বিশ্বৰ নেতা আৰু নাগৰিকসকলক তেওঁলোকৰ শুভেচ্ছাৰ বাবে কৃতজ্ঞতা জ্ঞাপন প্ৰধানমন্ত্ৰীৰ
June 10th, 11:50 pm
প্ৰধানমন্ত্ৰীয়ে আন্তৰিক শুভেচ্ছা আৰু অভিনন্দনমূলক বাৰ্তাৰ বাবে বিশ্বৰ নেতাসকল আৰু বিভিন্ন ক্ষেত্ৰৰ জনসাধাৰণৰ প্ৰতি গভীৰ কৃতজ্ঞতা প্ৰকাশ কৰিছে। এই শুভেচ্ছাৰ বাবে গভীৰভাৱে আপ্লুত প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতৰ প্ৰতি সেৱা আগবঢ়োৱা আৰু ৰাষ্ট্ৰৰ উন্নয়ন যাত্ৰাত অৰিহণা যোগোৱাটো এক সৌভাগ্যৰ বিষয়। জনসাধাৰণৰ আস্থা তেওঁৰ শক্তিৰ আটাইতকৈ ডাঙৰ উৎস বুলি গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে বিকশিত ভাৰতৰ দৃষ্টিভংগী বাস্তৱায়িত কৰা, ১৪০ কোটি ভাৰতীয়ৰ আকাংক্ষা পূৰণ কৰা আৰু ভাৰতৰ গোলকীয় অংশীদাৰিত্ব অধিক শক্তিশালী কৰাৰ বাবে আৰু অধিক নিষ্ঠাৰে কাম কৰিব বুলি তেওঁৰ পূৰ্ণ প্ৰতিশ্ৰুতি পুনৰ দোহাৰে।গণতান্ত্ৰিকভাৱে নিৰ্বাচিত প্ৰধানমন্ত্ৰী হিচাপে ভাৰতৰ দীৰ্ঘতম অবিৰতভাৱে সেৱা আগবঢ়োৱা প্ৰধানমন্ত্ৰী হিচাপে বিবেচিত হোৱাৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীলৈ বিশ্বৰ নেতাসকলৰ অভিনন্দন বাৰ্তা
June 10th, 02:08 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ দীৰ্ঘতম নিৰন্তৰভাৱে সেৱা আগবঢ়োৱা গণতান্ত্ৰিকভাৱে নিৰ্বাচিত প্ৰধানমন্ত্ৰী হোৱাৰ বাবে বিশ্বৰ বহু ৰাষ্ট্ৰ আৰু চৰকাৰৰ মুৰব্বীসকলৰ পৰা অভিনন্দন বাৰ্তা লাভ কৰে।চাইপ্ৰাছ গণৰাজ্যৰ ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণৰ সময়ত প্ৰকাশ কৰা যুটীয়া বিবৃতি
May 22nd, 09:31 pm
ভাৰত গণৰাজ্যৰ প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণমৰ্মে ২০-২৩ মে’ ২০২৬ তাৰিখে চাইপ্ৰাছ গণৰাজ্যৰ ৰাষ্ট্ৰপতি নিকোছ ক্রিষ্টোডুলিডেছে চৰকাৰী ভ্ৰমণসূচীৰে ভাৰতলৈ আহিছে। ইউৰোপীয় সংঘৰ পৰিষদৰ চাইপ্ৰাছৰ অধ্যক্ষতাৰ সময়ত দেশখনৰ ৰাষ্ট্ৰপতিগৰাকীৰ এই ভ্ৰমণে বিশেষ তাৎপৰ্য বহন কৰিছে।তেওঁৰ এই ভ্ৰমণে ২০২৫ চনৰ জুন মাহত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ চাইপ্ৰাছ ভ্ৰমণৰ আনি দিয়া ঐতিহাসিক গতিক অধিক শক্তি প্ৰদান কৰিছে । প্ৰধানমন্ত্ৰী মোদীৰ যি ভ্ৰমণে এক কৌশলগত অংশীদাৰিত্বৰ ভেটি স্থাপন কৰিছিল আৰু ভাৰত-চাইপ্ৰাছৰ সম্পৰ্কক ফলাফলমুখী তথা কাৰ্যকৰীকৰণ-চালিত পৰ্যায়লৈ লৈ গৈছিল। ৰাজনৈতিক আলোচনাৰ অগ্ৰগতি , ব্যৱসায়িক সংযোগ বৃদ্ধি, প্ৰতিৰক্ষা, যোগাযোগ বৃদ্ধি, উদ্ভাৱন আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত সহযোগিতাকে ধৰি ২০২৫ চনত জাৰি কৰা যৌথ ঘোষণাপত্ৰখন কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত লাভ কৰা অগ্ৰগতিক দুয়োগৰাকী নেতাই আদৰণি জনায়। বিকশিত ভূ-ৰাজনৈতিক পৰিবেশ আৰু ভাৰত-চাইপ্ৰাছৰ অংশীদাৰিত্বৰ গভীৰতাক স্বীকৃতি দি নেতাদ্বয়ে দ্বিপাক্ষিক সৰ্বাংগীন অংশীদাৰিত্বক কৌশলগত অংশীদাৰিত্বলৈ উন্নীত কৰাৰ বিষয়ত সহমতত উপনীত হয়, যাতে নতুন বাস্তৱতা আৰু সুযোগসমূহৰ অন্বেষণ কৰিব পাৰি। ৰাষ্ট্ৰপতি ক্রিষ্টোডুলিডছক ২০২৬ চনৰ ২২ মে'ত ৰাষ্ট্ৰপতি ভৱনত উষ্ম আদৰণি জনায় ভাৰতৰ মাননীয় ৰাষ্ট্ৰপতি মহামহিম শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে ।তেওঁ ৰাজঘাটত মহা মানৱ মহাত্মা গান্ধীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। চাইপ্ৰাছৰ ৰাষ্ট্ৰপতিৰ সন্মানাৰ্থে মাননীয় ৰাষ্ট্ৰপতি মহোদয়াই চৰকাৰী ভোজৰো আয়োজন কৰে। এই ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী মোদী আৰু ৰাষ্ট্ৰপতি ক্রিষ্টোডুলিডেছে ২০২৬ চনৰ ২২ মে’ত নতুন দিল্লীত দ্বিপাক্ষিক আলোচনাত মিলিত হয়৷দুয়োগৰাকী নেতাই দ্বিপাক্ষিক সম্পর্ক সন্দর্ভত ব্যাপক আলোচনা কৰে আৰু বিভিন্ন খণ্ডত দ্বিপাক্ষিক সংযোগৰ নৱীকৃত গতিবেগক লৈ সন্তুষ্টি প্রকাশ কৰে৷ তেওঁলোকে ভাৰত আৰু চাইপ্ৰাছৰ মাজত ভাগ-বাটোৱাৰা কৰা গণতান্ত্ৰিক মূল্যবোধ, আইনৰ শাসন আৰু পাৰস্পৰিক সন্মানৰ ওপৰত ভিত্তি কৰি ঘনিষ্ঠ তথা বিশ্বাসযোগ্য অংশীদাৰিত্বৰ কথা পুনৰ দৃঢ় কৰে। ভাৰত-ইউৰোপীয় ইউনিয়নৰ সম্পৰ্কৰ লগতে পাৰস্পৰিক স্বাৰ্থৰ আঞ্চলিক তথা বিশ্বজোৰা বিষয়সমূহতো তেওঁলোকে মত বিনিময় কৰে।ফলাফলৰ সবিশেষঃ চাইপ্ৰাছ গণৰাজ্যৰ ৰাষ্ট্ৰপতি নিক’ছ ক্ৰিষ্টোড’লিডেছৰ ভাৰত ভ্ৰমণ
May 22nd, 04:11 pm
সন্ত্ৰাসবাদৰ বিৰুদ্ধে এক যুটীয়া কাৰ্যগোট গঠনৰ বাবে বুজাবুজি চুক্তিচাইপ্ৰাছ গণৰাজ্যৰ ৰাষ্ট্ৰপতিৰ সৈতে যুটীয়া সংবাদমেলৰ সময়ত প্ৰধানমন্ত্ৰীৰ বিবৃতি
May 22nd, 01:00 pm
