Cabinet approves continuation of the PM-KISAN Scheme from 2026-27 to 2030-31 with a Financial Outlay of Rs.3.15 lakh crore
July 31st, 04:13 pm
The Union Cabinet, chaired by PM Modi, has approved the continuation of the PM-KISAN Scheme with an outlay of ₹3.15 lakh crore for 2026–31. The scheme will continue providing direct income support to eligible farmers, strengthening agricultural investment and rural prosperity.PM chairs 11th Governing Council Meeting of NITI Aayog
June 11th, 08:09 pm
While addressing the 11th Governing Council Meeting of NITI Aayog, PM Modi called for collective efforts by States and the Centre to achieve Viksit Bharat@2047. He also highlighted the importance of youth empowerment, women-led development, AI-driven growth, MSMEs, defence manufacturing and inclusive human development across the country.দিল্লী-এনচিআৰ অঞ্চলত পুৰণি ট্ৰাক আৰু বাছ সলনি কৰাৰ বাবে এনচিআৰপিবিক সহায় আগবঢ়োৱা আঁচনিখনত কেবিনেটৰ অনুমোদন
June 03rd, 03:17 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে দিল্লী-এনচিআৰ অঞ্চলত বায়ু প্ৰদূষণ হ্ৰাস কৰা আৰু পৰিষ্কাৰ গতিশীলতাক উৎসাহিত কৰাৰ লক্ষ্যৰে দুবছৰীয়া ঐতিহাসিক আঁচনিখনত অনুমোদন জনাইছে। এই আঁচনিখনৰ বাবে গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ৰ অধীনত থকা ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল পৰিকল্পনা ব’ৰ্ডৰ (এনচিআৰপিবি) জৰিয়তে পুঁজি যোগান ধৰা হ’ব আৰু পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয় (এমঅ’আৰটিএইচ) তথা পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয় (এমঅ’পিএনজি)ৰ দ্বাৰা ৰূপায়ণ কৰা হ’ব। অংশগ্ৰহণকাৰী ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল দিল্লী, হাৰিয়ানা, ৰাজস্থান আৰু উত্তৰ প্ৰদেশৰ সহযোগিতাত ইয়াক ৰূপায়ণ কৰা হ’ব।ভাৰতৰ প্ৰধানমন্ত্ৰীৰ নেদাৰলেণ্ড ভ্ৰমণৰ সময়ত ভাৰত-নেদাৰলেণ্ডৰ যুটীয়া বিবৃতি
May 17th, 03:45 am
নেদাৰলেণ্ডৰ প্ৰধানমন্ত্ৰী শ্ৰী ৰব জেটেনৰ আমন্ত্ৰণ ক্ৰমে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬ চনৰ ১৬-১৭ মে’ত এক চৰকাৰী ভ্ৰমণসূচীৰে নেদাৰলেণ্ডত উপস্থিত হয়। এয়া আছিল প্ৰধানমন্ত্ৰী মোদীৰ দ্বিতীয়টো নেদাৰলেণ্ড ভ্ৰমণ।ফলাফলৰ তালিকাঃ প্ৰধানমন্ত্ৰীৰ নেদাৰলেণ্ডছ ভ্ৰমণ
May 17th, 02:47 am
ভাৰত-নেদাৰলেণ্ডছৰ কৌশলগত অংশীদাৰিত্বৰ ৰূপৰেখা [২০২৬-২০৩০]নিটি আয়োগৰ পূৰ্ণকালীন সদস্য হিচাপে নিযুক্তি পোৱাৰ বাবে ড° আৰ বালাসুব্ৰমণিয়মজী আৰু ড° জোৰাম অনিয়াজীক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
