মন কী বাতত ভোকেল ফৰ লোকেল’ৰ প্ৰসংগৰে স্বদেশী গৌৰৱেৰে উৎসৱ উদযাপন কৰিবলৈ আহ্বান জনালে প্ৰধানমন্ত্ৰী মোদীয়ে
August 31st, 11:30 am
এই মাহৰ মন কী বাত ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে বানপানী আৰু ভূমিস্খলনৰ ফলত ক্ষতিগ্ৰস্তসকলক সহায় আগবঢ়োৱা নিৰাপত্তা বাহিনী আৰু নাগৰিকসকলৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা প্ৰকাশ কৰে। জম্মু-কাশ্মীৰৰ ক্ৰীড়া অনুষ্ঠান, সৌৰশক্তি, ‘অপাৰেচন প’ল’, ভাৰতীয় সংস্কৃতিৰ বৈশ্বিক প্ৰসাৰ আদি গুৰুত্বপূৰ্ণ বিষয়সমূহো তেওঁ স্পৰ্শ কৰে। প্ৰধানমন্ত্ৰীয়ে লগতে নাগৰিকসকলক উৎসৱৰ বতৰত মেড-ইন-ইণ্ডিয়া সামগ্ৰী ক্ৰয় আৰু স্বচ্ছতা বজাই ৰখাৰ গুৰুত্বৰ কথা সোঁৱৰাই দিয়ে।২৩.০২.২০২৫ত ‘মন কী বাত’ৰ ১১৯সংখ্যক খণ্ডত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
February 23rd, 11:30 am
মন কী বাতলৈ সকলোকে স্বাগতম জনাইছো। বৰ্তমান চেম্পিয়নছ ট্ৰফী চলি আছে আৰু সকলোতে ক্ৰিকেটৰ এক পৰিৱেশ বিৰাজ কৰিছে। ক্ৰিকেটত এটা শতকৰ ৰোমাঞ্চৰ কথা আমি সকলোৱে কম বেছি পৰিমাণে জানো, কিন্তু আজি আমি ক্ৰিকেটৰ কথা নকওঁ, মহাকাশত ভাৰতে যি অসাধাৰণ শতক অৰ্জন কৰিছে, সেই অসাধাৰণ শতকৰ কথাহে আলোচনা কৰিম। যোৱা মাহত ইছৰোৰ ১০০সংখ্যক ৰকেট উৎক্ষেপণৰ সাক্ষী হৈছিল দেশবাসী। এয়া কেৱল এক সংখ্যা নহয়, ই মহাকাশ বিজ্ঞানত দৈনিক নতুন উচ্চতাত উপনীত হোৱাৰ আমাৰ সংকল্পক প্ৰতিফলিত কৰিছে। আমাৰ মহাকাশ যাত্ৰা অতি সহজভাৱে আৰম্ভ হৈছিল। প্ৰতিটো খোজতে প্ৰত্যাহ্বান আহিছিল যদিও আমাৰ বিজ্ঞানীসকলে সেই সকলোবোৰ বাধা অতিক্ৰম কৰি আগবাঢ়ি গ’ল। সময়ৰ লগে লগে এই মহাকাশ অভিযানসমূহত আমাৰ সফলতাৰ তালিকাখন দীঘলীয়া হৈ আহিল। উৎক্ষেপণ বাহনৰ নিৰ্মাণেই হওক, চন্দ্ৰযান, মংগল অৰ্বিটাৰ, আদিত্য এল-১ৰ সফলতাই হওক বা এটা ৰকেট ব্যৱহাৰ কৰি একে সময়তে ১০৪টা উপগ্ৰহ মহাকাশলৈ প্ৰেৰণৰ অভূতপূৰ্ব অভিযানেই হওক– ইছৰোৰ সাফল্য দিনক দিনে বাঢ়িছে। কেৱল যোৱা দহ বছৰত আন দেশৰ বহু উপগ্ৰহকে ধৰি প্ৰায় ৪৬০টা উপগ্ৰহ উৎক্ষেপণ কৰা হৈছে। শেহতীয়া সময়ৰ আন এটা বৈশিষ্ট্য হ’ল আমাৰ মহাকাশ বিজ্ঞানীৰ দলত মহিলাৰ অংশগ্ৰহণ অহৰহ বৃদ্ধি পাইছে। মহাকাশৰ ক্ষেত্ৰখন আজি আমাৰ যুৱক-যুৱতীসকলৰ বাবে অতি আকৰ্ষণীয় হৈ পৰা দেখি মই অতিশয় আনন্দিত হৈছো।