ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে ইণ্ডিয়া চিপ লিমিটেডৰ আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

February 21st, 05:30 pm

আজি ভাৰতে বিকাশৰ লক্ষ্যৰে দ্ৰুতগতিত কাম কৰি আছে। আৰু মই লালকিল্লাৰ পৰাও কৈছো যে ভাৰতৰ এতিয়া থমকি ৰ'বলৈ সময় নাই। ২০২৬ চনৰ আৰম্ভণিৰ পৰা ভাৰতে ইয়াৰ গতি আৰু অধিক বৃদ্ধি কৰিছে। ১২ জানুৱাৰীত দেশৰ লাখ লাখ যুৱক-যুৱতীয়ে বিকশিত ভাৰত যুৱ নেতা সন্মিলনত অংশগ্ৰহণ কৰিছিল। ১৬ জানুৱাৰীত আমি ভাৰতৰ ষ্টাৰ্টআপ বিপ্লৱক নতুন শক্তি প্ৰদান কৰি ৰাষ্ট্ৰীয় ষ্টাৰ্টআপ দিৱস পালন কৰিছিলো। তাৰপাছত আহিল বাজেট, যিয়ে বিকশিত ভাৰতক নতুন গতি প্ৰদান কৰিলে আৰু এতিয়া এই সপ্তাহটো ভাৰতৰ বাবে ঐতিহাসিক হিচাপে প্ৰমাণিত হৈছে। বিশ্ব এআই ইম্পেক্ট ছামিটত বিশ্বৰ বহু দেশৰ ৰাষ্ট্ৰপ্ৰধান, প্ৰযুক্তি জগতৰ অগ্ৰণী ব্যক্তি দিল্লীত সমবেত হৈছে। এই সন্মিলনত বিশ্বই ভাৰতৰ এআইৰ সম্ভাৱনীয়তা দেখিছে, আমাৰ দৃষ্টিভংগী বুজি পাইছে আৰু প্ৰশংসা কৰিছে।

ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে উত্তৰপ্ৰদেশত এইচচিএল-ফক্সকনৰ অৰ্ধপৰিবাহী ইউনিটৰ আধাৰশিলা স্থাপন অনুষ্ঠানত অংশগ্ৰহণ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

February 21st, 05:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে উত্তৰপ্ৰদেশত এইচচিএল-ফক্সকনৰ অৰ্ধপৰিবাহী ইউনিটৰ আধাৰশিলা স্থাপন অনুষ্ঠানত অংশগ্ৰহণ কৰে। নতুন দিল্লীত অনুষ্ঠিত বিশ্ব এআই ইম্পেক্ট ছামিটৰ পিছত এই অনুষ্ঠানটো ভাৰতৰ অৰ্ধপৰিবাহী ক্ষেত্ৰৰ এক বিশ্ব কেন্দ্ৰ হিচাপে পৰিগণিত হোৱাৰ যাত্ৰাত এক ঐতিহাসিক মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈছে।

ষ্টাৰ্টআপ ইণ্ডিয়াৰ এটা দশক উপলক্ষে আয়োজিত অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ

January 16th, 01:30 pm

আজি আমি সকলোৱে ইয়াত এক এক বিশেষ অনুষ্ঠানত একত্ৰিত হৈছো। ৰাষ্ট্ৰীয় ষ্টাৰ্টআপ দিৱস উপলক্ষে আয়োজিত এই অনুষ্ঠানত ষ্টাৰ্টআপৰ প্ৰতিষ্ঠাপক তথা উদ্ভাৱকৰ এই সমাৱেশৰ জৰিয়তে মই মোৰ সন্মুখত দেখিছোঁ এখন নতুন আৰু বিকশিত ভাৰতৰ ভৱিষ্যতৰ ছবি।

ষ্টাৰ্টআপ ইণ্ডিয়াৰ ১০ বছৰীয়া বৰ্ষপূৰ্তি উপলক্ষে ৰাষ্ট্ৰীয় ষ্টাৰ্টআপ দিৱসত প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা

January 16th, 09:28 am

ৰাষ্ট্ৰীয় ষ্টাৰ্টআপ দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ষ্টাৰ্টআপ জগতৰ সৈতে জড়িত সকলোকে শুভেচ্ছা জ্ঞাপন কৰে। ষ্টাৰ্টআপ ইণ্ডিয়া পদক্ষেপ আৰম্ভ হোৱাৰ এক দশক সম্পূৰ্ণ হোৱা উপলক্ষে এই বছৰৰ উদযাপন বিশেষ গুৰুত্বপূৰ্ণ হিচাপে পৰিগণিত হৈছে।

ৰাষ্ট্ৰীয় ষ্টাৰ্টআপ দিৱস উপলক্ষে প্ৰধানমন্ত্ৰীয়ে ১৬ জানুৱাৰীত ষ্টাৰ্টআপ ইণ্ডিয়াৰ এক দশক পূৰ্তিৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব

January 15th, 09:00 am

ৰাষ্ট্ৰীয় ষ্টাৰ্টআপ দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬ চনৰ ১৬ জানুৱাৰীৰ দিনৰ ১ বজাত নতুন দিল্লীৰ ভাৰত মণ্ডপমত ষ্টাৰ্টআপ ইণ্ডিয়া পদক্ষেপৰ এক দশক পূৰ্তিৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব।