নতুন দিল্লীৰ কাৰিয়াপ্পা খেলপথাৰত এনচিচিৰ ৰেলীত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ অসমীয়া অনুবাদ
January 28th, 04:00 pm
কেন্দ্ৰীয় কেবিনেটত থকা মোৰ সহকৰ্মী, দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰীযুত ৰাজনাথ সিং জী, মঞ্চত উপবিষ্ট আন সকলো গণ্যমান্য ব্যক্তি, দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা এন চি চি আৰু এন এছ এছৰ কেডেটসকল, টেবলো শিল্পী, ৰাষ্ট্ৰীয় ৰংশালাৰ কৰ্মীসকল আৰু মোৰ মৰমৰ যুৱ বন্ধুসকল। আপোনালোকৰ কঠোৰ পৰিশ্ৰমৰ চিন ইয়াত দেখা গৈছে।আপোনালোকে প্ৰদৰ্শন অতি সমন্বয়ৰে পৰিৱেশন কৰিছে।দিল্লীত বাৰ্ষিক এন চি চি পিএম ৰেলীত ভাষণ আগবঢ়ালে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে
January 28th, 03:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিল্লীৰ চৰিয়াপ্পা পেৰেড খেলপথাৰত এন চি চিৰ বাৰ্ষিক পিএম ৰেলীত ভাষণ প্ৰদান কৰে। এন চি চি দিৱস উপলক্ষ্যে আয়োজন কৰা অনুষ্ঠানটিলৈ শুভেচ্ছা জনাই প্ৰধানমন্ত্ৰীয়ে কয় যে এন চি চি, এন এছ এছৰ কেডেট, টাবলো শিল্পী, ৰাষ্ট্ৰীয় ৰংশালাৰ কৰ্মী আৰু দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা যুৱ অংশগ্ৰহণকাৰীসকলৰ প্ৰচেষ্টা তেওঁলোকৰ সমন্বিত প্ৰদৰ্শনত স্পষ্ট হৈ পৰিছে।প্ৰথম ভোটৰ পৰা ষ্টাৰ্টআপ ইণ্ডিয়া-লৈ মন কী বাত-ত ভাৰতৰ যুৱক-যুৱতীসকলৰ ভূমিকাক উদযাপন কৰে প্ৰধানমন্ত্ৰী মোদীয়ে
January 25th, 11:30 am
‘ৰাষ্ট্ৰীয় ভোটাৰ দিৱস’ত চলিত বৰ্ষৰ প্ৰথমটো ‘মন কী বাত’-ত প্ৰধানমন্ত্ৰী মোদীয়ে ভোটদানৰ গুৰুত্ব সন্দৰ্ভত অভিমত ব্যক্ত কৰি নিৰ্বাচনী প্ৰক্ৰিয়াৰ লগত জড়িত সকলোৰে শলাগ লয়। তেওঁ ষ্টাৰ্টআপ, পানী সংৰক্ষণ, গুণগত মান, সংস্কৃতি আৰু উৎসৱ আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ দৰে মূল বিষয়বস্তুসমূহো স্পৰ্শ কৰে। অহা মাহত অনুষ্ঠিত হ’বলগীয়া আগন্তুক ইণ্ডিয়া এআই ইমপেক্ট ছামিট-ৰ প্ৰসংগত আলোকপাত কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে, য’ত সমগ্ৰ বিশ্বৰ বিশেষজ্ঞসকলে অংশগ্ৰহণ কৰিব।ৰাষ্ট্ৰীয় ভোটাৰ দিৱসত দেশৰ নাগৰিকসকলক শুভেচ্ছা জনালে প্ৰধানমন্ত্ৰীয়ে
January 25th, 10:24 am
প্ৰধানমন্ত্ৰীয়ে কয় যে এই দিনটো দেশৰ গণতান্ত্ৰিক মূল্যবোধৰ বিশ্বাসক আৰু অধিক গভীৰ কৰাৰ এক সুযোগ। দেশৰ গণতান্ত্ৰিক প্ৰক্ৰিয়াক শক্তিশালী কৰাৰ বাবে ভাৰতৰ নিৰ্বাচন আয়োগৰ সৈতে জড়িত সকলোকে তেওঁ প্ৰশংসা কৰে। ভোটাৰৰ অংশগ্ৰহণৰ গুৰুত্বৰ বিষয়ত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ভোটাৰ হোৱাটো কেৱল সাংবিধানিক বিশেষাধিকাৰেই নহয়, ভাৰতৰ ভৱিষ্যত গঢ় দিয়াৰ ক্ষেত্ৰত প্ৰতিগৰাকী নাগৰিকক কণ্ঠ প্ৰদান কৰা এক গুৰুত্বপূৰ্ণ কৰ্তব্যও। তেওঁ মানুহক সদায় গণতান্ত্ৰিক প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ আৰু গণতন্ত্ৰৰ মনোভাৱক সন্মান জনাবলৈ আহ্বান জনায়। যাৰ দ্বাৰা এখন বিকশিত ভাৰতৰ ভেটি সুদৃঢ় হ’ব বুলি তেওঁ কয়।Today, India has embarked on the Reform Express, aimed at making both life and business easier: PM Modi at the 18th Rozgar Mela
