উত্তৰপ্ৰদেশৰ বাৰাণসীত উন্নয়নমূলক কামৰ আধাৰশিলা, উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

August 02nd, 11:30 am

নমোঃ পাৰ্বতী পতয়ে, হৰ হৰ মহাদেৱ, শাওনৰ পবিত্ৰ মাহত আজি কাশীৰ আমাৰ পৰিয়ালৰ সদস্যসকলক লগ পোৱাৰ সৌভাগ্য হ’ল। মই কাশীৰ প্ৰতিগৰাকী পৰিয়ালৰ সদস্যক প্ৰণাম জনাইছোঁ।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ প্ৰদেশৰ বাৰাণসীত প্ৰায় ২২০০ কোটি টকা মূল্যৰ উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন, শুভাৰম্ভণি কৰে

August 02nd, 11:00 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশৰ বাৰাণসীত প্ৰায় ২২০০ কোটি টকা মূল্যৰ উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন আৰু শুভাৰম্ভ কৰে। এই উপলক্ষ্যে আয়োজিত সভাত ভাষণ দি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শুভ শাওণ মাহত বাৰাণসীৰ পৰিয়ালক লগ পোৱাৰ সন্দৰ্ভত আন্তৰিক আৱেগ প্ৰকাশ কৰে। বাৰাণসীবাসীৰ সৈতে তেওঁৰ গভীৰ আৱেগিক সম্পৰ্কৰ কথা উল্লেখ কৰি শ্ৰী মোদীয়ে মহানগৰীৰ প্ৰতিজন পৰিয়ালৰ সদস্যক শ্ৰদ্ধাৰে শুভেচ্ছা জ্ঞাপন কৰে। শ্ৰী মোদীয়ে শাওণ মাহৰ শুভ মুহূৰ্তত ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে দেশৰ বিভিন্ন প্ৰান্তৰ কৃষকৰ সৈতে সংযোগ স্থাপন কৰিবলৈ পাই সন্তুষ্টি প্ৰকাশ কৰে।