খাদ্য আৰু কৃষি সংস্থাৰ এগ্ৰিকোলা পদক গ্ৰহণ কৰি প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ অসমীয়া অনুবাদ
May 20th, 11:00 pm
ভাৰতত কৃষি জীৱনৰ ভেটি । ই আমাৰ সংস্কৃতিৰো এক অবিচ্ছেদ্য অংগ আৰু আমাৰ মূল মূল্যবোধৰ প্ৰতিফলন। আমাৰ পৰম্পৰাত পৃথিৱীক মাতৃ বুলি শ্ৰদ্ধা কৰা হয় আৰু কৃষকক ভূমিৰ পুত্ৰ বুলি কোৱা হয়। হাজাৰ হাজাৰ বছৰৰ ঐতিহ্যৰ মাজত শিপাই থকা এই কালজয়ী মূল্যবোধে আজিও আমাৰ প্ৰচেষ্টাক অনুপ্ৰাণিত কৰি ৰাখিছে।ৰোমত ৰাষ্ট্ৰসংঘৰ খাদ্য আৰু কৃষি সংস্থা (FAO)ৰ পৰা এগ্ৰিকোলা পদক গ্ৰহণ কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে
May 20th, 10:55 pm
প্ৰধানমন্ত্ৰীয়ে এই বঁটা গ্ৰহণ কৰে খাদ্য আৰু কৃষি সংস্থাৰ সঞ্চালক প্ৰধান ড° কু ডংগিউৰ পৰা। তেওঁ এই সন্মান ভাৰতীয় কৃষক আৰু ভাৰতীয় কৃষি বৈজ্ঞানিক সমাজলৈ উৎসৰ্গা কৰে, যিয়ে ভাৰতীয় তথা বিশ্বৰ মানুহৰ বাবে খাদ্য সুৰক্ষা আৰু পুষ্টি নিশ্চিত কৰাৰ বাবে অক্লান্তভাৱে কাম কৰিন আহিছে। তেওঁ এই স্বীকৃতি মানৱ কল্যাণ, খাদ্য সুৰক্ষা আৰু বহনক্ষম উন্নয়নৰ প্ৰতি ভাৰতৰ দায়বদ্ধতাৰ প্ৰতি শ্ৰদ্ধা বুলি আলোকপাত কৰে। ভাৰতৰ কৃষি জীৱনৰ কেন্দ্ৰীয়তাৰ বিষয়ত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কৃষিক ধৰিত্ৰী আৰু ভাৰতীয় জনসাধাৰণৰ মাজত এক পবিত্ৰ বন্ধন বুলি কয়।বিশেষ অংশগ্ৰহণৰ উদ্দেশ্যে ইটালীত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
May 20th, 12:30 am
কিছুসময় পূৰ্বে ইটালীৰ ৰোমত উপস্থিত হয় প্ৰধানমন্ত্ৰী। তেওঁ ভাৰত-মধ্যপ্ৰাচ্য-ইউৰোপ অৰ্থনৈতিক কৰিডৰ (আইএমইচি)ৰ ওপৰত গুৰুত্ব আৰোপ কৰি ইটালী ৰিপাব্লিকৰ ৰাষ্ট্ৰপতি মহামহিম চাৰ্জিঅ’ মাটাৰেলা আৰু প্ৰধানমন্ত্ৰী মেল’নিৰ সৈতে আলোচনাত মিলিত হ’ব।নৰৱে’-ভাৰত বাণিজ্য আৰু গৱেষণা সন্মিলনত প্ৰধানমন্ত্ৰীৰ ভাষণ
May 18th, 11:49 pm
আজি নৰৱে’ আৰু ভাৰতৰ বাণিজ্যিক আৰু গৱেষণা সম্প্ৰদায়ৰ মাজত থাকিবলৈ পোৱাটো মোৰ বাবে অতি আনন্দৰ বিষয়। মই একাংশ সহযোগীৰ কথা শুনিছো, ইয়ে মোক আত্মবিশ্বাস প্ৰদান কৰিছে যে আমাৰ অংশীদাৰিত্বৰ ভেটি অতি শক্তিশালী।ভাৰত-নৰৱে’ বাণিজ্য আৰু গৱেষণা সন্মিলনত অংশগ্ৰহণ প্ৰধানমন্ত্ৰীৰ
May 18th, 08:50 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অছলোত অনুষ্ঠিত ভাৰত-নৰৱে’ বাণিজ্য আৰু গৱেষণা সন্মিলনত অংশগ্ৰহণ কৰে। ৰাজকুমাৰ হাকন আৰু নৰৱে’ৰ প্ৰধানমন্ত্ৰী জ’নাছ গৰ ষ্ট’ৰেও সন্মিলনত অংশগ্ৰহণ কৰে।ইউৰোপিয়ান ৰাউণ্ড টেবুল ফৰ ইণ্ডাষ্ট্ৰীত প্ৰধানমন্ত্ৰীৰ ভাষণ
May 18th, 05:00 am
মই আপোনালোকৰ কিছুসংখ্যকক আগতে লগ পাইছো। কিছু সংখ্যকক মই আজি প্ৰথমবাৰৰ বাবে লগ পাইছো। কিন্তু এটা কথা নিশ্চিত যে আপোনালোক সকলোৱে কিবা নহয় কিবা ধৰণে ভাৰতৰ সৈতে সম্পৰ্কিত হৈ আছে।উদ্যোগৰ বাবে ইউৰোপিয়ান ৰাউণ্ড টেবুল ফৰ ইণ্ড্ৰাষ্টী (ই আৰ টি)ক সম্বোধন প্ৰধানমন্ত্ৰীৰ
May 17th, 12:12 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গোথেনবাৰ্গত ইউৰোপিয়ান ৰাউণ্ড টেবুল ফৰ ইণ্ড্ৰাষ্টী(ই আৰ টি)ক সম্বোধন কৰে। ছুইডেনৰ প্ৰধানমন্ত্ৰী উল্ফ ক্ৰিষ্টাৰছন, ইউৰোপীয় আয়োগৰ সভাপতি শ্ৰীমতী উৰছুলা ভন ডেৰ লেয়েন, ইউৰোপীয় উদ্যোগৰ জ্যেষ্ঠ নেতৃবৃন্দ তথা আগশাৰীৰ ইউৰোপীয় আৰু ভাৰতীয় কোম্পানীসমূহৰ প্ৰতিনিধিসকলে ভলভো গ্ৰুপে আয়োজন কৰা মত বিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰে।নতুন দিল্লীত নাৰী শক্তি বন্দন সন্মিলনৰ সময়ত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ ইংৰাজী অনুবাদ
April 13th, 11:15 am
মঞ্চত দিল্লীৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰীমতী ৰেখা গুপ্তা জী, কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীমতী অন্নপূৰ্ণা দেৱী জী, শ্ৰীমতী সাবিত্ৰী ঠাকুৰ জী, ৰাষ্ট্ৰীয় মহিলা আয়োগৰ অধ্যক্ষ শ্ৰীমতী বিজয়া ৰাহতকাৰ জী। আপোনালোকৰ ভিতৰত বহুতো জ্যেষ্ঠ ব্যক্তি, সংসদ সদস্য, বিধান সভাৰ সদস্য আৰু আমাৰ লোকসভাৰ প্ৰাক্তন অধ্যক্ষ, সন্মানীয় মীৰা কুমাৰ জী আমাৰ মাজত আছে। মোৰ সকলো সন্মানীয় ভগ্নী ইয়াত উপস্থিত আছে, এই সময়ত দেশ বৈশাখী উৎসৱৰ আনন্দেৰে ভৰি পৰিছে। কাইলৈ দেশৰ বিভিন্ন প্ৰান্তত নৱবৰ্ষও উদযাপন কৰা হ’ব। আজি মই জালিয়ানৱালাবাগ গণহত্যাৰ সাহসী শ্বহীদসকলকো শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো।'নাৰী শক্তি বন্দন সন্মিলন' সম্বোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ
April 13th, 11:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিজ্ঞান ভৱনত নাৰী শক্তি বন্দন কাৰ্যসূচীত ভাষণ দিয়ে। বৈশাখী আৰু দেশৰ বিভিন্ন প্ৰান্তত সমাগত নৱবৰ্ষ উদযাপন উপলক্ষে ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে জালিয়ানৱালা বাগ গণহত্যাৰ শ্বহীদসকলৰ প্ৰতিও শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ভাৰতে একবিংশ শতিকাৰ আটাইতকৈ ডাঙৰ সিদ্ধান্তসমূহৰ ভিতৰত এটা ল’বলৈ গৈ আছে, যিটো নাৰী শক্তিৰ প্ৰতি উৎসৰ্গিত, শ্ৰী মোদীয়ে দৃঢ়তাৰে কয়।ভাৰত-কানাডাৰ নেতাসকলৰ যুটীয়া বিবৃতি
March 02nd, 05:05 pm
ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণমৰ্মে কানাডাৰ প্ৰধানমন্ত্ৰী সন্মানীয় মাৰ্ক কাৰ্নীয়ে ২০২৬ চনৰ ২৭ ফেব্ৰুৱাৰীৰ পৰা ২ মাৰ্চলৈকে ভাৰত ভ্ৰমণ কৰে।কানাডাৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত প্ৰধানমন্ত্ৰী কাৰ্নীয়ে ভাৰত ভ্ৰমণৰ প্ৰথমটো আছিল আৰু ২০১৮ চনৰ পিছত কানাডাৰ প্ৰধানমন্ত্ৰীৰ প্ৰথম দ্বিপাক্ষিক ভাৰত ভ্ৰমণ।প্ৰধানমন্ত্ৰী কাৰ্নীৰ সৈতে আছিল কানাডাৰ উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দল , য’ত আছিল জ্যেষ্ঠ মন্ত্ৰী, প্ৰাদেশিক নেতা আৰু আগশাৰীৰ মুখ্য কাৰ্যবাহী বিষয়াসকল।উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন আৰু শুভাৰম্ভনি তথা আজমেৰৰ পৰা এইচ পি ভি টিকাকৰণৰ দেশজোৰা অভিযান আৰম্ভ কৰাৰ সময়ত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ পূৰ্ণপাঠ
February 28th, 12:00 pm
আজি এই পবিত্ৰ তীৰ্থৰাজ পুষ্কৰ আৰু মাতা সাবিত্ৰীৰ ভূমিত আপোনালোক সকলোৰে মাজলৈ আহি আপোনালোকৰ আশীৰ্বাদ গ্ৰহণ কৰাৰ সুযোগ পাইছো। এই মঞ্চৰ পৰাই পৃথ্বীৰাজৰ ভূমি আজমেৰৰ সুৰসুৰাৰ তেজাজী ধামক প্ৰণাম জনাইছো।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজস্থানৰ আজমেৰত দেশজোৰা এইচ পি ভি টিকাকৰণ অভিযান আৰু ১৭,০০০ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ কৰে
February 28th, 11:30 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আজমেৰত এক জনসভাত ভাষণ দি ৰাজস্থানৰ উন্নয়ন যাত্ৰাৰ এক উল্লেখযোগ্য মাইলৰ খুঁটি চিহ্নিত কৰে। প্ৰধানমন্ত্ৰীয়ে অঞ্চলটোৰ সাংস্কৃতিক আৰু বীৰত্বপূৰ্ণ উত্তৰাধিকাৰক শ্ৰদ্ধাঞ্জলি জনায়, য’ত সুৰসুৰাৰ তেজাজী ধাম আৰু হাইফাক মুক্ত কৰাৰ ক্ষেত্ৰতমেজৰ দলপত সিঙৰ বীৰত্বক ভূমিকাক ইজৰাইলত আজিও শ্ৰদ্ধাৰে স্মৰণ কৰা হয়।”ভাৰত কৃত্ৰিম বুদ্ধিমত্তা প্ৰভাৱ সন্মিলন ২০২৬ত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ মূল পাঠ
February 19th, 10:00 am
