ৰাজ্যসভাত প্ৰধানমন্ত্ৰীৰ ভাষণৰ মূল পাঠ

April 17th, 11:10 am

সদনৰ ফালৰ পৰা আৰু মোৰ ফালৰ পৰা, মই শ্ৰী হৰিবংশজীক বহুত অভিনন্দন আৰু শুভেচ্ছা জনাইছো। ৰাজ্যসভাৰ উপ-সভাপতি হিচাপে একেৰাহে তৃতীয়বাৰৰ বাবে নিৰ্বাচিত হোৱাটো, আপোনাৰ ওপৰত এই সদনৰ গভীৰ বিশ্বাস আৰু অতীতত আপোনাৰ অভিজ্ঞতাৰ পৰা উপকৃত হোৱা সকলোকে লগত লৈ যোৱাৰ আপোনাৰ প্ৰচেষ্টাৰ স্বীকৃতি। এক প্ৰকাৰে, সদনখনে আজি এক চিহ্ন স্থাপন কৰিছে আৰু ই নিজেই এক অভিজ্ঞতাৰ স্বীকৃতি আৰু লগতে এক মসৃণ কাম কৰা শৈলীৰ স্বীকৃতি। আমি সকলোৱে হৰিবংশজীৰ নেতৃত্বত সদনৰ ক্ষমতা অধিক ফলপ্ৰসূ হোৱাটোও দেখিছো আৰু মই ক’ব পাৰো যে কেৱল সদনৰ কাৰ্য্যকলাপ পৰিচালনা কৰাই নহয়, তেওঁ নিজৰ জীৱনৰ অতীতৰ অভিজ্ঞতাসমূহকো সদনক অতি সঠিকভাৱে সমৃদ্ধ কৰিবলৈ ব্যৱহাৰ কৰে। তেওঁৰ এই অভিজ্ঞতাই সদনৰ সমগ্ৰ কাৰ্য্যকলাপ, আচৰণ আৰু পৰিৱেশ অধিক পৰিপক্ক কৰি তোলে। মই আত্মবিশ্বাসী যে উপ-সভাপতিৰ নতুন কাৰ্যকাল একে মনোভাৱ, ভাৰসাম্য আৰু নিষ্ঠাৰে আগবাঢ়িব আৰু আমাৰ সকলোৰে প্ৰচেষ্টাত সদনৰ মৰ্যাদা নতুন শিখৰত উপনীত হ’ব।

ৰাজ্যসভাত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণ

April 17th, 11:00 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজ্যসভাত ভাষণ দিয়ে আৰু অভূতপূৰ্বভাৱে তৃতীয়বাৰৰ বাবে ৰাজ্যসভাৰ উপ-সভাপতি হিচাপে নিৰ্বাচিত হোৱাৰ বাবে শ্ৰী হৰিবংশক আন্তৰিক অভিনন্দন জ্ঞাপন কৰে। এই ঐতিহাসিক সাফল্য সন্দৰ্ভত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ইয়ে শ্ৰী হৰিবংশৰ ওপৰত সদনৰ গভীৰ বিশ্বাস আৰু প্ৰতিষ্ঠানটোৰ প্ৰতি তেওঁৰ মূল্যৱান অভিজ্ঞতাক প্ৰতিফলিত কৰে। একেৰাহে তৃতীয়বাৰৰ বাবে নিৰ্বাচিত হোৱাটো তেওঁৰ অভিজ্ঞতা, দৃষ্টিভংগী আৰু মৰ্য্যাদাপূৰ্ণ কৰ্মশৈলীৰ ওপৰতসদনৰ অনুমোদনৰ মোহৰ, শ্ৰী মোদীয়ে মন্তব্য কৰে।

নেপালৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ বাবে প্ৰধানমন্ত্ৰীৰ শ্ৰীযুত বলেন্দ্ৰ শ্বাহক অভিনন্দন জ্ঞাপন

