'মন কী বাত'ত ড্ৰাগছমুক্ত ভাৰতৰ অভিযানত নাগৰিকসকলক যোগ দিবলৈ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ

August 30th, 11:30 am

এই মাহৰ 'মন কী বাত'ত প্ৰধানমন্ত্ৰী মোদীয়ে দেশপ্ৰেম আৰু 'ভোকেল ফৰ লোকেল'ৰ সংকল্পক শক্তিশালী কৰি ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস, স্বাধীনতা দিৱস আৰু ভাৰত ত্যাগ আন্দোলনকে ধৰি আগষ্ট মাহৰ মূল ঘটনাবোৰৰ লগতে জন্মাষ্টমী আৰু বিশ্বকৰ্মা পূজাৰ দৰে আগন্তুক উৎসৱসমূহৰ বিষয়ে উল্লেখ কৰে। তদুপৰি তেওঁ বন সংৰক্ষণ, ভাৰতীয় ইতিহাস, পৰিস্কাৰ-পৰিচ্ছন্নতা, মহিলা সবলীকৰণ আদিকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় উল্লেখ কৰে।

৮০ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ প্ৰাচীৰৰ পৰা প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দিয়া ভাষণৰ মূল অংশসমূহ

August 15th, 04:44 pm

আজি ৮০ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ প্ৰাচীৰৰ পৰা দেশবাসীক সম্বোধন কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। তেওঁৰ ভাষণত বিগত মোদীয়ে বিগত ১২টা বছৰত উৎপাদন, ডিজিটেলখণ্ডৰ উথ্থান আৰু নাগৰিকসকললৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ভাৰতৰ প্ৰগতিৰ বিশদ প্ৰতিবেদন দাখিল কৰে। ৰাষ্ট্ৰীয় উচ্চাকাংক্ষা পূৰণৰ বাবে সাতটা মূলখণ্ডক সামৰি লোৱা ৰূপান্তৰণশীল 'সপ্ত ধৰা'-ও উন্মোচন কৰে।

প্ৰধানমন্ত্ৰীয়ে নিউজিলেণ্ডৰ ভাৰতীয় সম্প্ৰদায়ক সম্বোধি দিয়া ভাষণৰ মূল পাঠ

July 11th, 01:15 pm

আৰু সেইবোৰৰ এটা মই ইয়ালৈ, এই অনুষ্ঠানলৈ লৈ আহিছোঁ। আপোনালোকে দেখা এই মাফলাৰখন মোক ২৫-৩০ বছৰ আগতে নিউজিলেণ্ডৰ এজন বন্ধুৱে দিছিল। বছৰ বছৰ ধৰি মই ইয়াক ব্যৱহাৰ কৰিছো আৰু এতিয়াও মই ইয়াক মূল্যৱান বুলি ভাবি অতি যত্নৰে ৰাখো, ঠিক যেনেকৈ আপোনালোকৰ মৰমক মই মূল্যৱান বুলি ভাবোঁ।

নিউজিলেণ্ডত প্ৰব্ৰজিত ভাৰতীয়সকলক সম্বোধন প্ৰধানমন্ত্ৰীৰ

July 11th, 12:35 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অকলেণ্ডত ‘কিয়া অ’ৰা মোদী’ অনুষ্ঠানত নিউজিলেণ্ডৰ প্ৰবাসী ভাৰতীয়সকলৰ এক বিশাল সমাৱেশক সম্বোধন কৰে। এই বিশেষ অনুষ্ঠালত নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী ক্ৰিষ্টোফাৰ লাক্সনে অংশগ্ৰহণ কৰে। সমাৱেশটো ভাৰতীয় প্ৰবাসীৰ ১০,০০০ ৰো অধিক সদস্যৰ উষ্ণতা, শক্তি আৰু উৎসাহেৰে ভৰি পৰিছিল।

ৰাজস্থানৰ বালোত্ৰাত উন্নয়নমূলক প্ৰকল্পসমূহৰ শুভাৰম্ভণি অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ অসমীয়া অনুবাদ

July 04th, 12:50 pm

ৰাজস্থানৰ ৰাজ্যপাল শ্ৰী হৰিভাউ বাগদে জী, জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰী ভজনলাল শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিঙ পুৰী, উপ-মুখ্যমন্ত্ৰী দিয়া কুমাৰী জী, প্ৰেমচান্দ বৈৰৱা জী, ৰাজস্থান চৰকাৰৰ সকলো মন্ত্ৰী, সাংসদ তথা বিধায়কসকল আৰু মোৰ মৰমৰ ভাই-ভনীসকল,

