গুজৰাটৰ দাহোদত বিভিন্ন উন্নয়নমূলক কাম আৰম্ভ কৰাৰ সময়ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ লিখিত ৰূপ

গুজৰাটৰ দাহোদত বিভিন্ন উন্নয়নমূলক কাম আৰম্ভ কৰাৰ সময়ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ লিখিত ৰূপ

May 26th, 11:45 am

গুজৰাটৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত ভূপেন্দ্ৰ ভাই, ৰেল মন্ত্ৰী শ্ৰীযুত অশ্বিনী বৈষ্ণৱ, গুজৰাটৰ কেবিনেটৰ মোৰ সকলো সহযোগী, সাংসদসকল, বিধানসভাৰ সদস্যসকল, অন্যান্য বিশিষ্ট ব্যক্তিসকল, আৰু দহোদৰৰ মোৰ মৰমৰ ভাই-ভনীসকল!

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ গুজৰাটৰ দাহোদত ২৪,০০০কোটি টকাৰো অধিক মূল্যৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন আৰু উৎসৰ্গা

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ গুজৰাটৰ দাহোদত ২৪,০০০কোটি টকাৰো অধিক মূল্যৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন আৰু উৎসৰ্গা

May 26th, 11:40 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ দাহোদত ২৪,০০০ কোটি টকাতকৈও অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন আৰু ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰে। সমাৱেশত সম্বোধন কৰি তেওঁ মন্তব্য কৰে যে ২৬মে'ৰ বিশেষ গুৰুত্ব আছে কিয়নো ই ২০১৪চনত তেওঁ প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে এই দিনটোতে শপত গ্ৰহণ কৰিছিল।ৰাষ্ট্ৰৰ নেতৃত্ব দিয়াৰ দায়িত্ব প্ৰদান কৰা গুজৰাটৰ জনসাধাৰণৰ অটল সমৰ্থন আৰু আশীৰ্বাদক তেওঁ স্বীকাৰ কৰে। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে এই বিশ্বাস আৰু উৎসাহে অহৰ্নিশে দেশৰ সেৱা কৰাৰ প্ৰতি তেওঁৰ সমৰ্পণক উজ্জীৱিত কৰিছে। বছৰ বছৰ ধৰি, ভাৰতে কেইবা দশক পুৰণি বাধা নেওচি অভূতপূৰ্ব আৰু অকল্পনীয় সিদ্ধান্ত গ্ৰহণ কৰি আহিছে আৰু প্ৰতিটো খণ্ডতে প্ৰগতিৰ দিশে ধাৱমান হৈছে। আজি ৰাষ্ট্ৰখন হতাশা আৰু অন্ধকাৰৰ যুগৰ পৰা আত্মবিশ্বাস আৰু আশাবাদৰ এক নতুন যুগলৈ ধাৱিত হৈছে, তেওঁ লগতে কয়। ১৪০ কোটি ভাৰতীয় বিকশিত ভাৰত গঢ়ি তোলাৰ বাবে শ্ৰী মোদীয়ে ভাৰতৰ ভিতৰত অত্যাৱশ্যকীয় সামগ্ৰী নিৰ্মাণৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয় যে আত্মনিৰ্ভৰশীলতা হৈছে সময়ৰ প্ৰয়োজন। তেওঁ ঘৰুৱা উৎপাদন আৰু ৰপ্তানি দুয়োটাই ধাৰাবাহিকভাৱে বৃদ্ধি হোৱা বুলি উল্লেখ কৰি কয় যে ভাৰতে গোলকীয় উৎপাদন খণ্ডত দ্ৰুতগতিত অগ্ৰগতি লাভ কৰিছে। ভাৰতে এতিয়া স্মাৰ্টফোন, গাড়ী, পুতলা, প্ৰতিৰক্ষা সঁজুলি আৰু ঔষধকে ধৰি বিভিন্ন ধৰণৰ সামগ্ৰী ৰপ্তানি কৰি আছে। তেওঁ লগতে কয় যে ভাৰতে কেৱল ৰে’ল আৰু মেট্ৰ’ প্ৰযুক্তি নিৰ্মাণ কৰাই নহয় বৰঞ্চ ইয়াক গোলকীয়ভাবে ৰপ্তানি কৰি আছে। হাজাৰ হাজাৰ কোটি টকাৰ বৃহৎ প্ৰকল্প উদ্বোধন আৰু মুকলি কৰা দহোদক এই প্ৰগতিৰ এক প্ৰধান উদাহৰণ হিচাপে উল্লেখ কৰি শ্ৰী মোদীয়ে দহোদ বৈদ্যুতিক লোকোমোটিভ ফেক্টৰীক এক গুৰুত্বপূৰ্ণ সাফল্য হিচাপে উল্লেখ কৰে। তেওঁ তিনি বছৰ পূৰ্বে ইয়াৰ আধাৰশিলা স্থাপনৰ কথা স্মৰণ কৰি প্ৰথমটো বৈদ্যুতিক ইঞ্জিন এতিয়া সফলতাৰে নিৰ্মাণ কৰা বুলি গৌৰৱ প্ৰকাশ কৰে। গুজৰাট আৰু সমগ্ৰ দেশৰ বাবে গৌৰৱৰ মুহূৰ্ত হিচাপে চিহ্নিত কৰি তেওঁ লোকোমোটিভটোৰ শুভাৰম্ভ কৰে। ইয়াৰ উপৰি, গুজৰাট ইয়াৰ ৰে'লৱে নেটৱৰ্কৰ বৈদ্যুতিকীকৰণৰ লক্ষ্যত উপনীত হোৱা বুলি ঘোষণা কৰি তেওঁ ইয়াক এক উল্লেখযোগ্য মাইলৰ খুঁটি বুলি অভিহিত কৰে আৰু এই কৃতিত্বৰ বাবে গুজৰাটৰ জনসাধাৰণক অভিনন্দন জনায়।

‘মন কী বাত’ৰ ১২২সংখ্যক খণ্ডত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

‘মন কী বাত’ৰ ১২২সংখ্যক খণ্ডত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

May 25th, 11:30 am

নমস্কাৰ। আজি সমগ্ৰ দেশ একত্ৰিত, ক্ষুব্ধ, সন্ত্ৰাসবাদৰ বিৰুদ্ধে দৃঢ়প্ৰতিজ্ঞ। আজি প্ৰতিজন ভাৰতীয়ৰ একেই সংকল্প-আমি সন্ত্ৰাসবাদৰ অন্ত পেলাব লাগিব। বন্ধুসকল, অপাৰেচন সিন্দুৰৰ সময়ত আমাৰ সৈন্যই যি বীৰত্ব দেখুৱাইছে, সেই শৌৰ্যই প্ৰতিজন হিন্দুস্তানীৰ শিৰ উচ্চ কৰি তুলিছে। আমাৰ সৈন্যই যি দক্ষতা আৰু নিখুঁততাৰে সীমান্ত অতিক্ৰম কৰি সন্ত্ৰাসবাদী ঘাটি ধ্বংস কৰিছিল, সেয়া অভূতপূৰ্ব। অপাৰেচন সিন্দুৰে সমগ্ৰ বিশ্বতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজখনক নতুন বিশ্বাস আৰু উৎসাহ প্ৰদান কৰিছে। বন্ধুসকল, অপাৰেচন সিন্দুৰ কেৱল সেনা অভিযান নহয়, ই আমাৰ সংকল্প, সাহস আৰু পৰিৱৰ্তিত ভাৰতৰ ছবি আৰু এই ছবিখনে সমগ্ৰ দেশক দেশপ্ৰেমমূলক আৱেগেৰে ভৰাই তুলিছে, ত্ৰিৰংগ পতাকাখনক ৰঙেৰে ভৰাই তুলিছে। আপুনি হয়তো দেখিছে যে দেশৰ বহু চহৰ, গাঁও, সৰু সৰু চহৰত ত্ৰিৰংগ যাত্ৰা বাহিৰ কৰা হৈছে। হাতত ত্ৰিৰংগ পতাকা লৈ হাজাৰ হাজাৰ লোকে দেশৰ জোৱানক চেলুট আৰু অভিনন্দন জনাবলৈ ওলাই আহিছে। বহু চহৰত যুৱক-যুৱতীসকলে বৃহৎ সংখ্যক একত্ৰিত হৈ অসামৰিক প্ৰতিৰক্ষাৰ স্বেচ্ছাসেৱক হৈ পৰিছে আৰু আমি দেখিছো যে চণ্ডীগড়ৰ ভিডিঅ’টো যথেষ্ট ভাইৰেল হৈছে। ছচিয়েল মিডিয়াত কবিতা লিখা, সংকল্প আৰু গীত গোৱা হৈছে। সৰু ল’ৰা-ছোৱালীয়ে ছবি আঁকিছে, তাৰ অন্তৰালত লুকাই আছে গুৰুত্বপূৰ্ণ বাৰ্তা। তিনিদিন আগতে বিকানেৰলৈ গৈছিলো। তাত থকা ল’ৰা-ছোৱালীবোৰে মোক তেনেকুৱা এখন ছবি দিলে। অপাৰেচন সিন্দুৰে দেশৰ জনসাধাৰণক ইমানেই প্ৰভাৱিত কৰিছে যে বহু পৰিয়ালে ইয়াক নিজৰ জীৱনৰ অংগ কৰি তুলিছে। বিহাৰৰ কাটিহাৰ, উত্তৰপ্ৰদেশৰ কুশীনগৰ আৰু আন বহু চহৰত সেই সময়ত জন্ম হোৱা সন্তানক ‘সিন্দুৰ’ নামেৰে নামাকৰণ কৰা হৈছিল।

আদমপুৰ বিমান ঘাটিত সাহসী বায়ু যোদ্ধা আৰু সৈনিকসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ মত-বিনিময়ৰ অসমীয়া অনুবাদ

May 13th, 03:45 pm

কেইদিনমান পূৰ্বে এই শ্ল’গানৰ শক্তি বিশ্বই প্ৰত্যক্ষ কৰিছে। ভাৰত মাতা কী জয় কেৱল এক শ্ল’গানেই নহয়, বৰঞ্চ এয়া ভাৰত মাতাৰ সন্মান আৰু মৰ্য্যাদা অক্ষুণ্ণ ৰাখিবলৈ নিজৰ প্ৰাণো বিসৰ্জন দিবলৈ কুণ্ঠাবোধ নকৰা দেশৰ প্ৰতিগৰাকী জোৱানৰ সংকল্পও। এয়া হৈছে দেশখনৰ বাবে জীয়াই থাকিব বিচৰা, কিবা এটা সাধন কৰিব বিচৰা প্ৰতিগৰাকী নাগৰিকৰ কণ্ঠ। সকলো ক্ষেত্ৰতে ভাৰত মাতা কী জয়ৰ অনুৰণন ঘটে। ভাৰতৰ সৈন্যসকলে ভাৰত মাতা কী জয় বুলি কোৱা মাত্ৰেকে শত্ৰুৰ অন্তৰ কঁপি উঠে। আমাৰ ড্ৰোনে শত্ৰুৰ দুৰ্গ ধ্বংস কৰোঁতে, আমাৰ মিছাইলে লক্ষ্যত উপনীত হওঁতে শত্ৰুৱে ভাৰত মাতা কী জয় ধ্বনি শুনিবলৈ পায়! ৰাতিৰ আন্ধাৰতো যেতিয়া আমাৰ সূৰ্য্য উদয় হয়, তেতিয়া শত্ৰুৱে শুনে - ভাৰত মাতা কী জয়! আমাৰ বাহিনীসমূহে পাৰমাণৱিক ভাবুকিক বিফল কৰোঁতে আকাশৰ পৰা পাতাললৈ মাথোঁ এটা ধ্বনিয়েই গুঞ্জৰিত হয় – সেয়া হৈছে ভাৰত মাতা কী জয়!

আদমপুৰ বায়ু সেনা ষ্টেচনত সাহসী বায়ু যোদ্ধা আৰু জোৱানসকলৰ সৈতে মত বিনিময় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

May 13th, 03:30 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আদমপুৰস্থিত বায়ুসেনা ষ্টেচনত সাহসী বায়ু যোদ্ধা আৰু জোৱানসকলৰ সৈতে পৰিদৰ্শন কৰি মত বিনিময় কৰে। সেনা জোৱানসকলক সম্বোধন কৰি তেওঁ ‘ভাৰত মাতা কি জয়’ শ্লোগানৰ শক্তিৰ ওপৰত আলোকপাত কৰি এই কথাত গুৰুত্ব আৰোপ কৰে যে বিশ্বই মাত্ৰ ইয়াৰ শক্তিৰ সাক্ষী হৈছে। এয়া কেৱল এটা শ্লোগান নহয় বৰঞ্চ ভাৰত মাতৃৰ মৰ্যাদা ৰক্ষাৰ বাবে নিজৰ জীৱনকো তুচ্ছজ্ঞান কৰা প্ৰতিজন জোৱানৰ গম্ভীৰ শপত বুলি মন্তব্য কৰি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে এই শ্লোগান হৈছে দেশৰ বাবে জীয়াই থাকিব বিচৰা আৰু অৰ্থপূৰ্ণ অৱদান আগবঢ়াব বিচৰা প্ৰতিজন নাগৰিকৰ কণ্ঠ। তেওঁ দৃঢ়তাৰে কয় যে ‘ভাৰত মাতা কি জয়’ যুদ্ধক্ষেত্ৰ আৰু গুৰুত্বপূৰ্ণ অভিযান দুয়োটাতে প্ৰতিধ্বনিত হয়। তেওঁ দৃঢ়তাৰে কয় যে ‘ভাৰত মাতা কি জয়’ যুদ্ধক্ষেত্ৰত আৰু গুৰুত্বপূৰ্ণ অভিযানৰ সময়ত দুয়োটাতে প্ৰতিধ্বনিত হয়। ভাৰতীয় জোৱানে ভাৰত মাতা কি জয় শ্লোগান চিঞৰিলে শত্ৰুৰ মেৰুদণ্ডত কঁপনি উঠে বুলিও তেওঁ কয়। ভাৰতৰ সামৰিক শক্তিৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁ কয় যে যেতিয়া ভাৰতীয় ড্ৰোনে শত্ৰুৰ দুৰ্গ ধ্বংস কৰে আৰু যেতিয়া ক্ষেপণাস্ত্ৰই নিখুঁত আক্ৰমণ কৰে তেতিয়া শত্ৰুৱে মাত্ৰ এটা বাক্যহে শুনে-‘ভাৰত মাতা কি জয়’। প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে কয় যে আন্ধাৰ ৰাতিতো আকাশ পোহৰাই তোলাৰ ক্ষমতা ভাৰতত আছে, যাৰ ফলত শত্ৰুৱে দেশৰ অদম্য মনোভাৱ উপলব্ধি কৰে। তেওঁ কয় যে যেতিয়া ভাৰতীয় সেনাই পাৰমাণৱিক ব্লেকমেইলৰ ভাবুকি নষ্ট কৰে, তেতিয়া আকাশ আৰু পৃথিৱীত মাত্ৰ এটা বাৰ্তাহে প্ৰতিধ্বনিত হয়-‘ভাৰত মাতা কি জয়’।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দেশবাসীক উদ্দেশ্যি ভাষণ

May 12th, 08:48 pm

যোৱা কেইটামান দিনত দেশৰ শক্তি আৰু সংযম দুয়োটাই আমি সকলোৱে প্ৰত্যক্ষ কৰিছো।মই প্ৰথমে আমাৰ শক্তিশালী ভাৰতীয় সেনাবাহিনীক প্ৰণাম জনাইছো, সশস্ত্ৰ বাহিনী, আমাৰ চোৰাংচোৱা সংস্থা, আমাৰ বিজ্ঞানী, সকলোকে মই প্ৰতিজন ভাৰতীয়ৰ হৈ প্ৰণাম জনাইছো।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰক সম্বোধন কৰে

May 12th, 08:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে ৰাষ্ট্ৰক সম্বোধন কৰে। সম্বোধন কালত তেখেতে কয় যে যোৱা কেইদিনত ৰাষ্ট্ৰখনে ইয়াৰ শক্তি আৰু সংযম উভয়কে প্ৰত্যক্ষ কৰিছে। তেখেতে প্ৰতিগৰাকী ভাৰতীয় নাগৰিকৰ হৈ দেশৰ দুৰ্জেয় সশস্ত্ৰ বাহিনী, চোৰাংচোৱা সংস্থা, বিজ্ঞানীসকলক অভিবাদন জনায়। প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰতৰ বীৰ জোৱানসকলে অপাৰেচন সিন্দূৰৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত প্ৰদৰ্শন কৰা অদম্য সাহসত আলোকপাতেৰে তেওঁলোকৰ সাহসিকতা, প্ৰাণোচ্ছলতা আৰু অদম্য মনোভাৱৰ শলাগ লয়। তেখেতে এই অতুলনীয় বীৰত্বক ৰাষ্ট্ৰৰ প্ৰতিগৰাকী মাতৃ, ভগ্নী, কন্যাৰ প্ৰতি উৎসৰ্গা কৰে।

Today, when one sees India, then they can be rest assured that Democracy can deliver: PM at ABP Network India@2047 Summit

May 06th, 08:04 pm

PM Modi, at the ABP News India@2047 Summit in Bharat Mandapam, hailed India's bold strides towards becoming a developed nation. Applauding the inspiring journeys of Drone Didis and Lakhpati Didis, he spotlighted key reforms, global trade pacts, and the transformative impact of DBT—underscoring his government's unwavering commitment to Nation First.

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এবিপি নেটৱৰ্ক ইণ্ডিয়া@২০৪৭ শীৰ্ষ সন্মিলনত ভাষণ দিয়ে

May 06th, 08:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত হোৱা ABP Network India@2047 শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰে। উপস্থিত ৰাইজক সম্বোধন কৰি তেওঁ কয় যে ভাৰত মণ্ডপমত আজি পুৱাৰে পৰা কাৰ্যসূচীৰ হুলস্থুলীয়া পৰিৱেশ। তেওঁ আয়োজক দলৰ সৈতে হোৱা আদান-প্ৰদানৰ কথা উল্লেখ কৰে আৰু শীৰ্ষ সন্মিলনৰ চহকী বৈচিত্ৰ্যৰ ওপৰত আলোকপাত কৰে। তেওঁ বহু বিশিষ্ট ব্যক্তিৰ অংশগ্ৰহণৰ বাবে ধন্যবাদ জ্ঞাপন কৰে, যিসকলে এই অনুষ্ঠানটোৰ গতিশীলতাত অৰিহণা যোগায়। প্ৰধানমন্ত্ৰীয়ে আস্থা প্ৰকাশ কৰে যে উপস্থিত সকলোৰে অভিজ্ঞতা অত্যন্ত ইতিবাচক। সন্মিলনত যুৱক-যুৱতী আৰু মহিলাৰ বৃহৎ উপস্থিতিৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁ বিশেষভাৱে ড্ৰ’ন দিদি আৰু লাখপতি দিদিসকলৰ দ্বাৰা ভাগ-বতৰা কৰা প্ৰেৰণাদায়ক অভিজ্ঞতাসমূহৰ ওপৰত আলোকপাত কৰে। তেওঁ কয় যে তেওঁলোকৰ কাহিনীবোৰ প্ৰেৰণাৰ উৎস।

