১৫ জুনৰ পৰা ১৯ জুনলৈ চাইপ্ৰাছ, কানাডা আৰু ক্ৰ’ৱেচিয়া ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে
June 14th, 11:58 am
প্ৰধানমন্ত্ৰী মোদীয়ে ১৫-১৬ জুনত চাইপ্ৰাছ, ১৬-১৭ জুনত জি-৭ সন্মিলনৰ বাবে কানাডা আৰু ১৮ জুনত ক্ৰ’ৱেচিয়া ভ্ৰমণ কৰিব। প্ৰধানমন্ত্ৰী মোদীয়ে চাইপ্ৰাছৰ ৰাষ্ট্ৰপতি ক্রিষ্টোডুলিডেছৰ সৈতে আলোচনাত মিলিত হ’ব আৰু লিমাছলত ব্যৱসায়িক নেতাসকলক সম্বোধন কৰিব৷ পিছত কানাডাত জি-৭ সন্মিলনত প্ৰধানমন্ত্ৰী মোদীয়ে জি-৭ দেশৰ নেতাৰ সৈতে মত বিনিময় কৰিব। ক্ৰ’ৱেচিয়াত প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰধানমন্ত্ৰী প্লেনকোভিচৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ’ব আৰু ক্ৰ’ৱেচিয়াৰ ৰাষ্ট্ৰপতি জোৰাণ মিলানোভিচক সাক্ষাৎ কৰিব।