May 02nd, 09:40 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ড° আৰ বালাসুব্ৰমণিয়মজী আৰু ড° জোৰাম অনিয়াজীক নিটি আয়োগৰ পূৰ্ণকালীন সদস্য হিচাপে নিযুক্তি পোৱাৰ বাবে অভিনন্দন জ্ঞাপন কৰিছে।অধ্যাপক গোবৰ্ধন দাসৰ নিযুক্তিত অভিনন্দন প্ৰধানমন্ত্ৰীৰ
April 25th, 10:47 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গোবৰ্ধন দাসক নিটি আয়োগৰ সদস্য হিচাপে নিযুক্তিৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে আৰু তেওঁৰ সফল কাৰ্যকালৰ বাবে শুভকামনা জনায়। শ্ৰী মোদীয়ে কয় যে নিৰলস নিষ্ঠা আৰু নম্ৰতাৰ দ্বাৰা চিহ্নিত দাসৰ এই যাত্ৰা সঁচাকৈয়ে প্ৰেৰণাদায়ক। তেওঁ অধ্যাপক দাসৰ জনস্বাস্থ্য, বিজ্ঞান আৰু উদ্ভাৱনৰ ক্ষেত্ৰত ওপৰত আলোকপাত কৰি তেওঁৰ অৱদানৰ বাবে সমগ্ৰ দেশ গৌৰৱান্বিত বুলি কয়।নীতি আয়োগৰ পুনৰ গঠনৰ বাবে শুভকামনা প্ৰধানমন্ত্ৰীৰ
April 25th, 10:46 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নিটি আয়োগৰ পুনৰ গঠনৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে। তেওঁ উল্লেখ কৰে যে নীতি আয়োগে ভাৰতৰ নীতি নিৰ্ধাৰণৰ গাঁথনিৰ এক গুৰুত্বপূৰ্ণ স্তম্ভ হিচাপে আত্মপ্ৰকাশ কৰাৰ লগতে সহযোগিতামূলক যুক্তৰাষ্ট্ৰক উৎসাহিত, গুৰুত্বপূৰ্ণ সংস্কাৰ সাধন আৰু নাগৰিকসকলৰ জীৱন ধাৰণৰ মান উন্নত কৰিছে। এই প্ৰতিষ্ঠানটোৱে বিভিন্ন খণ্ডত উদ্ভাৱন আৰু দীৰ্ঘম্যাদী কৌশলগত চিন্তাৰ এক গতিশীল মঞ্চ হিচাপে কাম কৰি আছে।প্ৰধানমন্ত্ৰীক সাক্ষাৎ শ্ৰী অশোক কুমাৰ লাহিড়িৰ
April 25th, 10:43 pm
শ্ৰী অশোক কুমাৰ লাহিড়িয়ে আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে। শ্ৰী মোদীয়ে তেওঁক নিটি আয়োগৰ উপাধ্যক্ষ হিচাপে নিযুক্তি লাভ কৰাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে অৰ্থনীতি আৰু ৰাজহুৱা নীতিৰ ক্ষেত্ৰত শ্ৰী লাহিড়িৰ সমৃদ্ধ অভিজ্ঞতাই ভাৰতৰ সংস্কাৰ যাত্ৰাক যথেষ্ট শক্তিশালী কৰিব আৰু দেশখনক 'বিকশিত ভাৰত' হিচাপে গঢ়ি তোলাৰ লক্ষ্যত উপনীত হোৱাত সহায় কৰিব।কেবিনেটে ভাৰতৰ ৰাষ্ট্ৰীয়ভাৱে নিৰ্ধাৰিত অৱদান (২০৩১-২০৩৫)ক ৰাষ্ট্ৰসংঘৰ জলবায়ু পৰিৱৰ্তনৰ কাঠামো চুক্তিৰ সৈতে সংপৃক্ত কৰাত অনুমোদন জনায়
March 25th, 05:35 pm
ভাৰতৰ জলবায়ু সম্পৰ্কীয় কাৰ্যকলাপ শক্তিশালী কৰাৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে ২০৩১ চনৰ পৰা ২০৩৫ চনলৈকে ভাৰতৰ ৰাষ্ট্ৰীয়ভাৱে নিৰ্ধাৰিত অৱদান (এনডিচি)ত অনুমোদন জনাইছে। ই ইউএনএফচিচিচি আৰু ইয়াৰ পেৰিছ চুক্তিৰ অধীনত দেশৰ উচ্চাকাংক্ষা বৃদ্ধি কৰাৰ লগতে বহনক্ষম উন্নয়ন তথা জলবায়ু সংৰক্ষণৰ প্ৰতি দেশৰ আগ্ৰহকেই প্ৰতিফলিত কৰিছে। ২০৩১-৩৫ চনৰ বাবে ভাৰতৰ ৰাষ্ট্ৰীয়ভাৱে নিৰ্ধাৰিত অৱদান (এনডিচি) বিকশিত ভাৰতৰ দৃষ্টিভংগীৰ দ্বাৰা পৰিচালিত। যি কেৱল ২০৪৭ চনৰ বাবে নিৰ্ধাৰণ কৰা লক্ষ্য নহয়, বৰঞ্চ ভৱিষ্যত প্ৰজন্মৰ বাবে এখন সমৃদ্ধিশালী আৰু জলবায়ু স্থিতিস্থাপক ভাৰত গঢ়ি তোলাৰ বাবে কাম কৰাৰ প্ৰতিশ্ৰুতি। ভাৰতে ইয়াৰ জলবায়ু লক্ষ্যসমূহ ভাৰতৰ পূৰ্বৰ প্ৰতিশ্ৰুতিসমূহৰ ওপৰত ভিত্তি কৰি গ্ৰহণ কৰিছে। যাৰ বহুখিনি ইতিমধ্যে নিৰ্ধাৰিত সময়ৰ আগতেই পূৰণ কৰা হৈছে। পাঁচটা গুণগত লক্ষ্য, দৈনন্দিন জীৱন আৰু শাসন ব্যৱস্থাত বহনক্ষমতাক সন্নিৱিষ্ট কৰা, জলবায়ু-স্থিতিস্থাপক উন্নয়নৰ পথসমূহক প্ৰসাৰ কৰা, আৰু সমাজৰ সকলো শ্ৰেণীৰ বাবে এক ন্যায্য আৰু অন্তৰ্ভুক্ত পৰিৱৰ্তন সক্ষম কৰা আদি লক্ষ্যসমূহ স্থিৰ কৰা হৈছে।ভাৰত-ফ্ৰান্সৰ যুটীয়া বিবৃতি
February 18th, 08:10 am
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণত ২০২৬ চনৰ ১৭ ফেব্ৰুৱাৰীৰ পৰা ১৯ ফেব্ৰুৱাৰীলৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন আনুষ্ঠানিক ভাৰত ভ্ৰমণত আহে। এই ভ্ৰমণৰ সময়ত তেওঁ ২০২৬ চনৰ কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰভাৱ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰে। মেক্ৰন আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দ্বিপাক্ষিক আলোচনাত মিলিত হয় আৰু ১৭ ফেব্ৰুৱাৰীত মুম্বাইত ভাৰত-ফ্ৰান্স উদ্ভাৱন বৰ্ষ ২০২৬ যৌথভাৱে উদ্বোধন কৰে। এয়া ৰাষ্ট্ৰপতি মেক্ৰনৰ চতুৰ্থটো ভাৰত ভ্ৰমণ, আনহাতে প্ৰধানমন্ত্ৰী মোদীয়ে ২০২৫ চনৰ ফেব্ৰুৱাৰী মাহত ফ্ৰান্স ভ্ৰমণ কৰিছিল।ই টি নাও গ্ল’বেল বিজনেছ ছামিটত প্ৰধানমন্ত্ৰীৰ ভাষণৰ মূল পাঠ
February 13th, 08:30 pm
গ্ল’বেল বিজনেছ ছামিটলৈ আপোনালোক সকলোকে স্বাগতম; আপোনালোক প্ৰত্যেককে মই শুভেচ্ছা জনাইছো। আমি ইয়াত “বিঘিনিৰ এটা দশক, পৰিৱৰ্তনৰ এটা শতিকা” বিষয়টো আলোচনা কৰিবলৈ আহিছো। বিনীতজীৰ ভাষণ শুনাৰ পাছত অনুভৱ কৰোঁ মোৰ কামটো বহুত সহজ হৈ পৰিছে৷ কিন্তু এটা সৰু অনুৰোধ কৰিম : যিহেতু আপুনি ইমানখিনি জানে, গতিকে আপুনি অন্ততঃ কেতিয়াবা ইটিত উপস্থিত হোৱা উচিত।ই টি নাও গ্ল’বেল বিজনেছ ছামিট-২০২৬ত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণ
February 13th, 08:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত অনুষ্ঠিত ই টি নাও গ্ল’বেল বিজনেছ ছামিট-২০২৬ত ভাষণ দিয়ে। এই উপলক্ষে প্ৰধানমন্ত্ৰীগৰাকীয়ে গ্ল’বেল বিজনেছ ছামিটত উপস্থিত থকা সকলোকে শুভেচ্ছা জ্ঞাপন কৰি, ‘এটা দশক প্ৰতিবন্ধকতা, পৰিৱৰ্তনৰ এটা শতক’ শীৰ্ষক বিষয়বস্তুৰ ওপৰত মন্তব্য কৰে। তেওঁ আলোকপাত কৰে যে একবিংশ শতিকাৰ বিগত দশকত গোলকীয় মহামাৰী, বিভিন্ন