‘বিকশিত ভাৰতৰ বাবে প্ৰযুক্তি, সংস্কাৰ আৰু বিত্ত’ শীৰ্ষক বিষয়ৰ ওপৰত বাজেটৰ পাছৰ ৱেবিনাৰত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ মূল পাঠ
February 27th, 01:01 pm
এই বছৰৰ প্ৰথম বাজেট ৱেবিনাৰত মই আপোনালোক সকলোকে অভিনন্দন জনাইছো। যোৱা কেইটামান বছৰ ধৰি বাজেট ৱেবিনাৰ এক শক্তিশালী পৰম্পৰাত পৰিণত হৈছে। প্ৰায়ে বাজেট বিভিন্ন মাপকাঠীৰ ওপৰত মূল্যায়ন কৰা হয়, কেতিয়াবা ষ্টক বজাৰৰ পদক্ষেপৰ বিষয়ে কথা কোৱা হয়, কেতিয়াবা আয়কৰ প্ৰস্তাৱৰ বিষয়ে আলোচনা কৰাটো কেন্দ্ৰবিন্দু হৈ পৰে। সঁচা কথাটো হ’ল যে ৰাষ্ট্ৰীয় বাজেট এখন হ্ৰস্বম্যাদী বাণিজ্যিক নথিপত্ৰ নহয়, ই এক নীতিগত ৰোডমেপ। সেয়েহে, বাজেটৰ ফলপ্ৰসূতাও দৃঢ় মাপকাঠিৰ ওপৰত বিচাৰ কৰিব লাগে। আন্তঃগাঁথনি সম্প্ৰসাৰণ কৰা, ঋণৰ প্ৰবাহ সহজ কৰা, ব্যৱসায় কৰাৰ সহজতা বৃদ্ধি কৰা, প্ৰশাসনত স্বচ্ছতা বৃদ্ধি কৰা, জনসাধাৰণৰ জীৱন সহজ কৰা, তেওঁলোকৰ বাবে নতুন সুযোগ সৃষ্টি কৰা নীতিসমূহ। বাজেটত ইয়াৰ সৈতে জড়িত সিদ্ধান্তসমূহে অৰ্থনীতিক স্থায়ী শক্তি প্ৰদান কৰে আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল, বাজেটক পৃথকভাৱে চাব নালাগে, ই ৰাষ্ট্ৰ নিৰ্মাণৰ এক অবিৰত প্ৰক্ৰিয়া। প্ৰতিখন বাজেট এটা বৃহৎ লক্ষ্যৰ দিশত এক পদক্ষেপ আৰু আমাৰ সন্মুখত সেই ডাঙৰ লক্ষ্য হৈছে ২০৪৭ চনৰ ভিতৰত এখন উন্নত ভাৰত গঢ়ি তোলা। প্ৰতিটো সংস্কাৰ, প্ৰতিটো আবণ্টন, প্ৰতিটো পৰিৱৰ্তনক এই দীঘলীয়া যাত্ৰাৰ অংশ হিচাপে চাব লাগিব। সেয়েহে, প্ৰতি বছৰে বাজেটৰ পাছত অনুষ্ঠিত হোৱা এই ৱেবিনাৰবোৰ অতি গুৰুত্বপূৰ্ণ। মোৰ আশা যে এই ৱেবিনাৰবোৰ ধাৰণাৰ আদান-প্ৰদানৰ মাজতে সীমাবদ্ধ নহ’ব, বৰঞ্চ ই এক ফলপ্ৰসূ চিন্তা-চৰ্চাৰ অনুশীলন হ’ব। আপোনাৰ অভিজ্ঞতা আৰু ব্যৱহাৰিক প্ৰত্যাহ্বানৰ ওপৰত আধাৰিত পৰামৰ্শসমূহে নিশ্চিতভাৱে অৰ্থনৈতিক কৌশলসমূহ অধিক উন্নত কৰাত আৰু সমাধান বিচাৰি উলিওৱাত সহায় কৰিব। যেতিয়া উদ্যোগ, শিক্ষাবিদ, বিশ্লেষক আৰু নীতি নিৰ্ধাৰকসকলে একেলগে চিন্তা কৰে, আঁচনিসমূহৰ ৰূপায়ণ উন্নত হয়, ফলাফলবোৰ অধিক সঠিক হয়। সেয়াই এই ৱেবিনাৰ শৃংখলাৰ আঁৰৰ মনোভাৱ।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ‘বিকশিত ভাৰতৰ বাবে প্ৰযুক্তি সংস্কাৰ আৰু বিত্ত’ শীৰ্ষক বিষয় সন্দৰ্ভত বাজেট পৰৱৰ্তী ৱেবিনাৰত ভাষণ