January 24th, 11:30 am
While addressing the 18th Rozgar Mela, PM Modi expressed his happiness that over 61,000 young people are receiving appointment letters for government services. He noted that India is entering into trade and mobility agreements with several countries, opening up vast new opportunities for young Indians. Highlighting the nation’s progress across sectors over the past decade, he urged the youth to work with the spirit of “Nagrik Devo Bhava.”প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে অষ্টাদশ ৰোজগাৰ মেলাত ভাষণ
January 24th, 11:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে ১৮ সংখ্যক ৰোজগাৰ মেলাত ভাষণ দিয়ে। অনুষ্ঠানত ভাষণ দি শ্ৰী মোদীয়ে মন্তব্য কৰে যে জনসাধাৰণৰ জীৱনত নতুন সুখ কঢ়িয়াই অনাৰ লগতে নাগৰিকসকলক তেওঁলোকৰ সাংবিধানিক কৰ্তব্যৰ সৈতে সংযোগ কৰি ২০২৬ বৰ্ষ আৰম্ভ হৈছে। তেওঁ উল্লেখ কৰে যে এই সময়ছোৱা গণৰাজ্যৰ বিশাল উৎসৱৰ সৈতে মিলি যায়। শ্ৰী মোদীয়ে স্মৰণ কৰে যে ২৩ জানুৱাৰীত ৰাষ্ট্ৰই নেতাজী সুভাষ চন্দ্ৰ বসুৰ জয়ন্তী উপলক্ষে পৰাক্ৰম দিৱস উদযাপন কৰে আৰু কাইলৈ ২৫ জানুৱাৰীত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস পালন কৰা হ’ব আৰু তাৰ পাছতে গণৰাজ্য দিৱস পালন কৰা হ’ব। প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে আজিৰ দিনটোও বিশেষ, কিয়নো এই দিনটোতে সংবিধানে ‘জন গণ মন’ক ৰাষ্ট্ৰীয় সংগীত হিচাপে আৰু ‘বন্দে মাতৰম’ক ৰাষ্ট্ৰীয় গীত হিচাপে গ্ৰহণ কৰিছিল। তেওঁ গুৰুত্ব আৰোপ কৰি কয় যে এই গুৰুত্বপূৰ্ণ দিনটোত ৬১ হাজাৰৰো অধিক যুৱক-যুৱতীয়ে চৰকাৰী সেৱাৰ বাবে নিযুক্তি পত্ৰ লাভ কৰি তেওঁলোকৰ জীৱনত এক নতুন অধ্যায় আৰম্ভ কৰিছে। শ্ৰী মোদীয়ে এই নিযুক্তি পত্ৰসমূহক ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে আমন্ত্ৰণ আৰু উন্নত ভাৰতৰ সৃষ্টি ত্বৰান্বিত কৰাৰ প্ৰতিশ্ৰুতি হিচাপে বৰ্ণনা কৰে। তেওঁ উল্লেখ কৰে যে বহু যুৱক-যুৱতীয়ে ৰাষ্ট্ৰীয় নিৰাপত্তা শক্তিশালী কৰিব, শিক্ষা আৰু স্বাস্থ্যসেৱা তথা পৰিৱেশ তন্ত্ৰক শক্তিশালী কৰিব, বিত্তীয় সেৱা আৰু শক্তি সুৰক্ষাক শক্তিশালী কৰিব আৰু ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহৰ বিকাশত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। প্ৰধানমন্ত্ৰীয়ে সকলো যুৱক-যুৱতীক আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰে।দিল্লীৰ কাৰিয়াপ্পা পেৰেড গ্ৰাউণ্ডত আয়োজিত এনচিচি ৰেলীত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পূৰ্ণপাঠ
