অসমৰ নামৰূপত ইউৰিয়া প্ৰকল্পৰ ভূমি পূজনৰ সময়ত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ অসমীয়া অনুবাদ

December 21st, 04:25 pm

অসমৰ ৰাজ্যপাল শ্ৰীযুত লক্ষ্মণ প্ৰসাদ আচাৰ্য, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় চৰকাৰৰ মোৰ সহকৰ্মী আৰু ইয়াত আপোনালোকৰ প্ৰতিনিধি, অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, অসম চৰকাৰৰ মন্ত্ৰী, সংসদৰ সদস্য, বিধানসভাৰ সদস্য, অন্যান্য গণ্যমান্য ব্যক্তিসকল আৰু আমাক আশীৰ্বাদ দিবলৈ ইমান বৃহৎ সংখ্যাত অহা মোৰ সকলো ভাই-ভনীসকল, ভিতৰৰ তুলনাত পেণ্ডেলৰ বাহিৰত আৰু বেছি মানুহ দেখা পাইছো।

অসমৰ নামৰূপত অসম ভেলী ফাৰ্টিলাইজাৰ এণ্ড কেমিকেল কোম্পানী লিমিটেডৰ এমোনিয়া-ইউৰিয়া সাৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

December 21st, 12:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অসমৰ ডিব্ৰুগড়ৰ নামৰূপত অসম ভেলী ফাৰ্টিলাইজাৰ এণ্ড কেমিকেল কোম্পানী লিমিটেডৰ এমোনিয়া-ইউৰিয়া সাৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। এই উপলক্ষে সভাত আগবঢ়োৱা ভাষণত শ্ৰী মোদীয়ে কয় যে এইখন চাওলুং ছ্যুকাফা আৰু মহাবীৰ লাচিত বৰফুকনৰ দৰে মহান বীৰৰ ভূমি। ভাষণত তেওঁ ভীমবৰ দেউৰী, শ্বহীদ কুশল কোঁৱৰ, মৰাণ ৰজা বাদৌছা, মালতী মেম, ইন্দিৰা মিৰি, স্বৰ্গদেউ সৰ্বানন্দ সিংহ আৰু বীৰ সতী সাধনীৰ অৱদানৰ ওপৰত আলোকপাত কৰে। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে তেওঁ উজনি অসমৰ পবিত্ৰ ভূমিক প্ৰণাম জনাইছে, কিয়নো এয়া শৌৰ্য আৰু ত্যাগৰ মহান ভূমি।

তামিলনাডুৰ কইম্বাটুৰত আয়োজিত দক্ষিণ ভাৰত প্ৰাকৃতিক কৃষি সন্মিলন, ২০২৫-ৰ কাৰ্য্যসূচীত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ পূৰ্ণপাঠ

November 19th, 07:01 pm

মঞ্চত উপৱিষ্ট তামিলনাডুৰ ৰাজ্যপাল আৰ এন ৰবি জী, কেন্দ্ৰীয় কেবিনেটত মোৰ সতীৰ্থ এল মুৰুগান জী, তামিলনাডু কৃষি বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য্য ডঃ কে. ৰামাস্বামী জী, ভিন্ন কৃষি সংগঠনৰ সকলো গণ্যমান্য ব্যক্তি আৰু উপস্থিত থকা আন-আন জনপ্ৰতিনিধি, মোৰ মৰমৰ কৃষক ভাই-ভনীসকল তথা ডিজিটেল প্ৰযুক্তিৰ জৰিয়তে আমাৰ সৈতে সংযুক্ত হোৱা সমগ্ৰ দেশৰ লক্ষ-লক্ষ কৃষকক মই ইয়াৰ পৰা বনাক্কম কৈছোঁ, তেওঁলোকক মই নমস্কাৰ জনাইছোঁ। প্ৰথমে আপোনালোকৰ ওচৰত আৰু দেশজুৰি সমবেত হোৱা মোৰ খেতিয়ক ভাই-ভনীসকলৰ ওচৰত ক্ষমা বিচাৰিছোঁ। আজি পুট্টপৰ্থীত আয়োজিত সত্য সাই বাবাৰ অনুষ্ঠানত উপস্থিত থকাৰ বাবে ইয়ালৈ আহি পোৱাত প্ৰায় এঘন্টা পলম হ’ল। সেই অনুষ্ঠানটো অলপ দীঘলীয়া হ’ল, সেয়ে পলম হ’ল। মই আপোনালোকৰ বাবে সৃষ্টি কৰা অসুবিধাৰ বাবে আপোনালোক সকলোৰে ওচৰত ক্ষমা বিচাৰিছোঁ। দেশজুৰি বহুত লোক গোট খোৱা দেখিছোঁ।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তামিলনাডুৰ কইম্বাটুৰত দক্ষিণ ভাৰত প্ৰাকৃতিক কৃষি সন্মিলন, ২০২৫-ৰ কাৰ্য্যসূচী সম্বোধন কৰে

November 19th, 02:30 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তামিলনাডুৰ কইম্বাটুৰত দক্ষিণ ভাৰত প্ৰাকৃতিক কৃষি সন্মিলন, ২০২৫ উদ্বোধন কৰে। এই উপলক্ষে সমবেতসকলক সম্বোধনেৰে শ্ৰী মোদীয়ে কইম্বাটুৰৰ পবিত্ৰ ভূমিত মৰুধামলাইৰ ভগৱান মুৰুগানক প্ৰণাম জনাই ভাষণৰ আৰম্ভণি কৰে। তেওঁ কইম্বাটুৰক সংস্কৃতি, মমতা আৰু সৃষ্টিশীলতাৰ দেশ বুলি অভিহিত কৰে তথা ইয়াক দক্ষিণ ভাৰতৰ উদ্যমিতা শক্তিৰ কেন্দ্ৰ হিচাপে স্বীকৃতি জনায়। তেওঁ কয় যে ইয়াৰ বস্ত্ৰ খণ্ডই ৰাষ্ট্ৰীয় অৰ্থনীতিত এক প্ৰধান অৰিহণা যোগায়। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে কইম্বাটুৰে এতিয়া অধিক সুখ্যাতি লাভ কৰিছে, কিয়নো ইয়াৰ প্ৰাক্তন সাংসদ শ্ৰী চি.পি. ৰাধাকৃষ্ণনে এতিয়া উপ-ৰাষ্ট্ৰপতি হিচাপে দায়িত্ব পালনেৰে ৰাষ্ট্ৰক পথ প্ৰদৰ্শন কৰিছে।

১১ অক্টোবৰত নতুন দিল্লীৰ ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠানত বিশেষ কৃষি কাৰ্যসূচীত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীয়ে

October 10th, 06:10 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ১১ অক্টোবৰ ২০২৫ তাৰিখে পুৱা ১০:৩০ বজাত নতুন দিল্লীৰ ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠানত এক বিশেষ কৃষি কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰীয়ে কৃষকৰ সৈতে মত বিনিময় কৰিব আৰু তাৰ পিছত ৰাজহুৱা কাৰ্যসূচীত অংশগ্ৰহণ কৰিব, য’ত তেওঁ ৰাজহুৱা সভাতো ভাষণ দিব।

Launch of National Mission on Natural Farming

November 25th, 08:39 pm

The Union Cabinet chaired by PM Modi approved the launching of the National Mission on Natural Farming (NMNF) as a standalone Centrally Sponsored Scheme under the Ministry of Agriculture & Farmers' Welfare. The scheme has a total outlay of Rs.2481 crore (Government of India share – Rs.1584 crore; State share – Rs.897 crore) till the 15th Finance Commission (2025-26).