয়ে দীপাৱলীৰ সময়ত বীৰ সৈনিকে জ্বলোৱা দীপৰ দৰে হৈ পোহৰৰ এক ঐশ্বৰিক মালাৰ সৃষ্টি কৰিছে। ভাৰতীয় নৌসেনাৰ সাহসী জোৱানসকলৰ মাজত এই দীপাৱলী উদযাপন কৰিবলৈ পোৱাৰ সৌভাগ্যৰ কথাও তেওঁ প্রকাশ কৰে৷

নতুন দিল্লীত অনুষ্ঠিত এনডিটিভি বিশ্ব সন্মিলন ২০২৫ত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ

October 17th, 11:09 pm

শ্ৰীলংকাৰ মহামন্ত্ৰী প্ৰধানমন্ত্ৰী হাৰিণী অমৰাসুৰিয়া জী, অষ্ট্ৰেলিয়াৰ মহামহিম প্ৰাক্তন প্ৰধানমন্ত্ৰী মোৰ বন্ধু টনি এবোট জী, ব্ৰিটেইনৰ মহামহিম প্ৰাক্তন প্ৰধানমন্ত্ৰী ঋষি সুনাক জী, বিশিষ্ট অতিথিসকল, ভদ্ৰলোকগণ আৰু ভদ্ৰমহিলাসকল, নমস্কাৰ!

নতুন দিল্লীত এনডিটিভি বিশ্ব সন্মিলন ২০২৫ত ভাষণ প্ৰদান কৰিলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে

October 17th, 08:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত এনডিটিভি বিশ্ব সন্মিলন ২০২৫ত ভাষণ প্ৰদান কৰে। সভাত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে সকলো বিশিষ্ট ব্যক্তিক আদৰণি জনায়। সকলো নাগৰিকলৈ দীপাৱলীৰ শুভেচ্ছা জ্ঞাপন কৰি শ্ৰী মোদীয়ে উল্লেখ কৰে যে উৎসৱমুখৰ পৰিৱেশৰ মাজতে এন ডি টি ভি বিশ্ব সন্মিলন অনুষ্ঠিত কৰা হৈছে। তেওঁ অধিৱেশনৰ বিষয়বস্তু—“আনষ্টপেবল ইণ্ডিয়া”—ৰ শলাগ লৈ মন্তব্য কৰে যে ই সঁচাকৈয়ে উপযুক্ত, কিয়নো আজি ভাৰতে ৰুদ্ধ হোৱাৰ ভাবনা ৰখা নাই। প্ৰধানমন্ত্ৰীয়ে দৃঢ়তাৰে কয়, “ভাৰত ৰৈ নাথাকে, থমকি ৰ’বও নোৱাৰে, ১৪০ কোটি ভাৰতীয়ই দ্ৰুতগতিত আগবাঢ়িছে, একেলগে”।

অন্ধ্ৰ প্ৰদেশৰ কুৰ্ণুলত বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভণি অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ

October 16th, 03:00 pm

অন্ধ্ৰ প্ৰদেশৰ মাননীয় ৰাজ্যপাল এছ আব্দুল নাজীৰ জী; জনপ্ৰিয় আৰু কঠোৰ পৰিশ্ৰমী মুখ্যমন্ত্ৰী শ্ৰী চন্দ্ৰবাবু নাইডু জী; কেন্দ্ৰীয় মন্ত্ৰী কে ৰামমোহন নাইডু জী; চন্দ্ৰ শেখৰ পেম্মাছানি জী; ভূপতিৰাজু শ্ৰীনিবাস বাৰ্মা জী; উপ-মুখ্যমন্ত্ৰী পৱন কল্যাণ জী; ৰাজ্য চৰকাৰৰ মন্ত্ৰী নাৰা লোকেশ জী; আন সকলো মন্ত্ৰী; বিজেপিৰ ৰাজ্যিক সভাপতি পি.ভি.এন. মাধৱ জী; সকলো সংসদ সদস্য, বিধায়ক আৰু মোৰ মৰমৰ ভাই-ভনীসকল, যিসকলে ইয়াত ইমান বৃহৎ সংখ্যাত আমাক আশীৰ্বাদ দিবলৈ গোট খাইছে!