বন্দে মাতৰমৰ ১৫০সংখ্যক বৰ্ষপূৰ্তি উপলক্ষে লোকসভাত বিশেষ আলোচনাৰ সময়ত প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ অসমীয়া অনুবাদ
December 08th, 12:30 pm
এয়া এনে এক সময় য'ত ইতিহাসৰ বহুতো অনুপ্ৰেৰণাদায়ক অধ্যায় আমাৰ সন্মুখত পুনৰ উন্মোচিত হৈছে। আমি আমাৰ সংবিধানৰ ৭৫সংখ্যক বৰ্ষপূৰ্তি উদযাপন কৰিছো। আজি দেশবাসীয়ে চৰ্দাৰ বল্লভভাই পেটেল আৰু ভগৱান বিৰছা মুণ্ডাৰ ১৫০সংখ্যক জয়ন্তী পালন কৰিছে আৰু অলপতে আমি গুৰু টেগ বাহাদুৰজীৰ ৩৫০সংখ্যক বলিদান দিৱস পালন কৰাৰ লগতে আজি আমি বন্দে মাতৰমৰ ১৫০সংখ্যক বৰ্ষপূৰ্তি সদনৰ এক সামূহিক শক্তি উপলব্ধি কৰাৰ প্ৰয়াস কৰিছো। ১৫০বছৰীয়া বন্দে মাতৰমৰ এই যাত্ৰা বিভিন্ন পৰ্যায়ত হৈছে।লোকসভাত ৰাষ্ট্ৰীয় গীত ‘বন্দে মাতৰম’ৰ ১৫০ বছৰ উদযাপন উপলক্ষে অনুষ্ঠিত বিশেষ আলোচনাত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণ প্ৰদান
December 08th, 12:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি লোকসভাত ৰাষ্ট্ৰীয় গীত ‘বন্দে মাতৰম’ৰ ১৫০ বছৰ উদযাপন উপলক্ষে অনুষ্ঠিত বিশেষ আলোচনাত ভাষণ দিয়ে। প্ৰধানমন্ত্ৰীয়ে এই গুৰুত্বপূৰ্ণ অনুষ্ঠানত সামূহিক আলোচনাৰ পথ বাছনি কৰাৰ বাবে সদনৰ সকলো সন্মানীয় সদস্যক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ মন্তব্য কৰে যে ত্যাগ আৰু তপস্যাৰ পথ প্ৰদৰ্শন কৰি ৰাষ্ট্ৰৰ স্বাধীনতা আন্দোলনক শক্তি প্ৰদান আৰু অনুপ্ৰাণিত কৰা মন্ত্ৰ তথা স্পষ্ট আহ্বানেৰে বন্দে মাতৰমক স্মৰণ কৰা হৈছে আৰু ই সদনৰ সকলোৰে বাবে এক বৃহৎ বিশেষত্ব। শ্ৰী মোদীয়ে উল্লেখ কৰে যে দেশখনে ১৫০ বছৰীয়া বন্দে মাতৰমৰ ঐতিহাসিক অনুষ্ঠানৰ সাক্ষী হোৱাটো গৌৰৱৰ বিষয়। তেওঁ কয় যে এই সময়ছোৱাই আমাৰ সন্মুখত ইতিহাসৰ অগণন ঘটনা কঢ়িয়াই আনিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে গুৰুত্ব আৰোপ কৰি কয় যে এই আলোচনাত কেৱল সদনৰ প্ৰতিশ্ৰুতিয়েই প্ৰতিফলিত নহয়, বৰঞ্চ সকলোৱে সামূহিকভাৱে ইয়াৰ উচিত ব্যৱহাৰ কৰিলে ভৱিষ্যৎ প্ৰজন্মৰ বাবে শিক্ষাৰ উৎস হিচাপেও কাম কৰিব পাৰিব।৭ নৱেম্বৰত ৰাষ্ট্ৰীয় গীত "বন্দে মাতৰম"ৰ ১৫০ বছৰীয়া স্মৃতিচাৰণ অনুষ্ঠান উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে
November 06th, 02:47 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৫ চনৰ ৭ নৱেম্বৰত নতুন দিল্লীৰ ইন্দিৰা গান্ধী ইনড’ৰ ষ্টেডিয়ামত পুৱা প্ৰায় ৯.৩০ বজাত ৰাষ্ট্ৰীয় গীত বন্দে মাতৰমৰ বছৰজোৰা স্মৃতিচাৰণ কাৰ্যসূচী উদ্বোধন কৰিব।