দেশবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ অসমীয়া অনুবাদ

September 21st, 06:09 pm

কাইলৈৰ পৰা আৰম্ভ হ'ব শক্তি পূজাৰ উৎসৱ নৱৰাত্ৰি। আপোনালোক সকলোলৈ শুভেচ্ছা থাকিল! নৱৰাত্ৰিৰ প্ৰথম দিনাৰ পৰাই দেশে আত্মনিৰ্ভৰ ভাৰত অভিযানৰ দিশত আন এক গুৰুত্বপূৰ্ণ আৰু বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে। কাইলৈ ​​২২ ছেপ্টেম্বৰ, নৱৰাত্ৰিৰ প্ৰথম দিনা সূৰ্য্য উদয় হোৱাৰ লগে লগে পৰৱৰ্তী প্ৰজন্মৰ জি এছ টি সংস্কাৰ কাৰ্যকৰী হ’ব। এক প্ৰকাৰে কাইলৈৰ পৰা দেশত জি এছ টি ৰাহি উৎসৱ আৰম্ভ হ’বলৈ গৈ আছে। এই জিএছটি ৰাহি উৎসৱে আপোনাৰ সঞ্চয় বৃদ্ধি কৰিব আৰু আপুনি বিচৰা বস্তুবোৰ অতি সহজে ক্ৰয় কৰিব পাৰিব। আমাৰ দেশৰ দুখীয়া, মধ্যবিত্ত শ্ৰেণীৰ মানুহ, নব্য মধ্যবিত্ত শ্ৰেণী, যুৱক-যুৱতী, কৃষক, মহিলা, দোকানী, ব্যৱসায়ী, উদ্যোগী সকলোৱে এই ৰাহি উৎসৱৰ পৰা বহু উপকৃত হ’ব। অৰ্থাৎ এই উৎসৱৰ বতৰত সকলোৱে মিঠাই খাব, আৰু দেশৰ প্ৰতিটো পৰিয়াল ধন্য হ’ব। পৰৱৰ্তী প্ৰজন্মৰ জি এছ টি সংস্কাৰ আৰু এই ৰাহি উৎসৱ উপলক্ষে দেশৰ কোটি কোটি পৰিয়াললৈ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ। এই সংস্কাৰসমূহে ভাৰতৰ বৃদ্ধিৰ কাহিনী ত্বৰান্বিত কৰিব, ব্যৱসায় কৰাটো সহজ কৰি তুলিব, বিনিয়োগক অধিক আকৰ্ষণীয় কৰি তুলিব আৰু প্ৰতিখন ৰাজ্যক উন্নয়নৰ দৌৰত সমান অংশীদাৰ কৰি তুলিব।

দেশবাসীক সম্বোধন কৰিলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে

September 21st, 05:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে দেশবাসীক সম্বোধন কৰে। শক্তি পূজাৰ উৎসৱ নৱৰাত্ৰিৰ আৰম্ভণিতে দেশৰ সকলো নাগৰিকলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি তেওঁ মন্তব্য কৰে যে নৱৰাত্ৰিৰ প্ৰথম দিনাৰ পৰাই দেশখনে আত্মনিৰ্ভৰ ভাৰত অভিযানত এক উল্লেখযোগ্য পদক্ষেপ আগবঢ়াব। ২২ ছেপ্টেম্বৰৰ সূৰ্য্য উদয়ৰ পৰা আৰম্ভ কৰি দেশত পৰৱৰ্তী প্ৰকল্পৰ জি এছ টি সংস্কাৰ ৰূপায়ণ কৰা হ’ব। প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰে যে ইয়াৰ দ্বাৰা সমগ্ৰ ভাৰততে জি এছ টি ৰাহি উৎসৱ(সঞ্চয় মহোৎসৱ) আৰম্ভ হৈছে। তেওঁ কয় যে এই উৎসৱে সঞ্চয় বৃদ্ধি কৰিব আৰু মানুহে নিজৰ পছন্দৰ সামগ্ৰী ক্ৰয় কৰাত সহজ হ’ব। শ্ৰী মোদীয়ে উল্লেখ কৰে যে এই সঞ্চয় উৎসৱৰ সুফল দৰিদ্ৰ, মধ্যবিত্ত শ্ৰেণী, নব্য মধ্যবিত্ত শ্ৰেণী, যুৱক-যুৱতী, কৃষক, মহিলা, দোকানী, ব্যৱসায়ী আৰু উদ্যোগীসকলৰ মাজত একেদৰেই পৰিলক্ষিত হ'ব । তেওঁ মন্তব্য কৰে যে এই উৎসৱৰ বতৰত প্ৰতিখন ঘৰতে সুখ আৰু মধুৰতা বৃদ্ধি পাব। সকলোকে অভিনন্দন জ্ঞাপন কৰি প্ৰধানমন্ত্ৰীয়ে দেশৰ কোটি কোটি পৰিয়াললৈ পৰৱৰ্তী প্ৰজন্মৰ জি এছ টি সংস্কাৰ আৰু জি এছ টি সঞ্চয় মহোৎসৱৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে। তেওঁ এই কথাত গুৰুত্ব আৰোপ কৰে যে এই সংস্কাৰে ভাৰতৰ বিকাশৰ কাহিনীক ত্বৰান্বিত কৰিব, ব্যৱসায়িক কাৰ্য্যকলাপ সৰল কৰিব, বিনিয়োগক অধিক আকৰ্ষণীয় কৰি তুলিব আৰু প্ৰতিখন ৰাজ্য উন্নয়নৰ দৌৰত সমান অংশীদাৰ হোৱাটো নিশ্চিত কৰিব।

