সন্ত্ৰাসবাদে ভাৰতৰ মনোবল ভাঙিব নোৱাৰেঃ প্ৰধানমন্ত্ৰী মোদী

April 24th, 03:36 pm

পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণত নিৰীহ লোকৰ কৰুণ মৃত্যুত মৰ্মাহত হৈ পৰিছে। বিহাৰৰ মধুবানীত অনুষ্ঠিত ৰাষ্ট্ৰীয় পঞ্চায়তীৰাজ দিৱস উদযাপনত সমগ্ৰ দেশৰ হৈ প্ৰধানমন্ত্ৰী মোদীয়ে শোক প্ৰকাশ কৰাৰ লগতে গভীৰ দুখ আৰু ক্ষোভ প্ৰকাশ কৰে। এই উপলক্ষে পীড়িত লোকসকলৰ সন্মানাৰ্থে দুই মিনিট সময় মৌন প্ৰাৰ্থনা কৰি সমগ্ৰ দেশবাসী ঐক্যবদ্ধভাৱে ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ কাষত থিয় দিছে।

বিহাৰৰ মধুবনীত ৰাষ্ট্ৰীয় পঞ্চায়তীৰাজ দিৱসৰ কাৰ্যসূচী আৰু উন্নয়নমূলক কামৰ শুভাৰম্ভ উপলক্ষে প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

April 24th, 12:00 pm

ভাষণ আৰম্ভ কৰাৰ আগতে মই আপোনালোক সকলোকে এটা অনুৰোধ জনাব বিচাৰিছোঁ; আপোনালোক য'তেই আছে তাতে, নিজৰ স্থানত বহি থাকিয়েই, থিয় হোৱাৰ প্ৰয়োজন নাই, বহি থাকিয়েই ২২ তাৰিখে যিসকল পৰিয়ালৰ সদস্যসক আমি হেৰুৱালোঁ, তেওঁলোকক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ, কিছু মুহূৰ্ত আমি নিজৰ ঠাইত বহি থাকিয়েই, মৌন ব্ৰত পালন কৰি নিজৰ নিজৰ আৰাধ্য দেৱতাক স্মৰণ কৰি, সেই সকলোকে শ্ৰদ্ধাঞ্জলি জনাম, তাৰ পিছত মই আজি মোৰ ভাষণ আৰম্ভ কৰিম।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় পঞ্চায়তীৰাজ দিৱস উপলক্ষে বিহাৰৰ মধুবনীত ১৩,৪৮০ কোটি টকাৰো অধিক মূল্যৰ উন্নয়নমূলক কামৰ শুভাৰম্ভ কৰে

April 24th, 11:50 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাষ্ট্ৰীয় পঞ্চায়তীৰাজ দিৱস উপলক্ষে বিহাৰৰ মধুবনীত ১৩,৪৮০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ, আধাৰশিলা স্থাপন আৰু ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰে। অনুষ্ঠানৰ আৰম্ভণিতে প্ৰধানমন্ত্ৰীগৰাকীয়ে ২০২৫ৰ ২২ এপ্ৰিলত পেহেলগামত সংঘটিত আক্ৰমণৰ বলি হোৱা সকলৰ বিদেহ আত্মাৰ সদগতি কামনাৰে মৌন প্ৰাৰ্থনা কৰিবলৈ সকলোকে আহ্বান জনায়। তেখেতে কয় যে আজি বিহাৰৰ উন্নয়ন সাধনৰ লক্ষ্যৰে হাজাৰ-হাজাৰ কোটি টকা মূল্যৰ প্ৰকল্প উদ্বোধন কৰা হৈছে আৰু আধাৰশিলা স্থাপন কৰা হৈছে। বিদ্যুৎ, ৰেল, আন্তঃগাঁথনিমূলক এই পদক্ষেপসমূহে বিহাৰত নতুন কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিব। তেখেতে মহান কবি ৰামধাৰী সিং দিনকৰ জীলৈ মৃত্যু বাৰ্ষিকী উপলক্ষে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

