প্ৰজ্ঞানন্দক তেওঁৰ এই উল্লেখযোগ্য কৃতিত্বৰ বাবে অভিনন্দন জনালে প্ৰধানমন্ত্ৰীয়ে

June 06th, 02:16 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰজ্ঞানন্দক তেওঁৰ উল্লেখযোগ্য কৃতিত্বৰ বাবে অভিনন্দন জনায়। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে এয়া সঁচাকৈয়ে এক অবিশ্বাস্য মাইলৰ খুঁটি, যিয়ে তেওঁৰ অবিৰত উৎকৰ্ষতাক উজ্জ্বল কৰি তুলিছে।

ৰোজগাৰ মেলাত নিযুক্তি পত্ৰ বিতৰণৰ সময়ত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ পূৰ্ণপাঠ

May 23rd, 11:15 am

এই মাইলৰ খুঁটিত উপনীত হ’বলৈ আপোনালোকে নিশ্চয় বিস্তৃত প্ৰস্তুতি চলাইছিল আৰু কঠোৰ পৰিশ্ৰম কৰিছিল। এই সাফল্যৰ বাবে আপোনালোক আৰু আপোনালোকৰ পৰিয়াল উভয়কে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আপোনালোকক এই পৰ্যায়ত উপনীত কৰোৱাত আপোনালোকৰ পিতৃ-মাতৃ আৰু পৰিয়ালৰ অৱদান কোনো কাৰণতে তুচ্ছ নহয়। কিন্তু—আৰু এয়া এটা গুৰুত্বপূৰ্ণ কথা—পৰিয়ালে যেনেকৈ অৰিহণা যোগায়, সমাজেও আমাক আজি য’ত আছো তাত উপনীত হোৱাত সহায় কৰাত বিশেষ ভূমিকা পালন কৰে। আমি কেৱল নিজৰ প্ৰচেষ্টাৰ বাবেই সফল নহয়, কেৱল পৰিয়ালৰ বাবেও নহয়। এইক্ষেত্ৰত এই বিশাল দেশৰ ১৪ কোটি নাগৰিকৰ অৱদানৰ গুৰুত্বও অপৰিসীম। গতিকে আমি কেৱল নিজৰ লগতে পৰিয়ালৰ প্ৰতিয়েই , নহয় সমগ্ৰ সমাজৰ প্ৰতিও সমানে দায়িত্ব পালন কৰোঁ। এই সকলো দায়িত্ব পালনৰ বাবে আপোনালোকৰ সামৰ্থ্য বৃদ্ধি কৰি যাব বুলি মোৰ বিশ্বাস। আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো।

ৰোজগাৰ মেলাৰ অধীনত চৰকাৰী বিভাগত নৱনিযুক্ত যুৱক-যুৱতীসকলক ৫১ হাজাৰৰো অধিক নিযুক্তি পত্ৰ বিতৰণ কৰিলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে

May 23rd, 11:00 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পুৱা ১১ বজাত ১৯ সংখ্যক ৰোজগাৰ মেলা উপলক্ষ্যে ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে বিভিন্ন চৰকাৰী বিভাগ আৰু সংস্থাত নৱনিযুক্ত যুৱক-যুৱতীক ৫১ হাজাৰৰো অধিক নিযুক্তি পত্ৰ বিতৰণ কৰে। এই উপলক্ষ্যে ভাষণ দি তেওঁ এই এই দিনটোক সমগ্ৰ দেশৰ হাজাৰ হাজাৰ যুৱকৰ বাবে এক উল্লেখযোগ্য দিন বুলি অভিহিত কৰে। চৰকাৰী সেৱাত নতুনকৈ প্ৰৱেশ কৰাসকলক আদৰণি জনাই তেওঁ ৰে’লৱে, বেংকিং, প্ৰতিৰক্ষা, স্বাস্থ্য আৰু শিক্ষাকে ধৰি বিভিন্ন খণ্ডত ভাৰতৰ উন্নয়নত তেওঁলোকে আগবঢ়াবলগীয়া অৱদানৰ বিষয়ত গুৰুত্ব আৰোপ কৰে। শ্ৰী মোদীয়ে দৃঢ়তাৰে কয়, ‘আগন্তুক বছৰবোৰত আপোনালোক সকলোৱেই বিকশিত ভাৰতৰ দৃষ্টিভংগী বাস্তৱায়িত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।

তৃতীয় ভাৰত-নৰ্ডিক সন্মিলনৰ মাজতে ফিনলেণ্ডৰ প্ৰধানমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক

May 19th, 06:42 pm

ডিজিটেলাইজেচন আৰু বহনক্ষমতাৰ ক্ষেত্ৰত দ্বিপাক্ষিক সম্পৰ্কক কৌশলগত অংশীদাৰিত্বলৈ উন্নীত কৰাৰ সৈতে, দুয়োগৰাকী নেতাই উদ্যোগ, গৱেষণা প্ৰতিষ্ঠান আৰু শিক্ষাৰ মাজত সহযোগিতা শক্তিশালী কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁলোকে ভৱিষ্যতৰ অৰ্থনৈতিক বিকাশ আৰু উন্নয়নত বহনক্ষমতা তথা ডিজিটেলাইজেচনৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। নেতাদ্বয়ে বাণিজ্য আৰু বিনিয়োগ, ডিজিটেলাইজেচন, এআই, 5জি/6জি, কোৱাণ্টাম প্ৰযুক্তি, মহাকাশ, বহনক্ষমতা, নৱীকৰণযোগ্য শক্তি, চক্ৰীয় অৰ্থনীতি, উদ্ভাৱন, শিক্ষা, গতিশীলতা আৰু জনসাধাৰণৰ মাজৰ সম্পৰ্কৰ ক্ষেত্ৰত চলি থকা সহযোগিতাৰ বিষয়ে পৰ্যালোচনা কৰে।

নৰৱে’-ভাৰত বাণিজ্য আৰু গৱেষণা সন্মিলনত প্ৰধানমন্ত্ৰীৰ ভাষণ

May 18th, 11:49 pm

আজি নৰৱে’ আৰু ভাৰতৰ বাণিজ্যিক আৰু গৱেষণা সম্প্ৰদায়ৰ মাজত থাকিবলৈ পোৱাটো মোৰ বাবে অতি আনন্দৰ বিষয়। মই একাংশ সহযোগীৰ কথা শুনিছো, ইয়ে মোক আত্মবিশ্বাস প্ৰদান কৰিছে যে আমাৰ অংশীদাৰিত্বৰ ভেটি অতি শক্তিশালী।

ভাৰত-নৰৱে’ বাণিজ্য আৰু গৱেষণা সন্মিলনত অংশগ্ৰহণ প্ৰধানমন্ত্ৰীৰ

May 18th, 08:50 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অছলোত অনুষ্ঠিত ভাৰত-নৰৱে’ বাণিজ্য আৰু গৱেষণা সন্মিলনত অংশগ্ৰহণ কৰে। ৰাজকুমাৰ হাকন আৰু নৰৱে’ৰ প্ৰধানমন্ত্ৰী জ’নাছ গৰ ষ্ট’ৰেও সন্মিলনত অংশগ্ৰহণ কৰে।

নৰৱে’ৰ প্ৰধানমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ দ্বিপাক্ষিক আলোচনা

May 18th, 08:21 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অছলোত নৰৱে’ৰ প্ৰধানমন্ত্ৰী মাননীয় জোনাছ গহৰ ষ্ট’ৰেৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হয়। আজি পুৱা অছলো বিমানবন্দৰত উপস্থিত হোৱাৰ সময়ত ভাৰত আৰু নৰৱেৰ মাজৰ ঘনিষ্ঠ সম্পৰ্কৰ বিশেষ চিহ্ন হিচাপে প্ৰধানমন্ত্ৰী ষ্ট’ৰে তেওঁক উষ্ম আদৰণি জনায়।

Prime Minister’s Audience with His Majesty King Harald V of Norway

May 18th, 07:36 pm

PM Modi had an audience with His Majesty King Harald V of Norway at the Royal Palace in Oslo, where the two discussed the growing India-Norway partnership and progress across sectors, particularly new technologies. The meeting was followed by a luncheon hosted in honour of PM Modi.

প্ৰধানমন্ত্ৰীয়ে গ্ৰহণ কৰিলে ৰয়েল নৰৱেজিয়ান অৰ্ডাৰ অৱ মেৰিটৰ গ্ৰেণ্ড ক্ৰছ

May 18th, 07:35 pm

অছলোত আয়োজিত এক বিশেষ অনুষ্ঠানত নৰ'ৱেৰ মহামহিম ৰজা পঞ্চম হেৰাল্ডে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক ‘ৰয়েল নৰৱেজিয়ান অৰ্ডাৰ অৱ মেৰিটৰ গ্ৰেণ্ড ক্ৰছ’ প্ৰদান কৰে। এই সন্মান নৰ'ৱেই বিদেশৰ চৰকাৰৰ মুৰব্বীসকলক প্ৰদান কৰা সৰ্বোচ্চ সন্মান। নৰ'ৱে তথা মানৱ জাতিৰ স্বাৰ্থত কৰা অসাধাৰণ সেৱাৰ স্বীকৃতি স্বৰূপে এই সন্মান প্ৰদান কৰা হয়।

নৰ'ৱেৰ প্ৰধানমন্ত্ৰীৰ সৈতে যৌথ প্ৰেছ বিবৃতি প্ৰদানৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতি

May 18th, 04:44 pm

যোৱা বছৰ মই নৰ'ৱে ভ্ৰমণ কৰাৰ কথা আছিল যদিও পহলগামত সংঘটিত হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ বাবে সেই ভ্ৰমণ পিছুৱাই দিবলগীয়া হৈছিল। সেই কঠিন সময়ছোৱাত নৰ'ৱেই সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজত ভাৰতৰ কাষত দৃঢ়তাৰে থিয় দি বন্ধুত্বৰ প্ৰকৃত মনোভাৱ প্ৰদৰ্শন কৰিছিল। আজি নৰ'ৱে ভ্ৰমণ কৰাৰ সময়ত সেই সংহতিৰ বাবে মই আন্তৰিক কৃতজ্ঞতা প্ৰকাশ কৰিছো।

নৰৱে’ত উপস্থিত প্ৰধানমন্ত্ৰী মোদী

May 18th, 01:00 pm

প্ৰধানমন্ত্ৰী মোদীয়ে ঐতিহাসিক ভ্ৰমণসূচীৰে নৰৱে’'ৰ অ'ছল'ত উপস্থিত হয়। চাৰি দশকৰো অধিক কালৰ পিছত ভাৰতৰ পৰা নৰৱে’'লৈ এয়া প্ৰথমটো প্ৰধানমন্ত্ৰীৰ ভ্ৰমণ। প্ৰধানমন্ত্ৰী জোনাছ গাহৰ ষ্ট'ৰে তেওঁৰ আগমনৰ লগে লগে তেওঁক উষ্ম আদৰণি জনায়।

Prime Minister’s Departure Statement ahead of his visit to the UAE, Netherlands, Sweden, Norway, and Italy

May 15th, 07:56 am

PM Modi is embarking on a five-nation visit to the UAE, the Netherlands, Sweden, Norway and Italy from 15-20 May 2026. During the visit, he will meet various Heads of State and hold discussions to further strengthen partnerships across key sectors. Highlights of the visit include his participation in the European Round Table for Industry in Sweden and the 3rd India-Nordic Summit in Oslo.

ইউ এ ই, নেদাৰলেণ্ড, ছুইডেন, নৰৱে, আৰু ইটালীলৈ প্ৰধানমন্ত্ৰীৰ ভ্ৰমণ (১৫ - ২০ মে', ২০২৬)

May 11th, 09:00 pm

২০২৬ চনৰ ১৫ মে’ৰ পৰা ২০ মে’লৈ ইউ এ ই, নেদাৰলেণ্ড, ছুইডেন, নৰৱে আৰু ইটালী ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। এই ভ্ৰমণৰ সময়ত তেওঁ ইউ এ ইৰ ৰাষ্ট্ৰপতি শ্বেইখ মহম্মদ বিন জায়েদ আল নাহিয়ানক সাক্ষাৎ কৰি বিভিন্ন বিষয়ত মত বিনিময় কৰিব। নেদাৰলেণ্ডত প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰজা উইলেম-আলেকজেণ্ডাৰক সাক্ষাৎ কৰাৰ লগতে প্ৰধানমন্ত্ৰী ৰব জেটেনৰ সৈতে আলোচনাত মিলিত হ’ব। ছুইডেনত তেওঁ প্ৰধানমন্ত্ৰী ক্ৰীষ্টাৰছনৰ সৈতে আলোচনাত মিলিত হ’ব। নৰৱেত তেওঁ ৰজা পঞ্চম হাৰাল্ডক সাক্ষাৎ কৰাৰ লগতে প্ৰধানমন্ত্ৰী জ’নাছ গাহৰ ষ্ট’ৰৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ’ব। ইয়াৰ পিছত তেওঁ ইটালী ভ্ৰমণ কৰি প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলনীৰ সৈতে আলোচনাত মিলিত হ’ব।

পুনৰ নিৰ্বাচিত হোৱাৰ বাবে ন'ৰৱেৰ প্ৰধানমন্ত্ৰী জোনাছ গাহ ষ্ট’ৰক অভিনন্দন জনালে প্ৰধানমন্ত্ৰী মোদীয়ে

