“Maitri Parv” celebrates the friendship between India and Oman: PM Modi during community programme in Muscat

December 18th, 12:32 pm

While addressing a large gathering of members of the Indian community in Muscat, PM Modi remarked that co-existence and cooperation have been hallmarks of the Indian diaspora. He noted that over the last 11 years, India has witnessed transformational changes across perse fields. He reaffirmed India’s deep commitment to the welfare of the diaspora and invited students to participate in ISRO’s YUVIKA programme.

Prime Modi addresses the Indian community in Oman

December 18th, 12:31 pm

While addressing a large gathering of members of the Indian community in Muscat, PM Modi remarked that co-existence and cooperation have been hallmarks of the Indian diaspora. He noted that over the last 11 years, India has witnessed transformational changes across perse fields. He reaffirmed India’s deep commitment to the welfare of the diaspora and invited students to participate in ISRO’s YUVIKA programme.

গুজৰাটৰ ডেদিয়াপাড়াত আয়োজিত জনজাতীয় গৌৰৱ দিৱসৰ কাৰ্য্যসূচীত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ পূৰ্ণপাঠ

November 15th, 03:15 pm

দৰাচলতে আপোনালোকৰ সন্মুখত গুজৰাটী ভাষাত কথা ক’ব লাগে যদিও বৰ্তমান দেশৰ ভিন্ন প্ৰান্তৰ লোক আমাৰ অনুষ্ঠানৰ সৈতে সংযুক্ত হৈ আছে। সেয়েহে আপোনালোক সকলোৰে আশীৰ্বাদ আৰু অনুমতি সাপেক্ষে মই হিন্দীত ক’বলৈ আগবাঢ়িছোঁ।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ ডেদিয়াপাড়াত ধৰতী আবা ভগৱান বীৰছা মুণ্ডাৰ ১৫০ সংখ্যক জয়ন্তী উপলক্ষে জনজাতীয় গৌৰৱ দিৱসৰ কাৰ্য্যসূচী সম্বোধন কৰে

November 15th, 03:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ ডেদিয়াপাড়াত ধৰতী আবা ভগৱান বীৰছা মুণ্ডাৰ ১৫০ সংখ্যক জয়ন্তী উপলক্ষে জনজাতীয় গৌৰৱ দিৱসৰ কাৰ্য্যসূচী সম্বোধন কৰে। ইয়াতে তেওঁ ৯,৭০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক আন্তঃগাঁথনি আৰু উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। মা নৰ্মদাৰ পবিত্ৰ ভূমি আজি আন এক ঐতিহাসিক অনুষ্ঠানৰ সাক্ষী হৈ পৰিছে বুলি উল্লেখেৰে শ্ৰী মোদীয়ে কয় যে ৩১ অক্টোবৰত ভাৰতৰ ঐক্য আৰু বৈচিত্ৰ্যক উদযাপনৰ বাবে একেটা স্থানতে চৰ্দাৰ পেটেলৰ ১৫০ সংখ্যক জয়ন্তী উদযাপন কৰা হৈছিল। প্ৰধানমন্ত্ৰীয়ে কয় যে আজি ভগৱান বীৰছা মুণ্ডাৰ ১৫০ সংখ্যক জয়ন্তীৰ বিশাল উদযাপনৰ লগে-লগে আমি ভাৰত পৰ্বৰ শিখৰত উপনীত হৈছোঁ। এই পবিত্ৰ অনুষ্ঠানত তেওঁ ভগৱান বীৰছা মুণ্ডালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে এই অনুষ্ঠানলৈ গুজৰাট, ৰাজস্থান, মধ্যপ্ৰদেশ আৰু সমগ্ৰ জনজাতীয় বেল্টত স্বাধীনতাৰ মনোভাৱক জাগ্ৰত কৰা গোবিন্দ গুৰুৰ আশীৰ্বাদো আছে। তেওঁ মঞ্চৰ পৰাই গোবিন্দ গুৰুলৈ শ্ৰদ্ধাঞ্জলি জনায়। তেওঁ আৰু কয় যে কিছু সময়ৰ পূৰ্বে তেওঁ দেৱমোগৰা মাতাৰ মন্দিৰ দৰ্শনৰ সৌভাগ্য লাভ কৰিছিল আৰু পুনৰবাৰ তেওঁৰ চৰণত প্ৰণাম জনাইছিল।