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

April 27th, 11:30 am

নমস্কাৰ। আজি 'মন কী বাত'ত আপোনালোকৰ লগত কথা পাতি আছো যদিও মোৰ অন্তৰত এক গভীৰ দুখ অনুভৱ হৈ আছে। ২২ এপ্ৰিলত পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণে দেশৰ প্ৰতিজন নাগৰিকৰ মনত আঘাত দিছে। মৃতকৰ পৰিয়ালৰ প্ৰতি সমগ্ৰ ভাৰতীবাসীয়ে গভীৰ সমবেদনা জ্ঞাপন কৰিছে। তেওঁ যি ৰাজ্যৰেই নহওক বা যি ভাষা নকওক কিয়, এই আক্ৰমণত নিজৰ আপোনজনক হেৰুওৱা সেই লোকসকলৰ যন্ত্ৰণা ভুক্তভোগী লোকসকলেহে অনুভৱ কৰে। সন্ত্ৰাসবাদী আক্ৰমণৰ ছবি দেখি প্ৰতিজন ভাৰতীয়ৰ তেজ উতলি থকা যেন অনুভৱ হৈছে। পেহেলগামত এই আক্ৰমণে সন্ত্ৰাসবাদক পৃষ্ঠপোষকতা কৰা সকলৰ হতাশাৰ লগতে, তেওঁলোকৰ কাপুৰুষালি প্ৰদৰ্শন কৰিছে। কাশ্মীৰত শান্তি ঘূৰি আহিছিল, বিদ্যালয়-মহাবিদ্যালয়ত জীপাল হৈ উঠিছিল, নিৰ্মাণ কাৰ্য্যই অভূতপূৰ্ব গতি লাভ কৰিছিল, গণতন্ত্ৰ শক্তিশালী হৈ আহিছিল, পৰ্যটকৰ সংখ্যা অভিলেখ পৰিমাণৰ বৃদ্ধি পাইছিল, মানুহৰ আয় বাঢ়িছিল, যুৱক-যুৱতীসকলৰ বাবে নতুন সুযোগৰ সৃষ্টি হৈছিল। কিন্তু দেশ তথা জম্মু-কাশ্মীৰৰ শত্ৰুবোৰে এই কথাবোৰ ভাল নাপালে। সন্ত্ৰাসবাদী আৰু তেওঁলোকৰ পৃষ্ঠপোষকসকলে কাশ্মীৰ পুনৰ ধ্বংস হোৱাটো বিচাৰে আৰু সেয়েহে তেওঁলোকে ইমান ডাঙৰ ষড়যন্ত্ৰ ৰচনা কৰিছিল। দেশৰ ঐক্য, ১৪০ কোটি ভাৰতীয়ৰ একতা, সন্ত্ৰাসবাদৰ বিৰুদ্ধে এই যুদ্ধত আমাৰ সৰ্ববৃহৎ শক্তি। এই ঐক্যই সন্ত্ৰাসবাদৰ বিৰুদ্ধে আমাৰ নিৰ্ণায়ক যুঁজৰ আধাৰ। দেশৰ সন্মুখত দেখা দিয়া এই প্ৰত্যাহ্বান মোকাবিলা কৰিবলৈ আমি আমাৰ সংকল্প শক্তিশালী কৰিব লাগিব। দেশ হিচাপে আমি দৃঢ় ইচ্ছাশক্তি প্ৰদৰ্শন কৰিব লাগিব। এই ক্ষেত্ৰত আজি বিশ্বই দৃষ্টি ৰাখিছে আৰু সন্ত্ৰাসবাদী এই নৃশংস আক্ৰমণৰ পিছত সমগ্ৰ দেশে সমস্বৰে মাত মাতিছে।

হাৰিয়ানাৰ যমুনা নগৰত উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধনী/আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ

April 14th, 12:00 pm

হাৰিয়ানাৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰী নয়াব সিং চাইনীজী, কেন্দ্ৰীয় কেবিনেটৰ মোৰ সহকৰ্মী মনোহৰ লালজী, ৰাও ইন্দ্ৰজিৎ সিং জী আৰু কৃষ্ণ পালজী, হাৰিয়ানা চৰকাৰৰ মন্ত্ৰী, সাংসদ আৰু বিধায়ক আৰু মোৰ মৰমৰ ভাই-ভনীসকল। হাৰিয়ানাৰ মোৰ ভাই-ভনীসকলক মোদীয়ে শুভেচ্ছা জনাইছোঁ।

হাৰিয়ানাৰ যমুনা নগৰত উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

April 14th, 11:54 am

আজি হাৰিয়ানাৰ যমুনা নগৰত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। হাৰিয়ানাৰ জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰি তেওঁ হাৰিয়ানাৰ পবিত্ৰ ভূমিক শ্ৰদ্ধাঞ্জলি জনায়। প্ৰধানমন্ত্ৰীয়ে হাৰিয়ানাৰ পবিত্ৰ ভূমিক মা সৰস্বতীৰ উৎপত্তিস্থল, মন্ত্ৰ দেৱীৰ বাসস্থান, পঞ্চমুখী হনুমান জীৰ জন্মস্থান আৰু ধন্য কপালমোচন চাহিবৰ উৎপত্তিস্থল বুলি স্বীকাৰ কৰে। “হাৰিয়ানা হৈছে সংস্কৃতি, ভক্তি আৰু নিষ্ঠাৰ সংগম”,ৰ কথাও তেওঁ বৰ্ণনা কৰে। তেওঁ বাবাছাহেব আম্বেদকাৰৰ ১৩৫সংখ্যক জয়ন্তীত সকলো নাগৰিকলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি বাবা চাহেবৰ দৃষ্টিভংগী আৰু প্ৰেৰণাক আলোকপাত কৰে, যিয়ে ভাৰতৰ উন্নয়নৰ দিশত যাত্ৰা অব্যাহত ৰাখিছে।

মহাৰাষ্ট্ৰৰ নাগপুৰত মাধৱ নেত্ৰালয় প্ৰিমিয়াম চেন্টাৰৰ আধাৰশিলা স্থাপনৰ সময়ত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

