PM addresses the session on “Reviving a Balanced, Shared and Sustainable Economic Growth for All” at G7 Summit

June 18th, 05:00 am

Prime Minister Shri Narendra Modi today addressed the Outreach Session on “Reviving a Balanced, Shared and Sustainable Economic Growth for All”, at the G7 Summit in Evian, France.

India’s growth story is a story of inclusion, scale and democratic empowerment for all humanity: PM Modi at G7 Summit Outreach Session

June 17th, 06:07 pm

During the G7 Summit outreach session in Evian, France, PM Modi highlighted India's progress over the past 12 years under the principle of “Sabka Saath, Sabka Vikas, Sabka Vishwas, Sabka Prayas”. He proposed combining the capital of the G7, India’s talent and the ownership of Global South countries to create the International Mobilisation Partnership for Accelerating Connectivity and Trade (IMPACT), with the objective of building corridors that connect trade, technology, energy and opportunity.

বিশ্ব পৰিবেশ দিৱস উপলক্ষে প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা জ্ঞাপন

June 05th, 09:53 am

যোৱা দশকত গ্ৰহণ কৰা সেউজ আৱৰণ সম্প্ৰসাৰণ কৰা তথা কেইবাটাও প্ৰাণীৰ প্ৰজাতিৰ সংখ্যা বৃদ্ধি কৰা কেইবাটাও চৰকাৰী পদক্ষেপৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে এই দিৱসে পৰিবেশ সুৰক্ষিত কৰা আৰু বহনক্ষম বিকাশৰ প্ৰতি দায়বদ্ধতাক পুনৰ নিশ্চিত কৰে।

নৱ ৰায়পুৰত শান্তি শিখৰ ব্ৰহ্মকুমাৰী ধ্যান কেন্দ্ৰ উদ্বোধন কৰি দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

November 01st, 11:15 am

ছত্তীশগড়ৰ ৰাজ্যপাল শ্ৰী ৰমেন ডেকা, ৰাজ্যখনৰ জনপ্ৰিয় তথা সক্ৰিয় মুখ্যমন্ত্ৰী শ্ৰী বিষ্ণু দেও ছাই, ৰাজযোগিনী ভগ্নী জয়ন্তী, ৰাজযোগী মৃত্যুঞ্জয়, সকলো ব্ৰহ্মকুমাৰী ভগ্নী আৰু ইয়াত উপস্থিত অন্যান্য বিশিষ্ট অতিথিসকল!

চত্তীশগড়ৰ নৱ ৰায়পুৰত শান্তি শিখৰ – ধ্যান কেন্দ্ৰৰ উদ্বোধনী অনুষ্ঠানত ব্ৰহ্ম কুমাৰীসকলক সম্বোধন কৰিলে প্ৰধানমন্ত্ৰীয়ে

November 01st, 11:00 am

আজি ছত্তীশগড়ৰ নৱ ৰায়পুৰত আধ্যাত্মিক শিক্ষা, শান্তি, ধ্যান-ধাৰণাৰ আধুনিক কেন্দ্ৰ “শান্তি শিখৰ”ৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ব্ৰহ্ম কুমাৰীসকলক উদ্দেশ্যি ভাষণ আগবঢ়ায় । এই উপলক্ষ্যে আয়োজিত অনুষ্ঠানত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে কয় যে ছত্তীশগড় গঠনৰ ২৫ বছৰ সম্পূৰ্ণ হোৱাৰ বাবে আজিৰ দিনটো এক অতি বিশেষ দিন। ছত্তীশগড়, ঝাৰখণ্ড আৰু উত্তৰাখণ্ডতো প্ৰতিষ্ঠা হোৱাৰ ২৫ বছৰ সম্পূৰ্ণ হৈছে। তেওঁ উল্লেখ কৰে যে সমগ্ৰ দেশৰ আন কেইবাখনো ৰাজ্যই আজি প্ৰতিষ্ঠা দিৱস উদযাপন কৰিছে। এই আটাইকেইখন ৰাজ্যৰ বাসিন্দালৈ প্ৰতিষ্ঠা দিৱসত শ্ৰীযুত মোদীয়ে শুভেচ্ছা জ্ঞাপন কৰে। “ৰাজ্যৰ উন্নয়নে দেশৰ প্ৰগতিত ইন্ধন যোগায় নীতিৰ দ্বাৰা পৰিচালিত হৈ আমি উন্নত ভাৰত নিৰ্মাণৰ অভিযানত সক্ৰিয়ভাৱে জড়িত হৈ আছো”, প্ৰধানমন্ত্ৰীয়ে কয় ।