January 27th, 05:00 pm
কেন্দ্ৰীয় কেবিনেটত মোৰ সতীৰ্থ শ্ৰী ৰাজনাথ সিং জী, সঞ্জয় ছেঠ জী, চিডিএছ- জেনেৰেল অনিল চৌহান জী, তিনিওটা সশস্ত্ৰ বাহিনীৰ মুৰব্বী, প্ৰতিৰক্ষা সচিব, এনচিচিৰ ডিজি, আন-আন অতিথি আৰু এনচিচিৰ মোৰ মৰমৰ বন্ধুসকল!এন চি চিৰ বাৰ্ষিক পি এম ৰেলীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণ
January 27th, 04:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিল্লীৰ কৰিয়াপ্পা পেৰেড খেলপথাৰত বাৰ্ষিক নেচনেল কেডেট কৰ্পছৰ পিএম ৰেলীত ভাষণ আগবঢ়ায়। শ্ৰী মোদীয়ে সাংস্কৃতিক অনুষ্ঠান প্ৰত্যক্ষ কৰি শ্ৰেষ্ঠ কেডেট বঁটা প্ৰদান কৰে। এন চি চি দিৱস উপলক্ষে সমাৱেশক শুভেচ্ছা জনাই প্ৰধানমন্ত্ৰীয়ে ১৮খন বন্ধুত্বপূৰ্ণ দেশৰ পৰা অংশগ্ৰহণ কৰা প্ৰায় ১৫০জন কেডেটক আদৰণি জনায়। তেওঁ মেৰা যুৱ ভাৰত (MY Bharat) পৰ্টেলৰ জৰিয়তে ভাৰ্চুৱেলি যোগদান কৰা সমগ্ৰ ভাৰতৰ যুৱক-যুৱতীসকলক অভিনন্দন জনায়।National Voters' Day is about celebrating our vibrant democracy: PM Modi
January 25th, 08:45 am
The Prime Minister Shri Narendra Modi today remarked that National Voters' Day is about celebrating our vibrant democracy and empowering every citizen to exercise their right to vote.মন কী বাত: 'মোৰ প্ৰথম ভোট-দেশৰ বাবে'...নতুন ভোটদাতাসকলক তেওঁলোকৰ ভোটাধিকাৰ সাব্যস্ত কৰাৰ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ
February 25th, 11:00 am
মোৰ প্ৰিয় দেশবাসী, আজি আমাৰ জীৱনত প্ৰযুক্তিৰ গুৰুত্ব বাঢ়িছে। মোবাইল ফোন আৰু ডিজিটেল গেজেট আমাৰ জীৱনৰ এক গুৰুত্বপূৰ্ণ অংগ হৈ পৰিছে। কিন্তু আপোনালোকে জানেনে যে ডিজিটেল গেজেটৰ সহায়ত আমি এতিয়া বন্যপ্ৰাণীৰ ভাৰসাম্য ৰক্ষা কৰিবলৈ সক্ষম হৈছো? কিছুদিন পিছত ৩ মাৰ্চত বিশ্ব বন্যপ্ৰাণী দিৱস পালন কৰা হ’ব। বন্যপ্ৰাণী সংৰক্ষণ সম্পৰ্কে সজাগতা প্ৰসাৰৰ উদ্দেশ্যে এই দিৱস পালন কৰা হয়। এইবাৰ বিশ্ব বন্যপ্ৰাণী দিৱসৰ বিষয়বস্তুৱে ডিজিটেল উদ্ভাৱনক আগস্থানত ৰাখিছে। আপোনালোকে জানি আনন্দিত হ’ব যে আমাৰ দেশৰ বিভিন্ন প্ৰান্তত বন্যপ্ৰাণী সংৰক্ষণৰ বাবে প্ৰযুক্তিৰ ব্যাপক ব্যৱহাৰ হৈছে। চৰকাৰৰ প্ৰচেষ্টাৰ বাবেই যোৱা কেইবছৰমানৰ পৰা দেশত বাঘৰ সংখ্যা বৃদ্ধি পাইছে। মহাৰাষ্ট্ৰৰ চন্দ্ৰপুৰ বাঘ সংৰক্ষিত বনাঞ্চলত বাঘৰ সংখ্যা দুশ পঞ্চাশটাতকৈও অধিক হৈছে। চন্দ্ৰপুৰ জিলাত মানুহ-বাঘৰ সংঘাত হ্ৰাস কৰিবলৈ কৃত্ৰিম বুদ্ধিমত্তা গ্ৰহণ কৰা হৈছে। তাতে গাঁও আৰু বনাঞ্চলৰ সীমাত কেমেৰা স্থাপন কৰা হয়। যেতিয়াই গাঁৱৰ ওচৰলৈ বাঘ আহে, কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত স্থানীয় ৰাইজৰ মোবাইল ফোনলৈ সতৰ্কবাণী প্ৰেৰণ কৰা হয়। আজি এই বাঘ সংৰক্ষিত বনাঞ্চলৰ চাৰিওফালে থকা তেৰখন গাঁৱত এই ব্যৱস্থাই জনসাধাৰণৰ বাবে বহু উপকাৰ সাধন কৰিছে আৰু বাঘৰ সুৰক্ষা নিশ্চিত কৰিছে।সকলোৰে হৃদয়ত আছে ৰাম: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
January 28th, 11:30 am
মোৰ প্ৰিয় দেশবাসী, এইবাৰ ২৬ জানুৱাৰীৰ পেৰেড যথেষ্ট আচৰিত আছিল, কিন্তু আটাইতকৈ চৰ্চিত কথাটো আছিল পেৰেডত মহিলা শক্তি৷ যেতিয়া কেন্দ্ৰীয় নিৰাপত্তা বাহিনী আৰু দিল্লী আৰক্ষীৰ মহিলা দলে কৰ্তব্য পথত মাৰ্চপাষ্ট কৰিবলৈ আৰম্ভ কৰে, সকলোৱে হৃদয় গৌৰৱেৰে উঠলি উঠিল। মহিলা বেণ্ডৰ সমদল দেখি আৰু তেওঁলোকৰ চমকপ্ৰদ সমন্বয় দেখি দেশ-বিদেশৰ মানুহ আলোড়িত হৈ পৰিল। এইবাৰ পেৰেডত মাৰ্চ কৰা ২০টা স্কোৱাডৰ ভিতৰত ১১টা স্কোৱাড আছিল কেৱল মহিলাৰ। আমি দেখিলোঁ যে যিমানবোৰ প্ৰতীকপট উলিয়াইছিল সকলোতে মহিলা। যিবোৰ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হৈছিল, তাত প্ৰায় ডেৰ হাজাৰ কন্যাই অংশ লৈছিল। বহু মহিলা শিল্পীয়ে শংকা, নদাস্বৰম, নাগদা আদি ভাৰতীয় বাদ্যযন্ত্ৰ বজাই আছিল। ডিআৰডিঅ’ই উলিওৱা প্ৰতীকপটেও সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল। ইয়াত দেখা গ’ল যে নাৰী শক্তিয়ে কেনেদৰে প্ৰতিটো ক্ষেত্ৰতে-পানী, ভূমি, আকাশ, চাইবাৰ আৰু মহাকাশত দেশক সুৰক্ষা দি আছে। একবিংশ শতিকাৰ ভাৰতে মহিলা নেতৃত্বাধীন উন্নয়নৰ মন্ত্ৰৰে আগবাঢ়িছে।The next 25 years are crucial to transform India into a 'Viksit Bharat': PM Modi
January 25th, 12:00 pm
PM Modi addressed the people of India at Nav Matdata Sammelan. He said, “The age between 18 to 25 shapes the life of a youth as they witness dynamic changes in their lives”. He added that along with these changes they also become a part of various responsibilities and during this Amrit Kaal, strengthening the democratic process of India is also the responsibility of India’s youth. He said, “The next 25 years are crucial for both India and its youth. It is the responsibility of the youth to transform India into a Viksit Bharat by 2047.”PM Modi’s address at the Nav Matdata Sammelan
January 25th, 11:23 am
PM Modi addressed the people of India at Nav Matdata Sammelan. He said, “The age between 18 to 25 shapes the life of a youth as they witness dynamic changes in their lives”. He added that along with these changes they also become a part of various responsibilities and during this Amrit Kaal, strengthening the democratic process of India is also the responsibility of India’s youth. He said, “The next 25 years are crucial for both India and its youth. It is the responsibility of the youth to transform India into a Viksit Bharat by 2047.”ৰাষ্ট্ৰীয় ভোটাৰ দিৱসৰ শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ
January 25th, 09:44 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উপলক্ষে সকলো ভোটদাতাক শুভেচ্ছা জ্ঞাপন কৰিছে।ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উপলক্ষে দেশবাসীক প্রধানমন্ত্রীৰ শুভেচ্ছা
January 25th, 11:49 am
ধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উপলক্ষে দেশবাসীক শুভেচ্ছা জনাইছে।ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উপলক্ষে নিৰ্বাচন আয়োগক প্ৰশংসা কৰিলে প্ৰধানমন্ত্ৰীয়ে
January 25th, 01:17 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উপলক্ষে নিৰ্বাচন আয়োগক প্ৰশংসা কৰিছে৷ৰাষ্ট্ৰীয় ভোটাৰছ দিৱস উপলক্ষে দেশবাসীক শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ
January 25th, 11:01 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাষ্ট্ৰীয় ভোটাৰছ দিৱস উপলক্ষে দেশবাসীক শুভেচ্ছা জনাইছে৷অহা লোকসভা নিৰ্বাচন হৈছে প্ৰথমবাৰলৈ ভোটদান কৰিবলগীয়া ভোটাৰসকলে দেশৰ দায়িত্ব কান্ধ পাতি লোৱাৰ এক সুযোগঃ প্ৰধানমন্ত্ৰী
January 27th, 11:30 am
বছৰৰ প্ৰথমটো ‘মন কী বাত’ত প্ৰধানমন্ত্ৰী মোদীয়ে স্বচ্ছ ভাৰতৰ মহাকাশ প্ৰযুক্তিৰ পৰা প্ৰথমবাৰলৈ ভোটদান কৰিবলগীয়া ভোটাৰৰ পৰা নিৰ্বাচন আয়োগে পালন কৰা গুৰুত্বপূৰ্ণ ভূমিকালৈ, খেলো ইণ্ডিয়াৰ পৰা সন্ত ৰবিদাসৰ শিক্ষালৈকে বিভিন্ন গুৰুত্বপূৰ্ণ বিষয় উল্লেখ কৰে৷ প্ৰধানমন্ত্ৰীয়ে নেতাজী সুভাষ চন্দ্ৰ বসুৰ বিষয়ে দীঘলীয়াকৈ কোৱাৰ লগতে শেহতীয়াভাৱে দিল্লীৰ লালকিল্লাত শ্বহীদসকলৰ স্মৃতিত এটা সংগ্ৰহালয় উদ্বোধন কৰাৰ কথা কয়৷ প্ৰধানমন্ত্ৰীয়ে ড০ শ্ৰীশ্ৰীশ্ৰী শিৱকুমাৰ স্বামীগালু আৰু তেওঁৰ সজ শিক্ষাৰ কথা স্মৰণ কৰি কয় যে তেওঁৰ চিন্তাধাৰাই ভৱিষ্যৎ প্ৰজন্মকো প্ৰেৰণা যোগাই থাকিব৷ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উপলক্ষে জনসাধাৰণক প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা
January 25th, 12:49 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উপলক্ষে দেশৰ জনসাধাৰণক শুভেচ্ছা জনাইছে৷ৰাষ্ট্ৰীয় ভোটাৰ দিৱসত সকলো যোগ্য ভোটাৰক নিজৰ নাম পঞ্জীয়ন কৰি ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ প্ৰধানমন্ত্ৰীৰ আহ্বান
January 25th, 10:56 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় ভোটাৰ দিৱসত সকলো যোগ্য ভোটাৰক নিজৰ নাম পঞ্জীয়ন কৰি ভোটাধিকাৰ সাব্যস্ত কৰি গণতন্ত্ৰক অধিক শক্তিশালী কৰি তুলিবলৈ আহ্বান জনাইছে।