PMৰাজস্থানৰ বালোত্ৰাত প্ৰায় ১.০৬ লাখ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্প দেশবাসীৰ নামত উৎসৰ্গা, উদ্বোধন আৰু আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

July 04th, 12:30 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজস্থানৰ বালোত্ৰাত প্ৰায় ১.০৬ লাখ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্প দেশবাসীৰ নামত উৎসৰ্গা, উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। বিশাল জনসভাক সম্বোধন কৰি তেওঁ উন্নয়নমূলক পদক্ষেপসমূহৰ বাবে এক সহযোগিতাপূৰ্ণ বাৰ্তা প্ৰেৰণ কৰে। প্ৰচণ্ড গৰম নেওচি সভালৈ অহা জনসাধাৰণক গভীৰ কৃতজ্ঞতা প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে এই বৃহৎ উপস্থিতিক বৰ্তমানৰ শাসন ব্যৱস্থাৰ প্ৰতি এক আশীৰ্বাদ স্বৰূপ বুলি অভিহিত কৰে। শ্ৰী মোদীয়ে কয়, মই ৰাজস্থানবাসীৰ ওচৰত চিৰকৃতজ্ঞ, এই অপাৰ সমৰ্থনে আমাৰ চৰকাৰৰ প্ৰচেষ্টাৰ প্ৰতি আপোনালোকৰ থকা গভীৰ বিশ্বাসকে প্ৰদৰ্শন কৰিছে।

মন কি বাতৰ ১৩৫ সংখ্যক খণ্ডত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ (২৮.০৬.২০২৬)

June 28th, 11:30 am

'মন কি বাত'ত আকৌ এবাৰ আপোনালোকৰ লগত যোগদান কৰি আনন্দিত হৈছোঁ। ২০২৬ চনৰ অৰ্ধেক সময় পাৰ হ’বলৈ ওলাইছে। এই ছমাহত আমি ‘মন কি বাত’ৰ ওপৰত আমাৰ দেশবাসীৰ বহু কৃতিত্বৰ বিষয়ে আলোচনা কৰিছো। জুন মাহতো দেশখনে এনে কিছুমান মাইলৰ খুঁটি অৰ্জন কৰিছিল যিয়ে প্ৰতিজন নাগৰিকক গৌৰৱেৰে ভৰাই তোলে। এই সফলতাসমূহ দেশখনৰ নিৰাপত্তা আৰু আত্মনিৰ্ভৰশীলতাৰ সৈতে জড়িত। শেহতীয়াকৈ কলকাতাত নৌসেনাৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সুযোগ পাইছিলোঁ। আই এন এছ দুনাগিৰি, আই এন এছ সংশোধক আৰু আই এন এছ অগ্ৰেক ভাৰতীয় নৌসেনাৰ জাহাজ হিচাপে অন্তৰ্ভুক্ত কৰা হয়। এই জাহাজবোৰৰ আৰ্হি প্ৰস্তুত আৰু নিৰ্মাণৰ পৰা আৰম্ভ কৰি সকলোখিনি থলুৱা।

পশ্চিমবংগৰ হুগলীত পশ্চিমবংগ দিৱস উদযাপনৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে

June 19th, 11:54 am

প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে আজি পশ্চিমবংগ দিৱস উদযাপনৰ অনুষ্ঠানত অংশগ্ৰহণ কৰে। ড০ শ্যামা প্ৰসাদ মুখাৰ্জীৰ সৈতে জড়িত ঐতিহাসিক তাৎপৰ্যপূৰ্ণ স্থান হুগলীৰ তাৰকেশ্বৰত ৰাজ্যিক পৰ্যায়ৰ উদযাপন কাৰ্যসূচী অনুষ্ঠিত কৰা হয় । এইবাৰৰ পশ্চিমবংগ দিৱসৰ বিষয়বস্তু: “পশ্চিম বংগ: ঐতিহ্য, সমন্বয় আৰু উন্নয়ন,”-এ ৰাজ্যখনৰ সাংস্কৃতিক সমৃদ্ধি, সামাজিক সংহতি আৰু উন্নয়নমূলক আকাংক্ষাক প্ৰতিফলিত কৰিছে । এই কাৰ্যসূচীত প্ৰধানমন্ত্ৰীয়ে একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে উদ্বোধন আৰু দেশৰ বাবে উৎসৰ্গা কৰে। ৰে’লৱে, কৃষি, গ্ৰাম্য উন্নয়ন, মীন আৰু পশুপালনৰ খণ্ডসমূহক সামৰি লোৱা এই পদক্ষেপসমূহে আন্তঃগাঁথনি শক্তিশালী কৰিব, জীৱিকাৰ উন্নতি সাধন কৰিব, কৃষকৰ কল্যাণ বৃদ্ধি কৰিব আৰু সমগ্ৰ ৰাজ্যতে আৰ্থ-সামাজিক উন্নয়ন ত্বৰান্বিত কৰিব।