February 27th, 11:30 am
ধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘বিকশিত ভাৰতৰ বাবে প্ৰযুক্তি সংস্কাৰ আৰু বিত্ত’ শীৰ্ষক বিষয়বস্তুৰ ওপৰত গুৰুত্ব আৰোপ কৰি ২০২৬-২৭ শৃংখলাৰ প্ৰথম বাজেট-পৰৱৰ্তী ৱেবিনাৰ সম্বোধন কৰে। ৰাষ্ট্ৰীয় বাজেট এক হ্ৰস্বম্যাদী বাণিজ্যিক নথিপত্ৰৰ পৰিৱৰ্তে এক নীতিগত ৰোডমেপ বুলি গুৰুত্ব আৰোপ কৰি শ্ৰী মোদীয়ে ২০৪৭চনৰ ভিতৰত উন্নত ভাৰতৰ লক্ষ্যত উপনীত হ'বলৈ সামূহিক প্ৰচেষ্টাৰ আহ্বান জনায়।বাজেটে আমাৰ দেশৰ অৰ্থনৈতিক ৰূপান্তৰত কেনেদৰে অৰিহণা যোগাব, তাৰ বিস্তৃত ছবি বিত্ত মন্ত্ৰীগৰাকীয়ে দাঙি ধৰেঃ প্ৰধানমন্ত্ৰী
February 12th, 02:13 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে বিত্ত মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণ জীয়ে আজি লোকসভাত তেওঁৰ ভাষণত এই বছৰৰ বাজেটে আমাৰ দেশৰ অৰ্থনৈতিক ৰূপান্তৰত কেনেদৰে অৰিহণা যোগাব তাৰ বিস্তৃত ছবি দাঙি ধৰে। ‘তেওঁ ৰিফৰ্ম এক্সপ্ৰেছ, এমএছএমইসমূহক সমৰ্থন, দক্ষতা, পৰৱৰ্তী প্ৰজন্মৰ আন্তঃগাঁথনি, স্বাস্থ্যসেৱা, শিক্ষা আৰু অন্যান্য খণ্ডৰ উন্নীতকৰণ প্ৰচেষ্টা সন্দৰ্ভত গুৰুত্ব আৰোপ কৰিছে’, শ্ৰী মোদীয়ে কয়।প্ৰধানমন্ত্ৰীয়ে মালয়েছিয়াত ভাৰতীয় সমাজক সম্বোধন কৰে
February 07th, 03:59 pm
সৰ্বপ্ৰথমে মোৰ প্ৰিয় বন্ধু, প্ৰধানমন্ত্ৰী আনোৱাৰ ইব্ৰাহিমক এই সামূহিক উদযাপনত যোগদান কৰাৰ বাবে ধন্যবাদ জনাইছো। ভাৰত – মালয়েছিয়াৰ বন্ধুত্বৰ পৰিসৰ আৰু ভৱিষ্যতৰ সম্ভাৱনা সন্দৰ্ভত তেওঁৰ অতিশয় সাৱলীল বক্তব্যৰ বাবেও তেওঁক ধন্যবাদ জনাইছো।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মালয়েছিয়াৰ কুৱালালামপুৰত এক সামূহিক কাৰ্য্যসূচী সম্বোধন কৰে
February 07th, 03:15 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মালয়েছিয়াৰ কুৱালালামপুৰত এক সামূহিক কাৰ্য্যসূচী সম্বোধন কৰে। ইয়াত প্ৰধানমন্ত্ৰীয়ে কয় যে শুভেচ্ছাৰ উষ্মতাই উমৈহতীয়া সংস্কৃতিৰ সুন্দৰ বৈচিত্ৰ্যক প্ৰতিফলিত কৰিছে। তেওঁ তেওঁৰ প্ৰিয় বন্ধু, প্ৰধানমন্ত্ৰী আনোৱাৰ ইব্ৰাহিমক এই সামূহিক উদযাপনত যোগদান কৰাৰ বাবে ধন্যবাদ জনায়। তেওঁ উল্লেখ কৰে যে প্ৰধানমন্ত্ৰী আনোৱাৰ ইব্ৰাহিমে তেওঁক আদৰিবলৈ বিমানবন্দৰলৈ গৈছিল আৰু নিজৰ গাড়ীৰে এই কাৰ্য্যসূচীলৈ আনিছে। “এই বিশেষ ইংগিতে ভাৰতৰ প্ৰতি আৰু আপোনালোক সকলোৰে প্ৰতি তেওঁৰ মৰম আৰু শ্ৰদ্ধাৰ মনোভাৱকে প্ৰতিফলিত কৰে”, শ্ৰী মোদীয়ে লগতে কয়।কেন্দ্ৰীয় বাজেট সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কৰা মন্তব্যৰ অসমীয়া অনুবাদ