তামিলনাডুৰ গংগাইকোণ্ডা চোলাপুৰম মন্দিৰত অনুষ্ঠিত আদী তিৰুভথিৰাই মহোৎসৱৰ সময়ত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ পূৰ্ণপাঠ

July 27th, 12:30 pm

চিন্ময়া মিছনৰ স্বামী, তামিলনাডুৰ ৰাজ্যপাল আৰ এন ৰবি জী, কেবিনেটত মোৰ সহকৰ্মী ড° এল মুৰুগান জী, স্থানীয় সাংসদ থিৰুমা-ভালাৱন জী, মঞ্চত উপস্থিত তামিলনাডুৰ মন্ত্ৰীসকল, সংসদত মোৰ সহযোগী সন্মানীয় শ্ৰী ইলায়াৰাজা জী, সকলো অডুভাৰ, ভক্ত, ছাত্ৰ, সাংস্কৃতিক ইতিহাসবিদসকল আৰু মোৰ মৰমৰ ভাই-ভনীসকল!

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তামিলনাডুৰ গংগাইকোণ্ডা চোলাপুৰমত আদি তিৰুভথিৰাই মহোৎসৱত ভাষণ দিয়ে

July 27th, 12:25 pm

আজি তামিলনাডুৰ গংগাইকোণ্ডা চোলাপুৰম মন্দিৰত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আদি তিৰুভথিৰাই মহোৎসৱত ভাষণ প্ৰদান কৰে। প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে সৰ্বশক্তিমান ভগৱান শিৱৰ আগত প্ৰণাম জনায় আৰু শ্ৰী ইলয়াৰাজৰ সংগীত তথা ওধুবৰৰ পবিত্ৰ জপ সংগীত শ্ৰৱণ কৰি ৰাজাৰাজা চোলাৰ পবিত্ৰ ভূমিত ঐশ্বৰিক শিৱ দৰ্শনৰ জৰিয়তেগভীৰ আধ্যাত্মিক শক্তিক অনুভৱ কৰে। শ্ৰী মোদীয়ে মন্তব্য কৰে যে আধ্যাত্মিক পৰিৱেশে আত্মাক গভীৰভাৱে আপ্লুত কৰে।

India remains a committed partner in Africa’s development journey: PM Modi in Parliament of Ghana

July 03rd, 03:45 pm

PM Modi, while addressing Ghana’s Parliament, praised its democratic values and deep-rooted resilience. He celebrated the India-Ghana friendship, called for inclusive global reforms, and reaffirmed India’s commitment to climate action and “Humanity First” through shared global initiatives.

Prime Minister, Shri Narendra Modi addresses the Parliament of Ghana

July 03rd, 03:40 pm

PM Modi, while addressing Ghana’s Parliament, praised its democratic values and deep-rooted resilience. He celebrated the India-Ghana friendship, called for inclusive global reforms, and reaffirmed India’s commitment to climate action and “Humanity First” through shared global initiatives.

শ্ৰী নাৰায়ণ গুৰু আৰু গান্ধীজীৰ মাজৰ বাৰ্তালাপৰ শতাব্দী সমাৰোহ বৈঠকত দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

June 24th, 11:30 am

আজি এই চৌহদ দেশৰ ইতিহাসত এক অভূতপূৰ্ব পৰিঘটনাৰ স্মৃতিৰ সাক্ষী হৈ পৰিছে। এনে এক ঐতিহাসিক পৰিঘটনা, যিয়ে আমাৰ স্বাধীনতা আন্দোলনক নতুন দিশ দিয়াই নহয়, বৰং স্বাধীনতাৰ উদ্দেশ্য, স্বাধীন ভাৰতৰ সপোনকো সুনিৰ্দিষ্ট অৰ্থ প্ৰদান কৰিছিল। ১০০ বছৰৰ আগতে শ্ৰী নাৰায়ণ গুৰু আৰু মহাত্মা গান্ধীৰ সেই সাক্ষাৎ, আজিও সিমানেই প্ৰেৰণাদায়ক, সিমানেই প্ৰাসংগিক। ১০০ বছৰ আগতে হোৱা সেই সাক্ষাৎ, সামাজিক সম্প্ৰীতিৰ বাবে, উন্নত ভাৰতৰ সামূহিক লক্ষ্যৰ বাবে, আজিও শক্তিৰ এক বৃহৎ উৎস। এই ঐতিহাসিক অনুষ্ঠানত মই শ্ৰী নাৰায়ণ গুৰুৰ চৰণত প্ৰণাম জনাইছোঁ। মই গান্ধীজীলৈও শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিছোঁ।

শ্ৰী নাৰায়ণ গুৰু আৰু মহাত্মা গান্ধীৰ ঐতিহাসিক বাৰ্তালাপৰ শতবাৰ্ষিকী উদযাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণ

June 24th, 11:00 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত ভাৰতৰ দুজন সৰ্বশ্ৰেষ্ঠ আধ্যাত্মিক আৰু সুনীতিসম্পন্ন নেতা শ্ৰী নাৰায়ণ গুৰু তথা মহাত্মা গান্ধীৰ ঐতিহাসিক বাৰ্তালাপৰ শতবাৰ্ষিকী উদযাপন অনুষ্ঠানত ভাষণ দিয়ে। এই উপলক্ষে সমবেত লোকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে সশ্ৰদ্ধ শুভেচ্ছা জ্ঞাপন কৰি কয় যে আজি এই স্থান দেশৰ ইতিহাসত এক অভূতপূৰ্ব মুহূৰ্তৰ সাক্ষী হৈছে। তেওঁ গুৰুত্ব আৰোপ কৰি কয় যে এই ঐতিহাসিক ঘটনাই স্বাধীনতা আন্দোলনক নতুন দিশ প্ৰদান কৰাৰ লগতে স্বাধীনতাৰ উদ্দেশ্য আৰু স্বাধীন ভাৰতৰ সপোনক দৃঢ় অৰ্থ প্ৰদান কৰিছিল। ১০০ বছৰ পূৰ্বৰ শ্ৰী নাৰায়ণ গুৰু আৰু মহাত্মা গান্ধীৰ মাজত হোৱা বৈঠক আজিও অনুপ্ৰেৰণামূলক আৰু প্ৰাসংগিক হৈ থকাৰ লগতে সামাজিক সম্প্ৰীতি তথা উন্নত ভাৰতৰ সামূহিক লক্ষ্যৰ বাবে শক্তিৰ এক শক্তিশালী উৎস হিচাপে পৰিগণিত হৈ আহিছে, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়। এই ঐতিহাসিক অনুষ্ঠানত তেওঁ শ্ৰী নাৰায়ণ গুৰুৰ শ্ৰীচৰণত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে মহাত্মা গান্ধীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি তৰ্পণ কৰে।

এবিপি নেটৱৰ্কৰ ইণ্ডিয়া@২০৪৭ সন্মিলনত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

May 07th, 12:00 pm

ভাৰত মণ্ডপমৰ এই মঞ্চ আজি পুৱাৰে পৰা প্ৰাণৱন্ত ৰূপ পাইছে। কেইদিনমানৰ পূৰ্বে আপোনাৰ দলটোক অলপ সময়ৰ বাবে লগ পোৱাৰ সুযোগ পাইছিলোঁ। এই সন্মিলন বৈচিত্ৰ্যপূৰ্ণ। বহু মহান ব্যক্তিয়ে এই সন্মিলক সমৃদ্ধ কৰিছে। মই নিশ্চিত যে আপোনালোক সকলোৱেও এটা ডাঙৰ অভিজ্ঞতা লাভ কৰিছে। এই সন্মিলনত বৃহৎ সংখ্যক যুৱক-যুৱতী আৰু মহিলাৰ উপস্থিতি থকাটো ব্যতিক্ৰমী হিচাপে পৰিগণিত হৈছে। বিশেষকৈ আমাৰ ড্ৰোণ দিদি আৰু লাখপতি দিদিসকলে তেওঁলোকৰ অভিজ্ঞতা শ্বেয়াৰ কৰিলে। এই সকলোবোৰ এংকৰক যেতিয়া মই এতিয়াই লগ পাইছিলো, তেতিয়া মই দেখি আছিলো যে তেওঁলোকে ইমান উৎসাহেৰে নিজৰ অভিজ্ঞতাবোৰ শ্বেয়াৰ কৰিছে। প্ৰতিটো সংলাপ মনত পৰিল। অৰ্থাৎ এইটো সঁচাকৈয়ে এক অতি প্ৰেৰণাদায়ক সুযোগ হিচাপে পৰিগণিত হৈছে।

PM Modi addresses the Global Conference on Space Exploration (GLEX) 2025

May 07th, 11:30 am

PM Modi addressed GLEX 2025 via videoconferencing, showcasing India’s stellar rise from a humble 1963 rocket launch to becoming the first to land near the Moon’s South Pole. He celebrated India's Mars triumph, space tech breakthroughs, and future missions like Gaganyaan and Bharatiya Antariksha Station.

লেক্স ফ্ৰিডমেনৰ সৈতে এক পডকাষ্টত প্ৰধানমন্ত্ৰীৰ কথোপকথনৰ পাঠ

March 16th, 11:47 pm

প্ৰধানমন্ত্ৰী- মোৰ যি সামৰ্থ্য সেয়া মোদীৰ নহয়, এয়া হৈছে ১৪০ কোটি দেশবাসীৰ, হাজাৰ হাজাৰ বছৰৰ মহান সংস্কৃতি, পৰম্পৰা, সেয়াই হৈছে মোৰ সামৰ্থ্য। সেয়েহে, মই য'লৈকে যাওঁ, মোদীয়েই নাযায়, বৰঞ্চ মই বেদৰ পৰা বিবেকানন্দলৈ মহান পৰম্পৰাক, ১৪০ কোটি লোকৰ সপোন আৰু আকাংক্ষাকো কঢ়িয়াই নিছোঁ। গতিকে মই যেতিয়া পৃথিৱীৰ কোনো নেতাৰ সৈতে হাত মিলাওঁ, এয়া মোদীয়েই কেৱল হাত নিমিলাই, এয়া হৈছে ১৪০ কোটি লোকৰ হাত। গতিকে এই সামৰ্থ্য মোদীৰ নহয়, এই সামৰ্থ্য হৈছে ভাৰতৰ। যেতিয়াই আমি শান্তিৰ কথা কওঁ, পৃথিৱীয়ে আমাৰ কথা শুনে। কিয়নো এয়া হৈছে বুদ্ধৰ দেশ, এয়া হৈছে মহাত্মা গান্ধীৰ দেশ, সেয়েহে বিশ্বই আমাৰ কথা শুনিছে আৰু আমিতো সংঘাতৰ পক্ষপাতীয়েই নহয়। আমি হৈছোঁ সমন্বয়ৰ পক্ষপাতী। না আমি প্ৰকৃতিৰ সৈতে সংঘাত কৰিব বিচাৰো, না আমি ৰাষ্ট্ৰসমূহৰ মাজত সংঘৰ্ষ বিচাৰো; আমি হৈছোঁ সমন্বয় বিচৰা মানুহ। আৰু যদি আমি ইয়াৰ বাবে কোনো ভূমিকা পালন কৰিব পাৰোঁ, আমি নিৰন্তৰভাৱে এনে কৰিবলৈ চেষ্টা কৰি আহিছোঁ। মোৰ জীৱন চৰম দাৰিদ্ৰ্যৰ মাজেৰে উন্মেষিত হৈছিল। কিন্তু আমি কেতিয়াও দাৰিদ্ৰ্যৰ বোজা অনুভৱ কৰা নাছিলো, কিয়নো ভাল জোতা পিন্ধি ফুৰা এগৰাকী ব্যক্তিয়েহেজোতাযোৰ নথকা পৰিস্থিতি এটাত অনুভৱ কৰিব যে এৰাটো, এইটোতো এক ডাঙৰ কথা।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে লেক্স ফ্ৰিডমেনৰ সৈতে প’ডকাষ্টত মত বিনিময় কৰে