বিশ্বৰ সৰ্ববৃহৎ আৰু ঐতিহাসিক কৃত্ৰিম বুদ্ধিমত্তা প্ৰভাৱ সন্মিলনত আপোনালোক সকলোকে আন্তৰিক অভিনন্দন জনাইছো। এই সন্মিলন অনুষ্ঠিত হোৱা ভাৰতে মানৱতাৰ এক ষষ্ঠাংশক প্ৰতিনিধিত্ব কৰে। বিশ্বৰ সৰ্ববৃহৎ যুৱ জনসংখ্যাৰ বাসস্থান ভাৰতত সৰ্ববৃহৎ প্ৰযুক্তিগত প্ৰতিভাৰ স্থান, যি সৰ্ববৃহৎ প্ৰযুক্তি-সক্ষম পৰিৱেশ-প্ৰণালীৰ উদাহৰণ। ভাৰতে নতুন প্ৰযুক্তিও সৃষ্টি কৰে আৰু অভূতপূৰ্ব দ্ৰুততাৰে ইয়াক গ্ৰহণ কৰে। নতুন প্ৰযুক্তিৰ প্ৰতি আগ্ৰহী ১.৪০ কোটি ভাৰতীয়ৰ ফালৰ পৰা, মই চৰকাৰৰ মুৰব্বীসকল, বিশ্বৰ কৃত্ৰিম বুদ্ধিমত্তা পৰিৱেশ-প্ৰণালীৰ নেতাসকল আৰু উদ্ভাৱকসকলক এই সন্মিলনলৈ স্বাগতম জনাইছো।PM Modi inaugurates India AI Impact Summit 2026
February 19th, 09:40 am
PM Modi inaugurated the AI Impact Summit 2026 and remarked that the world’s largest AI Impact Summit is being held in India, a nation representing one-sixth of humanity. He highlighted that the core purpose of the summit is to deliberate on how AI can be made human-centric. He also presented India’s M.A.N.A.V. Vision for AI and extended an invitation to the world with the call: ‘Design and Develop in India. Deliver to the World. Deliver to Humanity’."পৰীক্ষা পে চৰ্চা ২০২৬" অনুষ্ঠানত শিক্ষাৰ্থীসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ মত-বিনিময়ৰ মূল পাঠ
February 06th, 10:21 am
শিক্ষাৰ্থীঃ মই ছানভী আচাৰ্য, আপোনাৰ ৰাজ্য গুজৰাটৰ পৰা আহিছোঁ। মোৰ প্ৰথম প্ৰশ্নটো হ’ল যে আমাৰ পিতৃ-মাতৃয়ে আমাৰ বিষয়ে চিন্তা কৰে আৰু আমাৰ শিক্ষকসকলে আমাক সমৰ্থন কৰে। কিন্তু মূল সমস্যাটো তেতিয়া উদ্ভৱ হয় যেতিয়া আমাৰ শিক্ষকসকলে এক বেলেগধৰণৰ অধ্যয়নৰ পৰামৰ্শ দিয়ে। অভিভাৱকসকলে আমাক এই আৰ্হি অনুসৰণ কৰিবলৈ কয়, আনহাতে শিক্ষাৰ্থীসকলৰ প্ৰায়ে বিভিন্ন প্ৰৱণতা থাকে,সেয়েহে আমি প্ৰায়ে কোনটো আৰ্হি সঠিক সেই বিষয়ে বিভ্ৰান্ত হৈ পৰোঁ।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পৰীক্ষা পে চৰ্চা ২০২৬ৰ সময়ত ছাত্ৰ-ছাত্ৰীৰ সৈতে মত বিনিময় কৰে
February 06th, 10:00 am