উদীয়মান বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱন সন্মিলন ২০২৫ ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

November 03rd, 11:00 am

দেশৰ বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিং জী, ভাৰত চৰকাৰৰ প্ৰধান বৈজ্ঞানিক উপদেষ্টা অজয় কুমাৰ সুদ, ন'বেল বঁটা বিজয়ী ছাৰ আন্দ্ৰে গেইম, আমাৰ মাজত উপস্থিত সকলো বিজ্ঞানী, উদ্ভাৱক, শিক্ষাবিদ, দেশ-বিদেশৰ বিশিষ্ট ব্যক্তিসকল, ভদ্ৰ পুৰুষ-মহিলাসকল!

উদীয়মান বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱন সন্মিলন ২০২৫ত ভাষণ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

November 03rd, 10:30 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত উদীয়মান বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱন সন্মিলন (এছটিআইচি) ২০২৫ত ভাষণ প্ৰদান কৰে। এই উপলক্ষে আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে দেশ-বিদেশৰ বিজ্ঞানী, উদ্ভাৱক, শিক্ষাবিদ আৰু অন্যান্য বিশিষ্ট অতিথিসকলক আদৰণি জনায়। আইচিচি মহিলা বিশ্বকাপ ২০২৫ত ভাৰতৰ উল্লেখনীয় বিজয়ৰ কথা উল্লেখ কৰি শ্ৰী মোদীয়ে কয় যে ভাৰতীয় ক্ৰিকেট দলৰ সফলতাত সমগ্ৰ দেশবাসী উৎফুল্লিত হৈছে। তেওঁ ভাৰতৰ প্ৰথম মহিলা বিশ্বকাপ বিজয়ৰ কথা উল্লেখ কৰি মহিলা ক্ৰিকেট দলটোক আন্তৰিক অভিনন্দন জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে দেশবাসী তেওঁলোকৰ বাবে গৌৰৱান্বিত আৰু তেওঁলোকৰ সাফল্যই দেশৰ লাখ লাখ যুৱক-যুৱতীক অনুপ্ৰাণিত কৰিব বুলি তেওঁ আশা ব্যক্ত কৰে।

NDA freed Bihar from Naxalism and Maoist terror — now you can live and vote fearlessly: PM Modi in Begusarai

October 24th, 12:09 pm

Addressing a massive public rally in Begusarai, PM Modi stated, On one side, there is the NDA, an alliance with mature leadership, and on the other, there is the 'Maha Lathbandhan'. He highlighted that nearly 90% of purchases in the country are of Swadeshi products, benefiting small businesses. The PM remarked that the NDA has freed Bihar from Naxalism and Maoist terror, and that every vote of the people of Bihar will help build a peaceful, prosperous state.

We’re connecting Bihar’s heritage with employment, creating new opportunities for youth: PM Modi in Samastipur

October 24th, 12:04 pm

Ahead of the Bihar Assembly elections, PM Modi kickstarted the NDA’s campaign by addressing a grand public meeting in Samastipur, Bihar. He said, “The trumpet of the grand festival of democracy has sounded. The entire Bihar is saying, ‘Phir Ek Baar NDA Sarkar!’” Remembering Bharat Ratna Jan Nayak Karpoori Thakur ji, the PM said, “It is only due to his blessings that people like us, who come from humble and backward families, are able to stand on this stage today.”

PM Modi addresses enthusiastic crowds in Bihar’s Samastipur and Begusarai

October 24th, 12:00 pm

Ahead of the Bihar Assembly elections, PM Modi kickstarted the NDA’s campaign by addressing massive gatherings in Samastipur and Begusarai, Bihar. He said, “The trumpet of the grand festival of democracy has sounded. The entire Bihar is saying, ‘Phir Ek Baar NDA Sarkar!’” Remembering Bharat Ratna Jan Nayak Karpoori Thakur ji, the PM remarked, “It is only due to his blessings that people like us, who come from humble and backward families, are able to stand on this stage today.”