March 30th, 11:53 am

মই গুড়ি-পড়ৱা আৰু নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জনালোঁ! শ্ৰদ্ধাৰ সৰ সংঘচালক ডঃ মোহন ভাগৱত ডাঙৰীয়া, স্বামী গোবিন্দ গিৰি জী মহাৰাজ, স্বামী অবধেশানন্দ গিৰি জী মহাৰাজ, মহাৰাষ্ট্ৰৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফডণবীছ জী, কেন্দ্ৰীয় কেবিনেটত মোৰ সতীৰ্থ নীতিন গাডকাৰী জী, ডঃ অবিনাশ চন্দ্ৰ অগ্নিহোত্ৰী জী, আন-আন বিশিষ্ট ব্যক্তিসকল আৰু ইয়াত উপস্থিত থকা সকলো জ্যেষ্ঠ সতীৰ্থ, আজি ৰাষ্ট্ৰযজ্ঞৰ এই পবিত্ৰ অনুষ্ঠানত ইয়াত উপস্থিত থকাৰ সৌভাগ্য লাভ কৰিছোঁ। আজি চৈত্ৰ শুক্ল প্ৰতিপদৰ এই দিনটো অতিশয় বিশেষ। আজিৰে পৰা আৰম্ভ হৈছে নৱৰাত্ৰিৰ পবিত্ৰ উৎসৱ। আজি দেশৰ ভিন্ন প্ৰান্তত গুড়ি-পড়ৱা, উগাড়ী আৰু নভৰেহ উৎসৱো উদযাপন কৰা হৈছে। আজি ভগৱান ঝুলেলাল জী আৰু গুৰু অংগদ দেৱ জীৰ জন্ম বাৰ্ষিকীও। আমাৰ প্ৰেৰণা, অতি শ্ৰদ্ধাৰ ডাঃ চাহেবৰ জন্ম বাৰ্ষিকীও। আৰু এই বছৰ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ গৌৰৱময় যাত্ৰাৰ ১০০ বছৰো পূৰ্ণ হৈছে। আজি এই উপলক্ষে স্মৃতি মন্দিৰ পৰিদৰ্শন কৰি শ্ৰদ্ধাৰ ডাঃ চাহেব আৰু শ্ৰদ্ধাৰ গুৰুজীক শ্ৰদ্ধাঞ্জলি জনোৱাৰ সৌভাগ্য লাভ কৰিছোঁ।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মহাৰাষ্ট্ৰৰ নাগপুৰত ‘মাধৱ নেত্ৰালয় প্ৰিমিয়াম কেন্দ্ৰ’ৰ আধাৰশিলা স্থাপন কৰে

March 30th, 11:52 am

প্ৰধানমন্ত্ৰীয়ে আজি মহাৰাষ্ট্ৰৰ নাগপুৰত ‘মাধৱ নেত্ৰালয় প্ৰিমিয়াম কেন্দ্ৰ’ৰ আধাৰশিলা স্থাপন কৰে। সমবেত লোকসকলক সম্বোধন কৰি তেওঁ পৱিত্ৰ ‘নৱৰাত্ৰি উৎসৱ’ৰ আৰম্ভণি উপলক্ষে ‘চৈত্ৰ শুক্লা প্ৰতিপাদ’ৰ তাৎপৰ্য প্ৰসংগত আলোকপাত কৰে। তেওঁ উল্লেখ কৰে যে সমগ্ৰ দেশতে আজি ‘গুড়ি পড়ৱা’, ‘উগাড়ি’ আৰু ‘নৱৰেহ’ৰ দৰে উৎসৱ পালন কৰা হৈছে। তেওঁ দিনটোৰ গুৰুত্ব প্ৰসংগত মন্তব্য কৰি কয় যে এইটো দিৱসে ভগৱান ঝুলেলাল আৰু গুৰু অঙ্গদ দেৱৰ জয়ন্তীৰে সংগতি ৰাখে। তেওঁ এই অনুষ্ঠানক অনুপ্ৰেৰণাদায়ক ড০ কে বি হেডগেৱাৰৰ জন্ম জয়ন্তী আৰু ‘ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ’ (আৰ এছ এছ)ৰ সুন্দৰ যাত্ৰাৰ শতবাৰ্ষিকী বৰ্ষ হিচাপেও স্বীকাৰ কৰে। তেওঁ এই গুৰুত্বপূৰ্ণ দিনটোত ‘স্মৃতি মন্দিৰ’ ভ্ৰমণ কৰি ড০ হেডগেৱাৰ আৰু শ্ৰী গোলৱলকাৰ গুৰুজীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

মহাকুম্ভ সন্দৰ্ভত লোকসভাত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

March 18th, 01:05 pm

প্ৰয়াগৰাজত অনুষ্ঠিত বিশাল মহাকুম্ভ সন্দৰ্ভত এক বক্তব্য প্ৰদান কৰিবলৈ ইয়াত উপস্থিত হৈছোঁ। মই এই সন্মানীয় সদনৰ যোগেদি সেইসকল লক্ষ-লক্ষ দেশবাসীক মোৰ প্ৰণাম জনাইছোঁ, যিসকলৰ অৱদানে মহাকুম্ভক সাফল্যমণ্ডিত কৰি তুলিলে। মহাকুম্ভৰ সফলতা সুনিশ্চিতকৰণৰ ক্ষেত্ৰত বহু ব্যক্তিয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। মই চৰকাৰ, সমাজ আৰু সকলো নিষ্ঠাবান কৰ্মীক অভিনন্দন জনাইছোঁ। লগতে দেশৰ ভিন্ন প্ৰান্তৰ ভক্তসকল, উত্তৰ প্ৰদেশৰ জনসাধাৰণ আৰু বিশেষকৈ প্ৰয়াগৰাজৰ নাগৰিকসকললৈ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মহা কুম্ভৰ সফল সামৰণি সন্দৰ্ভত লোকসভাক সম্বোধন কৰে

