প্ৰধানমন্ত্ৰীয়ে প্ৰখ্যাত সাহিত্যিক নৰেন্দ্ৰ কোহলিৰ মৃত্যুত শোক প্ৰকাশ কৰিছে

April 17th, 10:36 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰখ্যাত সাহিত্যিক নৰেন্দ্ৰ কোহলিৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। এক টুইটত প্ৰধানমন্ত্ৰীয়ে কয়, ‘সুপ্ৰসিদ্ধ সাহিত্যকাৰ নৰেন্দ্ৰ কোহলিৰ মৃত্যুত অত্যন্ত দুখ অনুভৱ কৰিছো। সাহিত্যত পৌৰাণিক আৰু ঐতিহাসিক চৰিত্ৰক জীৱন্ত ৰূপত চিত্ৰণৰ ক্ষেত্ৰত তেওঁ চিৰস্মৰণীয় হৈ ৰ’ব। এই শোকৰ ক্ষণত তেওঁৰ পৰিয়ালবৰ্গ আৰু অনুৰাগীসকলৰ প্ৰতি মই সহানুভূতি প্ৰকাশ কৰিছো। ওম শান্তিঃ।’