February 01st, 01:38 pm
আজিৰ বাজেটখন ঐতিহাসিক; ই দেশৰ নাৰী শক্তিৰ এক কথা প্ৰতিফলিত কৰিছে। এগৰাকী মহিলা বিত্তমন্ত্ৰী হিচাপে নিৰ্মলা জীয়ে একেৰাহে নৱমবাৰৰ বাবে দেশৰ বাজেট দাখিল কৰি এক নতুন অভিলেখ গঢ়িছে। এই বাজেটখন অপৰিসীম সুযোগৰ এক পথ। এই বাজেটে বৰ্তমানৰ সপোন বাস্তৱায়িত কৰিব আৰু ভাৰতৰ উজ্জ্বল ভৱিষ্যতৰ ভেটি শক্তিশালী কৰিব। এই বাজেট ২০৪৭ চনৰ এখন উন্নত ভাৰত (বিকশিত ভাৰত)ৰ দিশত আমাৰ যাত্ৰাৰ এক শক্তিশালী ভিত্তি।২০২৬ৰ কেন্দ্ৰীয় বাজেট সন্দৰ্ভত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ মন্তব্য
February 01st, 01:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ বাৰ্তাৰ জৰিয়তে কেন্দ্ৰীয় বাজেট ২০২৬ সন্দৰ্ভত তেওঁৰ মন্তব্য শ্বেয়াৰ কৰে। এই উপলক্ষে ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে আজিৰ বাজেটখন ঐতিহাসিক আৰু ই দেশৰ মহিলাসকলৰ সৱল মনোভাৱক প্ৰতিফলিত কৰে। তেওঁ আলোকপাত কৰে যে কেন্দ্ৰীয় বিত্তমন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে এগৰাকী মহিলা বিত্তমন্ত্ৰী হিচাপে একেৰাহে নৱমবাৰৰ বাবে দেশৰ বাজেট দাখিল কৰি এক নতুন অভিলেখ গঢ়িছে। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে এই বাজেট হৈছে অপৰিসীম সুযোগৰ মুল পথ, যিয়ে বৰ্তমানৰ সপোন পূৰণ কৰে আৰু ভাৰতৰ উজ্জ্বল ভৱিষ্যতৰ ভেটি শক্তিশালী কৰে। তেওঁ দৃঢ়তাৰে কয় যে বাজেটখনে ২০৪৭ চনৰ ভিতৰত উন্নত ৰাষ্ট্ৰ হোৱাৰ দিশত ভাৰতৰ উচ্চ উৰণৰ ভিত্তি হিচাপে কাম কৰে।সংসদৰ বাজেট অধিৱেশনৰ আৰম্ভণিতে প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ মূল পাঠ
January 29th, 10:15 am
কালি ৰাষ্ট্ৰপতিৰ ভাষণ আছিল ১৪০ কোটি দেশবাসীৰ আস্থাৰ অভিব্যক্তি, ১৪০ কোটি দেশবাসীৰ কঠোৰ পৰিশ্ৰমৰ বিৱৰণ আৰু ১৪০ কোটি দেশবাসী তথা অধিকাংশ যুৱক-যুৱতীৰ আকাংক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ বাবে এক অতি নিখুঁত ভাষণ তথা সকলো সাংসদৰ বাবে বহুতো পথ প্ৰদৰ্শক দিশো কালি সদনত ৰাষ্ট্ৰপতিয়ে উত্থাপন কৰিছিল। মই নিশ্চিত যে সংসদৰ সকলো সন্মানীয় সদস্যই অধিৱেশনৰ আৰম্ভণিতে আৰু ২০২৬ চনৰ আৰম্ভণিতে সন্মানীয় ৰাষ্ট্ৰপতিয়ে সংসদৰ সদস্যসকলৰ আগত প্ৰকাশ কৰা প্ৰত্যাশা, ৰাষ্ট্ৰপ্ৰধান হিচাপে তেওঁ অতি সৰল শব্দত প্ৰকাশ কৰা ভাৱনাক গুৰুত্ব সহকাৰে লৈছে তথা এই অধিৱেশন নিজেই এক অতি গুৰুত্বপূৰ্ণ অধিৱেশন। এইখন বাজেট অধিৱেশন, একবিংশ শতিকাৰ এক চতুৰ্থাংশ পাৰ হৈছে, এয়া হৈছে দ্বিতীয় অংশৰ আৰম্ভণি আৰু ২০৪৭ চনৰ বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ বাবে গুৰুত্বপূৰ্ণ ২৫ বছৰ সময়ছোৱা আৰম্ভ হৈছে আৰু এয়া হৈছে দ্বিতীয় অংশৰ প্ৰথম বাজেট, এই শতিকাৰ দ্বিতীয় অংশৰ এইখন প্ৰথম বাজেট সমাগত আৰু বিত্ত মন্ত্ৰী নিৰ্মলা মহাশয়া, দেশৰ প্ৰথম বিত্ত মন্ত্ৰী, প্ৰথমগৰাকী মহিলা বিত্ত মন্ত্ৰী, যিগৰাকীয়ে দেশৰ সংসদত একেৰাহে নৱমবাৰৰ বাবে বাজেট দাখিল কৰিবলৈ গৈ আছে। এয়া ভাৰতৰ সংসদীয় ইতিহাসত এক গৌৰৱৰ মুহূৰ্ত হিচাপে লিপিবদ্ধ কৰা হৈছে।২০২৬ চনৰ বাজেট অধিৱেশনৰ আৰম্ভণিতে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ মন্তব্য
January 29th, 10:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সংসদ ভৱনত ২০২৬ চনৰ বাজেট অধিৱেশন আৰম্ভ হোৱাৰ পূৰ্বে সংবাদ মাধ্যমৰ আগত ভাষণ দিয়ে। প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে ৰাষ্ট্ৰপতিৰ ভাষণ ১৪০ কোটি নাগৰিকৰ আস্থাৰ অভিব্যক্তি, তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ বিৱৰণ আৰু যুৱক-যুৱতীসকলৰ আকাংক্ষাৰ এক নিখুঁত প্ৰতিফলন। তেওঁ উল্লেখ কৰে যে ৰাষ্ট্ৰপতিয়ে ২০২৬ বৰ্ষ তথা অধিৱেশনৰ আৰম্ভণিতে সংসদৰ সকলো সদস্যৰ সন্মুখত কেইবাটাও পথ প্ৰদৰ্শন কৰিব পৰা বিষয় উত্থাপন কৰিছে। শ্ৰী মোদীয়ে কয় যে ৰাষ্ট্ৰপতিগৰাকীয়ে ৰাষ্ট্ৰপ্ৰধান হিচাপে সৰল শব্দত প্ৰকাশ কৰা প্ৰত্যাশা নিশ্চিতভাৱে সকলো সাংসদৰ দ্বাৰা গুৰুত্বসহকাৰে লোৱা হৈছে, যাৰ ফলত এই অধিৱেশনখন অতি গুৰুত্বপূৰ্ণ হিচাপে পৰিগণিত হৈছে ।সংসদত বিত্ত মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণজীয়ে ভাৰতীয় অৰ্থনীতি আৰু আমি গ্ৰহণ কৰি থকা সংস্কাৰৰ গতিপথৰ এক স্পষ্ট প্ৰতিচ্ছবি দাঙি ধৰিছে: প্ৰধানমন্ত্ৰী
February 15th, 04:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সংসদত বিত্ত মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণৰ ভাষণৰ প্ৰশংসা কৰি কয় যে এই ভাষণত ভাৰতীয় অৰ্থনীতিৰ লগতে চৰকাৰে হাতত লোৱা সংস্কাৰৰ গতিপথৰ এক স্পষ্ট প্ৰতিচ্ছবি দাঙি ধৰিছে।কেন্দ্ৰীয় বাজেট সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ মন্তব্যৰ অসমীয়া অনুবাদ
February 01st, 03:00 pm
আজি ভাৰতৰ উন্নয়ন যাত্ৰাৰ এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি! এয়া ১৪০ কোটি ভাৰতীয়ৰ আকাংক্ষাৰ বাজেট, প্ৰতিজন ভাৰতীয়ৰ সপোন পূৰণ কৰা বাজেট। আমি যুৱক-যুৱতীসকলৰ বাবে বহু খণ্ড মুকলি কৰিছো। সাধাৰণ নাগৰিকেই উন্নত ভাৰতৰ অভিযানক আগুৱাই নিব। এই বাজেটে বিকাশত অপৰিসীম শক্তি যোগাব। এই বাজেটে সঞ্চয় বৃদ্ধি, বিনিয়োগ বৃদ্ধি, ব্যয় বৃদ্ধি কৰাৰ লগতে বিকাশৰ গতিও ত্বৰান্বিত কৰিব। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ আৰু তেওঁৰ সমগ্ৰ দলটোক এই জনমুখী বাজেট প্ৰস্তুত কৰাৰ বাবে অভিনন্দন জনাইছো।২০২৫-২৬ চনৰ কেন্দ্ৰীয় বাজেট সন্দৰ্ভত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ মন্তব্য
February 01st, 02:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' বাৰ্তাৰ জৰিয়তে ২০২৫-২৬ চনৰ কেন্দ্ৰীয় বাজেট সন্দৰ্ভত নিজৰ মন্তব্য আগবঢ়ায়। আজি উথ্থাপিত বাজেটখন ভাৰতৰ উন্নয়নৰ যাত্ৰাত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে চিহ্নিত হোৱা বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে কয় যে এই বাজেটে ১৪০ কোটি ভাৰতীয়ৰ আশা-আকাংক্ষা প্ৰতিফলিত কৰিছে আৰু প্ৰতিগৰাকী নাগৰিকৰ সপোন পূৰণ কৰিব। তেওঁ উল্লেখ কৰে যে যুৱ-প্ৰজন্মৰ বাবে কেবাটাও খণ্ড মুকলি কৰা হৈছে আৰু সাধাৰণ নাগৰিকে বিকশিত ভাৰত (উন্নত ভাৰত)ৰ অভিযান চলাব। প্ৰধানমন্ত্ৰীয়ে জোৰ দি কয় যে এইখন বাজেট হৈছে এক শক্তি গুণক, যি সঞ্চয়, বিনিয়োগ, উপভোগ আৰু বিকাশৰ হাৰ বৃদ্ধি কৰিব। তেওঁ কেন্দ্ৰীয় বিত্ত আৰু কৰ্পোৰেট পৰিক্ৰমা মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণ আৰু তেওঁৰ দলটোক এই 'পিপলছ বাজেট'ৰ বাবে অভিনন্দন জনায়।ইণ্ডিয়া ইনকৰ্পৰেশ্যনৰ ৮১% লোকে প্ৰধানমন্ত্ৰীৰ ইণ্টাৰ্ণশ্বিপ আঁচনিৰ সমৰ্থন কৰিছেঃ উদ্যোগ খণ্ডৰ গেম-চেঞ্জিং পদক্ষেপৰ প্ৰতি জনোৱা সমৰ্থনৰ বাবে প্ৰশংসা নিৰ্মলা সীতাৰমণৰ!
January 17th, 04:34 pm
কেন্দ্ৰীয় বিত্ত আৰু কৰ্পৰেট পৰিক্ৰমা মন্ত্ৰী নিৰ্মলা সীতাৰমণে প্ৰধানমন্ত্ৰীৰ ইণ্টাৰ্ণশ্বিপ আঁচনিৰ বাবে কৰ্পৰেট ইণ্ডিয়াৰ পৰা লাভ কৰা ব্যাপক সমৰ্থনৰ প্ৰশংসা কৰি যুৱক-যুৱতী আৰু দেশৰ অৰ্থনীতিৰ বাবে ইয়াৰ পৰিৱৰ্তনশীল সম্ভাৱনাৰ কথা উল্লেখ কৰে। আঁচনিখনৰ বাবে ইণ্ডিয়ান ইনকৰ্পৰেশ্যনৰ পৰা পোৱা চমকপ্ৰদ ৮১% সমৰ্থনৰ ওপৰত আলোকপাত কৰা প্ৰতিবেদনসমূহৰ ওপৰত আলোকপাত কৰি মন্ত্ৰীগৰাকীয়ে আস্থা প্ৰকাশ কৰে যে এই পদক্ষেপে শিক্ষা আৰু নিয়োগৰ মাজৰ ব্যৱধান দূৰ কৰিব আৰু কৰ্পৰেট সামাজিক দায়বদ্ধতা (চিএছআৰ)ৰ জৰিয়তে দক্ষতা বিকাশৰ প্ৰসাৰ ঘটোৱাৰ লগতে ই উন্নয়নৰ সংস্কৃতিক আগুৱাই লৈ যাব।নিৰ্মলা সীতাৰমণে গ্ৰাম্য ভাৰতত ঋণ-পৰিচালিত উপভোগৰ প্ৰশংসা কৰি কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে গ্ৰামাঞ্চলৰ দৰিদ্ৰ লোকসকলক আমাৰ দেশৰ বিকাশৰ কাহিনীত অংশগ্ৰহণৰ সঁজুলি প্ৰদান কৰিছে
October 02nd, 09:19 am
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিত্তীয় অন্তৰ্ভুক্তি নীতিক তীব্ৰ সমৰ্থন জনাই কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি ভাৰতৰ গ্ৰামাঞ্চলত ঋণ পৰিচালিত ব্যৱহাৰৰ নাটকীয় বিকাশৰ উদযাপন কৰে। এই বিকাশৰ মূল কাৰণ হ’ব পাৰে নতুন বেংক একাউণ্ট খোলা আৰু প্ৰধানমন্ত্ৰী জন ধন যোজনাৰ অধীনত গ্ৰাহকক ব্যাপক বিত্তীয় সাহায্য বৃদ্ধি, যাক সীতাৰমণে “বৈপ্লৱিক পৰিৱৰ্তন” বুলি অভিহিত কৰিছে।কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে ২০২৩ বিত্তীয় বৰ্ষত ভাৰতৰ উৎপাদন খণ্ডৰ চাকৰি ৭.৬%, মজুৰি ৫.৫%, জিভিএ ২১% বৃদ্ধিৰ প্ৰশংসা কৰে
October 01st, 08:11 pm
কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে শেহতীয়াকৈ ২০২৩ বিত্তীয় বৰ্ষত উৎপাদনখণ্ডৰ চাকৰি আৰু শ্ৰমিকৰ মজুৰিৰ বৃদ্ধিৰ প্ৰশংসা কৰে। চৰকাৰী সমীক্ষা অনুসৰি ২০২৩ বিত্তীয় বৰ্ষত উৎপাদন উদ্যোগৰ চাকৰি ৭.৬% আৰু মজুৰি ৫.৫% বৃদ্ধি পাইছে।Viksit Bharat Ambassador Campus Dialogue, Chennai at VELS University
April 02nd, 05:30 pm
The Viksit Bharat Ambassador Campus Dialogue was held at VELS University in Chennai. Over 1,000 students from perse s and more than 20 entrepreneurs, professionals, and actors from the city attended the event. Notable attendees included representatives from FICCI, FLO, EO, and YPO.সংসদৰ বাজেট অধিৱেশনৰ আৰম্ভণিত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা মন্তব্যৰ পাঠ
