বিকশিত ভাৰত ইয়ং লীডাৰ্ছ ডায়লগ, ২০২৬-ৰ সামৰণি অধিবেশনত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

January 12th, 06:45 pm

কেন্দ্ৰীয় কেবিনেটত মোৰ সতীৰ্থ সকল, সকলো সাংসদ, বিকশিত ভাৰত ইয়ং লীডাৰ্ছ চেলেঞ্জৰ বিজয়ী সকল, আন আন গণ্যমান্য ব্যক্তি আৰু বহিঃৰাষ্ট্ৰৰ পৰা অহা সকলকে প্ৰমুখ্য কৰি দেশৰ ভিন্ন প্ৰান্তৰ পৰা ইয়ালৈ অহা মোৰ যুৱ বন্ধুসকল। তোমালোকে নিশ্চয় ইয়াত এক নতুন অভিজ্ঞতা লাভ কৰিছা। তোমালোকৰ ভাগৰ লাগিছে নেকি? তোমালোকৰ সমাৱেশৰ আজি দুদিন হ’ল, গতিকে আকৌ এবাৰ শুনিবলৈ ভাগৰ লগা নাই নে? যি নহওক, পিছৰ আসনৰ পৰাই মই ইতিমধ্যে ক’বলগীয়াখিনি কৈছো। মই প্ৰথম যেতিয়া মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিলো তেতিয়া তোমালোকৰ বহুতৰে জন্মই হোৱা নাছিল বুলি মোৰ অনুমান হৈছে। আৰু ২০১৪ ত যেতিয়া মই প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিলো তেতিয়াও তোমালোকৰ বহুতেই শিশু আছিলা। কিন্তু মুখ্যমন্ত্ৰী হিচাপেই হওক বা এতিয়া প্ৰধানমন্ত্ৰী হিচাপেই হওক, নৱ প্ৰজন্মৰ প্ৰতি মোৰ সদায় অসীম বিশ্বাস আছে। মই সদায় তোমালোকৰ সামৰ্থ্য আৰু তোমালোকৰ প্ৰতিভাৰ পৰা শক্তি আহৰণ কৰি আহিছো। আৰু আজি মই দেখিছো যে তোমালোকে এখনি উন্নত ভাৰত গঢ়াৰ অভিযানৰ বাঘজৰী ধাৰণ কৰিছা।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিকশিত ভাৰত ইয়ং লীডাৰ্ছ ডায়লগ, ২০২৬ সম্বোধন কৰে

January 12th, 06:30 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত বিকশিত ভাৰত ইয়ং লীডাৰ্ছ ডায়লগ, ২০২৬-ৰ সামৰণি অধিবেশন সম্বোধন কৰে। ইয়াত সমবেতসকলক সম্বোধন কৰি শ্ৰী মোদীয়ে কয় যে তেওঁ প্ৰথমবাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰোতে আজিৰ একাধিক যুৱ নাগৰিকৰ জন্মই হোৱা নাছিল আৰু ২০১৪-ত প্ৰধানমন্ত্ৰী হিচাপে কাৰ্য্যভাৰ গ্ৰহণ কৰাৰ সময়ত তেওঁলোকৰ অধিকাংশই শিশু আছিল। তথাপিও তেওঁ কয় যে নৱ-প্ৰজন্মৰ প্ৰতি তেওঁৰ আস্থা নিৰন্তৰ আৰু অদম্য হৈয়েই আছে। তোমালোকৰ সামৰ্থ্য, তোমালোকৰ প্ৰতিভা অনন্য আৰু মই সদায় তোমালোকৰ সামৰ্থ্যৰ পৰা শক্তি আহৰণ কৰি আহিছো। আৰু আজি চোৱাচোন, তোমালোক সকলোৱে এখনি উন্নত ভাৰতৰ লক্ষ্যৰ বাঘজৰী ধাৰণ কৰিছা, শ্ৰী মোদীয়ে কয়।

স্বামী বিবেকানন্দৰ জয়ন্তীত প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