ভাৰত-জাপান অৰ্থনৈতিক মঞ্চত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণ

August 29th, 11:20 am

অৱশ্যে, এনেকুৱা বহু লোক আছে যাৰ সৈতে মোৰ ব্যক্তিগত পৰিচয় আছে। আনকি মই গুজৰাটত থকা কালত আৰু মই গুজৰাটৰ পৰা দিল্লীলৈ অহাৰ সময়তো। আপোনালোকৰ মাজৰ বহুতৰে সৈতে মোৰ ঘনিষ্ঠ পৰিচয় আছে। মই আনন্দিত যে আজি আপোনালোক সকলোকে লগ পোৱাৰ সুযোগ পাইছো।

প্ৰধানমন্ত্ৰীয়ে ভাৰত-জাপান ইকনমিক ফৰামত অংশগ্ৰহণ কৰে

August 29th, 11:02 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু জাপানৰ প্ৰধানমন্ত্ৰী মহামহিম শ্বিগেৰু ইছিবাই ২৯ আগষ্টত টকিঅ’ত কনফেডাৰেচন অৱ ইণ্ডিয়ান ইণ্ডাষ্ট্ৰী আৰু কেইডানৰেনে [জাপান বিজনেছ ফেডাৰেচন]-ৰ উদ্যোগত আয়োজিত ভাৰত-জাপান ইকনমিক ফৰামত অংশগ্ৰহণ কৰে। ইয়াত ভাৰত-জাপান বিজনেছ লিডাৰ্ছ ফৰামৰ চিইঅ’সকলকে প্ৰমুখ্য কৰি ভাৰত আৰু জাপানৰ উদ্যোগৰ আগশাৰীৰ ব্যক্তিসকলে ভাগ লয়।

প্ৰধানমন্ত্ৰী আৰু চাইপ্ৰাছৰ ৰাষ্ট্ৰপতিয়ে চাইপ্ৰাছ আৰু ভাৰতৰ ব্যৱসায়িক নেতৃবৃন্দৰে মত-বিনিময় কৰে

June 16th, 02:17 am

, প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ লগতে চাইপ্ৰাছৰ ৰাষ্ট্ৰপতি মহামহিম নিকোছ ক্রিষ্টোডুলিডেছে আজি লিমাছলত চাইপ্ৰাছ আৰু ভাৰতৰ ব্যৱসায়িক নেতৃবৃন্দৰ সৈতে মত-বিনিময় কৰে। ইয়াত অংশগ্ৰহণকাৰীসকলে বেংকিং, বিত্তীয় প্ৰতিষ্ঠান, উৎপাদন, প্ৰতিৰক্ষা, লজিষ্টিক, সামুদ্ৰিক, জাহাজ, প্ৰযুক্তি, উদ্ভাৱন, ডিজিটেল প্ৰযুক্তি, এআই, আইটি সেৱা, পৰ্যটন আৰু ম’বিলিটি আদি একাধিক খণ্ডক প্ৰতিনিধিত্ব কৰে।

চাইপ্ৰাছত অনুষ্ঠিত ভাৰত-চাইপ্ৰাছ বিজনেছ ৰাউণ্ডটেবুল মিটিঙত প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ পূৰ্ণপাঠ

June 15th, 11:10 pm

প্ৰথমে ৰাষ্ট্ৰপতি মহোদয়লৈ আজি মোক বিমানবন্দৰত নিজে আদৰিবলৈ অহাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিলোঁ। ব্যৱসায়িক নেতৃবৃন্দৰ সৈতে ইমান ডাঙৰ ৰাউণ্ড টেবুল আয়োজনৰ বাবে তেওঁক মই গভীৰ কৃতজ্ঞতা জনালোঁ। লগতে মোৰ আৰু আমাৰ অংশীদাৰিত্বৰ ক্ষেত্ৰত তেওঁৰ ইতিবাচক চিন্তাৰ বাবে মই অন্তৰৰ পৰা ধন্যবাদ জনাইছোঁ।