March 16th, 05:30 pm

আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে লেক্স ফ্ৰিডমেনৰ সৈতে বিভিন্ন বিষয়ৰ ওপৰত প’ডকাষ্টত মত বিনিময় কৰে। এক স্পষ্ট বাৰ্তালাপত, তেওঁ কিয় উপবাস কৰে আৰু কেনেকৈ পৰিচালনা কৰে সেই বিষয়ে সোধাত, প্ৰধানমন্ত্ৰীয়ে তেওঁৰ প্ৰতি সন্মানৰ চিন হিচাপে উপবাসৰ ইংগিত দিয়াৰ বাবে লেক্স ফ্ৰিডমেনক কৃতজ্ঞতা প্ৰকাশ কৰে। “ভাৰতত ধৰ্মীয় পৰম্পৰা দৈনন্দিন জীৱনৰ সৈতে গভীৰভাৱে জড়িত হৈ আছে”, শ্ৰী মোদীয়ে কয়, তেওঁ লগতে কয় যে হিন্দু ধৰ্ম কেৱল আচাৰ-অনুষ্ঠানৰ বিষয় নহয়, বৰঞ্চ ভাৰতৰ সন্মানীয় উচ্চতম ন্যায়ালয়ে ব্যাখ্যা কৰা জীৱনৰ পথ প্ৰদৰ্শক দৰ্শন। তেওঁ জোৰ দি কয় যে উপবাস হৈছে অনুশাসনৰ কৰ্ষণ আৰু অন্তৰ্নিহিত আৰু বাহ্যিক আত্মাৰ ভাৰসাম্য ৰক্ষাৰ এক আহিলা। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে উপবাসে ইন্দ্ৰিয়সমূহক উচ্চ কৰি তোলে, ইন্দ্ৰিয়ক অধিক সংবেদনশীল আৰু সচেতন কৰি তোলে। তেওঁ লক্ষ্য কৰিছিল যে উপবাসৰ সময়ত আনকি সূক্ষ্ম সুগন্ধি আৰু সবিশেষো অধিক স্পষ্টভাৱে অনুভৱ কৰিব পাৰি। তেওঁ লগতে আলোকপাত কৰে যে উপবাসে চিন্তা প্ৰক্ৰিয়া ত্বৰান্বিত কৰে, সতেজ দৃষ্টিভংগী প্ৰদান কৰে আৰু প্ৰসাৰিত চিন্তাধাৰাক উৎসাহিত কৰে। শ্ৰী মোদীয়ে স্পষ্ট কৰি দিয়ে যে উপবাস কেৱল খাদ্যৰ পৰা বিৰত থকা নহয়; ইয়াৰ লগত প্ৰস্তুতি আৰু বিষমুক্তকৰণৰ বৈজ্ঞানিক প্ৰক্ৰিয়া জড়িত হৈ থাকে। তেওঁ আগতীয়াকৈ কেইবাদিনো আয়ুৰ্বেদিক আৰু যোগাভ্যাস পালন কৰি শৰীৰটো উপবাসৰ বাবে প্ৰস্তুত কৰা বুলি জোৰ দি এই সময়ছোৱাত হাইড্ৰেচনৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। উপবাস আৰম্ভ হ’লেই তেওঁ ইয়াক ভক্তি আৰু আত্ম-অনুশাসনৰ কাৰ্য্য হিচাপে লয়, যাৰ ফলত গভীৰ আত্মনিৰীক্ষণ আৰু মনোনিৱেশৰ সুবিধা হয়। প্ৰধানমন্ত্ৰীয়ে শ্বেয়াৰ কৰে যে তেওঁৰ উপবাসৰ প্ৰথা ব্যক্তিগত অভিজ্ঞতাৰ পৰাই উদ্ভৱ হৈছিল, যিটো তেওঁৰ স্কুলীয়া দিনত মহাত্মা গান্ধীৰ পৰা অনুপ্ৰাণিত হৈ এক আন্দোলনৰ পৰা আৰম্ভ হৈছিল। প্ৰথম উপবাসৰ সময়ত তেওঁ শক্তি আৰু সচেতনতাৰ লহৰ অনুভৱ কৰিছিল, যিয়ে তেওঁক ইয়াৰ পৰিৱৰ্তনশীল শক্তিৰ বিষয়ে পতিয়ন নিয়াইছিল। তেওঁ আলোকপাত কৰে যে উপবাসে তেওঁক লেহেমীয়া নকৰে; বৰঞ্চ ই প্ৰায়ে তেওঁৰ উৎপাদনশীলতা বৃদ্ধি কৰে। তেওঁ লক্ষ্য কৰিছিল যে উপবাসৰ সময়ত তেওঁৰ চিন্তাবোৰ অধিক মুক্ত আৰু সৃষ্টিশীলভাৱে প্ৰবাহিত হয়, যাৰ ফলত ই নিজকে প্ৰকাশ কৰাৰ বাবে এক অবিশ্বাস্য অভিজ্ঞতা হৈ পৰে।

