ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত বিহাৰৰ ৰাজগীৰত আৰম্ভ হ’বলগীয়া পুৰুষৰ হকী এছিয়া কাপ, ২০২৫-লৈ প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা

August 28th, 09:33 pm

ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ অৰ্থাৎ ২৯ আগষ্টৰ পৰা বিহাৰৰ ঐতিহাসিক ৰাজগীৰ চহৰত আৰম্ভ হ’বলগীয়া পুৰুষৰ হকী এছিয়া কাপ, ২০২৫-ৰ প্ৰাকক্ষণত সমগ্ৰ এছিয়াৰ সকলো অংশগ্ৰহণকাৰী দল, খেলুৱৈ, বিষয়া-বৰ্গ আৰু সমৰ্থকসকললৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে। শ্ৰী মোদীয়ে শেহতীয়া সময়ছোৱাত খেল’ ইণ্ডিয়া যুৱ গেমছ-২০২৫, এছিয়া ৰাগবী ২০-বছৰ অনূৰ্ধ চেভেনছ চেম্পিয়নশ্বিপ-২০২৫, আইএছটিএএফ ছেপাকটাক্ৰ’ বিশ্বকাপ-২০২৪ আৰু মহিলাৰ এছিয়ান চেম্পিয়নছ ট্ৰফী-২০২৪ ৰ দৰে গুৰুত্বপূৰ্ণ প্ৰতিযোগিতা আয়োজনেৰে এক স্পন্দনশীল ক্ৰীড়া কেন্দ্ৰ হিচাপে স্থান লাভৰ বাবে বিহাৰক প্ৰশংসা কৰে।

We are moving ahead with the goal of a quantum jump, not just incremental change: PM Modi

August 23rd, 10:10 pm

In his address at the Economic Times World Leaders Forum, PM Modi highlighted that India is currently the fastest-growing major economy in the world and poised to become the third-largest economy. He affirmed that India built Made-in-India 5G and deployed it across the country quickly. He highlighted major reforms from the Monsoon Session—modernized laws for mining, shipping and ports, and the launch of the National Sports Policy—Khelo Bharat Niti.

নতুন দিল্লীত অনুষ্ঠিত ইকনমিক টাইমছ ৱৰ্ল্ড লীডাৰ্ছ ফ’ৰামত ভাষণ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

August 23rd, 05:43 pm

আজি নতুন দিল্লীত অনুষ্ঠিত হোৱা ইকনমিক টাইমছ ৱৰ্ল্ড লীডাৰ্ছ ফ’ৰামত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাষণ প্ৰদান কৰে। অনুষ্ঠানত উপস্থিত থকা সকলো বিশিষ্ট অতিথিক আদৰণি জনাই তেওঁ কয় যে এই লীডাৰ্ছ ফ’ৰাম মঞ্চৰ সময় “অতি নিখুঁত।” শ্ৰী মোদীয়ে এই সময়োপযোগী পদক্ষেপৰ বাবে আয়োজকসকলক প্ৰশংসা কৰে। তেওঁ উল্লেখ কৰে যে মাত্ৰ যোৱা সপ্তাহত তেওঁ লালকিল্লাৰ পৰা পৰৱৰ্তী প্ৰজন্মৰ বা আধুনিক সংস্কাৰৰ বিষয়ে মন্তব্য কৰিছিল, আৰু এই মঞ্চই এতিয়া সেই দৃষ্টিভংগীৰ বাবে শক্তিবৰ্ধক হিচাপে কাম কৰি আছে।

প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতে মহাকাশত উল্লেখযোগ্য অগ্ৰগতি লাভ কৰিছে; যুৱক-যুৱতী আৰু ষ্টাৰ্টআপক নতুৰ অঞ্চল অন্বেষণ কৰিবলৈ উৎসাহিত কৰা সংস্কাৰৰ আহ্বান

August 23rd, 01:03 pm

প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে আমাৰ চৰকাৰে মহাকাশ খণ্ডত বিভিন্ন সংস্কাৰৰ সূচনা কৰিছে, যিয়ে যুৱক-যুৱতী, ব্যক্তিগত খণ্ড আৰু ষ্টাৰ্টআপক নতুন সীমা বিচাৰিবলৈ আৰু ভাৰতৰ মহাকাশ যাত্ৰাত অৰ্থপূৰ্ণ অৰিহণা যোগাবলৈ উৎসাহিত কৰিছে।