January 12th, 09:17 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি স্বামী বিবেকানন্দৰ জয়ন্তী উপলক্ষে তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰী মোদীয়ে কয় যে স্বামী বিবেকানন্দৰ ব্যক্তিত্ব আৰু কৰ্মই উন্নত ভাৰতৰ সংকল্পত নিৰন্তৰ নতুন শক্তি যোগাই আহিছে। মই আশা কৰো ৰাষ্ট্ৰীয় যুৱ দিৱসৰ এই পৱিত্ৰ উৎসৱে সকলো নাগৰিকৰ বাবে, বিশেষকৈ আমাৰ তৰুণসকলৰ বাবে নতুন শক্তি আৰু নতুন আত্মবিশ্বাস কঢ়িয়াই আনিব, শ্ৰী মোদীয়ে কয়।

ৰাষ্ট্ৰীয় যুৱ দিৱস উপলক্ষে প্ৰধানমন্ত্ৰীয়ে অহা ১২ জানুৱাৰীত বিকশিত ভাৰত যুৱ নেতা আলোচনা ২০২৫ত অংশগ্ৰহণ কৰিব

January 10th, 09:21 pm

স্বামী বিবেকানন্দৰ জন্ম জয়ন্তী উপলক্ষে ৰাষ্ট্ৰীয় যুৱ দিৱসৰ সৈতে সংগতি ৰাখি অহা ১২ জানুৱাৰীৰ পুৱা প্ৰায় ১০ বজাত, নতুন দিল্লীৰ ভাৰত মণ্ডপামত অনুষ্ঠিত হ’বলগীয়া বিকশিত ভাৰত যুৱ নেতা সংলাপ ২০২৫ত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। এই অনুষ্ঠানৰ সময়ত তেওঁ সমগ্ৰ ভাৰতৰ ৩,০০০ গৰাকী যুৱ নেতাৰ সৈতে সংযোগ স্থাপন কৰিব আৰু সমাৱেশত ভাষণো প্ৰদান কৰিব।

প্ৰধানমন্ত্ৰীয়ে স্বামী বিবেকানন্দৰ জয়ন্তী উপলক্ষে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে

January 12th, 08:17 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে স্বামী বিবেকানন্দৰ জয়ন্তী আৰু ৰাষ্ট্ৰীয় যুৱ দিৱসত তেওঁ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰী মোদীয়ে স্বামী বিবেকানন্দ সন্দৰ্ভত তেওঁৰ মতামতৰ এটা ভিডিঅ'ও শ্বেয়াৰ কৰিছে।

৫ ফেব্ৰুৱাৰীত জয়পুৰ মহাখেলত অংশগ্ৰহণকাৰীক সম্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে

February 04th, 10:54 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ কনফাৰেন্সিংযোগে ৫ ফেব্ৰুৱাৰী, ২০২৩ৰ দুপৰীয়া ১ বজাত জয়পুৰ মহাখেলত অংশগ্ৰহণকাৰীক সম্বোধন কৰিব৷

ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে উত্তৰ প্ৰদেশৰ বস্তীত ২য় সাংসদ খেল মহাকুম্ভৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পূৰ্ণপাঠ

January 18th, 04:39 pm

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী যোগী আদিত্যনাথ জী, সংসদত মোৰ সতীৰ্থ, আমাৰ ডেকা বন্ধু ভাই হৰিশ দ্বিবেদী জী, বিভিন্ন ক্ৰীড়াৰ খেলুৱৈ, ৰাজ্য চৰকাৰৰ মন্ত্ৰী, বিধায়ক, আন সকলো জনপ্ৰতিনিধি, আন সকলো জ্যেষ্ঠ বিশিষ্ট ব্যক্তি, যুৱক-যুৱতী আৰু মোৰ মৰমৰ ভাই-ভনীসকল।

বস্তি জিলাত ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে ২০২২-২৩ বৰ্ষৰ দ্বিতীয় পৰ্যায়ৰ সাংসদ খেল মহাকুম্ভ উদ্বোধন প্ৰধানমন্ত্ৰীৰ

January 18th, 01:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিংযোগে বস্তি জিলাত আয়োজিত ২০২২-২৩ বৰ্ষৰ সংসদ খেল মহাকুম্ভৰ দ্বিতীয় পৰ্যায়ৰ ক্ৰীড়াৰ উদ্বোধন কৰিব৷ ২০২১ চনৰ পৰা বস্তি সমষ্টিৰ লোকসভাৰ সাংসদ শ্ৰী হৰিশ দ্বিবেদীয়ে সংসদ খেল মহাকুম্ভ আয়োজন কৰি আহিছে৷ খেল মহাকুম্ভৰ উদ্যোগত বিভিন্ন ইনড’ৰ আৰু আউটড’ৰ ক্ৰীড়া প্ৰতিযোগিতা যেনে-মল্লযুঁজ, কাবাডী, খো খো, বাস্কেটবল, ফুটবল, হকী, ভলীবল, হেণ্ডবল, দবা, কেৰম, বেডমিণ্টন, টেবুল টেনিছ ইত্যাদি অনুষ্ঠিত কৰা হয়। এইবোৰৰ উপৰিও খেল মহাকুম্ভত ৰচনা লিখা, চিত্ৰকলা, ৰঙালী আদি প্ৰতিযোগিতাও অনুষ্ঠিত হয়।

পুডুচেৰীত ২৫ সংখ্যক ৰাষ্ট্ৰীয় যুৱ মহোৎসৱৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

January 12th, 03:02 pm

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি পুডুচেৰীত ভিডিঅ’ কনফাৰেন্সযোগে ২৫সংখ্যক ৰাষ্ট্ৰীয় যুৱ উৎসৱ উদ্বোধন কৰে৷ স্বামী বিবেকানন্দৰ জন্মদিনটো ৰাষ্ট্ৰীয় যুৱ দিৱস হিচাপে পালন কৰা হয়। প্রধানমন্ত্রীয়ে ‘মোৰ সপোনৰ ভাৰত’ আৰু ‘ভাৰতৰ স্বাধীনতা আন্দোলনৰ অকথিত বীৰ’ বিষয়ৰ ওপৰত নির্বাচিত ৰচনা প্রকাশ কৰে৷ লক্ষাধিক যুৱক-যুৱতীয়ে এই দুটা বিষয়ৰ ওপৰত ৰচনা লিখে৷ তাৰে নির্বাচিত অংশ আজি প্রকাশ কৰা হ’ল। শ্রী মোদী এমএছএমই প্রযুক্তি কেন্দ্র আৰু অ’পেন এয়াৰ থিয়েটাৰৰ ব্যৱস্থাসম্পন্ন প্রেক্ষাগৃহ পেৰুনথালাইভাৰ কামৰাজাৰ মনিমণ্ডপমো উদ্বোধন কৰে৷ এমএছএমই প্রযুক্তি কেন্দ্র নির্মাণত ১২২ কোটি টকা ব্যয় হৈছে। পুডুচেৰী চৰকাৰ প্রেক্ষাগৃহটো নির্মাণত ব্যয় হৈছে ২৩ কোটি টকা। কেন্দ্রীয় মন্ত্রী শ্রী অনুৰাগ সিং ঠাকুৰ, শ্রী নাৰায়ণ ৰাণে, শ্রী ভানুপ্রতাপ সিং ভার্মা আৰু শ্রী নিশীথ প্রামাণিক আৰু পুডুচেৰীৰ উপ-ৰাজ্যপাল ডঃ তামিলিচাই সৌন্দৰাজন, মুখ্যমন্ত্রী শ্রী এন ৰংগস্বামী, পুডুচেৰীৰ মন্ত্ৰীসভাৰ সদস্যসকল আৰু সাংসদসকল অনুষ্ঠানত উপস্থিত থাকে৷