২৪ এপ্ৰিলত বিহাৰ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে

April 23rd, 06:30 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৪ এপ্ৰিলত বিহাৰ ভ্ৰমণ কৰিব। তেওঁ মধুবানী ভ্ৰমণ কৰি ৰাষ্ট্ৰীয় পঞ্চায়তী ৰাজ দিৱস উপলক্ষে পুৱা প্ৰায় ১১:৪৫ বজাত আয়োজিত কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। তেওঁ ১৩,৪৮০ কোটি টকাৰো অধিক মূল্যৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্প উদ্বোধন, আধাৰশিলা স্থাপন আৰু ৰাষ্ট্ৰৰ উৎসৰ্গা কৰিব। এই উপলক্ষে এখন ৰাজহুৱা সভাতো ভাষণ প্ৰদান কৰিব প্ৰধানমন্ত্ৰীয়ে।

২৪ আৰু ২৫ এপ্ৰিলত মধ্যপ্ৰদেশ, কেৰালা, দাদকা আৰু নগৰ হাভেলী আৰু দমন আৰু দিউ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে

April 21st, 03:02 pm

২৪ এপ্ৰিলৰ পুৱা প্ৰায় ১১:৩০ বজাত প্ৰধানমন্ত্ৰীয়ে মধ্যপ্ৰদেশৰ ৰেৱাত ৰাষ্ট্ৰীয় পঞ্চায়তীৰাজ দিৱস উপলক্ষে এক কাৰ্যসূচীত অংশ গ্ৰহণ কৰিব, য’ত তেওঁ প্ৰায় ১৭,০০০ কোটি টকা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰিব।

পঞ্চায়তীৰাজ দিৱস সন্দৰ্ভত গাঁও সভাসমূহলৈ আগবঢ়োৱা প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ

April 24th, 11:31 am

জম্মু-কাশ্মীৰৰ লেফটেনেণ্ট গৱৰ্ণৰ শ্ৰী মনোজ সিনহাজী, কেন্দ্ৰীয় মন্ত্ৰীসভাত মোৰ সহযোগী গিৰিৰাজ সিংজী, এই দেশৰ সন্তান মোৰ সহযোগী ডাঃ জিতেন্দ্ৰ সিংজী, শ্ৰী কপিল ম’ৰেশ্বৰ পাটিলজী, সংসদত মোৰ সহযোগী শ্ৰী যুগল কিশোৰজী, জম্মু-কাশ্মীৰকে ধৰি সমগ্ৰ দেশৰ সৈতে জড়িত পঞ্চায়তীৰাজৰ সকলো প্ৰতিনিধি, ভাই-ভনীসকল!

প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় পঞ্চায়তী ৰাজ দিৱস উদযাপনত অংশগ্ৰহণ কৰিবলৈ জম্মু-কাশ্মীৰ ভ্ৰমণ কৰে

April 24th, 11:30 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাষ্ট্ৰীয় পঞ্চায়তী ৰাজ দিৱস উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ জম্মু আৰু কাশ্মীৰ ভ্ৰমণ কৰে। এই অনুষ্ঠানৰ পৰা তেওঁ সমগ্ৰ দেশৰ গাঁও পঞ্চায়তসমূহক সম্বোধন কৰে। তেওঁ ছাম্বা জিলাৰ পল্লী পঞ্চায়ত ভ্ৰমণ কৰে আৰু প্ৰায় ২০,০০০ কোটি টকাৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন কৰাৰ লগতে আধাৰশিলা স্থাপন কৰে। তেওঁ অমৃত সৰোবৰ প্ৰকল্পও উদ্বোধন কৰে। অনুষ্ঠানত উপস্থিত থাকে উপ-ৰাজ্যপাল শ্ৰী মনোজ সিনহা, কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী গিৰিৰাজ সিং, ড০ জিতেন্দ্ৰ সিং আৰু শ্ৰী কপিল মৰেশ্বৰ পাটিল আদি।

ৰাষ্ট্ৰীয় পঞ্চায়তীৰাজ দিৱস উপলক্ষে প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা

April 24th, 09:51 am

ৰাষ্ট্ৰীয় পঞ্চায়তীৰাজ দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জনসাধাৰণক শুভেচ্ছা জনাইছে। তেওঁ কয় যে পঞ্চায়ত ব্যৱস্থা হৈছে ভাৰতীয় গণতন্ত্ৰৰ স্তম্ভ।

PM to launch physical distribution of Property Cards under the SVAMITVA Scheme on 11th October

October 09th, 01:31 pm

In a historic move set to transform rural India and empower millions of Indians, PM Narendra Modi will launch the physical distribution of Property Cards under the SVAMITVA Scheme on 11th October. The launch will enable around one lakh property holders to download their Property Cards through the SMS link delivered on their mobile phones.