ওমানৰ চুলতানৰ সৈতে প্ৰধানমন্ত্ৰীৰ মত বিনিময়

March 19th, 04:39 pm

প্ৰধানমন্ত্ৰীয়ে ওমানৰ চুলতান হাইথাম বিন তাৰিকৰ সৈতে এক ফলপ্ৰসূ বাৰ্তালাপ কৰি উৎসৱৰ শুভেচ্ছা বিনিময় কৰে আৰু অঞ্চলটোৰ পৰিস্থিতিৰ ওপৰত আলোচনা কৰে।

ওমানৰ চুলতানৰ সৈতে প্ৰধানমন্ত্ৰীৰ বাৰ্তালাপ

March 03rd, 07:16 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মহামহিম চুলতান হাইথাম বিন তাৰিকৰ সৈতে টেলিফোনযোগে বাৰ্তালাপ কৰাৰ লগতে পশ্চিম এছিয়াৰ সাম্প্ৰতিক ঘটনাৱলী সন্দৰ্ভত মত বিনিময় কৰে।

ইজৰাইলৰ সংসদ নেচেটত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণ

February 25th, 08:20 pm

এই বিশিষ্ট সদনৰ সন্মুখত থিয় দিয়াটো মোৰ বাবে এক সৌভাগ্য আৰু সন্মানৰ বিষয় । মই ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে আৰু আন এটা প্ৰাচীন সভ্যতাক সম্বোধন কৰা প্ৰতিনিধি হিচাপেও সেয়াই অনুভৱ কৰিছো। মই মোৰ লগত লৈ আহিছো ১.৪ বিলিয়ন ভাৰতীয়ৰ শুভেচ্ছা আৰু বন্ধুত্ব, সন্মান তথা অংশীদাৰিত্বৰ বাৰ্তা।

ইজৰাইলৰ সংসদ নেচেটত ভাষণ দিলে প্ৰধানমন্ত্ৰী মোদীয়ে

February 25th, 08:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জেৰুজালেমত ইজৰাইলৰ সংসদ নেচেটৰ বিশেষ পূৰ্ণাংগ সভাত ভাষণ দিয়ে। প্ৰধানমন্ত্ৰী মোদীয়েই হৈছে ইজৰাইলৰ সংসদত ভাষণ দিয়া ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী।

প্ৰধানমন্ত্ৰী মোদীয়ে ‘মন কী বাত’-ত এআই-ৰ সাফল্যসমূহৰ পৰা টি-২০ বিশ্বকাপলৈকে ভাৰতৰ উত্থানৰ কথা উল্লেখ কৰে

February 22nd, 11:30 am

চলিত মাহৰ ‘মন কী বাত’-ত দিল্লীত অনুষ্ঠিত ‘ইণ্ডিয়া এ আই ইমপেক্ট ছামিট’-ত প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ অভিজ্ঞতাৰ বিষয়ে কয়। ভাৰতীয় মূলৰ ক্ৰিকেটাৰ, অংগদান, নদী উৎসৱ, ডিজিটেল নিৰাপত্তা, ‘পৰীক্ষ পে’ চৰ্চা’ আদি বহু গুৰুত্বপূৰ্ণ বিষয় তেওঁ স্পৰ্শ কৰে। তেওঁ আলোকপাত কৰে যে অহা ২৩ ফেব্ৰুৱাৰীত ৰাষ্ট্ৰপতি ভৱনত ‘ৰাজাজী উৎসৱ’ উদযাপন কৰা হ’ব। প্ৰধানমন্ত্ৰীগৰাকীয়ে নাৰী শক্তিৰ সৈতে গভীৰ সম্পৰ্ক ৰখাৰ কথা উল্লেখ কৰি তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰী জয়াললিতা জীলৈ আন্তৰিক শ্ৰদ্ধাঞ্জলিও জ্ঞাপন কৰে।

Prime Minister Narendra Modi lauds INSV Kaundinya, embarking on her maiden voyage from Porbandar to Muscat, Oman

December 29th, 05:57 pm

The Prime Minister, Shri Narendra Modi has congratulated the designers, artisans, shipbuilders and the Indian Navy for their dedicated efforts in bringing INSV Kaundinya to life as it embarks on her maiden voyage from Porbandar to Muscat, Oman. Shri Modi stated that INSV Kaundinya is built using the ancient Indian stitched-ship technique which highlights India's rich maritime traditions.

ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ওমান ভ্ৰমণৰ সময়ত ভাৰত - ওমানে প্ৰকাশ কৰা যুটীয়া বিবৃতি

December 18th, 05:28 pm

ওমানৰ চুলতান মহামহিম চুলতান হাইথাম বিন তাৰিকৰ আমন্ত্ৰণমৰ্মে ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৫ চনৰ ১৭-১৮ ডিচেম্বৰলৈ ওমান ভ্ৰমণ কৰে। ২০২৫ চনৰ ১৮ ডিচেম্বৰত তেওঁক মহামহিম চুলতান হাইথাম বিন তাৰিকে আল বাৰাকা প্ৰাসাদত আদৰণি জনায়। শ্ৰী মোদীৰ এই ভ্ৰমণৰ বিশেষ তাৎপৰ্য আছে। কাৰণ প্ৰধানমন্ত্ৰী ভ্ৰমণ দুয়োখন দেশৰ মাজত কূটনৈতিক সম্পৰ্ক স্থাপনৰ ৭০ বছৰীয়া জয়ন্তী উপলক্ষে এই ভ্ৰমণ কৰিছে। ২০২৩ চনৰ ডিচেম্বৰ মাহত মহামহিম চুলতান হাইথাম বিন তাৰিকৰ ভাৰত ভ্ৰমণৰ পিছতে প্ৰধানমন্ত্ৰীয়ে এই ভ্ৰমণ কৰিছে।

ওমানৰ মহামহিম চুলতানক সাক্ষাৎ কৰিলে প্ৰধানমন্ত্ৰীয়ে

December 18th, 05:22 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মাস্কাত মহামহিম চুলতান হাইথাম বিন তাৰিকৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয়। ৰয়েল পেলেচত উপস্থিত হোৱাৰ লগে লগে প্ৰধানমন্ত্ৰীক মহামহিম তাৰিকে উষ্ম আদৰণি জনায় ।

ফলাফলৰ তালিকাঃ প্ৰধানমন্ত্ৰীৰ ওমান ভ্ৰমণ

December 18th, 04:57 pm

- ঘনিষ্ঠ অৰ্থনৈতিক আৰু বাণিজ্যিক সংহতি শক্তিশালী কৰাৰ লগতে অধিক বিকশিত কৰা।

মাস্কটৰ ভাৰত-ওমান ব্যৱসায়িক মঞ্চত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ পূৰ্ণপাঠ

December 18th, 04:08 pm

আপোনালোকৰ মৰমৰ উষ্মতাই মোক এই ব্যৱসায়িক শীৰ্ষ সন্মিলনত ভাগ লোৱাৰ ক্ষেত্ৰত উৎসাহিত কৰিছে। আজিৰ শীৰ্ষ সন্মিলনে নতুন দিশ, নতুন গতি প্ৰদান কৰিব আৰু ভাৰত-ওমান অংশীদাৰিত্বক নতুন উচ্চতাত উপনীত হোৱাত সহায় কৰিব। ইয়াত আপোনালোক সকলোৰে এক বৃহৎ ভূমিকা আছে।

ওমানত থকা ভাৰতীয় ছাত্ৰ-ছাত্ৰী আৰু ভাৰতীয় সমাজক উদ্দেশ্যি প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ পূৰ্ণপাঠ

December 18th, 12:32 pm

আপোনালোকৰ উৎসাহ আৰু শক্তিয়ে ইয়াৰ সমগ্ৰ পৰিৱেশটো উজ্জীৱিত কৰি তুলিছে। সেই সকলো ভাই-ভনীকো মই শুভেচ্ছা জনাইছো যিসকলে ঠাইৰ অভাৱৰ বাবে এই প্ৰেক্ষাগৃহত উপস্থিত থাকিব পৰা নাই , কিন্তু ওচৰৰ হলঘৰৰ পৰ্দাত লাইভ অনুষ্ঠান চাই আছে। এতিয়া আপোনালোকে কল্পনা কৰিব পাৰে যে ইমান দূৰলৈ আহি সোমাব নোৱাৰাৰ পিছতো তেওঁলোকৰ হৃদয়ত কেনে ভাবে ক্ৰিয়া কৰি আছে।

ওমানত থকা ভাৰতীয় সম্প্ৰদায়ক সম্বোধন প্ৰধানমন্ত্ৰীৰ

December 18th, 12:31 pm

সমাৱেশত সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে ভাৰতীয় পৰিয়াল আৰু তেওঁলোকৰ বন্ধুবৰ্গক শুভেচ্ছা জ্ঞাপন কৰে। অতি উষ্ম আৰু ৰঙীন আদৰণিৰ বাবে তেওঁ তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ কয় যে তেওঁ ওমানত বাস কৰা ভাৰতৰ বিভিন্ন প্ৰান্তৰ লোকসকলক সাক্ষাৎ কৰি আনন্দিত হৈছে আৰু উল্লেখ কৰে যে বৈচিত্ৰ্য হৈছে ভাৰতীয় সংস্কৃতিৰ ভেটি-এনে এক মূল্যবোধে যিকোনো সমাজত মিলি যোৱাত সহায় কৰে। ওমানত ভাৰতীয় সম্প্ৰদায়ক কিমান গুৰুত্ব দিয়া হয় সেই বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে সহনশীলতা আৰু সহযোগিতা হৈছে প্ৰবাসী ভাৰতীয়সকলৰ এক বৈশিষ্ট্য।

ভাৰত-ওমান ব্যৱসায়িক মঞ্চত অংশগ্ৰহণ প্ৰধানমন্ত্ৰীৰ

December 18th, 11:15 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মাস্কটত ভাৰত–ওমান ব্যৱসায়িক মঞ্চত ভাষণ দিয়ে। সন্মিলনত ওমানৰ বাণিজ্য, উদ্যোগ আৰু বিনিয়োগ প্ৰসাৰ দপ্তৰৰ মন্ত্ৰী মহামহিম কাইছ আল ইউছেফ; ওমান চেম্বাৰ অৱ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰীৰ অধ্যক্ষ মহামহিম শ্বেইখ ফৈছাল আল ৰাৱাছ; ভাৰতৰ বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী শ্ৰীযুত পীয়ুষ গোৱেল; আৰু চি আই আইৰ সভাপতি শ্ৰী ৰাজীৱ মেমানীয়ে অংশগ্ৰহণ কৰে।

PM Modi arrives in Muscat, Oman to a warm welcome

December 17th, 07:19 pm

PM Modi arrived in Muscat, Oman, a short while ago. He was accorded a ceremonial welcome at the airport. The PM’s visit marks 70 years of the establishment of diplomatic ties between India and Oman. In Muscat, the PM will hold discussions with His Majesty the Sultan of Oman to further strengthen the Strategic Partnership.

জৰ্ডান, ইথিঅ’পিয়া আৰু ওমানলৈ যাত্ৰাৰ পূৰ্বে প্ৰধানমন্ত্ৰীৰ বিবৃতি

December 15th, 08:15 am

আজি মই জৰ্ডান, ইথিঅ’পিয়া গণৰাজ্য আৰু ওমান এই তিনিখন দেশ ভ্ৰমণ আৰম্ভ কৰিছো, এই দেশবোৰৰ সৈতে ভাৰতৰ যুগ যুগৰ পুৰণি সভ্যতাৰ সম্পৰ্কৰ লগতে ব্যাপক সমসাময়িক দ্বিপাক্ষিক সম্পৰ্ক আছে।

প্ৰধানমন্ত্ৰীৰ জৰ্ডান, ইথিওপিয়া, ওমান ভ্ৰমণ

December 11th, 08:43 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মহামহিম ৰজা দ্বিতীয় আব্দুল্লাহ-II বিন আল হুছেইনৰ আমন্ত্ৰণক্ৰমে ২০২৫ৰ ১৫–১৬ ডিচেম্বৰত জৰ্ডানৰ হাশ্বিমিত সাম্ৰাজ্য ভ্ৰমণ কৰিব।এই ভ্ৰমণকালত প্ৰধানমন্ত্ৰীয়ে মহামহিম ৰজা আব্দুল্লাহ দ্বিতীয় বিন আল হুছেইনক সাক্ষাৎ কৰি ভাৰত আৰু জৰ্ডানৰ মাজৰ সম্পৰ্কৰ সমগ্ৰ দিশ পৰ্যালোচনা কৰাৰ লগতে আঞ্চলিক বিষয়সমূহৰ সন্দৰ্ভত দুয়ো মত বিনিময় কৰিব। দুয়োখন দেশৰ মাজত কূটনৈতিক সম্পৰ্ক স্থাপনৰ ৭৫সংখ্যক বৰ্ষপূৰ্তি উপলক্ষে এই ভ্ৰমণে ভাৰত-জৰ্ডানৰ দ্বিপাক্ষিক সংযোগ আৰু অধিক শক্তিশালী কৰিব। তদুপৰি, এই ভ্ৰমণে পাৰস্পৰিক বিকাশ আৰু সমৃদ্ধিৰ বাবে সহযোগিতাৰ নতুন পথ অন্বেষণ কৰাৰ লগতে আঞ্চলিক শান্তি, সমৃদ্ধি, নিৰাপত্তা আৰু সুস্থিৰতা প্ৰসাৰৰ বাবে আমাৰ দায়বদ্ধতাক দোঁহাৰে।

প্ৰবাসী ভাৰতীয়সকলে বিভিন্ন দেশত নিজৰ নাম উজলাইছেঃ মন কী বাতৰ সময়ত প্ৰধানমন্ত্ৰী মোদী

November 24th, 11:30 am

মন কী বাতৰ ১১৬সংখ্যক খণ্ডত প্ৰধানমন্ত্ৰী মোদীয়ে এনচিচি দিৱসৰ তাৎপৰ্যৰ বিষয়ে আলোচনা কৰি দুৰ্যোগ সাহায্যৰ ক্ষেত্ৰত এন চি চি কেডেটৰ ভূমিকাক আলোকপাত কৰে। তেওঁ উন্নত ভাৰতৰ বাবে যুৱ সৱলীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰি বিকশিত ভাৰত যুৱ নেতাসকলৰ আলোচনাৰ বিষয়ে কয়। তেওঁ যুৱক-যুৱতীসকলে জ্যেষ্ঠ নাগৰিকসকলক ডিজিটেল প্লেটফৰ্ম চলোৱাত সহায় কৰা আৰু এক পেড় মা কে নাম অভিযানৰ সফলতাৰ প্ৰেৰণাদায়ক কাহিনীও শ্বেয়াৰ কৰে।

ভাৰত-ওমানৰ যৌথ সংগীত পৰিবেশনক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

January 30th, 10:17 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ওমানত থকা ভাৰতীয় দূতাবাসত পৰিবেশন কৰা গণৰাজ্য দিৱসৰ যৌথ ভাৰত-ওমান সংগীত পৰিবেশনক প্ৰশংসা কৰে।

ওমানৰ চুলতানক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ

December 16th, 09:29 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ওমানৰ চুলতান হাইথাম বিন তাৰিকৰ সৈতে এক বৈঠকত মিলিত হয়। বৈঠকৰ সময়ত দুয়োগৰাকীয়ে দ্বিপাক্ষিক সম্পৰ্কৰ পৰ্যালোচনা কৰে।

ওমানৰ চুলতানৰ সৈতে ডেলিগেশ্যন লেভেল বাৰ্তালাপৰ সময়ত (১৬ ডিচেম্বৰ ২০২৩) প্ৰধানমন্ত্ৰীৰ প্ৰাৰম্ভিক বক্তব্যৰ অসমীয়া অনুবাদ

December 16th, 07:02 pm

আমাৰ পাৰস্পৰিক ঘনিষ্ঠতা কেৱল ভূগোলতে সীমাবদ্ধ নহয়, হাজাৰ হাজাৰ বছৰ ধৰি চলি থকা আমাৰ বাণিজ্য, আমাৰ সংস্কৃতি আৰু আমাৰ উমৈহতীয়া অগ্ৰাধিকাৰতো ই প্ৰতিফলিত হয়।