ভাৰতৰ প্ৰধানমন্ত্ৰীৰ নেদাৰলেণ্ড ভ্ৰমণৰ সময়ত ভাৰত-নেদাৰলেণ্ডৰ যুটীয়া বিবৃতি
May 17th, 03:45 am
নেদাৰলেণ্ডৰ প্ৰধানমন্ত্ৰী শ্ৰী ৰব জেটেনৰ আমন্ত্ৰণ ক্ৰমে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬ চনৰ ১৬-১৭ মে’ত এক চৰকাৰী ভ্ৰমণসূচীৰে নেদাৰলেণ্ডত উপস্থিত হয়। এয়া আছিল প্ৰধানমন্ত্ৰী মোদীৰ দ্বিতীয়টো নেদাৰলেণ্ড ভ্ৰমণ।নেদাৰলেণ্ডৰ মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক
May 16th, 10:15 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ লগতে নেদাৰলেণ্ডৰ প্ৰধানমন্ত্ৰী মহামহিম শ্ৰীমান ৰব জেটেনে আজি শক্তি, বন্দৰ, স্বাস্থ্য, কৃষি বাণিজ্য আৰু প্ৰযুক্তি আদি বিভিন্ন খণ্ডৰ আগশাৰীৰ ডাচ কোম্পানীসমূহৰ বিশিষ্ট মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হয়। বৈঠকত ব্যৱসায়িক ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিসকলে তিনিটা ক্লাষ্টাৰৰ বিষয়ে উপস্থাপন আগবঢ়ায় : অৰ্ধপৰিবাহী, প্ৰযুক্তি আৰু উদ্ভাৱন; আন্তঃগাঁথনি, লজিষ্টিক আৰু সামুদ্ৰিক; তথা বহনক্ষমতা, শক্তি আৰু কৃষি। এই বাঠকতে ভাৰতৰ বাবে তেওঁলোকৰ কৌশলৰ ৰূপৰেখাও দাঙি ধৰিছে।