গুজৰাটৰ এজন শিক্ষাৰ্থীয়ে সুধিছিল যে অভিভাৱকসকলে তেওঁলোকৰ বাবে চিন্তা কৰে আৰু শিক্ষকসকলে তেওঁলোকক সমৰ্থন কৰে, কিন্তু সমস্যাটো তেতিয়াই উদ্ভৱ হয় যেতিয়া শিক্ষকে এটা অধ্যয়ন পদ্ধতিৰ পৰামৰ্শ দিয়ে, অভিভাৱকে আন এটা পদ্ধতিৰ ওপৰত গুৰুত্ব আৰোপ কৰে, আৰু ছাত্ৰ-ছাত্ৰীসকলে বেলেগ বেলেগ পদ্ধতি গ্ৰহণ কৰে। ফলত তেওঁলোক কোনটো পদ্ধতি সঠিক সেই বিষয়ে বিভ্ৰান্ত হৈ পৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে এই কাম গোটেই জীৱন চলি থাকে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী হিচাপেও তেওঁক মানুহে বেলেগ বেলেগ পৰামৰ্শ দিয়ে। তেওঁ গুৰুত্ব সহকাৰে কয় যে যেনেকৈ ঘৰত ভাই-ভনীৰ খাদ্যাভ্যাস বেলেগ বেলেগ— কোনোবাই শাক-পাচলিৰে আৰম্ভ কৰে, কোনোবাই মচুৰ দাইলৰে, কোনোবাই সকলোখিনি মিহলাই দিয়ে— তেনেদৰে প্ৰত্যেকৰে নিজৰ নিজৰ ধৰণ থাকে। তেওঁ কয় যে সুখ নিহিত হৈ থাকে নিজৰ পদ্ধতি অনুসৰণ কৰাত। শ্ৰী মোদীয়ে বুজাই দিয়ে যে কিছুমান মানুহে ৰাতি পঢ়া-শুনা কৰাটো পছন্দ কৰে, কোনোৱে পুৱা সোনকালে পঢ়া-শুনা কৰাটো পছন্দ কৰে, আৰু সকলোৰে একোটা নিজস্ব ছন্দ থাকে। তেওঁ অসৎ কামৰ পৰা বিৰত থাকিবলা সতৰ্ক কৰি দিয়ে, কেনেকৈ একাংশ ছাত্ৰ-ছাত্ৰীয়ে মাকক কয় যে ৰাতিপুৱা পঢ়িম, কিন্তু তাৰ পিছত সেয়া নহয়গৈ। তেওঁ কয় যে ছাত্ৰ-ছাত্ৰীসকলে নিজৰ পদ্ধতিত বিশ্বাস কৰিব লাগে, পৰামৰ্শ ভালদৰে শুনিব লাগে আৰু নিজৰ অভিজ্ঞতাৰ ভিত্তিত উন্নতি কৰিব লাগে, কেৱল আন কোনোবাই কোৱাৰ বাবেই সেয়া আঁকোৱালি লব নালাগে। তেওঁ বুজাই দিয়ে যে যেতিয়া তেওঁ পৰীক্ষা পে চৰ্চা আৰম্ভ কৰিছিল, তেতিয়া এটা পদ্ধতি আছিল, কিন্তু সময়ৰ লগে লগে তেওঁ সেইটো পৰিশোধন কৰিছিল, আনকি বিভিন্ন ৰাজ্যত অধিবেশন অনুষ্ঠিত কৰিছিল, ইয়াৰ বিন্যাস সলনি কৰিছিল যদিও মূল নীতিসমূহ বৰ্তাই ৰাখিছিল। ছাত্ৰ-ছাত্ৰীসকলে জনোৱা মতে প্ৰধানমন্ত্ৰীগৰাকীৰ স্বভাৱ অতি বন্ধুত্বসুলভ আৰু তেওঁৰ লগত সহজে মিলি যায়। তেওঁ বুজাই কয় যে সকলোৱে বিভিন্ন পদ্ধতি শুনিব লাগে, প্ৰত্যেকৰে পৰা ইতিবাচক গুণবোৰ শিকিব লাগে, নিজৰ নিজৰ সামৰ্থ্যত গুৰুত্ব দিব লাগে, আৰু লাহে লাহে সেয়া মজবুত কৰিব লাগে।ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে বাৰাণসীত ৭২ সংখ্যক ৰাষ্ট্ৰীয় ভলীবল প্ৰতিযোগিতা উদ্বোধন কৰি প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
January 04th, 01:00 pm
