মা কাত্যায়নীৰ আশীৰ্বাদ বিচাৰি আৰু ভক্তিমূলক আবৃত্তিৰে প্ৰধানমন্ত্ৰীৰ সংস্কৃত সুভাশিতম শ্বেয়াৰ

March 24th, 08:06 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মা কাত্যায়নীৰ আশীৰ্বাদ বিচাৰি কয় যে মা জগদম্বেৰ পূজা-অৰ্চনাই মনটোক অসীম শক্তিৰে ভৰাই তোলে, আনহাতে তেওঁৰ ঐশ্বৰিক জ্যোতিয়ে হৃদয়ক উচ্চ চেতনাৰে আলোকিত কৰে। তেওঁ প্ৰাৰ্থনা কৰে যে ঈশ্বৰত্ব আৰু পৰাক্ৰমৰ প্ৰতীক দেৱীৰ আশীৰ্বাদত তেওঁৰ সকলো ভক্ত অপৰিসীম শক্তি আৰু আত্মবিশ্বাসৰে পৰিপূৰ্ণ হওক।

মা অম্বেৰ উপাসনাৰ ঐশ্বৰিক পৰিবেশ আৰু আধ্যাত্মিক আনন্দৰ বিষয়ে প্ৰধানমন্ত্ৰীৰ আলোকপাত

March 23rd, 08:50 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দেৱী মাতাৰ পূজাৰ পৰা লাভ কৰা শান্তি আৰু শক্তিৰ ওপৰত আলোকপাত কৰি নৱৰাত্ৰিৰ আধ্যাত্মিক গুৰুত্ব সন্দৰ্ভত তেওঁৰ মনোভাৱ শ্বেয়াৰ কৰে। শ্ৰী মোদীয়ে দেৱীৰ প্ৰতি উৎসর্গীকৃত এটা ভক্তিমূলক স্তুতিগীতো শ্বেয়াৰ কৰে।

নৱৰাত্ৰিৰ আধ্যাত্মিক গুৰুত্ব আৰু মা অম্বেৰ ভক্তিৰ ঐশ্বৰিক প্ৰভাৱ ওপৰত আলোকপাত প্ৰধানমন্ত্ৰীৰ

March 20th, 09:48 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নৱৰাত্ৰিৰ গভীৰ আধ্যাত্মিক প্ৰভাৱৰ ওপৰত তেওঁৰ অনুভৱ শ্বেয়াৰ কৰি মা অম্বেৰ প্ৰতি ভক্তিয়ে কেনেদৰে মন অপৰিসীম শান্তি আৰু শক্তিৰে ভৰাই তোলে তাৰ ওপৰত আলোকপাত কৰে। শ্ৰী মোদীয়ে মা অম্বেৰ প্ৰতি উৎসৰ্গিত এটা ভক্তিমূলক স্তুতিগীত শ্বেয়াৰ কৰে।

নৱৰাত্ৰি উপলক্ষে সকলোলৈ প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা

March 19th, 09:48 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নৱৰাত্ৰি উপলক্ষে সকলোলৈ তেওঁৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি সমৃদ্ধি, স্বাস্থ্য আৰু বিকশিত ভাৰতৰ সংকল্প পূৰণৰ বাবে প্ৰাৰ্থনা জনায়।

গুৱাহাটী, অসমত বিভিন্ন উন্নয়নমূলক কাম-কাজৰ শুভাৰম্ভ অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ ইংৰাজী অনুবাদ

March 13th, 05:30 pm

অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য, ইয়াৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় কেবিনেটত মোৰ সহযোগী সৰ্বানন্দ সোণোৱাল, উপস্থিত থকা ৰাজ্য চৰকাৰৰ সকলো মন্ত্ৰী, জনসাধাৰণৰ প্ৰতিনিধি, সমগ্ৰ দেশৰ পৰা প্ৰযুক্তিৰ জৰিয়তে এই কাৰ্যসূচীৰ সৈতে জড়িত আমাৰ সকলো কৃষক সঙ্গী, চাহ বাগিচাত কাম কৰা মোৰ ভাই-ভনীসকল, মই দেখিছোঁ যে আজি আমাৰ কেইবাজনো জ্যেষ্ঠ মুখ্যমন্ত্ৰীয়েও দেশৰ প্ৰতিটো কোণৰ পৰা এই কাৰ্যসূচীত আমাৰ সৈতে জড়িত হৈ আছে, সকলোকে মোৰ শুভেচ্ছা জনাইছো।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ গুৱাহাটীত ১৯,৪৮০ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন তথা আধাৰশিলা স্থাপন কৰে ; প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি মুকলি কৰি দেশৰ কোটি কোটি কৃষকক ১৮,০০০ কোটি টকাতকৈ অধিক ধন প্ৰেৰণ কৰিলে

March 13th, 05:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অসমৰ গুৱাহাটীত প্ৰায় ১৯,৪৮০ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। প্ৰধানমন্ত্ৰীয়ে গুৱাহাটীত অনুষ্ঠিত এক সমাৱেশত ভাষণ দি মহানগৰবাসীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে। দেশৰ বিভিন্ন প্ৰান্তৰ পৰা যোগদান কৰা কৃষকসকলৰ লগতে চাহ বাগিচাত কৰ্মৰত ভাই-ভনীসকলকো তেওঁ সম্ভাষণ জনায়। নৱৰাত্ৰিৰ প্ৰাকক্ষণত মা কামাখ্যাৰ পবিত্ৰ ভূমিত উপস্থিত হোৱাৰ সৌভাগ্যৰ বাবে প্ৰধানমন্ত্ৰীয়ে কৃতজ্ঞতা জ্ঞাপন কৰে। শ্ৰী মোদীয়ে কয় যে নৱৰাত্ৰি আৰম্ভ হোৱাৰ ঠিক আগতেই মা কামাখ্যাৰ এই পৱিত্ৰ ভূমি দৰ্শন কৰিব পৰাটো সৌভাগ্যৰ কথা।

অন্ধ্ৰ প্ৰদেশৰ কুৰ্ণুলত বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভণি অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ

October 16th, 03:00 pm

অন্ধ্ৰ প্ৰদেশৰ মাননীয় ৰাজ্যপাল এছ আব্দুল নাজীৰ জী; জনপ্ৰিয় আৰু কঠোৰ পৰিশ্ৰমী মুখ্যমন্ত্ৰী শ্ৰী চন্দ্ৰবাবু নাইডু জী; কেন্দ্ৰীয় মন্ত্ৰী কে ৰামমোহন নাইডু জী; চন্দ্ৰ শেখৰ পেম্মাছানি জী; ভূপতিৰাজু শ্ৰীনিবাস বাৰ্মা জী; উপ-মুখ্যমন্ত্ৰী পৱন কল্যাণ জী; ৰাজ্য চৰকাৰৰ মন্ত্ৰী নাৰা লোকেশ জী; আন সকলো মন্ত্ৰী; বিজেপিৰ ৰাজ্যিক সভাপতি পি.ভি.এন. মাধৱ জী; সকলো সংসদ সদস্য, বিধায়ক আৰু মোৰ মৰমৰ ভাই-ভনীসকল, যিসকলে ইয়াত ইমান বৃহৎ সংখ্যাত আমাক আশীৰ্বাদ দিবলৈ গোট খাইছে!

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অন্ধ্ৰ প্ৰদেশৰ কুৰ্ণুলত ১৩,৪৩০ কোটি টকাৰ ৰাষ্ট্ৰ উন্নয়ন প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন তথা উৎসৰ্গা কৰে

October 16th, 02:30 pm

দ্বাদশ জ্যোতিৰ্লিংগ স্তোত্ৰমৰ এটা শ্লোক—“সৌৰাষ্ট্ৰ সোমনাথম চ শ্ৰীশৈলা মল্লিকাৰ্জুনম” আবৃত্তি কৰি শ্ৰী মোদীয়ে আলোকপাত কৰে যে বাৰটা জ্যোতিৰ্লিংগৰ ভিতৰত আৰম্ভণিতে ভগৱান সোমনাথ আৰু ভগৱান মল্লিকাৰ্জুনৰ নাম একেলগে থকা দেখা যায়। “গুজৰাটৰ পবিত্ৰ সোমনাথ ভূমিত জন্ম লোৱা, কাশীত বাবা বিশ্বনাথৰ ভূমিত সেৱা কৰাৰ সুযোগ পোৱা, আৰু এতিয়া শ্ৰীছাইলামৰ আশীৰ্বাদ লাভ কৰাটো মোৰ সৌভাগ্য”, শ্ৰী মোদীয়ে কয়। শ্ৰীছাইলাম ভ্ৰমণৰ অন্তত প্ৰধানমন্ত্ৰীয়ে শিৱাজী স্পুৰতি কেন্দ্ৰত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে মঞ্চৰ পৰা ছত্ৰপতি মহাৰাজক শ্ৰদ্ধাঞ্জলি জনায়। তেওঁ আল্লামা প্ৰভু আৰু আক্কামাদেৱী আদি পূজনীয় শৈৱী সন্তসকলক প্ৰণাম জনায়। লগতে শ্ৰী উয়ালাৱাদা নৰসিংহ ৰেড্ডী গাৰু আৰু শ্ৰী হৰি সৰ্বোত্তম ৰাওকে ধৰি মহান স্বাধীনতা সংগ্ৰামীসকলকো শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে সকলোকে মহানৱমীৰ শুভেচ্ছা জনাইছে

October 01st, 09:26 am

আজি মহানৱমী উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সকলোকে সম্ভাষণ জনায়।

প্ৰধানমন্ত্ৰীয়ে মহা অষ্টমী উপলক্ষে সকলোকে শুভেচ্ছা জনাইছে

September 30th, 09:11 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শুভ মহা অষ্টমী উপলক্ষে সকলোকে শুভেচ্ছা জনাইছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে এই পবিত্ৰ উপলক্ষই যেন সকলোৰে জীৱনলৈ সুখ, শান্তি আৰু সু-স্বাস্থ্য কঢ়িয়াই আনে, তাৰ কামনা কৰে। শ্ৰী মোদীয়ে দেৱীৰ প্ৰাৰ্থনা (স্তুতি) ও শ্বেয়াৰ কৰে।

BJP’s connection with Delhi goes back to the Jana Sangh days and is built on trust and commitment to the city: PM Modi

September 29th, 08:40 pm

Inaugurating the Delhi BJP’s new office, PM Modi said, “On this auspicious occasion of Navratri, Delhi BJP has received its new office today. It is a moment filled with new dreams and fresh resolutions.” He added, “For us, every BJP office is no less than a shrine, no less than a temple. A BJP office is not merely a building. It is a strong link that connects the Party with the grassroots and with people’s aspirations.”

PM Modi inaugurates Delhi BJP’s new office at Deendayal Upadhyaya Marg

September 29th, 05:00 pm

Inaugurating the Delhi BJP’s new office, PM Modi said, “On this auspicious occasion of Navratri, Delhi BJP has received its new office today. It is a moment filled with new dreams and fresh resolutions.” He added, “For us, every BJP office is no less than a shrine, no less than a temple. A BJP office is not merely a building. It is a strong link that connects the Party with the grassroots and with people’s aspirations.”

দেৱী মাৰ পূজা অৰ্চনা প্ৰধানমন্ত্ৰীৰ, সকলোৰে কল্যান কামনা

September 29th, 09:43 am

নৱৰাত্ৰি শুভ উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দেৱী মাক সকলো নাগৰিকৰ কল্যাণ আৰু উত্থানৰ বাবে তেওঁৰ ঐশ্বৰিক আশীৰ্বাদ কামনা কৰি আন্তৰিকতাৰে পূজা অৰ্চনা কৰে।

দেৱী মাৰ প্ৰাৰ্থনা জনাই সকলোৰে বাবে শক্তি আৰু মংগল কামনা কৰিলে প্ৰধানমন্ত্ৰীয়ে

September 28th, 09:00 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দেৱী মাৰ চৰণত আন্তৰিক প্ৰণাম জনাই দেশবাসীৰ বাবে তেওঁৰ ঐশ্বৰিক আশীৰ্বাদ কামনা কৰে।আধ্যাত্মিক উদ্যম আৰু সামূহিক সদিচ্ছা অনুৰণিত বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে সকলো নাগৰিকৰ মংগল, সাহস আৰু আভ্যন্তৰীণ শক্তিৰ বাবে প্ৰাৰ্থনা কৰে।

প্ৰধানমন্ত্ৰীয়ে কৰিলে নৱৰাত্ৰিৰ প্ৰাৰ্থনা, কামনা কৰিলে সকলোকে শক্তি প্ৰদান কৰি আত্মবিশ্বাসেৰে জগাই তোলাৰ

September 27th, 08:42 am

নৱৰাত্ৰিৰ শুভক্ষণত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ঐশ্বৰিক মাতৃক শ্ৰদ্ধা সহকাৰে প্ৰণাম জনায় আৰু সকলো নাগৰিককে নৱৰাত্ৰিৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে।

বিহাৰৰ মুখ্যমন্ত্ৰী মহিলা ৰোজগাৰ যোজনা উন্মোচনৰ সময়ত ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ অসমীয়া অনুবাদ

September 26th, 11:30 am

নৱৰাত্ৰিৰ এই শুভ দিনবোৰত বিহাৰৰ নাৰী শক্তিৰ লগত তেওঁলোকৰ আনন্দৰ সৈতে যোগদান কৰাৰ সুযোগ পাইছো। মই ইয়াত পৰ্দাত চাই আছিলো, লাখ লাখ মহিলা আৰু ভগ্নীক দেখিছো । এই পৱিত্ৰ নৱৰাত্ৰিৰ উৎসৱত আপোনালোকৰ আশীৰ্বাদ আমাৰ সকলোৰে বাবে এক বৃহৎ শক্তি। আজি আপোনালোকৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো আৰু আজিৰে পৰা 'মুখ্যমন্ত্ৰী মহিলা ৰোজগাৰ যোজনা'ৰ শুভাৰম্ভ কৰা হৈছে বুলি ঘোষণৈা কৰিলো। মোক কোৱাৰ দৰে এই আঁচনিখনত এতিয়ালৈকে ৭৫ লাখ মহিলাই যোগদান কৰিছে। এইমাত্ৰ ৭৫ লাখ মহিলাৰ বেংক একাউণ্টলৈ ১০,০০০ টকাকৈ পঠিওৱা হৈছে।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিহাৰৰ মুখ্যমন্ত্ৰী মহিলা ৰোজগাৰ যোজনা মুকলি কৰে

September 26th, 11:00 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে বিহাৰৰ মুখ্যমন্ত্ৰী মহিলা ৰোজগাৰ যোজনাৰ শুভাৰম্ভ কৰে।এই উপলক্ষে সমবেত লোকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে নৱৰাত্ৰি উপলক্ষে সকলোকে শুভেচ্ছা জ্ঞাপন কৰে। তেওঁ বিহাৰৰ মহিলাসকলৰ উৎসৱ উদযাপনত যোগদান কৰি আনন্দ প্ৰকাশ কৰে আৰু আজি মুখ্যমন্ত্ৰী মহিলা ৰোজগাৰ যোজনা আৰম্ভ কৰা বুলি প্ৰকাশ কৰে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে ইতিমধ্যে ৭৫ লাখ মহিলাই এই পদক্ষেপত যোগদান কৰিছে। তেওঁ ঘোষণা কৰে যে এই ৭৫ লাখ মহিলাৰ প্ৰত্যেকৰে বেংক একাউণ্টত একেলগে ১০,০০০ টকা স্থানান্তৰ কৰা হৈছে।

প্ৰধানমন্ত্ৰীয়ে সকলো নাগৰিকৰ বাবে সমৃদ্ধি আৰু আনন্দৰ কামনাৰে নৱৰাত্ৰিৰ প্ৰাৰ্থনা কৰে

September 26th, 10:00 am

নৱৰাত্ৰিৰ পবিত্ৰ ক্ষণত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ জনসাধাৰণক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে আৰু সকলো ভক্তৰ কল্যাণৰ বাবে প্ৰাৰ্থনা জনায়।

নৱৰাত্ৰিৰ চতুৰ্থ দিনা মা কুষ্মাণ্ডাক প্ৰাৰ্থনা প্ৰধানমন্ত্ৰীৰ

September 25th, 08:08 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নৱৰাত্ৰিৰ চতুৰ্থ দিনা মা কুষ্মাণ্ডাক প্ৰাৰ্থনা কৰে।

নৱৰাত্ৰিৰ তৃতীয় দিনা দেৱী চন্দ্ৰঘণ্টাক প্ৰাৰ্থনা প্ৰধানমন্ত্ৰীৰ

September 24th, 08:43 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নৱৰাত্ৰিৰ তৃতীয় দিনা দেৱী চন্দ্ৰঘণ্টাক প্ৰাৰ্থনা কৰে।