ভাৰত আৰু চাইপ্ৰাছৰ মাজৰ বন্ধুত্ব শক্তিশালী আৰু ভৱিষ্যমুখী। গণতন্ত্ৰ আৰু আইনৰ শাসনৰ দৰে মূল্যবোধৰ ওপৰত গঢ়ি উঠা বিশ্বাস আমাৰ অংশীদাৰিত্বৰ আধাৰ। আমি সকলো দেশৰ সাৰ্বভৌমত্ব আৰু আঞ্চলিক অখণ্ডতাক সন্মান জনাইছো। ভাৰত এই নীতিসমূহৰ প্ৰতি সম্পূৰ্ণৰূপে দায়বদ্ধ আৰু ভৱিষ্যতেও দায়বদ্ধ হৈ থাকিব।Prime Minister thanks World Leaders for their greetings on India’s 77th Republic Day
January 26th, 11:12 pm
The Prime Minister, Shri Narendra Modi, today thanked the World Leaders for their greetings and wishes on the 77th Republic Day of India.চাইপ্ৰাছ গণৰাজ্য আৰু ভাৰত গণৰাজ্যৰ মাজত ব্যাপক অংশীদাৰিত্ব ৰূপায়ণ সন্দৰ্ভত যৌথ ঘোষণাপত্ৰ
June 16th, 03:20 pm
চাইপ্ৰাছ ৰিপাব্লিকৰ ৰাষ্ট্ৰপতি নিকোছ ক্রিষ্টোডুলিডেছে ২০২৫ চনৰ ১৫ জুনৰ পৰা ১৬ জুনলৈ চাইপ্ৰাছলৈ আনুষ্ঠানিক ভ্ৰমণৰ বাবে আমন্ত্ৰণ জনোৱা ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক উষ্ম আদৰণি জনায়।প্ৰধানমন্ত্ৰী মোদীৰ এই ভ্ৰমণ হৈছে কোনো এগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰীয়ে দুটা দশকৰো অধিক সময়ৰ পিছত প্ৰথমবাৰৰ বাবে কৰা চাইপ্ৰাছলৈ ভ্ৰমণ। সেয়ে প্ৰধানমন্ত্ৰী মোদীৰ এই ভ্ৰমণ এক ঐতিহাসিক মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈছে। এই ভ্ৰমণে দুয়ো খন দেশৰ মাজত গভীৰ আৰু চিৰস্থায়ী বন্ধুত্বক পুনৰ সুদৃঢ় কৰি তুলিছে । এই ভ্ৰমণে কেৱল ঐতিহাসিকভাবেই গুৰুত্বপূ্ৰ্ণ নহয়, ই দুয়োখন দেশৰ মাজত ভৱিষ্যতৰ যৌথ কৌশলগত দৃষ্টিভংগী আৰু পাৰস্পৰিক বিশ্বাস তথা সন্মানৰ মাজত শিপাই থকা অংশীদাৰিত্বৰৰ কথাও প্ৰতিফলিত কৰিছে।চাইপ্ৰাছ গণৰাজ্যৰ ৰাষ্ট্ৰপতিৰে মিলিত প্ৰধানমন্ত্ৰী
June 16th, 03:15 pm
আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী চাইপ্ৰাছ গণৰাজ্যৰ ৰাষ্ট্ৰপতি মহামহিম নিকোছ ক্রিষ্টোডুলিডেছৰ সৈতে আনুষ্ঠানিক বৈঠকত মিলিত হয়। ৰাষ্ট্ৰপতি ভৱনত উপস্থিত হোৱাৰ লগে-লগে প্ৰধানমন্ত্ৰীগৰাকীক ৰাষ্ট্ৰপতি ক্রিষ্টোডুলিডেছে আনুষ্ঠানিকভাৱে আদৰণি জনায়। কালিও প্ৰধানমন্ত্ৰীগৰাকীক বিমানবন্দৰতে ৰাষ্ট্ৰপতি ক্রিষ্টোডুলিডেছে উষ্ম আদৰণি জনাইছিল, এই কাৰ্য্যই দুয়োখন ৰাষ্ট্ৰৰ মাজত থকা পাৰস্পৰিক আস্থা আৰু চিৰস্থায়ী বন্ধুত্বৰ মনোভাৱকে প্ৰতিফলিত কৰে।চাইপ্ৰাছৰ ৰাষ্ট্ৰপতিৰ সৈতে যুটীয়া প্ৰেছ ব্রিফিঙত প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীৰ বিবৃতিৰ অসমীয়া অনুবাদ
June 16th, 01:45 pm
আৰম্ভণিতেই মাননীয় ৰাষ্ট্ৰপতিগৰাকীক তেওঁৰ উষ্ম আদৰণি আৰু আতিথ্যৰ বাবে আন্তৰিক কৃতজ্ঞতা জনাইছোঁ। কালি চাইপ্ৰাছত ভৰি দিয়াৰ পৰাই ৰাষ্ট্ৰপতি আৰু এই দেশৰ জনসাধাৰণে প্ৰদৰ্শন কৰা মৰমে মোৰ হৃদয় স্পৰ্শ কৰিছে।চাইপ্ৰাছৰ ‘গ্ৰেণ্ড ক্ৰছ অৱ দ্য অৰ্ডাৰ অৱ মাকাৰিয়ছ III’ বঁটা প্ৰদানৰ সময়ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
June 16th, 01:35 pm
মই আপোনাক, চৰকাৰ আৰু চাইপ্ৰাছৰ জনসাধাৰণক ধন্যবাদ জনাইছো যে তেওঁলোকে মোক ‘গ্ৰেণ্ড ক্ৰছ অৱ দ্য অৰ্ডাৰ অৱ মাকাৰিয়ছ III’ প্ৰদান কৰিলে।প্ৰধানমন্ত্ৰীয়ে গ্ৰেণ্ড ক্ৰছ অৱ দ্য অৰ্ডাৰ অৱ মাকাৰিয়াছ III গ্ৰহণ কৰে
June 16th, 01:33 pm
আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক চাইপ্ৰাছৰ ৰাষ্ট্ৰপতি মহামহিম নিকোছ ক্রিষ্টোডুলিডেছে চাইপ্ৰাছৰ সন্মান – গ্ৰেণ্ড ক্ৰছ অৱ দ্য অৰ্ডাৰ অৱ মাকাৰিয়াছ III প্ৰদান কৰে।চাইপ্ৰাছত উপস্থিত প্ৰধানমন্ত্ৰী মোদী
June 15th, 06:06 pm
কিছু সময়ৰ পূৰ্বে চাইপ্ৰাছত উপস্থিত হৈছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। বিমানবন্দৰত চাইপ্ৰাছৰ ৰাষ্ট্ৰপতি নিকোছ ক্রিষ্টোডুলিডেছে তেওঁক উষ্ম আদৰণি জনায়তিনিখন দেশ ক্ৰমে চাইপ্ৰাছ, কানাডা আৰু ক্ৰ’ৱেচিয়া ভ্ৰমণৰ পূৰ্বে প্ৰধানমন্ত্ৰীৰ বিবৃতি
June 15th, 07:00 am
আজি মই তিনিখন দেশ ক্ৰমে চাইপ্ৰাছ গণৰাজ্য , কানাডা আৰু ক্ৰ’ৱেচিয়া ভ্ৰমণ আৰম্ভ কৰিবলৈ ওলাইছো।১৫ জুনৰ পৰা ১৯ জুনলৈ চাইপ্ৰাছ, কানাডা আৰু ক্ৰ’ৱেচিয়া ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে
June 14th, 11:58 am
প্ৰধানমন্ত্ৰী মোদীয়ে ১৫-১৬ জুনত চাইপ্ৰাছ, ১৬-১৭ জুনত জি-৭ সন্মিলনৰ বাবে কানাডা আৰু ১৮ জুনত ক্ৰ’ৱেচিয়া ভ্ৰমণ কৰিব। প্ৰধানমন্ত্ৰী মোদীয়ে চাইপ্ৰাছৰ ৰাষ্ট্ৰপতি ক্রিষ্টোডুলিডেছৰ সৈতে আলোচনাত মিলিত হ’ব আৰু লিমাছলত ব্যৱসায়িক নেতাসকলক সম্বোধন কৰিব৷ পিছত কানাডাত জি-৭ সন্মিলনত প্ৰধানমন্ত্ৰী মোদীয়ে জি-৭ দেশৰ নেতাৰ সৈতে মত বিনিময় কৰিব। ক্ৰ’ৱেচিয়াত প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰধানমন্ত্ৰী প্লেনকোভিচৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ’ব আৰু ক্ৰ’ৱেচিয়াৰ ৰাষ্ট্ৰপতি জোৰাণ মিলানোভিচক সাক্ষাৎ কৰিব।