January 31st, 10:45 am
নতুন সংসদ ভৱনত অনুষ্ঠিত হোৱা প্ৰথমখন অধিৱেশনৰ শেষত এইখন সংসদে এটা অতি সন্মানজনক সিদ্ধান্ত গ্ৰহণ কৰিছিল, আৰু সেই সিদ্ধান্তটো আছিল ‘নাৰীশক্তি বন্দন অধিনিয়ম’-ৰ। আৰু তাৰ পিছত যোৱা ২৬ জানুৱাৰীতো আমি দেখিছিলো নাৰী শক্তিৰ সামৰ্থ্য, নাৰী শক্তিৰ বীৰত্ব আৰু নাৰী শক্তিৰ সংকল্পক কৰ্তব্য পথত দেশখনে অনুভৱ কৰিলে। আৰু আজি বাজেট অধিৱেশন আৰম্ভ হৈছে, তেতিয়াও ৰাষ্ট্ৰপতি দ্ৰৌপাদী মুৰ্মুজীৰ মাৰ্গদৰ্শন আৰু কাইলৈ নিৰ্মলা সীতাৰমণজীয়ে উথ্থাপন কৰিব লগা অন্তৱৰ্তীকালীন বাজেটখনো এক প্ৰকাৰে মহিলা শক্তিৰ সাক্ষাৎকাৰৰে উৎসৱ।প্ৰধানমন্ত্ৰীয়ে সংসদৰ অধিৱেশনৰ পূৰ্বে সংবাদ মাধ্যমক সম্বোধন কৰে
January 31st, 10:30 am
ইয়াত প্ৰধানমন্ত্ৰীগৰাকীয়ে নতুন সংসদৰ প্ৰথম অধিৱেশনৰ কথা স্মৰণেৰে সেই অধিৱেশনত গ্ৰহণ কৰা উল্লেখযোগ্য সিদ্ধান্তৰাজি সম্পৰ্কে আলোকপাত কৰে। মহিলা সৱলীকৰণ আৰু প্ৰশংসা আইনৰ গৃহীতকৰণ আমাৰ ৰাষ্ট্ৰৰ বাবে এক গুৰুত্বপূৰ্ণ মুহূৰ্ত হিচাপে পৰিগণিত হৈছে, শ্ৰী মোদীয়ে কয়। ২৬ জানুৱাৰীত গণৰাজ্য দিৱস উদযাপনৰ কথা উল্লেখেৰে তেখেতে নাৰী শক্তিৰ সামৰ্থ্য, সাহস, দৃঢ়তাক দেশখনে আকোৱালি লোৱাৰ কথা স্বীকাৰ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৰ সম্বোধন আৰু বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে অন্তৱৰ্তীকালীন বাজেট দাখিলৰ গুৰুত্ব সম্পৰ্কে আলোকপাতেৰে এই কাৰ্য্যক নাৰী সৱলীকৰণৰ উদযাপন বুলি অভিহিত কৰে।কেন্দ্ৰীয় বাজেট ২০২৩ সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ মন্তব্যৰ অনুবাদ
February 01st, 02:01 pm
অমৃতকালৰ এই প্ৰথম বাজেটে উন্নত ভাৰতৰ বিশাল সংকল্প পূৰণ কৰিবলৈ এক শক্তিশালী ভেটি গঢ়ি তুলিব। এই বাজেটে দুখীয়াসকলক অগ্ৰাধিকাৰ প্ৰদান কৰে। এই বাজেটে আজিৰ উচ্চাকাংক্ষী সমাজ- গাওঁ, দৰিদ্ৰ, কৃষক, মধ্যবিত্তসকলৰ সপোন পূৰণ কৰিব।এইখন বাজেটে বঞ্চিতসকলক প্ৰথমিকতা প্ৰদান কৰিছে: প্ৰধানমন্ত্ৰী
February 01st, 02:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মন্তব্য কৰে যে ভাৰতৰ ‘অমৃত কাল’ৰ প্ৰথমখন বাজেটে উন্নত ভাৰতৰ আশা-আকাংক্ষা আৰু সংকল্পসমূহ পূৰণৰ বাবে এক শক্তিশালী ভেটি স্থাপন কৰিছে। তেওঁ কয় যে এই বাজেটে বঞ্চিতসকলৰ লগতে উচ্চাকাংক্ষী সমাজ, দৰিদ্ৰ, গাওঁ আৰু মধ্যবিত্ত শ্ৰেণীৰ সপোন পূৰণ কৰাৰ ক্ষেত্ৰত প্ৰথমিকতা প্ৰদান কৰিছে।