প্ৰধানমন্ত্ৰীয়ে ৪ অক্টোবৰত ৬২,০০০ কোটি টকাতকৈ অধিক মূল্যৰ বিভিন্ন যুৱকেন্দ্ৰিক পদক্ষেপ মুকলি কৰিব

October 03rd, 03:54 pm

যুৱ বিকাশৰ এক ঐতিহাসিক পদক্ষেপ হিচাপে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীৰ বিজ্ঞান ভৱনত দিনৰ ১১ বজাত ৬২,০০০ কোটিৰো অধিক মূল্যৰ বিভিন্ন যুৱকেন্দ্ৰিক পদক্ষেপ মুকলি কৰিব, যাৰ ফলত সমগ্ৰ দেশতে শিক্ষা, দক্ষতা আৰু উদ্যোগীকৰণৰ ক্ষেত্ৰত এক নিৰ্ণায়ক উত্থান ঘটিব। এই অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগী অনুসৰি আয়োজন কৰা ৰাষ্ট্ৰীয় দক্ষতা সমাৰোহৰ চতুৰ্থ সংস্কৰণ কৌশল দীক্ষান্ত সমাৰোহৰো অনুষ্ঠিত হ’ব, য’ত দক্ষতা বিকাশ আৰু উদ্যোগ মন্ত্ৰালয়ৰ অধীনস্থ ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ ৪৬ গৰাকী সৰ্বভাৰতীয় শীৰ্ষ স্থানপ্ৰাপকক সম্বৰ্ধনা জনোৱা হ’ব।

অসমৰ গোলাঘাটত পলিপ্ৰপাইলিন প্লাণ্টৰ আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

September 14th, 03:30 pm

ভাৰত মাতা কী জয়! অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা জী, কেন্দ্ৰীয় মন্ত্ৰীসভাৰ মোৰ সহযোগী সৰ্বানন্দ সোণোৱাল জী, হৰদীপ সিং পুৰী জী, অসম চৰকাৰৰ মন্ত্ৰী, সাংসদ আৰু বিধায়ক আৰু ইয়াত অংশগ্ৰহণ কৰা মোৰ ভাই-ভনীসকল!

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ গোলাঘাটত বায়'ইথানল প্ৰকল্প উদ্বোধন কৰাৰ লগতে পলিপ্ৰ'পাইলিন গোটৰ আধাৰশিলা স্থাপন কৰে

September 14th, 03:00 pm

স্বচ্ছ শক্তিৰ প্ৰসাৰ আৰু জীৱাশ্ম ইন্ধনৰ ক্ষেত্ৰত নিৰ্ভৰশীলতা হ্ৰাস কৰাৰ লক্ষ্যৰে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ গোলাঘাটৰ নুমলীগড় শোধনাগাৰ লিমিটেড (এন আৰ এল)ত অসম বায়’ইথানল প্ৰকল্প উদ্বোধন কৰাৰ লগতে পলিপ্ৰ’পাইলিন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। এই উপলক্ষে আয়োজিত সভাত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে শাৰদীয় দুৰ্গা পূজা উপলক্ষে সকলো নাগৰিক আৰু অসমবাসীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে। মহান আধ্যাত্মিক ব্যক্তি শ্ৰীমন্ত শংকৰদেৱৰ জন্ম বাৰ্ষিকীৰ তাৎপৰ্য স্বীকাৰ কৰি শ্ৰদ্ধাৰ গুৰুজনাৰ প্ৰতি তেওঁ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

কেবিনেটে ৪২০০ কোটি টকা ব্যয় সাপেক্ষে কাৰিকৰী শিক্ষাত বহুবিষয়ক শিক্ষা আৰু গৱেষণা উন্নয়ন (MERITE) আঁচনিলৈ বাজেট সহায়ত অনুমোদন জনায়

August 08th, 04:04 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে ১৭৫ খন অভিযান্ত্ৰিক শিক্ষানুষ্ঠান আৰু ১০০ খন পলিটেকনিকক সামৰি ২৭৫ খন কাৰিকৰী শিক্ষানুষ্ঠানত ‘কাৰিকৰী শিক্ষাত বহুবিষয়ক শিক্ষা আৰু গৱেষণা উন্নয়ন’ (MERITE) আঁচনি ৰূপায়ণৰ প্ৰস্তাৱত অনুমোদন জনাইছে। আঁচনিখনৰ উদ্দেশ্য হৈছে ৰাষ্ট্ৰীয় শিক্ষা নীতি-২০২০ (NEP-2020) ৰ সৈতে সংগতি ৰাখি মধ্যবৰ্তিতাৰ জৰিয়তে সকলো ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলক সামৰি কাৰিকৰী শিক্ষাৰ গুণগত মান, সমতা আৰু শাসন ব্যৱস্থাৰ অগ্ৰগতি সাধন।

শ্ৰী নাৰায়ণ গুৰু আৰু গান্ধীজীৰ মাজৰ বাৰ্তালাপৰ শতাব্দী সমাৰোহ বৈঠকত দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

June 24th, 11:30 am

আজি এই চৌহদ দেশৰ ইতিহাসত এক অভূতপূৰ্ব পৰিঘটনাৰ স্মৃতিৰ সাক্ষী হৈ পৰিছে। এনে এক ঐতিহাসিক পৰিঘটনা, যিয়ে আমাৰ স্বাধীনতা আন্দোলনক নতুন দিশ দিয়াই নহয়, বৰং স্বাধীনতাৰ উদ্দেশ্য, স্বাধীন ভাৰতৰ সপোনকো সুনিৰ্দিষ্ট অৰ্থ প্ৰদান কৰিছিল। ১০০ বছৰৰ আগতে শ্ৰী নাৰায়ণ গুৰু আৰু মহাত্মা গান্ধীৰ সেই সাক্ষাৎ, আজিও সিমানেই প্ৰেৰণাদায়ক, সিমানেই প্ৰাসংগিক। ১০০ বছৰ আগতে হোৱা সেই সাক্ষাৎ, সামাজিক সম্প্ৰীতিৰ বাবে, উন্নত ভাৰতৰ সামূহিক লক্ষ্যৰ বাবে, আজিও শক্তিৰ এক বৃহৎ উৎস। এই ঐতিহাসিক অনুষ্ঠানত মই শ্ৰী নাৰায়ণ গুৰুৰ চৰণত প্ৰণাম জনাইছোঁ। মই গান্ধীজীলৈও শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিছোঁ।

শ্ৰী নাৰায়ণ গুৰু আৰু মহাত্মা গান্ধীৰ ঐতিহাসিক বাৰ্তালাপৰ শতবাৰ্ষিকী উদযাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণ

June 24th, 11:00 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত ভাৰতৰ দুজন সৰ্বশ্ৰেষ্ঠ আধ্যাত্মিক আৰু সুনীতিসম্পন্ন নেতা শ্ৰী নাৰায়ণ গুৰু তথা মহাত্মা গান্ধীৰ ঐতিহাসিক বাৰ্তালাপৰ শতবাৰ্ষিকী উদযাপন অনুষ্ঠানত ভাষণ দিয়ে। এই উপলক্ষে সমবেত লোকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে সশ্ৰদ্ধ শুভেচ্ছা জ্ঞাপন কৰি কয় যে আজি এই স্থান দেশৰ ইতিহাসত এক অভূতপূৰ্ব মুহূৰ্তৰ সাক্ষী হৈছে। তেওঁ গুৰুত্ব আৰোপ কৰি কয় যে এই ঐতিহাসিক ঘটনাই স্বাধীনতা আন্দোলনক নতুন দিশ প্ৰদান কৰাৰ লগতে স্বাধীনতাৰ উদ্দেশ্য আৰু স্বাধীন ভাৰতৰ সপোনক দৃঢ় অৰ্থ প্ৰদান কৰিছিল। ১০০ বছৰ পূৰ্বৰ শ্ৰী নাৰায়ণ গুৰু আৰু মহাত্মা গান্ধীৰ মাজত হোৱা বৈঠক আজিও অনুপ্ৰেৰণামূলক আৰু প্ৰাসংগিক হৈ থকাৰ লগতে সামাজিক সম্প্ৰীতি তথা উন্নত ভাৰতৰ সামূহিক লক্ষ্যৰ বাবে শক্তিৰ এক শক্তিশালী উৎস হিচাপে পৰিগণিত হৈ আহিছে, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়। এই ঐতিহাসিক অনুষ্ঠানত তেওঁ শ্ৰী নাৰায়ণ গুৰুৰ শ্ৰীচৰণত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে মহাত্মা গান্ধীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি তৰ্পণ কৰে।

নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত ৱাই ইউ. জি. এম. কনক্লেভত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ মূল পাঠ

April 29th, 11:01 am

আজি, চৰকাৰ, শিক্ষা, বিজ্ঞান আৰু গৱেষণাৰ সৈতে জড়িত বিভিন্ন ক্ষেত্ৰৰ লোক ইয়াত বৃহৎ সংখ্যাত উপস্থিত আছে। এই সংহতি, এই সংগম, ইয়াক যুটী বুলি কোৱা হয়। এটা যুটি য 'ত উন্নত ভাৰতৰ ভৱিষ্যতৰ প্ৰযুক্তি-সম্পৰ্কীয় অংশীদাৰসকল একেলগে জড়িত হৈ আছে। মই আত্মবিশ্বাসী যে এই অনুষ্ঠানটোৱে ভাৰতৰ উদ্ভাৱন ক্ষমতা আৰু গভীৰ প্ৰযুক্তিত ভাৰতৰ ভূমিকা বৃদ্ধিৰ বাবে আমি কৰা প্ৰচেষ্টাক অধিক শক্তিশালী কৰিব। আজি, আই. আই. টি. কানপুৰ আৰু আই. আই. টি. বোম্বাইত এ. আই., বুদ্ধিমত্তা প্ৰণালী, আৰু জৈৱবিজ্ঞান জৈৱ প্ৰযুক্তি স্বাস্থ্য আৰু ঔষধৰ ছুপাৰ হাব মুকলি কৰা হৈছে। আজি ৱাধৱানী উদ্ভাৱন নেটৱৰ্কও আৰম্ভ কৰা হৈছে। ৰাষ্ট্ৰীয় গৱেষণা ফাউণ্ডেশ্যনৰ সহযোগিতাত গৱেষণা অব্যাহত ৰখাৰো সিদ্ধান্ত লোৱা হৈছে। এই প্ৰচেষ্টাৰ বাবে মই ৱাধৱানী ফাউণ্ডেশ্যন, আমাৰ আই. আই. টি. আৰু আন সকলো অংশীদাৰক অভিনন্দন জনাইছো। বিশেষকৈ, মই মোৰ বন্ধু ৰমেশ ৱাধৱানী মহাশয়ক প্ৰশংসা কৰোঁ। আপোনাৰ নিষ্ঠা আৰু সক্ৰিয়তাৰ জৰিয়তে ব্যক্তিগত আৰু ৰাজহুৱা খণ্ডই একেলগে দেশৰ শিক্ষা ব্যৱস্থাত বহুতো ইতিবাচক পৰিৱৰ্তন সাধন কৰিছে।

ৱাই ইউ জি এম উদ্ভাৱন সন্মিলন সম্বোধন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

April 29th, 11:00 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত ৱাই ইউ জি এম উদ্ভাৱন সন্মিলন সম্বোধন কৰে। এই উপলক্ষে সমাৱেশত ভাষণ দি তেওঁ চৰকাৰী বিষয়া, শিক্ষাবিদ আৰু বিজ্ঞান তথা গৱেষণা পেছাদাৰীসকলৰ গুৰুত্বপূৰ্ণ সমাৱেশৰ ওপৰত আলোকপাত কৰি অংশীদাৰসকলৰ সংগমস্থল ৱাই ইউ জি এম— এখন উন্নত ভাৰতৰ বাবে ভৱিষ্যতৰ প্ৰযুক্তিসমূহ আগুৱাই নিয়াৰ লক্ষ্যৰে কৰা সহযোগিতাৰ মঞ্চৰূপে অভিহিত কৰি ইয়াত গুৰুত্ব আৰোপ কৰে। প্ৰধানমন্ত্ৰীয়ে আস্থা প্ৰকাশ কৰে যে এই অনুষ্ঠানে ভাৰতৰ উদ্ভাৱন ক্ষমতা আৰু গভীৰ-প্ৰযুক্তিক্ষেত্ৰত ভাৰতৰ ভূমিকা বৃদ্ধিৰ প্ৰচেষ্টাক গতি প্ৰদান কৰিব। এ আই, বুদ্ধিমত্তাসম্পন্ন ব্যৱস্থা আৰু জৈৱ বিজ্ঞান, জৈৱ প্ৰযুক্তি, স্বাস্থ্য আৰু চিকিৎসা বিজ্ঞানৰ ওপৰত গুৰুত্ব আৰোপ কৰি আই আই টি কানপুৰ আৰু আই আই টি বম্বেত মুকলি কৰা ছুপাৰ হাবৰ প্ৰসংগও উত্থাপন কৰে। তেওঁ লগতে নেশ্যনেল ৰিচাৰ্চ ফাউণ্ডেশ্যনৰ সহযোগত গৱেষণাক আগুৱাই নিয়াৰ প্ৰতিশ্ৰুতি পুনৰ দৃঢ় কৰা ৱাধৱনী উদ্ভাৱন নেটৱৰ্ক মুকলি কৰাৰ কথাও উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে ৱাধৱনী ফাউণ্ডেশ্যন, আই আই টিসমূহ আৰু এই পদক্ষেপসমূহৰ সৈতে জড়িত সকলো অংশীদাৰক অভিনন্দন জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে ব্যক্তিগত আৰু ৰাজহুৱা খণ্ডৰ সহযোগিতাৰ জৰিয়তে দেশৰ শিক্ষা ব্যৱস্থাত ইতিবাচক পৰিৱৰ্তন অনাৰ ক্ষেত্ৰত ৰোমেশ ৱাধৱানী ডাঙৰীয়াৰ নিষ্ঠা আৰু সক্ৰিয় ভূমিকাৰ বাবে তেওঁক বিশেষভাৱে প্ৰশংসা কৰে।

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

April 27th, 11:30 am

নমস্কাৰ। আজি 'মন কী বাত'ত আপোনালোকৰ লগত কথা পাতি আছো যদিও মোৰ অন্তৰত এক গভীৰ দুখ অনুভৱ হৈ আছে। ২২ এপ্ৰিলত পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণে দেশৰ প্ৰতিজন নাগৰিকৰ মনত আঘাত দিছে। মৃতকৰ পৰিয়ালৰ প্ৰতি সমগ্ৰ ভাৰতীবাসীয়ে গভীৰ সমবেদনা জ্ঞাপন কৰিছে। তেওঁ যি ৰাজ্যৰেই নহওক বা যি ভাষা নকওক কিয়, এই আক্ৰমণত নিজৰ আপোনজনক হেৰুওৱা সেই লোকসকলৰ যন্ত্ৰণা ভুক্তভোগী লোকসকলেহে অনুভৱ কৰে। সন্ত্ৰাসবাদী আক্ৰমণৰ ছবি দেখি প্ৰতিজন ভাৰতীয়ৰ তেজ উতলি থকা যেন অনুভৱ হৈছে। পেহেলগামত এই আক্ৰমণে সন্ত্ৰাসবাদক পৃষ্ঠপোষকতা কৰা সকলৰ হতাশাৰ লগতে, তেওঁলোকৰ কাপুৰুষালি প্ৰদৰ্শন কৰিছে। কাশ্মীৰত শান্তি ঘূৰি আহিছিল, বিদ্যালয়-মহাবিদ্যালয়ত জীপাল হৈ উঠিছিল, নিৰ্মাণ কাৰ্য্যই অভূতপূৰ্ব গতি লাভ কৰিছিল, গণতন্ত্ৰ শক্তিশালী হৈ আহিছিল, পৰ্যটকৰ সংখ্যা অভিলেখ পৰিমাণৰ বৃদ্ধি পাইছিল, মানুহৰ আয় বাঢ়িছিল, যুৱক-যুৱতীসকলৰ বাবে নতুন সুযোগৰ সৃষ্টি হৈছিল। কিন্তু দেশ তথা জম্মু-কাশ্মীৰৰ শত্ৰুবোৰে এই কথাবোৰ ভাল নাপালে। সন্ত্ৰাসবাদী আৰু তেওঁলোকৰ পৃষ্ঠপোষকসকলে কাশ্মীৰ পুনৰ ধ্বংস হোৱাটো বিচাৰে আৰু সেয়েহে তেওঁলোকে ইমান ডাঙৰ ষড়যন্ত্ৰ ৰচনা কৰিছিল। দেশৰ ঐক্য, ১৪০ কোটি ভাৰতীয়ৰ একতা, সন্ত্ৰাসবাদৰ বিৰুদ্ধে এই যুদ্ধত আমাৰ সৰ্ববৃহৎ শক্তি। এই ঐক্যই সন্ত্ৰাসবাদৰ বিৰুদ্ধে আমাৰ নিৰ্ণায়ক যুঁজৰ আধাৰ। দেশৰ সন্মুখত দেখা দিয়া এই প্ৰত্যাহ্বান মোকাবিলা কৰিবলৈ আমি আমাৰ সংকল্প শক্তিশালী কৰিব লাগিব। দেশ হিচাপে আমি দৃঢ় ইচ্ছাশক্তি প্ৰদৰ্শন কৰিব লাগিব। এই ক্ষেত্ৰত আজি বিশ্বই দৃষ্টি ৰাখিছে আৰু সন্ত্ৰাসবাদী এই নৃশংস আক্ৰমণৰ পিছত সমগ্ৰ দেশে সমস্বৰে মাত মাতিছে।