PM chairs 11th Governing Council Meeting of NITI Aayog

June 11th, 08:09 pm

While addressing the 11th Governing Council Meeting of NITI Aayog, PM Modi called for collective efforts by States and the Centre to achieve Viksit Bharat@2047. He also highlighted the importance of youth empowerment, women-led development, AI-driven growth, MSMEs, defence manufacturing and inclusive human development across the country.

গুজৰাটৰ চুৰাটত উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ মূলপাঠ

June 05th, 04:30 pm

গুজৰাটৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰ ভাই পেটেল, কেন্দ্ৰীয় কেবিনেটত মোৰ সতীৰ্থ চি.আৰ. পাটিল, ৰাজ্যখনৰ উপ-মুখ্যমন্ত্ৰী ভাই হৰ্ষ সংঘভী, গুজৰাট বিজেপিৰ সভাপতি জগদীশ বিশ্বকৰ্মাজী, অন্যান্য মন্ত্ৰীসকল, জনপ্ৰতিনিধিসকল আৰু ইয়াত উপস্থিত থকা চুৰাটৰ মোৰ মৰমৰ ভাই-ভনীসকল।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ চুৰাটত ১৮,৮০০ কোটি টকাৰো অধিক মূল্যৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন, ৰাষ্ট্ৰৰ প্ৰতি উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰে

June 05th, 04:16 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ চুৰাটত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। এক বৃহৎ সমাৱেশক সম্বোধন কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে গুজৰাটৰ জনসাধাৰণৰ অদম্য সমৰ্থনৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে। শ্ৰী মোদীয়ে কয়, স্থানীয় সংস্থাৰ নিৰ্বাচনৰ পিছত এয়া মোৰ প্ৰথম চুৰাট ভ্ৰমণ। চুৰাটৰ পৰা সমগ্ৰ গুজৰাটৰ জনসাধাৰণক প্ৰণাম আৰু অভিনন্দন জনাইছো।

গুজৰাটৰ বদোদৰাত চৰ্দাৰধাম শিক্ষাৰ্থী নিবাস উদ্বোধনৰ সময়ত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ ভাষান্তৰ

May 11th, 06:15 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ বদোদৰাত চৰ্দাৰধাম ছাত্রাবাস উদ্বোধন কৰে। সোমনাথ মন্দিৰে ইয়াৰ ৭৫ সংখ্যক অভিষেক বাৰ্ষিকী উদযাপন কৰাৰ দিনটোতে বদোদৰাৰ চৰ্দাৰ ধামত এক বিশেষ সমাৱেশক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে আধ্যাত্মিক স্মৰণৰ সৈতে শিক্ষা প্ৰতিষ্ঠান উদ্বোধনক শুভ কাকতালীয় ঘটনা বুলি অভিহিত কৰে। ড০ দুষ্যন্ত আৰু দক্ষ পেটেল কমপ্লেক্স উদ্বোধন কৰাৰ লগতে শিক্ষাদান সাহায্য আঁচনিৰ শুভাৰম্ভ কৰা আৰু একাধিক শৈক্ষিক প্ৰকল্পৰ বাবে ভূমি পূজন অনুষ্ঠান আয়োজন কৰাৰ লগতে প্ৰধানমন্ত্ৰীয়ে এই পদক্ষেপসমূহৰ জৰিয়তে যুৱক-যুৱতীসকলৰ ভৱিষ্যতৰ কেৰিয়াৰৰ বাবে পথ মুকলি হ’ব বুলি উল্লেখ কৰে। ‘মাত্ৰ কেইঘণ্টামান পূৰ্বে মই প্ৰভাস পাটানত সোমনাথ অমৃত মহোৎসৱ উদযাপন কৰি আছিলো আৰু এতিয়া ইয়াত আমি পৰিবৰ্তনশীল শিক্ষা প্ৰতিষ্ঠানসমূহ উদ্বোধন কৰিছো, এই সমন্বয়ৰ জৰিয়তে ঐতিহ্য আৰু প্ৰগতি একেলগে আগবাঢ়ি যোৱাটো প্ৰতিফলিত হৈছে’, শ্ৰী মোদীয়ে কয়।

গুজৰাটৰ বদোদৰাত চৰ্দাৰধাম শিক্ষাৰ্থী নিবাস উদ্বোধন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

May 11th, 06:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ বদোদৰাত চৰ্দাৰধাম ছাত্রাবাস উদ্বোধন কৰে। সোমনাথ মন্দিৰে ইয়াৰ ৭৫ সংখ্যক অভিষেক বাৰ্ষিকী উদযাপন কৰাৰ দিনটোতে বদোদৰাৰ চৰ্দাৰ ধামত এক বিশেষ সমাৱেশক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে আধ্যাত্মিক স্মৰণৰ সৈতে শিক্ষা প্ৰতিষ্ঠান উদ্বোধনক শুভ কাকতালীয় ঘটনা বুলি অভিহিত কৰে। ড০ দুষ্যন্ত আৰু দক্ষ পেটেল কমপ্লেক্স উদ্বোধন কৰাৰ লগতে শিক্ষাদান সাহায্য আঁচনিৰ শুভাৰম্ভ কৰা আৰু একাধিক শৈক্ষিক প্ৰকল্পৰ বাবে ভূমি পূজন অনুষ্ঠান আয়োজন কৰাৰ লগতে প্ৰধানমন্ত্ৰীয়ে এই পদক্ষেপসমূহৰ জৰিয়তে যুৱক-যুৱতীসকলৰ ভৱিষ্যতৰ কেৰিয়াৰৰ বাবে পথ মুকলি হ’ব বুলি উল্লেখ কৰে। ‘মাত্ৰ কেইঘণ্টামান পূৰ্বে মই প্ৰভাস পাটানত সোমনাথ অমৃত মহোৎসৱ উদযাপন কৰি আছিলো আৰু এতিয়া ইয়াত আমি পৰিবৰ্তনশীল শিক্ষা প্ৰতিষ্ঠানসমূহ উদ্বোধন কৰিছো, এই সমন্বয়ৰ জৰিয়তে ঐতিহ্য আৰু প্ৰগতি একেলগে আগবাঢ়ি যোৱাটো প্ৰতিফলিত হৈছে’, শ্ৰী মোদীয়ে কয়।

বিশ্বজোৰা প্ৰত্যাহ্বানৰ মাজত প্ৰতিগৰাকী ভাৰতীয়লৈ প্ৰধানমন্ত্ৰী মোদীৰ প্ৰবল আহ্বান

May 10th, 08:39 pm

হায়দৰাবাদত অনুষ্ঠিত এক ৰাজহুৱা সমাৱেশত প্ৰধানমন্ত্ৰী মোদীয়ে ভাষণ দি শেহতীয়া সংঘাত আৰু যোগান শৃংখলৰ ব্যাঘাতৰ ফলত উদ্ভৱ হোৱা বিশ্বজোৰা অৰ্থনৈতিক প্ৰত্যাহ্বানৰ বিষয়ে উল্লেখ কৰে আৰু ভাৰতৰ সহনশীলতা শক্তিশালী কৰাৰ বাবে সামূহিকভাৱে ৰাষ্ট্ৰীয় দায়বদ্ধতা গ্ৰহণৰ আহ্বান জনায়। তেওঁ নাগৰিকসকলক ইন্ধনৰ ব্যৱহাৰ হ্ৰাস কৰিবলৈ, কাৰপুলিং-ৰ প্ৰসাৰ, ৰাজহুৱা পৰিবহণ ব্যৱস্থাৰ সদ্ব্যৱহাৰ আৰু বৈদ্যুতিক বাহনক প্ৰাথমিকতা প্ৰদান কৰি আমদানিৰ ক্ষেত্ৰত হেঁচা হ্ৰাস কৰাত সহায় কৰিবলৈ আৰু বৈদেশিক মুদ্ৰা ৰাহি কৰিবলৈ আহ্বান জনায়।

People are fed up off Congress and BRS' politics of nepotism: PM Modi in Hyderabad

May 10th, 06:05 pm

PM Modi addressed a massive public rally in Hyderabad, Telangana, where he spoke on India’s rising global stature, the significance of BJP’s recent electoral victories and the country’s collective responsibility during ongoing global economic and geopolitical challenges.

PM Modi’s massive rally in Hyderabad focuses on self-reliance and a Viksit Telangana

May 10th, 06:00 pm

PM Modi addressed a massive public rally in Hyderabad, Telangana, where he spoke on India’s rising global stature, the significance of BJP’s recent electoral victories and the country’s collective responsibility during ongoing global economic and geopolitical challenges.

বেংগালুৰুত দ্য আৰ্ট অব লিভিঙৰ ৪৫ বছৰীয়া জয়ন্তী উদযাপনৰ সময়ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ মূল পাঠ

May 10th, 11:05 am

আজিৰ এই পুৱাটোৱে কঢ়িয়াই আনিছে এক অনন্য অভিজ্ঞতা। বৈদিক মন্ত্ৰৰে শিশুসকলৰ আদৰণি, ভগৱান শ্ৰী গণেশৰ দৰ্শন, শ্ৰীশ্ৰী ৰবিশংকৰজীৰ ৭০ বছৰীয়া জয়ন্তী আৰু আৰ্ট অব্ লিভিঙৰ ৪৫ বছৰীয়া জয়ন্তী আদি মুহূৰ্ত মোৰ স্মৃতিত আজীৱন খোদিত হৈ থাকিব। এই সুন্দৰ অনুষ্ঠানলৈ মোক আমন্ত্ৰণ জনোৱাৰ বাবে আপোনালোক সকলোৰে ওচৰত কৃতজ্ঞ।

কৰ্ণাটকৰ বেংগালুৰুত আৰ্ট অব্ লিভিঙৰ ৪৫ বছৰীয়া জয়ন্তী উদযাপনত অংশগ্ৰহণ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

May 10th, 11:00 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কৰ্ণাটকৰ বেংগালুৰুত আৰ্ট অব লিভিঙৰ ৪৫ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপনত অংশগ্ৰহণ কৰে। এই শুভ অনুষ্ঠানৰ তাৎপৰ্যৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে শিশুসকলে বৈদিক মন্ত্ৰৰে আদৰণি জনোৱা, ভগৱান শ্ৰীগণেশৰ দৰ্শন, শ্ৰীশ্ৰী ৰবিশংকৰজীৰ ৭০ সংখ্যক জয়ন্তী, আৰু আৰ্ট অব লিভিঙৰ ৪৫ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপনৰ দ্বাৰা সমৃদ্ধ হোৱা ৰাতিপুৱাৰ স্বকীয়তা বৰ্ণনা কৰে। শ্ৰী মোদীয়ে কয়, এইবোৰ এনেকুৱা মুহূৰ্ত যিবোৰ মোৰ স্মৃতিত চিৰদিন খোদিত হৈ থাকিব।”

উত্তৰ প্ৰদেশৰ বাৰাণসীত একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰাৰ সময়ত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ

April 28th, 05:30 pm

উত্তৰ প্ৰদেশৰ ৰাজ্যপাল আনন্দীবেন পেটেল, ইয়াৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ জী, সংসদত মোৰ সহযোগী আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি শ্ৰীযুত নীতিন নবীন জী, উত্তৰ প্ৰদেশৰ সংসদ সদস্য আৰু উত্তৰ প্ৰদেশ বিজেপিৰ সভাপতি শ্ৰীযুত পংকজ চৌধুৰী জী, জিলা পঞ্চায়তৰ অধ্যক্ষ ভগ্নী পুনম মৌৰ্য জী, কাশীৰ মহিলা কাউন্সিলাৰ আৰু গাওঁবুঢ়া সকলে আজিৰ মঞ্চত উপবিষ্ট অন্যান্য জনপ্ৰতিনিধিসকল আৰু ইয়ালৈ বৃহৎ সংখ্যাত অহা মোৰ মা, ভনী আৰু কন্যাসকল । আপোনালোক সকলোলৈ নমস্কাৰ।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বাৰাণসীত অনুষ্ঠিত মহিলা সন্মিলনত অংশগ্ৰহণ কৰাৰ লগতে প্ৰায় ৬,৩৫০ কোটি টকাৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে

April 28th, 05:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বাৰাণসীত অনুষ্ঠিত এক সন্মিলনত মহিলাৰ ব্যাপক সমাৱেশক উদ্দেশ্যি ভাষণ দিয়ে। লগতে তেওঁ হাজাৰ হাজাৰ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলাও স্থাপন কৰে।