ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীৰ প্ৰতিষ্ঠা দিৱসত ইয়াৰ সাহসী কৰ্মীসকলক প্ৰধানমন্ত্ৰীৰ অভিবাদন
January 19th, 09:30 am
ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীৰ সাহসী জোৱানসকলৰ সাহস, নিষ্ঠা আৰু নিঃস্বাৰ্থ সেৱাৰ প্ৰশংসা কৰি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ইয়াৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে তেওঁলোকক শুভেচ্ছা জ্ঞাপন কৰে।নতুন দিল্লীৰ কৃষি কাৰ্যসূচীত কৃষকৰ সৈতে প্ৰধানমন্ত্ৰীয়ে কৰা পাৰস্পৰিক মত-বিনিময়ৰ অসমীয়া অনুবাদ
October 12th, 06:45 pm
ৰাম-ৰাম! মই হাৰিয়ানাৰ হিছাৰ জিলাৰ। কাবুলী বুটেৰে খেতি আৰম্ভ কৰিছো। প্ৰথম অৱস্থাত মাত্ৰ অলপকৈ...কৃষি খণ্ডত ৩৫,৪৪০ কোটি টকা ব্যয়ৰ দুখন গুৰুত্বপূৰ্ণ আঁচনিৰ শুভাৰম্ভ অনুষ্ঠানত কৃষকৰ সৈতে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ বাৰ্তালাপ
October 12th, 06:25 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠানত এক কৃষি কাৰ্যসূচীত কৃষকসকলৰ সৈতে মত বিনিময় কৰে। এই কাৰ্যসূচীয়ে কৃষক কল্যাণ, কৃষি আত্মনিৰ্ভৰশীলতা আৰু গ্ৰাম্য আন্তঃগাঁথনি শক্তিশালীকৰণৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ নিৰন্তৰ দায়বদ্ধতা প্ৰতিফলিত কৰে। কৃষি খণ্ডত ৩৫,৪৪০ কোটি টকা ব্যয়ৰ দুখন গুৰুত্বপূৰ্ণ আঁচনি মুকলিৰ ৰাজহুৱা অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে কৃষকসকলৰ সৈতে বাৰ্তালাপ কৰে। তেওঁ ২৪,০০০ কোটি টকা ব্যয়সাপেক্ষ প্ৰধানমন্ত্ৰী ধন ধন্য কৃষি যোজনাৰ শুভাৰম্ভ কৰে। ইয়াৰ উপৰি তেওঁ ১১,৪৪০ কোটি টকা ব্যয়সাপেক্ষ মাহজাতীয় শস্যত আত্মনিৰ্ভৰতা অভিযানৰ শুভাৰম্ভ কৰে। প্ৰধানমন্ত্ৰীয়ে প্ৰায় ৮১৫ কোটি টকাৰ অতিৰিক্ত প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে কৃষি, পশুপালন, মীন পালন আৰু খাদ্য প্ৰক্ৰিয়াকৰণ খণ্ডত ৫,৪৫০ কোটি টকাতকৈও অধিক মূল্যৰ প্ৰকল্প উদ্বোধন কৰাৰ লগতে কিছুসংখ্যক প্ৰকল্প ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰে।ডেৰাডুন ভ্ৰমণ প্ৰধানমন্ত্ৰীৰ, উত্তৰাখণ্ডৰ বানপানীৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ মূল্যায়নৰ বাবে পৰ্যালোচনা বৈঠক
September 11th, 06:02 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি (১১ ছেপ্টেম্বৰ, ২০২৫ত) ডেৰাডুন ভ্ৰমণ কৰি উত্তৰাখণ্ডত ডাৱৰ বিস্ফোৰণ, প্ৰচণ্ড বৰষুণ আৰু ভূমিস্খলনৰ ফলত হোৱা বান পৰিস্থিতি আৰু ক্ষয়-ক্ষতিৰ পৰ্যালোচনা কৰে।প্ৰধানমন্ত্ৰীয়ে আকাশমাৰ্গেৰে পঞ্জাৱৰ বানপীড়িত অঞ্চল পৰিদৰ্শন কৰে
September 09th, 05:34 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পঞ্জাৱ ভ্ৰমণেৰে ডাৱৰ বিস্ফোৰণ আৰু ধাৰাসাৰ বৰষুণৰ ফলত হোৱা বান পৰিস্থিতি আৰু ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ ক্ষয়-ক্ষতিৰ পৰ্য্যালোচনা কৰে।প্ৰধানমন্ত্ৰীয়ে আকাশমাৰ্গেৰে হিমাচল প্ৰদেশৰ বান আৰু বৃষ্টিপাত প্ৰভাৱিত অঞ্চলসমূহ পৰিদৰ্শন কৰে
September 09th, 03:01 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হিমাচল প্ৰদেশ ভ্ৰমণেৰে ৰাজ্যখনৰ বান পৰিস্থিতি আৰু ইয়াৰ পৰিণতিত তথা ডাৱৰ বিস্ফোৰণ, বৃষ্টিপাত আৰু ভূমিস্খলনৰ বাবে ক্ষয়-ক্ষতিৰ পৰ্য্যালোচনা কৰে।