আইএনএছ চুৰাট, আইএনএছ নীলগিৰি আৰু আইএনএছ বঘশ্বীৰৰ কমিচনিং অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

January 15th, 11:08 am

১৫ জানুৱাৰীৰ দিনটো সেনা দিৱস হিচাপে পালন কৰা হয়। মই দেশখনক ৰক্ষাৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰা প্ৰতিগৰাকী বীৰ জোৱানক প্ৰণাম জনাইছোঁ, ভাৰত মাতাক ৰক্ষাৰ কামত নিয়োজিত প্ৰতিগৰাকী বীৰ পুৰুষ-মহিলাক আজিৰ দিনটোত অভিনন্দন জনাইছোঁ।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ফ্ৰন্টলাইন নেভেলকম্বাটেন্টআইএনএছচুৰাট, আইএনএছনীলগিৰিআৰুআইএনএছবঘশ্বীৰৰাষ্ট্ৰলৈ উৎসৰ্গা কৰে

January 15th, 10:30 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মুম্বাইৰ নেভেল ডকয়াৰ্ডত তিনি ফ্ৰন্টলাইন নেভেলকম্বাটেন্ট আইএনএছ চুৰাট, আইএনএছ নীলগিৰি আৰু আইএনএছ বঘশ্বীৰ ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰে। ইয়াত সমবেতসকলক সম্বোধনেৰে শ্ৰী মোদীয়ে কয় যে ১৫ জানুৱাৰীৰ দিনটো সেনা দিৱস হিচাপে পালন কৰা হয় আৰু ৰাষ্ট্ৰৰ সুৰক্ষা তথা নিৰাপত্তাৰ বাবে প্ৰাণ আহুতি দিয়া প্ৰতিগৰাকী সাহসী যোদ্ধালৈ প্ৰণাম জনোৱা হয়। এই উপলক্ষে তেখেতে সকলো বীৰ যোদ্ধাকে অভিনন্দন জ্ঞাপন কৰে।

"সামাজিক অন্তৰ্ভুক্তি আৰু ক্ষুধা তথা দৰিদ্ৰতাৰ বিৰুদ্ধে যুঁজ" শীৰ্ষক জি-২০ অধিবেশনত প্ৰধানমন্ত্ৰীৰ বক্তব্য