উত্তৰ প্ৰদেশৰ মাননীয় মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ জী, উপ-মুখ্যমন্ত্ৰী ব্ৰজেশ পাঠক জী, উত্তৰ প্ৰদেশ চৰকাৰৰ মন্ত্ৰীসকল— ভাই ৰবীন্দ্ৰ জয়ছোৱাল জী, দয়াশংকৰ জী, গিৰীশ যাদৱ জী, বাৰাণসীৰ মেয়ৰ ভাই অশোক তিৱাৰী জী, আন-আন জনপ্ৰতিনিধি সকল, ভলীবল সন্থাৰ সকলো বিষয় ববীয়া, দেশৰ ভিন্ন প্ৰান্তৰ পৰা অহা খেলুৱৈ আৰু কাশীৰ মোৰ পৰিয়ালৰ সদস্য সকল— নমস্কাৰ।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে বাৰাণসীত ৭২ সংখ্যক ৰাষ্ট্ৰীয় ভলীবল প্ৰতিযোগিতা উদ্বোধন কৰে
January 04th, 12:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে উত্তৰ প্ৰদেশৰ বাৰাণসীত আয়োজিত ৭২ সংখ্যক ৰাষ্ট্ৰীয় ভলীবল প্ৰতিযোগিতা উদ্বোধন কৰে। ইয়াত সমবেতসকলক সম্বোধনেৰে শ্ৰী মোদীয়ে কয় যে বাৰাণসীৰ সাংসদ হিচাপে সকলো খেলুৱৈক আদৰণি আৰু অভিনন্দন জনাই তেওঁ সন্তোষ পাইছে। তেওঁ কয় যে আজিৰে পৰা বাৰাণসীত ৰাষ্ট্ৰীয় ভলীবল প্ৰতিযোগিতা আৰম্ভ হৈছে। প্ৰধানমন্ত্ৰীয়ে কয় যে খেলুৱৈসকল অসীম কষ্টৰ অন্তত এই ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত উপনীত হৈছে আৰু অনাগত দিনত বাৰাণসীৰ খেলপথাৰত তেওঁলোকৰ প্ৰচেষ্টাৰ পৰীক্ষা হ’ব। তেওঁ উল্লেখ কৰে যে দেশৰ ২৮ খন ৰাজ্যৰ টীমসমূহ ইয়াত সমবেত হৈছে। এইদৰে এক ভাৰত, শ্ৰেষ্ঠ ভাৰতৰ এখন সুন্দৰ ছবি প্ৰতিফলিত হৈছে। প্ৰধানমন্ত্ৰীয়ে ইয়াত ভাগ লোৱা সকলো অংশগ্ৰহণকাৰীলৈ শুভেচ্ছা জ্ঞাপন কৰে।জি-২০ সন্মিলনৰ দ্বিতীয় পৰ্বত প্ৰধানমন্ত্ৰীৰ বিবৃতি
November 22nd, 09:57 pm
প্ৰাকৃতিক দুৰ্যোগ মানৱতাৰ বাবে এক বৃহৎ প্ৰত্যাহ্বান হৈ আহিছে। এই বছৰো প্ৰাকৃতিক দুৰ্যোগে বিশ্বৰ বৃহৎ সংখ্যক লোকক প্ৰভাৱিত কৰিছে। এই কথা স্পষ্ট যে প্ৰাকৃতিক দুৰ্যোগৰ মোকাবিলাৰ বাবে আমি বৈশ্বিক সহযোগিতা শক্তিশালী কৰিব লাগিব।জোহান্সবাৰ্গত জি-২০ সন্মিলনত অংশগ্ৰহণ প্ৰধানমন্ত্ৰীৰ
November 22nd, 09:35 pm
প্ৰধানমন্ত্ৰীয়ে আজি জোহান্সবাৰ্গত দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি চিৰিল ৰামাফোছাৰ আতিথ্যত অনুষ্ঠিত জি-২০ নেতৃবৃন্দৰ সন্মিলনত অংশগ্ৰহণ কৰে। এয়া আছিল জি-২০ সন্মিলনত প্ৰধানমন্ত্ৰীৰ দ্বাদশ বাৰ্ষিক অংশগ্ৰহণ। প্ৰধানমন্ত্ৰীয়ে সন্মিলনৰ উদ্বোধনী অনুষ্ঠানৰ দুয়োটা পৰ্বত ভাষণ প্ৰদান কৰে। তেওঁ উষ্ণ আতিথ্য আৰু সন্মিলনখন সফলতাৰে আয়োজন কৰাৰ বাবে ৰাষ্ট্ৰপতি ৰামাফোছাক ধন্যবাদ জ্ঞাপন কৰে।