March 18th, 12:10 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত অনুষ্ঠিত মহাকুম্ভৰ সফল সামৰণি সন্দৰ্ভত লোকসভাক সম্বোধন কৰে। তেখেতে মহাকুম্ভৰ সফলতা নিশ্চিতকৰণৰ অৰ্থে প্ৰচেষ্টা গ্ৰহণ কৰা ৰাষ্ট্ৰৰ অগণন নাগৰিকলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰে। মহাকুম্ভক সাফল্যমণ্ডিত কৰি তোলাৰ ক্ষেত্ৰত ভিন্ন ব্যক্তি আৰু গোটৰ সামূহিক অৱদানত আলোকপাতেৰে তেখেতে চৰকাৰ, সমাজ আৰু জড়িত সকলো নিষ্ঠাবান কৰ্মীৰ প্ৰচেষ্টাক স্বীকৃতি জনাই আৰু তেওঁলোকৰ শলাগ লয়। শ্ৰী মোদীয়ে উত্তৰ প্ৰদেশৰ জনসাধাৰণ আৰু বিশেষকৈ প্ৰয়াগৰাজৰ নাগৰিকসকলৰ কথা উল্লেখেৰে দেশৰ ভিন্ন প্ৰান্তৰ ভক্তসকললৈ তেওঁলোকে আগবঢ়োৱা অমূল্য সহযোগিতাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে।

ৰিপাব্লিক প্লেনেৰী ছামিট ২০২৫ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

March 06th, 08:05 pm

আপোনালোক সকলো নিশ্চয় ভাগৰি পৰিছে, অৰ্ণবৰ উচ্চ স্বৰত আপোনালোকৰ কাণ দুখন নিশ্চয় ভাগৰি পৰিছে, বহক অৰ্ণব, এতিয়াও নিৰ্বাচনৰ বতৰ হোৱা নাই। প্ৰথমে ৰিপাব্লিক টিভিক এই অভিনৱ অভিজ্ঞতাৰ বাবে অভিনন্দন জনাইছো। আপোনালোকে যুৱক-যুৱতীসকলক তৃণমূল পৰ্যায়ত জড়িত কৰি ইমান ডাঙৰ প্ৰতিযোগিতা আয়োজন কৰি ইয়ালৈ আনিছে। দেশৰ যুৱক-যুৱতীসকল যেতিয়া জাতীয় বক্তৃতাৰ লগত জড়িত হৈ পৰে তেতিয়া চিন্তাত নতুনত্বৰ সৃষ্টি হয়, ই সমগ্ৰ পৰিৱেশকে নতুন শক্তিৰে ভৰাই তোলে আৰু এই সময়ত আমিও ইয়াত একে শক্তি অনুভৱ কৰি আছো। এক প্ৰকাৰে যুৱক-যুৱতীসকলৰ জড়িততাৰে আমি প্ৰতিটো বান্ধোন ভাঙিবলৈ সক্ষম হৈছো, সীমাৰ ঊৰ্ধ্বলৈ যাব পাৰিছো, তথাপিও এনে কোনো লক্ষ্য নাই যিটো অসম্ভৱ। কোনো গন্তব্যস্থান নাই যিটোত উপনীত হ’ব নোৱাৰি। এই সন্মিলনৰ বাবে ৰিপাব্লিক টিভিয়ে নতুন ধাৰণা এটাৰ ওপৰত কাম কৰিছে। এই সন্মিলনৰ সফলতাৰ বাবে আপোনালোক সকলোকে অভিনন্দন জনাইছো আৰু সম্বৰ্ধনা জনাইছো। বাৰু, মোৰো এই বিষয়ে অলপ ন্যস্ত স্বাৰ্থ আছে প্ৰথমতে, মই যোৱা কেইদিনমানৰ পৰা ভাবি আহিছো যে মই এক লাখ যুৱকক ৰাজনীতিত আনিব লাগিব আৰু সেই এক লাখ যুৱক-যুৱতী এনে হ’ব লাগে যি পৰিয়ালৰ প্ৰথম ভোটাৰ, এক প্ৰকাৰে এনেধৰণৰ অনুষ্ঠানে মোৰ এই লক্ষ্যৰ বাবে আধাৰ সাজু কৰি তুলিছে। দ্বিতীয়তে, মোৰ ব্যক্তিগত লাভ আছে, সেয়া হৈছে ২০২৯ চনত ভোট দিবলৈ যাবলগীয়া সকলে নাজানে ২০১৪ চনৰ আগতে বাতৰি কাকতৰ শিৰোনাম কি আছিল, তেওঁলোকে নাজানে, আগতে ১০-১০, ১২-১২ লাখ কোটি টকাৰ কেলেংকাৰী হৈছিল, তেওঁলোকে নাজানে আৰু ২০২৯ চনত কেতিয়া ভোট দিবলৈ যাব, তুলনাৰ বাবে তেওঁলোকৰ আগত একো নাথাকিব আৰু গতিকে সেই পৰীক্ষাত উত্তীৰ্ণ হ’ব লাগিব আৰু মই নিশ্চিত যে যিখন আধাৰ নিৰ্মাণ কৰা হৈছে সেইখনে সেই কামক শক্তিশালী কৰি তুলিব।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰিপাব্লিক প্লেনেৰী ছামিট, ২০২৫ সম্বোধন কৰে