March 27th, 01:27 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নেপালৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ বাবে শ্ৰীযুত বলেন্দ্ৰ শ্বাহক অভিনন্দন জনায়। ‘আপোনাৰ নিযুক্তিয়ে নেপালৰ জনসাধাৰণে আপোনাৰ নেতৃত্বৰ ওপৰত কৰা বিশ্বাসক প্ৰতিফলিত কৰে। দুয়োখন দেশৰ জনসাধাৰণৰ পাৰস্পৰিক লাভালাভৰ বাবে ভাৰত-নেপালৰ বন্ধুত্ব আৰু সহযোগিতাক শীৰ্ষলৈ লৈ যোৱাৰ উদ্দেশ্যে মই আপোনাৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰিবলৈ আগ্ৰহী’, শ্ৰী মোদীয়ে কয়।

Cabinet approves 4 lane construction from Barabanki to Bahraich in Uttar Pradesh worth Rs.6969.04 crore

March 18th, 04:10 pm

The Cabinet Committee on Economic Affairs, chaired by PM Narendra Modi has approved construction of 4-Lane Access-Controlled National Highway-927 from Barabanki to Bahraich in Uttar Pradesh worth Rs.6969.04 crore. The project will bypass major habitations, increase average travel speeds, reduce travel time to about one hour, and improve overall road safety, fuel efficiency, and vehicle operating costs.

নেপালত নিৰ্বাচনী সফলতাৰ বাবে ৰাষ্ট্ৰীয় স্বতন্ত্ৰ পাৰ্টিৰ নেতাসকলক অভিনন্দন জনাইছে প্ৰধানমন্ত্ৰী মোদীয়ে

March 09th, 10:04 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় স্বতন্ত্ৰ পাৰ্টিৰ অধ্যক্ষ ৰবি লমিচানে আৰু আৰ এছ পিৰ জ্যেষ্ঠ নেতা বলেন্দ্ৰ শ্বাহ ডাঙৰীয়াৰ সৈতে টেলিফোনিক বাৰ্তালাপ কৰে।

প্ৰধানমন্ত্ৰীয়ে নেপালত সফল আৰু শান্তিপূৰ্ণভাৱে নিৰ্বাচন অনুষ্ঠিত হোৱাত জনসাধাৰণ আৰু চৰকাৰক অভিনন্দন জনায়

March 07th, 05:15 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নেপালত সফল আৰু শান্তিপূৰ্ণভাৱে নিৰ্বাচন অনুষ্ঠিত হোৱাত দেশখনৰ জনসাধাৰণ তথা চৰকাৰক অভিনন্দন জনাইছে।

ভগৱান বুদ্ধৰ সৈতে জড়িত পৱিত্ৰ পিপ্ৰহৱা ধ্বংসাৱশেষৰ বিশাল আন্তঃৰাষ্ট্ৰীয় প্ৰদৰ্শনীৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ

January 03rd, 12:00 pm

কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা মোৰ সহযোগী গজেন্দ্ৰ সিং শ্বেখাৱটজী, কিৰেণ ৰিজিজুজী, ৰামদাস আথাৱালেজী, ৰাও ইন্দৰজিৎজী, দিল্লীৰ মুখ্যমন্ত্ৰীৰ পূৰ্বৰ এটা অনুষ্ঠান আছিল আৰু তেওঁ যাবলগীয়া হৈছে, দিল্লীৰ অন্যান্য সকলো সতীৰ্থ মন্ত্ৰী, দিল্লীৰ লেফটেনেণ্ট গৱৰ্ণৰ শ্ৰী ছাক্সেনাজী, মহামহিমসকল, কূটনৈতিক সম্প্ৰদায়ৰ সন্মানীয় সদস্যসকল, বৌদ্ধ পণ্ডিতগণ, ধৰ্ম অনুগামী ভদ্ৰ পুৰুষ আৰু মহিলাসকল।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীত ভগৱান বুদ্ধৰ সৈতে জড়িত পৱিত্ৰ পিপ্ৰহৱা ধ্বংসাৱশেষৰ বিশাল আন্তঃৰাষ্ট্ৰীয় প্ৰদৰ্শনী উদ্বোধন কৰে

January 03rd, 11:30 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ৰায় পিথোৰা সাংস্কৃতিক কমপ্লেক্সত “দ্য লাইট এণ্ড দ্য লোটাছ ঃ ৰেলিছ অব্ দ্য এৱেকেনড ৱান” শীৰ্ষক ভগৱান বুদ্ধৰ সৈতে জড়িত পৱিত্ৰ পিপ্ৰহৱা ধ্বংসাৱশেষৰ বিশাল আন্তঃৰাষ্ট্ৰীয় প্ৰদৰ্শনী উদ্বোধন কৰে। এই উপলক্ষে সভাত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে এশ পঁচিশ বছৰ অপেক্ষাৰ অন্তত ভাৰতৰ ঐতিহ্য ঘূৰি আহিছে, ভাৰতৰ উত্তৰাধিকাৰ পুনৰ উভতি আহিছে। তেওঁ আলোকপাত কৰে যে আজিৰ পৰা ভাৰতৰ জনসাধাৰণে ভগৱান বুদ্ধৰ এই পৱিত্ৰ ধ্বংসাৱশেষসমূহ প্ৰত্যক্ষ কৰি তেওঁৰ আশীৰ্বাদ লাভ কৰিব পাৰিব। এই শুভ অনুষ্ঠানত উপস্থিত থকা সকলো অতিথিক শ্ৰী মোদীয়ে আদৰণি জনাই শুভেচ্ছা জ্ঞাপন কৰে। তেওঁ বৌদ্ধ পৰম্পৰাৰ লগত জড়িত সন্ন্যাসী আৰু ধৰ্মাচাৰ্যও উপস্থিত থকা বুলি উল্লেখ কৰি তেওঁলোকৰ প্ৰতি তেওঁৰ শ্ৰদ্ধা ব্যক্ত কৰে। তেওঁ গুৰুত্ব আৰোপ কৰি কয় যে তেওঁলোকৰ উপস্থিতিয়ে এই অনুষ্ঠানটোক নতুন শক্তি প্ৰদান কৰিছে। প্ৰধানমন্ত্ৰীয়ে এই কথাতো আলোকপাত কৰে যে ২০২৬ চনৰ একেবাৰে আৰম্ভণিতে এই শুভ উদযাপন অতি প্ৰেৰণাদায়ক। ভগৱান বুদ্ধৰ আশীৰ্বাদত ২০২৬ বৰ্ষই বিশ্বৰ বাবে শান্তি, সমৃদ্ধি, সম্প্ৰীতিৰ এক নতুন যুগৰ সূচনা কৰক তাকেই কামনা কৰে।

নেপালত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত প্ৰাণ হেৰুওৱাসকলৰ বাবে শোক প্ৰকাশ প্ৰধানমন্ত্ৰীৰ

October 05th, 04:20 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নেপালত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত প্ৰাণ হেৰুওৱাসকলৰ লগতে ব্যাপক ক্ষয়-ক্ষতিৰ বাবে গভীৰ শোক প্ৰকাশ কৰে। তেওঁ এই কঠিন সময়ত নেপালৰ জনসাধাৰণ আৰু চৰকাৰৰ প্ৰতি থকা ভাৰতৰ অটল সমৰ্থনৰ কথা পুনৰবাৰ উল্লেখ কৰে। শ্ৰী মোদীয়ে সংকটৰ সময়ত বন্ধুত্বপূৰ্ণ প্ৰতিবেশী আৰু প্ৰথম সঁহাৰিদাতা হিচাপে দেশ খনৰ ভূমিকাৰ বিষয়ে আলোকপাত কৰি সকলো প্ৰয়োজনীয় সাহায্য প্ৰদানৰ বাবে ভাৰতৰ প্ৰতিশ্ৰুতিৰ কথা দৃঢ়তাৰে প্ৰকাশ কৰে।

প্ৰধানমন্ত্ৰীয়ে নেপালৰ শান্তি আৰু স্থিৰতা পুনৰুদ্ধাৰৰ বাবে ভাৰতৰ দৃঢ় সমৰ্থন পুনৰ নিশ্চিত কৰে

September 18th, 01:31 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নেপালৰ অন্তৱৰ্তীকালীন চৰকাৰৰ প্ৰধানমন্ত্ৰী শ্ৰীমতী সুশীলা কাৰ্কিৰ সৈতে এক উষ্ম বাৰ্তালাপ কৰে। শ্ৰী মোদীয়ে শেহতীয়াকৈ প্ৰাণ হেৰুওৱা লোক সকলৰ প্ৰতি গভীৰ সমবেদনা জ্ঞাপন কৰে আৰু শান্তি তথা সুস্থিৰতা ঘূৰাই অনাৰ বাবে শ্ৰীমতী সুশীলা কাৰ্কিৰ প্ৰচেষ্টাৰ প্ৰতি ভাৰতৰ অটল সমৰ্থন পুনৰ নিশ্চিত কৰে। লগতে, মই তেওঁক আৰু নেপালৰ জনসাধাৰণক কাইলৈৰ ৰাষ্ট্ৰীয় দিৱসৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিছো, শ্ৰী মোদীয়ে লগতে কয়।

Manipur is the crown jewel adorning the crest of Mother India: PM Modi in Imphal

September 13th, 02:45 pm

At the inauguration of projects worth over ₹1,200 crore in Imphal, PM Modi said a new phase of infrastructure growth has begun in Manipur. He noted that women empowerment is a key pillar of India’s development and Atmanirbhar Bharat, a spirit visible in the state. The PM affirmed his government’s commitment to peace and stability, stressing that return to a normal life is the top priority. He urged Manipur to stay firmly on the path of peace and progress.

PM Modi inaugurates multiple development projects worth over Rs 1,200 crore at Imphal, Manipur

September 13th, 02:30 pm

At the inauguration of projects worth over ₹1,200 crore in Imphal, PM Modi said a new phase of infrastructure growth has begun in Manipur. He noted that women empowerment is a key pillar of India’s development and Atmanirbhar Bharat, a spirit visible in the state. The PM affirmed his government’s commitment to peace and stability, stressing that return to a normal life is the top priority. He urged Manipur to stay firmly on the path of peace and progress.

নেপালৰ অন্তৱৰ্তীকালীন চৰকাৰৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ বাবে শ্ৰীমতী সুশীলা কাৰ্কীলৈ প্ৰধানমন্ত্ৰী মোদীৰ শুভেচ্ছা জ্ঞাপন

September 13th, 08:57 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নেপালৰ অন্তৱৰ্তীকালীন চৰকাৰৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ বাবে শ্ৰীমতী সুশীলা কাৰ্কীলৈ শুভেচ্ছা জ্ঞাপন কৰে। তেওঁ পুনৰ দৃঢ়তাৰে কয় যে ভাৰত নেপালৰ জনসাধাৰণৰ শান্তি, প্ৰগতি আৰু সমৃদ্ধিৰ প্ৰতি দৃঢ়ভাৱে দায়বদ্ধ হৈ আছে।

প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত নেপালৰ শেহতীয় পৰিস্থিতি সন্দৰ্ভত নিৰাপত্তা সম্পৰ্কীয় কেবিনেট কমিটিৰ বৈঠক সম্পন্ন

September 09th, 10:29 pm

আজি হিমাচল প্ৰদেশ আৰু পঞ্জাৱলৈ চৰকাৰী ভ্ৰমণৰ পৰা ঘূৰি আহিয়েই প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নিৰাপত্তা সম্পৰ্কীয় কেবিনেট কমিটিৰ বৈঠকত পৌৰহিত্য কৰি নেপালৰ শেহতীয় পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰে। প্রধানমন্ত্রীগৰাকীয়ে বহু যুৱক-যুৱতীৰ প্রাণ কাঢ়ি নিয়া এনে হিংসা কাৰ্য্যত গভীৰ শোক প্রকাশ কৰে। তেখেতে নেপালৰ সকলো নাগৰিককে শান্তি আৰু ঐক্যৰ প্ৰমূল্যবোধ অক্ষুণ্ণ ৰাখিবলৈ আন্তৰিক আহ্বান জনায়।

বিমষ্টেক সন্মিলনৰ সমান্তৰালভাৱে নেপালৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ প্ৰধানমন্ত্ৰী মোদীৰ

April 04th, 04:17 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বেংককত ষষ্ঠ বিমষ্টেক সন্মিলনৰ সমান্তৰালভাৱে নেপালৰ প্ৰধানমমন্ত্ৰী শ্ৰীযুত কে. পি. শৰ্মা অলীক সাক্ষাৎ কৰে।

০৩-০৬ৰ এপ্ৰিল, ২০২৫ৰ পৰা প্ৰধানমন্ত্ৰীৰ থাইলেণ্ড আৰু শ্ৰীলংকা ভ্ৰমণ

April 02nd, 02:00 pm

বেংকক(৩-৪ এপ্ৰিল, ২০২৫)ত অনুষ্ঠিত হ’বলগীয়া ষষ্ঠ বিমষ্টেক সন্মিলনত অংশগ্ৰহণৰ বাবে থাইলেণ্ড ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । ইয়াৰ পিছত ৰাষ্ট্ৰপতি অনুৰা কুমাৰ দিছানায়কৰ আমন্ত্ৰণত তেওঁ শ্ৰীলংকালৈ (৪-৬ এপ্ৰিল, ২০২৫) ভ্ৰমণলৈ যাব।

থাইলেণ্ডত অনুষ্ঠিত সংবাদ কাৰ্য্যসূচীত প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ পূৰ্ণপাঠ

February 14th, 08:30 am

থাইলেণ্ডত অনুষ্ঠিত সংবাদৰ (SAMVAD) এই সংস্কৰণত আপোনালোক সকলোৰে সৈতে যোগদান কৰিবলৈ পোৱাটো সন্মানৰ কথা। ভাৰত, জাপান আৰু থাইলেণ্ডৰ একাধিক বিশিষ্ট প্ৰতিষ্ঠান আৰু ব্যক্তিয়ে এই অনুষ্ঠানটো সাফল্যমণ্ডিত কৰি তুলিবলৈ কাম কৰি আছে। তেওঁলোকৰ এই প্ৰচেষ্টাৰ বাবে মই সকলোৰে শলাগ লৈছোঁ আৰু সকলো অংশগ্ৰহণকাৰীলৈ মোৰ শুভেচ্ছা জনাইছোঁ।

থাইলেণ্ডত সম্বাদ (SAMVAD) কাৰ্যসূচীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ মন্তব্য

February 14th, 08:10 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি থাইলেণ্ডত আয়োজিত সম্বাদ (SAMVAD) কাৰ্যসূচীৰ সময়ত ভিডিঅ 'বাৰ্তাৰ জৰিয়তে তেওঁৰ মন্তব্য প্ৰকাশ কৰে। সমাৱেশত ভাষণ দি তেওঁ থাইলেণ্ডত সম্বাদ (SAMVAD) সংস্কৰণত যোগদান কৰি এই অনুষ্ঠানটো সম্ভৱ কৰি তোলাৰ বাবে ভাৰত, জাপান আৰু থাইলেণ্ডৰ বিশিষ্ট প্ৰতিষ্ঠান আৰু ব্যক্তিসকলক প্ৰশংসা কৰে। তেওঁ সকলো অংশগ্ৰহণকাৰীক শুভেচ্ছা জ্ঞাপন কৰে।

ভাৰতৰ ৭৬ সংখ্যক গণৰাজ্য দিৱসৰ শুভেচ্ছা জনোৱাৰ বাবে প্ৰধানমন্ত্ৰীয়ে বিশ্বনেতাসকলক ধন্যবাদ জনাইছে

January 26th, 05:56 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰতৰ ৭৬ সংখ্যক গণৰাজ্য দিৱসত বিশ্বনেতাসকলক অভিনন্দন আৰু শুভেচ্ছা জনোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। নেপালৰ প্ৰধানমন্ত্ৰীয়ে এক্সত দিয়া এটা পোষ্টৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে কয়।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এনচিচি কেডেট, এনএছএছ স্বেচ্ছাসেৱক, জনজাতীয় অতিথি আৰু প্ৰতীকপট শিল্পীৰ সৈতে মত বিনিময় কৰে

January 25th, 03:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কালি (২৪ জানুৱাৰী, ২০২৫) লোক কল্যাণ মাৰ্গত থকা নিজৰ বাসগৃহত আগন্তুক গণৰাজ্য দিৱসৰ পেৰেডৰ অংশ হ’বলগীয়া এনচিচি কেডেট, এনএছএছ স্বেচ্ছাসেৱক, জনজাতীয় অতিথি আৰু প্ৰতীকপট শিল্পীৰ সৈতে মত বিনিময় কৰে। বাৰ্তালাপৰ সময়ত, বহু অংশগ্ৰহণকাৰীয়ে প্ৰধানমন্ত্ৰীক ব্যক্তিগতভাৱে সাক্ষাৎ হোৱাত নিজৰ সন্তুষ্টি প্ৰকাশ কৰে, ইয়াৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে কয়, “ই ভাৰতীয় গণতন্ত্ৰৰ শক্তি প্ৰকাশ কৰে।”