মুম্বাইত ষষ্ঠ গ্লবেল ফিনটেক ফেষ্টত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

October 09th, 02:51 pm

শেষবাৰৰ বাবে যেতিয়া মই এই অনুষ্ঠানত অংশ লৈছিলো, তেতিয়াও ২০২৪ চনৰ নিৰ্বাচন বাকী আছিল। কিন্তু সেইদিনা মই পৰৱৰ্তী অনুষ্ঠানত থাকিম বুলি কৈছিলো আৰু আপোনালোক সকলোৱে আটাইতকৈ জোৰেৰে হাত চাপৰি বজাইছিল আৰু ইয়াত বহি থকা সেই ৰাজনীতি বিজ্ঞানীসকলে মোদী আহিব বুলি ধৰি লৈছিল।

মুম্বাইত অনুষ্ঠিত গ্ল’বেল ফিনটেক ফেষ্ট ২০২৫ত ভাষণ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

October 09th, 02:50 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহাৰাষ্ট্ৰৰ মুম্বাইত অনুষ্ঠিত গ্ল’বেল ফিনটেক ফেষ্ট ২০২৫ত ভাষণ আগবঢ়ায়। মুম্বাইত উপস্থিত সকলোকে উষ্ম আদৰণি জনাই শ্ৰী মোদীয়ে মুম্বাইক শক্তিৰ চহৰ, উদ্যোগৰ চহৰ, আৰু অন্তহীন সম্ভাৱনাৰ চহৰ বুলি অভিহিত কৰে। তেওঁ বিশেষভাৱে তেওঁৰ বন্ধু প্ৰধানমন্ত্ৰী মাননীয় শ্ৰী কেইৰ ষ্টাৰমাৰ আৰু গ্ল’বেল ফিনটেক ফেষ্টিভেলত তেওঁৰ উপস্থিতিৰ বাবে আৰু অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ সময় উলিওৱা বাবে কৃতজ্ঞতা প্ৰকাশ কৰে।

ৰোজগাৰ মেলাৰ অধীনত ৫১,০০০ৰো অধিক নিযুক্তি পত্ৰ বিতৰণ কৰি প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

April 26th, 11:23 am

আজি কেন্দ্ৰীয় চৰকাৰৰ ভিন্ন বিভাগত ৫১ হাজাৰৰো অধিক যুৱক-যুৱতীক স্থায়ী চৰকাৰী পদৰ নিযুক্তি পত্ৰ প্ৰদান কৰা হৈছে। ইয়াৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰৰ বিভাগসমূহত আপোনালোকৰ দৰে যুৱ প্ৰজন্মৰ বাবে দায়িত্বৰ এক নতুন অধ্যায় আৰম্ভ হৈছে। ৰাষ্ট্ৰৰ অৰ্থনীতি সুদৃঢ় কৰাটো এতিয়া আপোনাৰ কৰ্তব্য; দেশৰ অভ্যন্তৰীণ নিৰাপত্তা শক্তিশালী কৰাটো আপোনাৰ কৰ্তব্য; ৰাষ্ট্ৰখনত আধুনিক আন্তঃগাঁথনি গঢ়ি তোলাটো আপোনাৰ কৰ্তব্য আৰু শ্ৰমিকসকলৰ জীৱনৰ মৌলিক অগ্ৰগতি সাধন কৰাটো আপোনালোকৰ কৰ্তব্য। আপোনাসৱে যিমানেই আন্তৰিকতাৰে আৰু সততাৰে কামবোৰ সম্পাদন কৰিব, সিমানেই ভাৰতৰ উন্নত ৰাষ্ট্ৰ হোৱাৰ যাত্ৰাত ইয়াৰ তাৎপৰ্য্যপূৰ্ণ আৰু ইতিবাচক প্ৰভাৱ পৰিব। মোৰ বিশ্বাস যে আপোনালোকে পৰম ভক্তিৰে নিজৰ দায়িত্ব পালন কৰিব।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰোজগাৰ মেলা সম্বোধন কৰে

April 26th, 11:00 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ৰোজগাৰ মেলাৰ কাৰ্য্যসূচী সম্বোধনেৰে ভিন্ন চৰকাৰী বিভাগ আৰু সংস্থাৰ নৱনিযুক্ত যুৱক-যুৱতীসকলৰ মাজত ৫১ হাজাৰৰো অধিক নিযুক্তি পত্ৰ বিতৰণ কৰে। ইয়াত সমবেতসকলক উদ্দেশ্যি তেখেতে কয় যে আজি ভাৰত চৰকাৰৰ ভিন্ন বিভাগত এই যুৱক-যুৱতীসকলৰ বাবে নতুন দায়িত্বৰ আৰম্ভণি ঘটিছে। তেখেতে কয় তেওঁলোকৰ কৰ্তব্যৰাজিৰ অন্যতম হৈছেঃ ৰাষ্ট্ৰৰ অৰ্থনৈতিক কাঠামোক সুদৃঢ়কৰণ, অভ্যন্তৰীণ নিৰাপত্তাক শক্তিশালীকৰণ, আধুনিক আন্তঃগাঁথনি নিৰ্মাণত অৰিহণা যোগোৱা, শ্ৰমিকৰ জীৱনৰ পৰিৱৰ্তন সাধন কৰা। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে তেওঁলোকে যি আন্তৰিকতাৰে নিজৰ দায়িত্ব পালন কৰে, সেই কাৰ্য্যই ভাৰতৰ উন্নত ৰাষ্ট্ৰ হোৱাৰ যাত্ৰাত ইতিবাচক প্ৰভাৱ পেলাব। তেখেতে আস্থা প্ৰকাশেৰে এই যুৱক-যুৱতীসকলে পৰম নিষ্ঠাৰে নিজৰ কৰ্তব্য পালন কৰিব বুলি উল্লেখ কৰে।

‘অ’এনডিচি’-য়ে ক্ষুদ্ৰ ব্যৱসায়ক শক্তিশালী কৰাত আৰু ‘ই-বাণিজ্য’ৰ বিপ্লৱত অৰিহণা যোগাইছে: প্ৰধানমন্ত্ৰী

January 02nd, 10:23 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ক্ষুদ্ৰ ব্যৱসায়ৰ শক্তিশালীকৰণ আৰু ‘ই-বাণিজ্য’ৰ বিপ্লৱৰ ক্ষেত্ৰত ‘অ'এনডিচি’-ৰ অৱদানৰ কথা উল্লেখ কৰি কয় যে ই বিকাশ আৰু সমৃদ্ধিৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।