পুডুচেৰীত ২৫সংখ্যক ৰাষ্ট্ৰীয় যুৱ মহোৎসৱ উদ্বোধন কৰিলে প্রধানমন্ত্রীয়ে

January 12th, 11:01 am

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি পুডুচেৰীত ভিডিঅ’ কনফাৰেন্সযোগে ২৫সংখ্যক ৰাষ্ট্ৰীয় যুৱ উৎসৱ উদ্বোধন কৰে৷ স্বামী বিবেকানন্দৰ জন্মদিনটো ৰাষ্ট্ৰীয় যুৱ দিৱস হিচাপে পালন কৰা হয়। প্রধানমন্ত্রীয়ে ‘মোৰ সপোনৰ ভাৰত’ আৰু ‘ভাৰতৰ স্বাধীনতা আন্দোলনৰ অকথিত বীৰ’ বিষয়ৰ ওপৰত নির্বাচিত ৰচনা প্রকাশ কৰে৷ লক্ষাধিক যুৱক-যুৱতীয়ে এই দুটা বিষয়ৰ ওপৰত ৰচনা লিখে৷ তাৰে নির্বাচিত অংশ আজি প্রকাশ কৰা হ’ল। শ্রী মোদী এমএছএমই প্রযুক্তি কেন্দ্র আৰু অ’পেন এয়াৰ থিয়েটাৰৰ ব্যৱস্থাসম্পন্ন প্রেক্ষাগৃহ পেৰুনথালাইভাৰ কামৰাজাৰ মনিমণ্ডপমো উদ্বোধন কৰে৷ এমএছএমই প্রযুক্তি কেন্দ্র নির্মাণত ১২২ কোটি টকা ব্যয় হৈছে। পুডুচেৰী চৰকাৰ প্রেক্ষাগৃহটো নির্মাণত ব্যয় হৈছে ২৩ কোটি টকা। কেন্দ্রীয় মন্ত্রী শ্রী অনুৰাগ সিং ঠাকুৰ, শ্রী নাৰায়ণ ৰাণে, শ্রী ভানুপ্রতাপ সিং ভার্মা আৰু শ্রী নিশীথ প্রামাণিক আৰু পুডুচেৰীৰ উপ-ৰাজ্যপাল ডঃ তামিলিচাই সৌন্দৰাজন, মুখ্যমন্ত্রী শ্রী এন ৰংগস্বামী, পুডুচেৰীৰ মন্ত্ৰীসভাৰ সদস্যসকল আৰু সাংসদসকল অনুষ্ঠানত উপস্থিত থাকে৷

১২ জানুৱাৰীত ২৫ সংখ্যক ৰাষ্ট্ৰীয় যুৱ মহোৎসৱ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে

January 10th, 12:47 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পুডুচেৰীত ১২ জানুৱাৰী, ২০২২ তাৰিখে পুৱা ১১ বজাত ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে ২৫ সংখ্যক ৰাষ্ট্ৰীয় যুৱ মহোৎসৱ উদ্বোধন কৰিব। স্বামী বিবেকানন্দৰ জন্ম দিনটো ৰাষ্ট্ৰীয় যুৱ দিৱস হিচাপে পালন কৰা হয়।

Prime Minister chairs the first meeting of High Level Committee to commemorate 150th Birth Anniversary of Sri Aurobindo

December 24th, 06:52 pm

PM Narendra Modi chaired the first meeting of the High Level Committee which has been constituted to commemorate 150th Birth Anniversary of Sri Aurobindo. The PM said that the two aspects of Sri Aurobindo’s philosophy of ‘Revolution’ and ‘Evolution’, are of key importance and should be emphasized as part of the commemoration.

প্ৰধানমন্ত্ৰীয়ে দেশৰ যুৱ প্ৰজন্মক নিঃস্বাৰ্থ আৰু গঠনমূলকভাৱে ৰাজনীতিলৈ অৱদান আগবঢ়োৱাৰ আহ্বান জনায়

January 12th, 03:31 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ যুৱ প্ৰজন্মক নিঃস্বাৰ্থ আৰু গঠনমূলকভাৱে ৰাজনীতিলৈ অৱদান আগবঢ়োৱাৰ আহ্বান জনাইছে। দ্বিতীয় বৰ্ষৰ বাবে আয়োজিত ৰাষ্ট্ৰীয় যুৱ সংসদ মহোৎসৱৰ সামৰণি অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে আজি কয় যে ৰাজনীতি হ’ল সমাজলৈ প্ৰকৃত পৰিৱৰ্তন কঢ়িয়াই অনাৰ এক বৃহৎ মাধ্যম আৰু অন্যান্য ক্ষেত্ৰৰ দৰে ৰাজনীতিতো যুৱ প্ৰজন্মৰ উপস্থিতি অত্যন্ত গুৰুত্বপূৰ্ণ। প্ৰধানমন্ত্ৰীয়ে যুৱ প্ৰজন্মক কয় যে সম্প্ৰতি সৎ ব্যক্তিয়ে ৰাজনীতিৰ ক্ষেত্ৰত সমাজ পৰিৱৰ্তনৰ সুযোগ লাভ কৰিছে। সততা আৰু পাৰদৰ্শিতা এতিয়া সময়ৰ আহ্বান হৈ পৰিছে।

প্ৰধানমন্ত্ৰীয়ে স্বামী বিবেকানন্দৰ নেতৃত্ব উপদেশৰ বিষয়ে যুৱ প্ৰজন্মক বৰ্ণনা কৰে

January 12th, 03:28 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ যুৱ প্ৰজন্মক স্বামী বিবেকানন্দৰ নেতৃত্বশৈলীৰ উপদেশ অনুসৰণ কৰিবলৈ আহ্বান জনায়। ব্যক্তিবিশেষৰ লগতে প্ৰতিষ্ঠানৰ বিকাশত শ্ৰদ্ধাৰ সন্নাসীগৰাকীৰ অৱদানক স্মৰণ কৰে। দ্বিতীয় ৰাষ্ট্ৰীয় যুৱ সাংসদ মহোৎসৱৰ সামৰণি অনুষ্ঠানত ভাষণ আগবঢ়াই প্ৰধানমন্ত্ৰীয়ে ব্যক্তিবিশেষৰ উন্নয়ন আৰু প্ৰতিষ্ঠান নিৰ্মাণৰ বিভিন্ন চক্ৰ আৰম্ভ কৰাত স্বামী বিবেকানন্দৰ অৱদানৰ বিষয়ে উল্লেখ কৰে।

দ্বিতীয় ৰাষ্ট্ৰীয় যুৱ সংসদ মহোৎসৱৰ বিদায়ী অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ

January 12th, 10:36 am

‘দ্বিতীয় ৰাষ্ট্ৰীয় যুৱ সংসদ মহোত্সৱ’ৰ সামৰণি সমাৰোহত আজি ‘ভিডিঅ’ কন্ফাৰেন্স’ ব্যৱস্থাৰে ভাষণ প্ৰদান কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। সংসদৰ ‘চেণ্ট্ৰেল হল’ত এই মহোত্সৱ অনুষ্ঠিত হয়। সমাৰোহৰত ৰাষ্ট্ৰীয় বঁটা লাভ কৰা তিনিগৰাকী যুৱকৰ ভাষণো প্ৰধানমন্ত্ৰীয়ে কাণ পাতি শুনে। অনুষ্ঠানটোত অন্যান্যসকলৰ লগতে লোকসভাৰ অধ্যক্ষ, কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী, কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰীগৰাকীও উপস্থিত থাকে।

‘দ্বিতীয় ৰাষ্ট্ৰীয় যুৱ সংসদ মহোত্সৱ’ৰ সামৰণি সমাৰোহত ভাষণ দিলে প্ৰধানমন্ত্ৰীয়ে

January 12th, 10:35 am

‘দ্বিতীয় ৰাষ্ট্ৰীয় যুৱ সংসদ মহোত্সৱ’ৰ সামৰণি সমাৰোহত আজি ‘ভিডিঅ’ কন্ফাৰেন্স’ ব্যৱস্থাৰে ভাষণ প্ৰদান কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। সংসদৰ ‘চেণ্ট্ৰেল হল’ত এই মহোত্সৱ অনুষ্ঠিত হয়। সমাৰোহৰত ৰাষ্ট্ৰীয় বঁটা লাভ কৰা তিনিগৰাকী যুৱকৰ ভাষণো প্ৰধানমন্ত্ৰীয়ে কাণ পাতি শুনে। অনুষ্ঠানটোত অন্যান্যসকলৰ লগতে লোকসভাৰ অধ্যক্ষ, কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী, কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰীগৰাকীও উপস্থিত থাকে।

১২ জানুৱাৰীত দ্বিতীয় ৰাষ্ট্ৰীয় যুৱ সংসদ মহোৎসৱৰ সামৰণি অনুষ্ঠানত ভাষণ আগবঢ়াব প্ৰধানমন্ত্ৰীয়ে

January 10th, 12:31 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১২ জানুৱাৰী, ২০২১ৰ পুৱা ১০.৩০ বজাত ভিডিঅ’ কনফাৰেন্সিংযোগে দ্বিতীয় ৰাষ্ট্ৰীয় যুৱ সংসদ মহোৎসৱৰ সামৰণি অনুষ্ঠানত ভাষণ আগবঢ়াব৷ অনুষ্ঠানত মহোৎসৱৰ তিনিগৰাকী ৰাষ্ট্ৰীয় বঁটা বিজয়ীয়েও তেওঁলোকৰ বক্তব্য আগবঢ়াব৷ অনুষ্ঠানত লোকসভাৰ অধ্যক্ষ, কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী আৰু যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া বিভাগৰ ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ দায়িত্ব)ও উপস্থিত থাকিব৷

ৰাষ্ট্ৰীয় যুৱ দিৱসত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ

January 13th, 11:13 am

লক্ষ্ণৌত সমবেত হোৱা মোৰ যুৱ বন্ধুসকলক নমস্কাৰ জনাইছো৷ আপোনালোক সকলোকে, দেশৰ যুৱচামক, ৰাষ্ট্ৰীয় যুৱ দিৱস উপলক্ষে অভিনন্দন জনাইছো৷ আজিৰ এই দিনটো প্ৰতিজন যুৱ ভাৰতীয়ৰ বাবে অতিশয় প্ৰেৰণাদায়ক দিন, নতুন সংকল্প গ্ৰহণ কৰাৰ দিন৷ আজিৰ দিনটোতেই স্বামী বিবেকানন্দৰ ৰূপত ভাৰতে এনে এক শক্তি লাভ কৰিছিল যিয়ে আজিও আমাৰ দেশক শক্তিশালী কৰি ৰাখিছে৷ এনে শক্তি যি নিৰন্তৰে আমাক প্ৰেৰণা দি থাকে, আমাক আগুৱাই যোৱাৰ পথ প্ৰদৰ্শিত কৰে৷

চ'ছিয়েল মিডিয়া কৰ্ণাৰ 12 জানুৱাৰী 2018

January 12th, 07:32 pm

চ'ছিয়েল মিডিয়াৰ জড়িয়তে আপোনাৰ বাবে শাসনকার্য সম্পৰ্কীয় দৈনিক সংযোজন। শাসন সম্পর্কীয় আপোনাৰ টুইট ইয়াত দৈনিক প্ৰকাশিত হ'ব। পঢ়ি থাকক আৰু শ্বেয়াৰ কৰক!

ৰাষ্ট্ৰীয় যুৱ দিৱস উপলক্ষে দুখন ভিডিঅ’ কনফাৰেন্স সম্বোধন প্ৰধানমন্ত্ৰীৰ

January 12th, 06:25 pm

ৰাষ্ট্ৰীয় যুৱ দিৱস উপলক্ষে প্ৰধানমন্ত্ৰীয়ে আজি ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে দুটাকৈ গুৰুত্বপূৰ্ণ অনুষ্ঠানত ভাগ লয়৷