অঞ্চলত উত্তেজনা আৰু যুদ্ধ তথা যোগান শৃংখলৰ বিচ্ছিন্নতাই বিশ্বৰ ভাৰসাম্য কঁপাই তোলাকে ধৰি অভূতপূৰ্ব বিঘিনি ঘটিছে। তেওঁ এই কথাত গুৰুত্ব আৰোপ কৰে যে সংকটে এখন ৰাষ্ট্ৰৰ প্ৰকৃত শক্তি উন্মোচন কৰে আৰু তেওঁ গৌৰৱ প্ৰকাশ কৰে যে এই প্ৰত্যাহ্বানসমূহৰ মাজতো ভাৰত এই দশকটোত উল্লেখযোগ্য উন্নয়ন, অসাধাৰণ ডেলিভাৰী আৰু গণতন্ত্ৰৰ শক্তিশালীকৰণৰ দ্বাৰা চিহ্নিত হৈছে। শ্ৰী মোদীয়ে স্মৰণ কৰে যে যেতিয়া যোৱা দশক আৰম্ভ হৈছিল তেতিয়া ভাৰত একাদশ বৃহত্তম অৰ্থনীতি আছিল আৰু অস্থিৰতাৰ মাজত ইয়াৰ অৱনতি ঘটাৰ আশংকা আছিল। কিন্তু আজি ভাৰত দ্ৰুতগতিত আগবাঢ়ি গৈ বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতি হিচাপে পৰিগণিত হৈছে। পৰিৱৰ্তিত শতিকাৰ বাবে ভাৰত এক প্ৰধান ভেটি হ’ব বুলি আলোকপাত কৰি শ্ৰী মোদীয়ে উল্লেখ কৰে যে বৰ্তমান ভাৰতে বিশ্বৰ উন্নয়নত ষোল্ল শতাংশতকৈ অধিক অৰিহণা যোগাইছে আৰু এই অৱদান বছৰৰ পিছত বছৰ ধৰি বৃদ্ধি পাই থাকিব বুলি তেওঁ বিশ্বাস প্ৰকাশ কৰে। তেওঁ দৃঢ়তাৰে কয় যে ভাৰতে বিশ্বৰ উন্নয়নৰ ক্ষেত্ৰত অগ্ৰসৰ হব আৰু বিশ্ব অৰ্থনীতিৰ নতুন ইঞ্জিন হিচাপে আত্মপ্ৰকাশ কৰিব।ৰাজ্যসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ ওপৰত ধন্যবাদসূচক প্ৰস্তাৱৰ প্ৰধানমন্ত্ৰীৰ উত্তৰৰ অসমীয়া অনুবাদ
February 05th, 05:35 pm
এই ধন্যবাদ প্ৰস্তাৱৰ সমৰ্থনত এই সদনত মোৰ আবেগ প্ৰকাশ কৰিব পৰাটো মই এক সৌভাগ্যৰ কথা বুলি বিবেচনা কৰিছো।ৰাজ্যসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱৰ উত্তৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
February 05th, 05:00 pm
আজি ৰাজ্যসভাত প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱৰ উত্তৰ দিয়ে। সদনত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতিৰ ভাষণৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰি কয় যে ধন্যবাদৰ প্ৰস্তাৱৰ সমৰ্থনত তেওঁৰ আবেগ ভাগ-বতৰা কৰিব পৰাটো তেওঁৰ বাবে সৌভাগ্যৰ কথা। তেওঁ মন্তব্য কৰে যে বিগত বছৰটো উন্নত ভাৰতৰ যাত্ৰাত দ্ৰুত অগ্ৰগতিৰ বছৰ, প্ৰতিটো খণ্ডতে আৰু সমাজৰ সকলো শ্ৰেণীৰ মাজত ৰূপান্তৰ দৃশ্যমান হৈছে, কিয়নো দেশখনে সঠিক দিশত অতি দ্ৰুতগতিত আগবাঢ়িছে। শ্ৰী মোদীয়ে আলোকপাত কৰে যে ৰাষ্ট্ৰপতিয়ে এই বিষয়সমূহ সংবেদনশীলতা আৰু স্পষ্টতাৰে উপস্থাপন কৰিছিল।নিটি আয়োগত বিশিষ্ট অৰ্থনীতিবিদসকলৰ সৈতে মিলিত প্ৰধানমন্ত্ৰী
December 30th, 06:33 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আগবেলা নিটি আয়োগত বিশিষ্ট অৰ্থনীতিবিদ আৰু বিশেষজ্ঞসকলৰ সৈতে মত-বিনিময় কৰে। উক্ত মত-বিনিময় অনুষ্ঠানৰ বিষয়বস্তু আছিল ‘আত্মনিৰ্ভৰতা আৰু গাঁথনিগত ৰূপান্তৰঃ বিকশিত ভাৰতৰ বাবে কাৰ্য্যপন্থা (Agenda)’।ভাৰত-ব্ৰিটেইন যুটীয়া বিবৃতি