March 06th, 08:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত ৰিপাব্লিক প্লেনেৰী ছামিট, ২০২৫ত অংশগ্ৰহণ কৰে। ইয়াত সমবেতসকলক সম্বোধনেৰে তেখেতে ৰিপাব্লিক টিভিক তৃণমূল পৰ্য্যায়ত যুৱক-যুৱতীসকলক জড়িতকৰণৰ বাবে আৰু এক উল্লেখযোগ্য হেকাথন প্ৰতিযোগিতা আয়োজনৰ উদ্ভাৱনী পদ্ধতি অৱলম্বনৰ বাবে অভিনন্দন জনায়। তেখেতে কয় যে এখন ৰাষ্ট্ৰৰ যুৱক-যুৱতীসকল ৰাষ্ট্ৰীয় বিষয়ৰে জড়িত হৈ পৰা মাত্ৰেকে চিন্তা-ধাৰাৰ ক্ষেত্ৰত নতুনত্বৰ সঞ্চাৰ হয় আৰু সমগ্ৰ পৰিবেশকে তেওঁলোকৰ শক্তিৰে ভৰাই তোলে। তেখেতে কয় যে এই শক্তি আজিৰ সন্মিলনত অনুভূত হৈছে। তেখেতে আৰু কয় যে যুৱক-যুৱতীসকলৰ অংশগ্ৰহণে সকলো বাধা নেওচি সীমনালৈ যোৱাত সহায় কৰে, যাৰ ফলশ্ৰুতিত প্ৰতিটো লক্ষ্য সাধনযোগ্য আৰু প্ৰতিটো গন্তব্যস্থানত উপনীত হ’ব পৰা যায়। এই সন্মিলনৰ বাবে নতুন ধাৰণা এটাৰ ওপৰত কাম কৰাৰ বাবে তেখেতে ৰিপাব্লিক টিভিৰ শলাগ লয় আৰু ইয়াৰ সফলতাৰ বাবে শুভেচ্ছা জনায়। শ্ৰী মোদীয়ে কোনো ৰাজনৈতিক বেকগ্ৰাউণ্ড নথকা এক লাখ যুৱক-যুৱতীক ভাৰতৰ ৰাজনীতিলৈ অনাৰ ধাৰণাটোৰ কথা পুনৰ উল্লেখ কৰে।

ৰাজ্যসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসুচক প্ৰস্তাৱৰ বিতৰ্কত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰত্যুত্তৰৰ অসমীয়া অনুবাদ

February 06th, 04:21 pm

মাননীয় ৰাষ্ট্ৰপতি মহোদয়াই তেওঁ ভাষণত ভাৰতৰ সাফল্য, ভাৰতৰ পৰা বিশ্বৰ আশা, ভাৰতৰ সাধাৰণ মানুহৰ আত্মবিশ্বাস আৰু ভাৰতক উন্নত দেশ হিচাপে গঢ়ি তোলাৰ সংকল্পৰ বিষয়ে বিতংভাৱে আলোচনা কৰাৰ লগতে দেশখনক ভৱিষ্যতৰ দিশটোও দেখুৱাইছে। মাননীয় ৰাষ্ট্ৰপতিৰ ভাষণ আছিল প্ৰেৰণাদায়ক, ফলপ্ৰসূ আৰু লগতে আমাৰ সকলোৰে বাবে ভৱিষ্যতৰ কামৰ বাবে এক নিৰ্দেশনা। সন্মানীয় ৰাষ্ট্ৰপতিগৰাকীক তেওঁৰ ভাষণৰ বাবে ধন্যবাদ জনাছো!

ৰাজ্যসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ প্ৰতি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ধন্যবাদসূচক প্ৰস্তাৱৰ উত্তৰ

February 06th, 04:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজ্যসভাত সংসদত ৰাষ্ট্ৰপতিৰ ভাষণৰ প্ৰতি ধন্যবাদসূচক প্ৰস্তাৱৰ উত্তৰ দিয়ে। সদনত ভাষণ প্ৰদানেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ৰাষ্ট্ৰপতিৰ সম্বোধনে ভাৰতৰ সাফল্য, ভাৰতৰপৰা বিশ্বৰ প্ৰত্যাশা আৰু এখনি উন্নত ভাৰত গঢ়াৰ ক্ষেত্ৰত সাধাৰণ লোকৰ আত্মবিশ্বাসক সামৰি লৈছে। তেখেতে কয় যে ৰাষ্ট্ৰপতিৰ ভাষণ প্ৰেৰণাদায়ক, প্ৰভাৱশালী আৰু এই ভাষণে ভৱিষ্যতৰ কাৰ্য্যপন্থাৰ বাবে পথ প্ৰদৰ্শন কৰিছে। তেখেতে এই ভাষণৰ বাবে ৰাষ্ট্ৰপতিৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে।