প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্ৰীলংকাৰ ৰাষ্ট্ৰপতিৰ পৰা ফোন কল লাভ কৰে
March 24th, 09:11 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি মহামহিম অনুৰা কুমাৰ দিছানায়কৰ পৰা এটা ফোনকল লাভ কৰে। বিশ্ব শক্তি সুৰক্ষাত প্ৰভাৱ পেলোৱা ব্যাঘাতৰ ওপৰত গুৰুত্ব আৰোপ কৰি দুয়োগৰাকী নেতাই পশ্চিম এছিয়াৰ বিৱৰ্তনশীল পৰিস্থিতিৰ বিষয়ে আলোচনা কৰে। দুয়োগৰাকী নেতাই সমগ্ৰ বিশ্বৰ স্বাৰ্থত জাহাজৰ বাবে পথ মুকলি আৰু সুৰক্ষিত ৰখাৰ গুৰুত্বৰ কথা পুনৰবাৰ উল্লেখ কৰে।ভাৰত এ আই ইমপেক্ট ছামিটৰ সময়তে মৰিচাছৰ প্ৰধানমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক
February 20th, 10:13 pm
নতুন দিল্লীত অনুষ্ঠিত ভাৰত এ আই ইমপেক্ট সন্মিলনৰ সময়তে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মৰিচাছৰ প্ৰধানমন্ত্ৰী ড° নবীনচন্দ্ৰ ৰামগুলামক সাক্ষাৎ কৰে। ২০২৫ চনৰ ছেপ্টেম্বৰ মাহত কৰা ভ্ৰমণৰ পিছত বৰ্তমানৰ কাৰ্যকালত প্ৰধানমন্ত্ৰী ৰামগুলামৰ এয়া হৈছে দ্বিতীয়বাৰৰ বাবে কৰা ভাৰত ভ্ৰমণ।এই বৈঠক ২০২৬ চনৰ ৯ ফেব্ৰুৱাৰীত দুয়োগৰাকী নেতাৰ শেহতীয়া টেলিফোনিক বাৰ্তালাপৰ পিছতো অনুষ্ঠিত হয়।মৰিচাছৰ প্ৰধানমন্ত্ৰীৰ সৈতে যুটীয়া সংবাদ মেলৰ সময়ত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতিৰ অসমীয়া অনুবাদ
September 11th, 12:30 pm
আৰু আজি যেতিয়া আমি কাশীত মৰিচাছৰ পৰা অহা বন্ধু-বান্ধৱীক আদৰণি জনাইছো, তেতিয়া ই কেৱল আনুষ্ঠানিকতা নহয়, আধ্যাত্মিক মিলনহে। সেইবাবেই মই গৌৰৱেৰে কওঁ যে ভাৰত আৰু মৰিচাছ কেৱল অংশীদাৰ নহয় বৰঞ্চ এটা পৰিয়াল।১১ ছেপ্টেম্বৰত উত্তৰ প্ৰদেশ আৰু উত্তৰাখণ্ড ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে
September 10th, 01:01 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১১ ছেপ্টেম্বৰত উত্তৰ প্ৰদেশ আৰু উত্তৰাখণ্ড ভ্ৰমণ কৰিব।মালদ্বীপৰ ৰাষ্ট্ৰপতিৰে প্ৰধানমন্ত্ৰীৰ বৈঠক
July 25th, 08:48 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আজি মালেস্থিত ৰাষ্ট্ৰপতি কাৰ্য্যালয়ত মালদ্বীপ গণৰাজ্যৰ ৰাষ্ট্ৰপতি মহামহিম ডঃ মুহম্মদ মুইজ্জুৰ সৈতে এখনি বৈঠকত মিলিত হয়। বৈঠকৰ পূৰ্বে ৰিপাব্লিক স্কোৱাৰত প্ৰধানমন্ত্ৰীক ৰাষ্ট্ৰপতি মুইজ্জুৱে সম্ভাষণ আৰু আনুষ্ঠানিকভাৱে আদৰণি জনায়। উক্ত বৈঠকত দুয়োখন ৰাষ্ট্ৰৰ মাজৰ বদ্ধমূল সম্পৰ্ক আৰু বন্ধুত্বৰ কথা দোহৰা হয়।ব্ৰিটেইন আৰু মালদ্বীপ ভ্ৰমণৰ পূৰ্বে প্ৰধানমন্ত্ৰীৰ বিবৃতি
July 23rd, 01:05 pm
ভাৰত আৰু ব্ৰিটেইনে এক ব্যাপক কৌশলগত অংশীদাৰীত্ব কৰিছে, যিয়ে শেহতীয়া বছৰবোৰত উল্লেখযোগ্য অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে। আমাৰ সহযোগিতা বাণিজ্য, বিনিয়োগ, প্ৰযুক্তি, উদ্ভাৱন, প্ৰতিৰক্ষা, শিক্ষা, গৱেষণা, বহনক্ষমতা, স্বাস্থ্য আৰু জনসাধাৰণৰ মাজৰ সম্পৰ্ককে ধৰি বিভিন্ন ক্ষেত্ৰত বিস্তাৰিত। মাননীয় প্ৰধানমন্ত্ৰী চাৰ কেইৰ ষ্টাৰমাৰৰ সৈতে হ’বলগীয়া বৈঠকত আমি দুয়োখন দেশত সমৃদ্ধি, বিকাশ আৰু কৰ্মসংস্থাপন সৃষ্টিৰ লক্ষ্যৰে পৰস্পৰৰ অৰ্থনৈতিক অংশীদাৰিত্ব অধিক বৃদ্ধি কৰাৰ সুযোগ পাম। এই ভ্ৰমণকালত মই মহামান্য ৰজা তৃতীয় চাৰ্লছক সাক্ষাৎ কৰিবলৈও আগ্ৰহী।