সমবায় খণ্ডৰ অগ্ৰগতি পৰ্যালোচনা কৰিবলৈ প্ৰধানমন্ত্ৰীয়ে এখন উচ্চ পৰ্যায়ৰ বৈঠকত সভাপতিত্ব কৰে
March 06th, 05:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘৭ লোক কল্যাণ মাৰ্গ’ত সমবায় খণ্ডৰ অগ্ৰগতি পৰ্যালোচনা কৰিবলৈ এক উচ্চ পৰ্যায়ৰ বৈঠকত সভাপতিত্ব কৰে। খণ্ডটোত প্ৰযুক্তিগত উন্নতিৰ জৰিয়তে পৰিৱৰ্তন অনা সহকাৰ চে’ সম্ৰুদ্ধি, সমবায়সমূহত যুৱ আৰু মহিলাসকলৰ অংশগ্ৰহণ বৃদ্ধি কৰাৰ পৰিকল্পনা আৰু সমবায় মন্ত্ৰালয়ৰ বিভিন্ন পদক্ষেপ সন্দৰ্ভত আলোচনা অনুষ্ঠিত হয়।