ৰাষ্ট্ৰীয় মহাকাশ দিৱস উপলক্ষে প্ৰধানমন্ত্ৰীৰ ভিডিঅ’ বাৰ্তাৰ অসমীয়া অনুবাদ

August 23rd, 11:00 am

ৰাষ্ট্ৰীয় মহাকাশ দিৱসত আপোনালোক সকলোকে মোৰ আন্তৰিক শুভেচ্ছা জনালোঁ। এইবাৰ মহাকাশ দিৱসৰ বিষয়বস্তু হৈছে ‘আৰ্য্যভট্টৰ পৰা গগনযানলৈ: প্ৰাচীন প্ৰজ্ঞাৰ পৰা অসীম সম্ভাৱনালৈ’। ইয়াত অতীতৰ আত্মবিশ্বাসৰ লগতে ভৱিষ্যতৰ সংকল্পও সন্নিৱিষ্ট কৰা হৈছে। আজি আমি প্ৰত্যক্ষ কৰিছোঁ যে কেনেকৈ ইমান কম সময়ৰ ভিতৰতে ৰাষ্ট্ৰীয় মহাকাশ দিৱস আমাৰ যুৱক-যুৱতীসকলৰ বাবে উৎসাহ আৰু প্ৰেৰণাৰ অনুষ্ঠানত পৰিণত হৈছে। এইটো সঁচাকৈয়ে দেশৰ বাবে অপৰিসীম গৌৰৱৰ বিষয়। মহাকাশ খণ্ডৰ সৈতে জড়িত আমাৰ সকলো বিজ্ঞানী আৰু যুৱক-যুৱতীলৈ ৰাষ্ট্ৰীয় মহাকাশ দিৱসত মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। শেহতীয়াকৈ ভাৰতে ‘জ্যোতিৰ্বিজ্ঞান আৰু জ্যোতিৰ্পদাৰ্থবিজ্ঞানৰ আন্তঃৰাষ্ট্ৰীয় অলিম্পিয়াড’ আয়োজন কৰিছিল। এই প্ৰতিযোগিতাত সমগ্ৰ বিশ্বৰ ৬০ খনতকৈও অধিক দেশৰ প্ৰায় ৩০০ যুৱ অংশগ্ৰহণকাৰীয়ে অংশগ্ৰহণ কৰে। আমাৰ ভাৰতীয় যুৱক-যুৱতীসকলেও পদক লাভ কৰে। এই অলিম্পিয়াড মহাকাশ খণ্ডত ভাৰতৰ উদীয়মান নেতৃত্বৰ প্ৰতীক।

২০২৫ চনৰ ৰাষ্ট্ৰীয় মহাকাশ দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণ

August 23rd, 10:30 am

আজি ৰাষ্ট্ৰীয় মহাকাশ দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ বাৰ্তাৰ জৰিয়তে দেশবাসীক সম্বোধন কৰে।এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে সকলোকে শুভেচ্ছা জ্ঞাপন কৰি এইবাৰৰ বিষয়বস্তু “আৰ্য্যভটৰ পৰা গগনযানলৈ” ভাৰতৰ অতীতৰ আত্মবিশ্বাস আৰু ভৱিষ্যতৰ সংকল্প দুয়োটাকে প্ৰতিফলিত কৰে বুলি আলোকপাত কৰে। তেওঁ মন্তব্য কৰে যে কম সময়ৰ ভিতৰতে ৰাষ্ট্ৰীয় মহাকাশ দিৱস ভাৰতৰ যুৱক-যুৱতীসকলৰ বাবে এক উৎসাহ আৰু আকৰ্ষণৰ অনুষ্ঠানত পৰিণত হৈছে, যিটো জাতীয় গৌৰৱৰ বিষয়। তেওঁ মহাকাশ খণ্ডৰ সৈতে জড়িত সকলো ব্যক্তিকে ধৰি বিজ্ঞানী আৰু যুৱক-যুৱতীলৈ তেওঁৰ শুভেচ্ছা জ্ঞাপন কৰে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে ভাৰতে বৰ্তমান জ্যোতিৰ্বিজ্ঞান আৰু জ্যোতিৰ্পদাৰ্থ বিজ্ঞানৰ আন্তঃৰাষ্ট্ৰীয় অলিম্পিয়াড আয়োজন কৰি আছে, য’ত ষাঠিখনতকৈও অধিক দেশৰ প্ৰায় ৩০০ যুৱকে অংশগ্ৰহণ কৰিছে। শ্ৰী মোদীয়ে এই অনুষ্ঠানত বহু ভাৰতীয় অংশগ্ৰহণকাৰীয়ে পদক লাভ কৰাত সুখ প্ৰকাশ কৰে। তেওঁ কয় যে এই অলিম্পিয়াড মহাকাশ খণ্ডত ভাৰতৰ উদীয়মান বিশ্ব নেতৃত্বৰ প্ৰতীক। প্ৰধানমন্ত্ৰীয়ে আনন্দ প্ৰকাশ কৰে যে যুৱক-যুৱতীসকলৰ মাজত মহাকাশৰ প্ৰতি অধিক আগ্ৰহ জগাই তুলিবলৈ ইছৰোৱে ইণ্ডিয়ান স্পেচ হেকাথন আৰু ৰবটিক্স চেলেঞ্জৰ দৰে পদক্ষেপ গ্ৰহণ কৰিছে। তেওঁ এই প্ৰতিযোগিতাসমূহত অংশগ্ৰহণ কৰা সকলো ছাত্ৰ-ছাত্ৰী আৰু বিজয়ীসকলক অভিনন্দন জ্ঞাপন কৰে।

আত্মনিৰ্ভৰশীলতাৰ জৰিয়তেহে ২০৪৭ চনত এখন উন্নত ভাৰতৰ পথ প্ৰশস্ত হ'ব: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

July 27th, 11:30 am

'মন কি বাত'ত আকৌ এবাৰ আমি দেশৰ সফলতা, দেশবাসীৰ সাফল্যৰ কথা ক'বলৈ ওলাইছো। যোৱা কেইসপ্তাহমানৰ ভিতৰত ক্ৰীড়ায়েই হওক, বিজ্ঞানেই হওক বা সংস্কৃতিয়েই হওক, বহু ক্ষেত্ৰত কথাই ঘটিছে, যাৰ বাবে প্ৰতিজন ভাৰতীয়ই গৌৰৱবোধ কৰিছে। শেহতীয়াকৈ মহাকাশৰ পৰা শুভাংশু শুক্লাই উভতি অহাক লৈ দেশত ব্যাপক চৰ্চা চলিছে। শুভাংশুৱে নিৰাপদে পৃথিৱীত অৱতৰণ কৰাৰ লগে লগে মানুহে আনন্দত আত্মহাৰা হৈ পৰিছে, প্ৰতিজন লোকৰ হৃদয়ত সুখৰ ঢৌৱে খেলাই গৈছে। সমগ্ৰ দেশ গৌৰাৱান্বিত হৈ পৰিছে। মোৰ মনত পৰিছে, ২০২৩ চনৰ আগষ্ট মাহত যেতিয়া চন্দ্ৰযান-৩-এ সফলতাৰে অৱতৰণ কৰিছিল, তেতিয়া দেশত এক নতুন পৰিৱেশৰ সৃষ্টি হৈছিল। বিজ্ঞানৰ প্ৰতি, মহাকাশৰ প্ৰতিও শিশুসকলৰ মনতো নতুন কৌতুহল জগাই তুলিছিল। এতিয়া শিশুসকলে কয়, আমিও মহাকাশলৈ যাম, আমি চন্দ্ৰতো অৱতৰণ কৰিম - আমি মহাকাশ বিজ্ঞানী হ'ম।

মহাকাশ খণ্ডৰ সংস্কাৰৰ দ্বাৰা দেশৰ যুৱক-যুৱতীসকল লাভৱান হৈছেঃ মন কী বাতৰ সময়ত প্ৰধানমন্ত্ৰী মোদী

August 25th, 11:30 am

বন্ধুসকল, মহাকাশ খণ্ডৰ সংস্কাৰৰ জৰিয়তে দেশৰ যুৱক-যুৱতীসকলো যথেষ্ট উপকৃত হৈছে, গতিকে মই ভাবিলোঁ যে আজি ‘মন কী বাত’ত মহাকাশ খণ্ডৰ সৈতে জড়িত মোৰ কেইজনমান যুৱ বন্ধুৰ সৈতে কথা পাতো৷ মোৰ সৈতে কথা পাতিবলৈ যোগদান কৰিছে স্পেচটেক ষ্টাৰ্ট-আপ গেলেক্সআইৰ দলটো। এই ষ্টাৰ্ট-আপ আৰম্ভ কৰিছিল আইআইটি-মাদ্ৰাজৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলে। এই আটাইকেইজন যুৱক আজি মোৰ লগত ফোন লাইনত সংযোগ হৈছে৷ তেওঁলোক হৈছে সুয়াশ, ডেনিয়েল, ৰক্ষিত, কিষাণ আৰু প্ৰনীত। আহক, এই যুৱকসকলৰ অভিজ্ঞতা সম্পৰ্কে আমি জানো।

মহাকাশ জগতত ভাৰতে উল্লেখযোগ্য অগ্ৰগতি লাভ কৰিছেঃ প্ৰধানমন্ত্ৰী

August 23rd, 12:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মহাকাশ জগতত ভাৰতে আগবঢ়োৱা উল্লেখযোগ্য পদক্ষেপসমূহৰ ওপৰত আলোকপাত কৰে।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰথম ‘ৰাষ্ট্ৰীয় মহাকাশ দিৱস’ উপলক্ষে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰে

August 23rd, 09:39 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰথম ‘ৰাষ্ট্ৰীয় মহাকাশ দিৱস’ উপলক্ষে দেশবাসীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে। ‘এক্স’-ত ‘শ্বেয়াৰ’ কৰা এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে মহাকাশ খণ্ডত ভাৰতৰ উল্লেখযোগ্য সাফল্যৰ বাবে অপৰিসীম গৌৰৱ প্ৰকাশ কৰে।

Today's 21st century India is moving ahead on the path of development, proud of its old values ​​and heritage : PM Modi in Poland

August 21st, 11:45 pm

Prime Minister Narendra Modi addressed the Indian Diaspora in Warsaw, Poland. The PM expressed that India's current global strategy emphasizes building strong international relationships and fostering peace. India’s approach has shifted to actively engaging with each nation. The focus is on enhancing global cooperation and leveraging India’s historical values of unity and compassion.

পোলেণ্ডত প্ৰধানমন্ত্ৰীয়ে ভাৰতীয় সম্প্ৰদায়ক সম্বোধন কৰে

August 21st, 11:30 pm

প্ৰবাসী ভাৰতীয়সকলে প্ৰধানমন্ত্ৰীক পৰম উচ্ছ্বাসেৰে উষ্ণ আদৰণি জনায়। এই উপলক্ষে প্ৰদান কৰা ভাষণত প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ভাৰতৰ কোনো এগৰাকী প্ৰধানমন্ত্ৰীৰ পোলেণ্ড ভ্ৰমণ সুদীৰ্ঘ ৪৫ বছৰৰ পিছত হৈছে আৰু তেওঁ ভাৰত-পোলেণ্ড সম্পৰ্ক শক্তিশালী কৰাৰ বাবে ৰাষ্ট্ৰপতি আন্দ্ৰজেজ ডুডা আৰু প্ৰধানমন্ত্ৰী ডনাল্ড টাস্কক সাক্ষাৎ কৰিবলৈ আগ্ৰহেৰে অপেক্ষা কৰি আছে। তেওঁ কয় যে ‘গণতন্ত্ৰৰ মাতৃ’ হিচাপে ভাৰত আৰু পোলেণ্ডৰ সৈতে ইয়াৰ অংশীদাৰী মূল্যবোধে দুয়োখন দেশক ঘনিষ্ঠ কৰি আহিছে।

কেৰালাৰ ‘বিক্ৰম চাৰাভাই মহাকাশ কেন্দ্ৰ’ত বিভিন্ন প্ৰকল্পৰ উদ্বোধন অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ

February 27th, 12:24 pm

কেৰালাৰ ৰাজ্যপাল শ্ৰী আৰিফ মহম্মদ খান, মুখ্যমন্ত্ৰী শ্ৰী পিনাৰাই বিজয়নজী, ৰাজ্যিক মন্ত্ৰী মোৰ সহকৰ্মী শ্ৰী ভি মুৰলীধৰণ জী, ইছৰো পৰিয়ালৰ সদস্যসকল, নমস্কাৰ!