October 09th, 03:24 pm
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণত ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ছাৰ কেইৰ ষ্টাৰমাৰে ৮-৯ অক্টোবৰ ২০২৫ চনত ভাৰত ভ্ৰমণ কৰে।প্ৰধানমন্ত্ৰী ষ্টাৰমাৰৰ সৈতে ব্যৱসায় আৰু বাণিজ্য বিভাগৰ ৰাজ্যিক সচিব আৰু বাণিজ্য ব’ৰ্ডৰ সভাপতি পিটাৰ কাইল সাংসদ, স্কটলেণ্ডৰ ৰাজ্যিক সচিব ডগলাছ আলেকজেণ্ডাৰ সাংসদ, বিনিয়োগ মন্ত্ৰী জেছন ষ্টকউড আৰু ১২৫ জন চিইঅ’, উদ্যোগী, বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, সাংস্কৃতিক নেতা আৰু মুখ্য কাৰ্যবাহী বিষয়াকে ধৰি উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দল উপস্থিত থাকে।গুজৰাটৰ আহমেদাবাদত বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ
August 25th, 06:42 pm
আজি আপোনালোক সকলোৱে এটা পৰিৱেশৰ সৃষ্টি কৰিছে। বহু সময়ত মই ভাবোঁ যে কি সৌভাগ্য, এই লাখ লাখ মানুহৰ মৰম আৰু তেওঁলোকৰ আশীৰ্বাদ, মই আপোনালোক সকলোকে যিমানেই ধন্যবাদ নকৰোঁ কিয়, সিমানেই কম। চাওক, সেইফালে সৰু নৰেন্দ্ৰ এজন থিয় হৈছে।গুজৰাটৰ আহমেদাবাদত ৫৪০০ কোটি টকাৰ উন্নয়নমূলক কামৰ শুভাৰম্ভ, আধাৰশিলা স্থাপন আৰু উৎসৰ্গা কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে
August 25th, 06:15 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ আহমেদাবাদত ৫৪০০ কোটি টকা মূল্যৰ প্ৰকল্প উদ্বোধন, আধাৰশিলা স্থাপন আৰু দেশৰ উন্নয়নৰ নামত উৎসৰ্গা কৰে। এই উপলক্ষ্যে আয়োজিত সভাত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে কয় যে সমগ্ৰ দেশ বৰ্তমান গণেসোৎসৱৰ আনন্দত নিমগ্ন হৈ আছে। তেওঁ এই বিষয়ত আলোকপাত কৰে যে গণপতি বাপ্পাৰ আশীৰ্বাদত আজি গুজৰাটৰ অগ্ৰগতিৰ সৈতে জড়িত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ শুভ আৰম্ভণি কৰা হৈছে। তেওঁ ৰাইজৰ চৰণত একাধিক প্ৰকল্প উচৰ্গা কৰাৰ সৌভাগ্য লাভ কৰা বুলি উল্লেখ কৰি এই উন্নয়নমূলক পদক্ষেপসমূহৰ বাবে সকলো নাগৰিককে আন্তৰিক অভিনন্দন জ্ঞাপন কৰে।Cabinet approves the Prime Minister Dhan-Dhaanya Krishi Yojana
July 16th, 02:51 pm
The Union Cabinet chaired by PM Modi has approved the “Prime Minister Dhan-Dhaanya Krishi Yojana” for a period of six years, beginning with 2025-26 to cover 100 districts. The scheme will result in higher productivity, value addition in agriculture and allied sector, local livelihood creation and also increase domestic production thereby achieving self-reliance (Atmanirbhar Bharat).