ডঃ কে. কস্তুৰীৰংগনৰ বিয়োগত প্ৰধানমন্ত্ৰীৰ শোক

April 25th, 02:34 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰতৰ বৈজ্ঞানিক আৰু শৈক্ষিক যাত্ৰাৰ এগৰাকী আগশাৰীৰ ব্যক্তি ডঃ কে. কস্তুৰীৰংগনৰ দেহাৱসানত শোক প্ৰকাশ কৰে। শ্ৰী মোদীয়ে কয় যে ডঃ কে. কস্তুৰীৰংগনে ভাৰতৰ মহাকাশ কাৰ্য্যসূচীক নতুন শিখৰলৈ নি ইছৰোত নিৰলসভাৱে সেৱা আগবঢ়াইছিল। ভাৰতৰ শিক্ষা ব্যৱস্থাক অধিক সামগ্ৰিক আৰু ভৱিষ্যতমুখী কৰি তুলিবলৈ ৰাষ্ট্ৰীয় শিক্ষা নীতি (NEP)-ৰ খচৰা প্ৰস্তুতৰ সময়ত গ্ৰহণ কৰা প্ৰয়াসৰ বাবে ডঃ কস্তুৰীৰংগনৰ ওচৰত ভাৰত সদায় কৃতজ্ঞ হৈ থাকিব। একাধিক যুৱ বিজ্ঞানী আৰু গৱেষকৰ বাবেও তেওঁ এগৰাকী অসামান্য পথ-প্ৰদৰ্শক আছিল, শ্ৰী মোদীয়ে লগতে কয়।

ছত্তীশগড়ৰ বিলাসপুৰত বিভিন্ন উন্নয়নমূলক কামৰ শুভাৰম্ভণি অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ

March 30th, 06:12 pm

ছত্তীশগড়ৰ ৰাজ্যপাল শ্ৰী ৰমেন ডেকাজী; ৰাজ্যখনৰ জনপ্ৰিয় আৰু সদা সচেষ্ট মুখ্যমন্ত্ৰী শ্ৰী বিষ্ণুদেও সাইজী; কেন্দ্ৰীয় কেবিনেটত মোৰ সন্মানীয় সহকৰ্মী মনোহৰ লালজী; এই অঞ্চলৰ সংসদ সদস্য আৰু কেন্দ্ৰীয় মন্ত্ৰী তোখন সাহুজী; ছত্তীশগড় বিধান সভাৰ অধ্যক্ষ আৰু মোৰ মৰমৰ বন্ধু ৰমন সিংজী; উপ মুখ্যমন্ত্ৰী বিজয় শৰ্মাজী; অৰুণ সাহু জী; ছত্তীশগড় চৰকাৰৰ মন্ত্ৰী, সাংসদ আৰু বিধায়কসকল; আৰু দূৰদূৰণিৰ পৰা আহি ইয়াত সমবেত হোৱা মোৰ ভাই-ভনীসকল!