November 18th, 08:00 pm

আৰম্ভণিতে মই ৰাষ্ট্ৰপতি লুলাক জি-২০ সন্মিলন আয়োজনৰ বাবে আৰু জি-২০ৰ সফল অধ্যক্ষতাৰ বাবে অভিনন্দন জনাইছোঁ।

‘সামাজিক অন্তৰ্ভুক্তি আৰু ক্ষুধা আৰু দৰিদ্ৰতা’ৰ বিৰুদ্ধে যুঁজ সন্দৰ্ভত ‘জি-২০’ অধিৱেশনত ভাষণ দিয়ে প্ৰধানমন্ত্ৰীয়ে

November 18th, 07:55 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি 'সামাজিক অন্তৰ্ভুক্তি আৰু ক্ষুধা আৰু দৰিদ্ৰতাৰ বিৰুদ্ধে যুঁজ' সন্দৰ্ভত জি-২০ সন্মিলনৰ উদ্বোধনী অধিৱেশনত ভাষণ দিয়ে। ব্ৰাজিলৰ ৰাষ্ট্ৰপতি মহামহিম শ্ৰীযুত লুইছ ইনাচিও লুলা দা ছিলভাক সন্মিলনখন আয়োজন কৰাৰ বাবে আৰু তেওঁৰ আন্তৰিকতাপূৰ্ণ আতিথ্যৰ বাবে প্ৰধানমন্ত্ৰীয়ে ধন্যবাদ জ্ঞাপন কৰে। বহনক্ষম উন্নয়ন লক্ষ্যত গুৰুত্ব দিয়া ব্ৰাজিলিয়ান জি-২০ কাৰ্যসূচীৰ প্ৰশংসা কৰি তেওঁ কয় যে এই পদ্ধতিয়ে ‘গোলকীয় দক্ষিণ’ৰ উদ্বেগৰ প্ৰসংগত আলোকপাত কৰিছে আৰু নতুন দিল্লী জি-২০ সন্মিলনৰ জনকেন্দ্ৰিক সিদ্ধান্তসমূহক আগুৱাই নিছে। তেওঁ লগতে উল্লেখ কৰে যে ভাৰতীয় জি-২০ প্ৰেচিডেন্সিৰ এক পৃথিৱী, এক পৰিয়াল, এক ভৱিষ্যতৰ আহ্বান ৰিঅ'ৰ আলোচনাত প্ৰতিধ্বনিত হৈছে।

নাইজেৰিয়া, ব্ৰাজিল আৰু গুয়ানাৰ পাঁচ দিনীয়া ভ্ৰমণৰ উদ্দেশ্যে প্ৰস্থানৰ পূৰ্বে প্ৰধানমন্ত্ৰীৰ বক্তব্য

November 16th, 12:45 pm

মহামহিম ৰাষ্ট্ৰপতি বোলা আহমেদ টিনুবুৰ নিমন্ত্ৰণত, এইটোৱেই হ’ব মোৰ প্ৰথম নাইজেৰিয়া ভ্ৰমণ। এয়া পশ্চিম আফ্ৰিকীয় অঞ্চলত আমাৰ ঘনিষ্ঠ অংশীদাৰিত্ব। মোৰ এই ভ্ৰমণ গণতন্ত্ৰ আৰু বহুত্ববাদৰ প্ৰতি উমৈহতীয়া বিশ্বাসৰ ওপৰত আধাৰিত আমাৰ কৌশলগত অংশীদাৰিত্বক আগুৱাই নিয়াৰ এটা সুযোগ হ’ব। মই নাইজেৰিয়াত থকা ভাৰতীয় সমাজ আৰু বন্ধু-বান্ধৱীকো লগ পাবলৈ আগ্ৰহী, যিসকলে মোলৈ হিন্দী ভাষাত হৃদয়স্পৰ্শী আদৰণি বাৰ্তা প্ৰেৰণ কৰিছে।