কেৰালাৰ তিৰুৱন্তপুৰমত ‘বিক্ৰম চাৰাভাই মহাকাশ কেন্দ্ৰ’ (ভিএছএছচি) পৰিদৰ্শন কৰে প্ৰধানমন্ত্ৰীয়ে

February 27th, 12:02 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কেৰালাৰ তিৰুৱন্তপুৰমত ‘বিক্ৰম চাৰাভাই মহাকাশ কেন্দ্ৰ’ (ভিএছএছচি) পৰিদৰ্শন কৰে আৰু প্ৰায় ১৮০০ কোটি টকা বিনিয়োগসাপেক্ষ তিনিটা গুৰুত্বপূৰ্ণ মহাকাশ আন্তঃগাঁথনি প্ৰকল্প উদ্বোধন কৰে। প্ৰকল্পসমূহৰ ভিতৰত আছে শ্ৰীহৰিকোটাৰ ‘সতীশ ধাৱান মহাকাশ কেন্দ্ৰ’ত ‘এছএলভি ইণ্টিগ্ৰেশ্যন ফেচিলিটী’ (পিআইএফ); মহেন্দ্ৰগিৰিৰ ‘ইছৰো প্ৰপালশ্যন কমপ্লেক্স’ত নতুন 'অৰ্ধ-ক্ৰায়'জেনিক্স ইণ্টিগ্ৰেটেড ইঞ্জিন আৰু ষ্টেজ টেষ্ট ফেচিলিটী'; আৰু তিৰুৱন্তপুৰমৰ ‘ভিএছএছচি’-ত 'ট্ৰাইছনিক উইণ্ড টানেল'। শ্ৰী মোদীয়ে ‘গগনযান মিছন’ৰ অগ্ৰগতি পৰ্যালোচনা কৰাৰ লগতে চাৰিগৰাকী মনোনীত মহাকাশচাৰীসকলক 'এষ্ট্ৰনাট উইং' প্ৰদান কৰে। মনোনীত মহাকাশচাৰীকেইগৰাকী হৈছে ‘গ্ৰুপ কেপ্টেইন’ প্ৰশান্ত বালাকৃষ্ণন নায়াৰ, ‘গ্ৰুপ কেপ্টেইন’ অজিত কৃষ্ণন, ‘গ্ৰুপ কেপ্টেইন’ অঙ্গদ প্ৰতাপ আৰু ‘উইং কামাণ্ডাৰ’ শুভাংশু শুক্লা।

‘জি২০ ইউনিভাৰ্চিটি কানেক্ট ফিনালে’ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

September 26th, 04:12 pm

দুসপ্তাহৰ আগতে এই একেখন ভাৰত মণ্ডপমতে যথেষ্ট ক্ৰিয়া-কলাপ চলিছিল। এই ভাৰত মণ্ডপমটো একেবাৰে ‘চৰ্চাৰ কেন্দ্ৰবিন্দু’ত পৰিণত হৈছিল। আৰু মই আনন্দিত যে আজি মোৰ ভৱিষ্যতৰ ভাৰতখন একেটা ভাৰত মণ্ডপমত উপস্থিত হৈছে। ভাৰতে জি-২০ অনুষ্ঠানটোক কিমান উচ্চতালৈ লৈ গৈছে সেয়া দেখি বিশ্বই সঁচাকৈয়ে চমকিত হৈছে। কিন্তু সঁচা কথা ক’বলৈ গ’লে, মই একেবাৰে আচৰিত হোৱা নাই। হয়তো আপুনি ভাবিছে যে ইয়াৰ অপ্ৰতীম ভৱিষ্যৎ সত্ত্বেও মই কিয় আচৰিত হোৱা নাই? কাৰণ কি জানেনে? কাৰণ আপোনাৰ দৰে যুৱ ছাত্ৰ-ছাত্ৰীয়ে যদি কাৰ্যসূচীটো সফল কৰাৰ দায়িত্ব লয়, এনে অনুষ্ঠানত যদি যুৱক-যুৱতীসকল জড়িত হয়, তেন্তে ই সফল হোৱাটো তেনেই স্বাভাৱিক কথা।

জি-২০ ইউনিভাৰ্চিটি কানেক্ট ফাইনেলৰ কাৰ্য্যসূচী সম্বোধন প্ৰধানমন্ত্ৰীৰ

September 26th, 04:11 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত জি-২০ ইউনিভাৰ্চিটি কানেক্ট ফাইনেলৰ কাৰ্য্যসূচী সম্বোধন কৰে। ভাৰতৰ যুৱক-যুৱতীসকলৰ মাজত ভাৰতৰ জি-২০ৰ অধ্যক্ষতা সম্পৰ্কে এটি ধাৰণা গঢ় দিয়া আৰু জি-২০ৰ ভিন্ন অনুষ্ঠানত তেওঁলোকৰ অংশগ্ৰহণ বৃদ্ধিৰ লক্ষ্যৰে জি-২০ ইউনিভাৰ্চিটি কানেক্ট পদক্ষেপ গ্ৰহণ কৰা হয়। প্ৰধানমন্ত্ৰীগৰাকীয়ে এই উপলক্ষে ৪ পাব্লিকেচনো উন্মোচন কৰে যথাঃ জি-২০ৰ ভাৰতৰ অধ্যক্ষতাৰ অপাৰ সফলতাঃ দূৰদৰ্শী নেতৃত্ব, অন্তৰ্ভুক্ত পদ্ধতি (The Grand Success of G20 Bharat Presidency: Visionary Leadership, Inclusive Approach); ভাৰতৰ জি-২০ৰ অধ্যক্ষতাঃ বসুধৈৱ কুটুম্বকম (India's G20 Presidency: Vasudhaiva Kutumbakam); জি-২০ ইউনিভাৰ্চিটি কানেক্ট কাৰ্য্যক্ৰমৰ সংক্ষিপ্ত ৰূপ (Compendium of G20 University Connect Programme) আৰু জি-২০ত ভাৰতীয় সংস্কৃতিক থূপাই প্ৰদৰ্শন (Showcasing Indian Culture at G20)।

চন্দ্ৰযান-৩ মিছনৰ ঐতিহাসিক সফলতা উদযাপনৰ সন্দৰ্ভত কেবিনেটৰ প্ৰস্তাৱ

August 29th, 04:00 pm

চন্দ্ৰযান-৩ ৰ জৰিয়তে চন্দ্ৰ অভিযানৰ ঐতিহাসিক সফলতা উদযাপনত সমগ্ৰ বিশ্বৰ সৈতে এইবাৰ যোগ দিছে কেন্দ্ৰীয় কেবিনেটে। আমাৰ বিজ্ঞানীসকলৰ এই মাইলৰ খুঁটিস্বৰূপ সাফল্যকো কেবিনেটে শলাগ লৈছে। এয়া কেৱল আমাৰ মহাকাশ সংস্থাৰ সাফল্য নহয় বৰঞ্চ এয়া ভাৰতৰ প্ৰগতি আৰু বিশ্ব মঞ্চত আৰোহণৰ এক উজ্জ্বল প্ৰতীক। ২৩ আগষ্ট তাৰিখটোক “ৰাষ্ট্ৰীয় মহাকাশ দিৱস” হিচাপে পালন কৰিবলৈ লোৱা সিদ্ধান্তক কেবিনেটে আদৰণি জনাইছে।

India is on the moon! We have our national pride placed on the moon: PM Modi

August 26th, 08:15 am

PM Modi visited the ISRO Telemetry Tracking and Command Network (ISTRAC) in Bengaluru after his arrival from Greece and addressed Team ISRO on the success of Chandrayaan-3. PM Modi said that this is not a simple success. He said this achievement heralds India’s scientific power in infinite space. An elated PM Modi exclaimed, “India is on the Moon, We have our national pride placed on the Moon.

চন্দ্ৰযান-৩ৰ সফলতাক লৈ টিম ইছৰোক সম্বোধন প্ৰধানমন্ত্ৰীৰ

August 26th, 07:49 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গ্ৰীচৰ পৰা উভতি অহাৰ পিছত বেংগালুৰুস্থিত ইছৰো টেলিমেট্ৰি ট্ৰেকিং এণ্ড কমাণ্ড নেটৱৰ্ক (আইষ্ট্ৰেক) পৰিদৰ্শন কৰি চন্দ্ৰযান-৩ৰ সফলতাৰ সন্দৰ্ভত টিম ইছৰোক উদ্দেশ্যি ভাষণ আগবঢ়ায়। প্ৰধানমন্ত্ৰীয়ে চন্দ্ৰযান-৩ অভিযানৰ লগত জড়িত ইছৰোৰ বিজ্ঞানীসকলক সাক্ষাৎ কৰি মত বিনিময় কৰে য’ত তেওঁক চন্দ্ৰযান-৩ অভিযানৰ তথ্য আৰু অগ্ৰগতিৰ বিষয়েও অৱগত কৰা হয়।