গুজৰাটৰ কেৱাড়িয়াত অনুষ্ঠিত ৰাষ্ট্ৰীয় একতা দিৱস কাৰ্যসূচীত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

October 31st, 07:31 am

চৰ্দাৰ চাহাবৰ প্ৰেৰণাদায়ক কথাবোৰ, ষ্টেচু অৱ ইউনিটিৰ ওচৰত অনুষ্ঠিত এই বিশাল অনুষ্ঠান, একতা নগৰৰ অনবদ্য দৃশ্যাৱলী, আৰু অনুপম প্ৰদৰ্শনে উপস্থাপন কৰিছে এক ক্ষুদ্ৰ ভাৰতবৰ্ষৰ শক্তিশালী ছবি। ঠিক ১৫ আগষ্ট আৰু ২৬ জানুৱাৰীত কৰা আমাৰ উদযাপনবোৰৰ দৰেই, এই ৩১ অক্টোবৰৰ অনুষ্ঠানেও সমগ্ৰ দেশখনকে শক্তিশালী কৰে। ৰাষ্ট্ৰীয় একতা দিৱসত সমূহদেশবাসীলৈ মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।

গুজৰাটৰ কেৱাড়িয়াস্থিত ষ্টেছ্যু অৱ ইউনিটীত চৰ্দাৰ বল্লভভাই পেটেলক শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ, ৰাষ্ট্ৰীয় একতা দিৱস উদযাপন অনুষ্ঠানত অংশগ্ৰহণ

October 31st, 07:30 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ কেৱাড়িয়াস্থিত ষ্টেছ্যু অৱ ইউনিটীত ৰাষ্ট্ৰীয় একতা দিৱস উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰে। প্ৰধানমন্ত্ৰীয়ে চৰ্দাৰ বল্লভভাই পেটেলৰ জন্ম বাৰ্ষিকীত তেওঁৰ প্ৰতিমূৰ্তিত পূষ্পাঞ্জলি অৰ্পণ কৰে। শ্ৰী মোদীয়ে একতা দিৱসৰ প্ৰতিজ্ঞাও পালন কৰাৰ লগতে চৰ্দাৰ বল্লভভাই পেটেলৰ জয়ন্তী উপলক্ষে প্ৰতি বছৰে ৩১ অক্টোবৰত উদযাপন কৰা ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে একতা দিৱস পেৰেডৰ সাক্ষী হয়।

পঞ্চম বৰ্ষপূৰ্তিত ‘জিএছটি’-ক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

July 01st, 02:36 pm

পঞ্চম বৰ্ষপূৰ্তিত ‘জিএছটি’-ক প্ৰশংসা কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে কৰ-ব্যৱস্থাৰ এয়া এক গুৰুত্বপূৰ্ণ সংশোধন, যিয়ে স্বাচ্ছন্দ্যৰে বাণিজ্য কৰাৰ পৰিৱেশটোক আৰু অধিক আগুৱাই নিয়াৰ লগতে ‘এক ৰাষ্ট্ৰ, এক কৰব্যৱস্থা’ৰ সপোনটোকো বাস্তৱায়িত কৰিলে।

For us, MSME means- Maximum Support to Micro Small and Medium Enterprises: PM Modi

June 30th, 10:31 am

PM Modi participated in the ‘Udyami Bharat’ programme. To strengthen the MSME sector, in the last eight years, the Prime Minister said, the government has increased the budget allocation by more than 650%. “For us, MSME means - Maximum Support to Micro Small and Medium Enterprises”, the Prime Minister stressed.

PM participates in ‘Udyami Bharat’ programme

June 30th, 10:30 am

PM Modi participated in the ‘Udyami Bharat’ programme. To strengthen the MSME sector, in the last eight years, the Prime Minister said, the government has increased the budget allocation by more than 650%. “For us, MSME means - Maximum Support to Micro Small and Medium Enterprises”, the Prime Minister stressed.

লক্ষ্ণৌত অনুষ্ঠিত উত্তৰ প্ৰদেশ বিনিয়োগকাৰী সন্মিলনৰ যুগান্তকাৰী অনুষ্ঠান @ ৩.০ ত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

June 03rd, 10:35 am

উত্তৰ প্ৰদেশৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰী যোগী আদিত্যনাথ জী, লক্ষ্ণৌৰ সাংসদ আৰু ভাৰত চৰকাৰৰ আমাৰ জ্যেষ্ঠ সতীৰ্থ শ্ৰী ৰাজনাথ সিং জী, কেন্দ্ৰীয় কেবিনেটত মোৰ আন-আন সতীৰ্থসকল, উত্তৰ প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী, ৰাজ্য চৰকাৰখনৰ মন্ত্ৰীসকল, বিধানসভা আৰু বিধান পৰিষদৰ অধ্যক্ষসকল, উদ্যোগৰ সকলো সতীৰ্থ, আন-আন বিশিষ্ট ব্যক্তি, ভদ্ৰমহিলা আৰু ভদ্ৰ লোকসকল!

PM attends the Ground Breaking Ceremony @3.0 of the UP Investors Summit at Lucknow

June 03rd, 10:33 am

PM Modi attended Ground Breaking Ceremony @3.0 of UP Investors Summit at Lucknow. “Only our democratic India has the power to meet the parameters of a trustworthy partner that the world is looking for today. Today the world is looking at India's potential as well as appreciating India's performance”, he said.

Aatmanirbhar Bharat is our path as well as our resolve: PM Modi

May 06th, 02:08 pm

PM Narendra Modi addressed the inaugural session of JITO Connect 2022. The Prime Minister said, Whatever may be the area of ​​expertise, area of ​​concern and whatever may be the differences of opinion of the people, they are all united by the rise of New India. Today everyone feels that India is now moving beyond ‘probability and potential’ and performing a bigger purpose of global welfare.

প্ৰধানমন্ত্ৰীয়ে 'জিআইটিঅ' কানেক্ট ২০২২'ৰ উদ্বোধনী অধিৱেশনত ভাষণ প্ৰদান কৰে

May 06th, 10:17 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জৈন আন্তঃৰাষ্ট্ৰীয় বাণিজ্য সংস্থাৰ 'জিআইটিঅ' কানেক্ট ২০২২'ৰ উদ্বোধনী অধিৱেশনত ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে ভাষণ প্ৰদান কৰে।

ব্যক্তিগতকৰণ আৰু সম্পদৰ মুদ্ৰাকৰণৰ সন্দৰ্ভত আয়োজিত ৱেবিনাৰত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

February 24th, 05:48 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এক ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে নিৰ্বিনিয়োগ আৰু সম্পত্তিৰ মুদ্ৰাকৰণ সন্দৰ্ভত বাজেট ব্যৱস্থাৰ ফলপ্ৰসু ৰূপায়নক লৈ এখন ৱেবিনাৰ সম্বোধন কৰে।

নিৰ্বিনিয়োগ আৰু সম্পত্তিৰ মুদ্ৰাকৰণ সন্দৰ্ভত বাজেট ব্যৱস্থাৰ ফলপ্ৰসু ৰূপায়নক লৈ ৱেবিনাৰ সম্বোধন প্ৰধানমন্ত্ৰীৰ

February 24th, 05:42 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এক ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে নিৰ্বিনিয়োগ আৰু সম্পত্তিৰ মুদ্ৰাকৰণ সন্দৰ্ভত বাজেট ব্যৱস্থাৰ ফলপ্ৰসু ৰূপায়নক লৈ এখন ৱেবিনাৰ সম্বোধন কৰে।

১৫ আগষ্ট, ২০২০ত ৭৪সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ প্ৰাচীৰৰ পৰা দেশবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আগবঢ়োৱা ভাষণৰ অসমীয়া অনুবাদ

August 15th, 02:49 pm

স্বাধীনতাৰ এই পবিত্ৰ উৎসৱত সকলো দেশবাসীক অভিনন্দন আৰু বহুত বহুত শুভকামনা জনাইছো৷ আজি আমি যি স্বাধীন ভাৰতত উশাহ-নিশাহ লৈছো, ইয়াৰ অন্তৰালত ভাৰত মাতাৰ লাখ লাখ সন্তানৰ ত্যাগ, তেওঁলোকৰ বলিদান আৰু ভাৰত মাতাক স্বাধীন কৰি তোলাৰ প্ৰতি তেওঁলোকৰ সমর্পন, আজি এই সকলো আমাৰ স্বাধীনতা সংগ্রামী, স্বাধীনতা বীৰ-বীৰাংগনা, বীৰ শ্বহীদক প্ৰণাম জনোৱাৰে এই অনুষ্ঠান৷

৭৪ তম স্বাধীনতা দিৱসত লাল কিল্লাৰ প্ৰাচীৰৰপৰা ৰাষ্ট্ৰবাসীক সম্বোধন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

August 15th, 02:38 pm

মোৰ প্ৰিয় দেশৰ নাগৰিক, এই শুভ অনুষ্ঠানত, আপোনালোক সকলোকে অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিলো।

India celebrates 74th Independence Day

August 15th, 07:11 am

Prime Minister Narendra Modi addressed the nation on the occasion of 74th Independence Day. PM Modi said that 130 crore countrymen should pledge to become self-reliant. He said that it is not just a word but a mantra for 130 crore Indians. “Like every young adult in an Indian family is asked to be self-dependent, India as nation has embarked on the journey to be Aatmanirbhar”, said the PM.