September 10th, 06:22 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ন'ৰৱেৰ প্ৰধানমন্ত্ৰী জোনাছ গাহ ষ্ট’ৰক পুনৰ নিৰ্বাচিত হোৱাৰ বাবে আন্তৰিক অভিনন্দন জ্ঞাপন কৰে। শ্ৰী মোদীয়ে ন'ৰৱেৰ সৈতে বিভিন্ন খণ্ডত দ্বিপাক্ষিক সহযোগিতা গভীৰ কৰাৰ বাবে ভাৰতৰ প্ৰতিশ্ৰুতিৰ বিষয়তো গুৰুত্ব আৰোপ কৰে।

ডেনমাৰ্কৰ প্ৰধানমন্ত্ৰী মেট্টে ফ্ৰেডেৰিকচেনৰ সৈতে টেলিফোনিক বাৰ্তালাপ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

April 15th, 06:02 pm

আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডী আৰু ডেনমাৰ্কৰ প্ৰধানমন্ত্ৰী মেটে ফ্ৰেডেৰিকচেনে এক টেলিফোনিক বাৰ্তালাপত মিলিত হয়। দুয়োগৰাকী নেতাই দ্বিপাক্ষিক সম্পৰ্কৰ বিভিন্ন দিশৰ লগতে বিশ্বৰ উন্নয়নৰ বিষয়ে বিশদভাৱে আলোচনা কৰে।

নৰৱেৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ

November 19th, 05:44 am

দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে দ্বিপাক্ষিক সম্পৰ্কৰ অগ্ৰগতিৰ বুজ লয় আৰু বিভিন্ন ক্ষেত্ৰত সহযোগিতা আৰু অধিক শক্তিশালী কৰাৰ উপায়ৰ বিষয়ে আলোচনা কৰে। ভাৰত - ইউৰোপীয় মুক্ত বাণিজ্য সংস্থা- বাণিজ্য আৰু অৰ্থনৈতিক অংশীদাৰিত্ব চুক্তি (ইণ্ডিয়া-ইএফটিএ-টহামহিম মিষ্টাৰ জোনাছ গহৰ ষ্ট’ৰীিইপিএ) স্বাক্ষৰ কৰাটো দ্বিপাক্ষিক সম্পৰ্কৰ এক উল্লেখযোগ্য কৃতিত্ব বুলি উল্লেখ কৰি দুয়োগৰাকী নেতাই নৰৱেকে ধৰি ইএফটিএ দেশসমূহৰ পৰা ভাৰতত অধিক বিনিয়োগকাৰীক আকৰ্ষণ কৰাৰ বাবে ইয়াৰ তাৎপৰ্য দোহাৰে।

নৰৱেৰ প্ৰধানমন্ত্ৰী শ্ৰী জোনাছ গহৰ ষ্টোৰৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ টেলিফোনিক বাৰ্তালাপ

September 09th, 07:57 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নৰৱেৰ প্ৰধানমন্ত্ৰী শ্ৰী জোনাছ গহৰ ষ্টোৰৰ সৈতে টেলিফোনযোগে বাৰ্তালাপত মিলিত হয়।

দ্বিতীয় ভাৰত-ন’ৰ্ডিক শীৰ্ষ সন্মিলন

May 04th, 07:44 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ডেনমাৰ্কৰ প্ৰধানমন্ত্ৰী মেট্টে ফ্ৰেডাৰিকছেন, আইচলেণ্ডৰ প্ৰধানমন্ত্ৰী কাৰ্টিন জেকবছডট্টিৰ, নৰৱে’ৰ প্ৰধানমন্ত্ৰী জোনাছ গাৰ ষ্ট’ৰ, ছুইডেনৰ প্ৰধানমন্ত্ৰী মেগডালেনা এণ্ডাৰছন আৰু ফীনলেণ্ডৰ প্ৰধানমন্ত্ৰী ছান্না মেৰিনৰ সৈতে ‘দ্বিতীয় ভাৰত-ন’ৰ্ডিক শীৰ্ষ সন্মিলন’ত অংশগ্ৰহণ কৰে।

নৰৱে’ৰ প্ৰধানমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক

May 04th, 02:25 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দ্বিতীয় ভাৰত নৰ্ডিক সন্মিলনৰ সময়ত কোপেনহেগেনত নৰৱেৰ প্ৰধানমন্ত্ৰী শ্ৰী জোনাছ গহৰ ষ্ট'ৰক সাক্ষাৎ কৰে। ২০২১ চনৰ অক্টোবৰত প্ৰধানমন্ত্ৰী ষ্ট'ৰৰ দ্বাৰা কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত এইটো দুয়োজন নেতাৰ মাজত প্ৰথম বৈঠক আছিল।

PM congratulates H. E. Jonas Gahr Store on assuming office of Prime Minister of Norway

October 16th, 09:38 pm

The Prime Minister, Shri Narendra Modi has congratulated H. E. Jonas Gahr Store on assuming the office of Prime Minister of Norway.