অৰুণাচল প্ৰদেশৰ অঞ্জৱ জিলাত ১২০০ মেগাৱাট কালাই-২ জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ বাবে ১৪১০৫.৮৩ কোটি টকা বিনিয়োগৰ প্ৰস্তাৱত কেবিনেটৰ অনুমোদন
April 08th, 04:28 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অৰ্থনৈতিক পৰিক্ৰমা সম্পৰ্কীয় কেবিনেট কমিটীয়ে অৰুণাচল প্ৰদেশৰ অঞ্জৱ জিলাৰ লোহিত নদীত কালাই-২ জলবিদ্যুৎ প্ৰকল্প (এইচইপি) নিৰ্মাণৰ বাবে ১৪,১০৫.৮৩ কোটি টকাৰ বিনিয়োগত অনুমোদন জনাইছে। প্ৰকল্পটো সম্পূৰ্ণ হোৱাৰ আনুমানিক সময়সীমা হৈছে ৭৮ মাহ।মন কি বাতত পশ্চিম এছিয়াৰ সংকট দূৰ কৰিবলৈ ১৪০ কোটি ভাৰতীয়ৰ ঐক্যৰ ওপৰত আস্থা প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে
March 29th, 11:30 am
চলিত মাহৰ মান কি বাত কাৰ্যসূচীত প্ৰধানমন্ত্ৰী মোদীয়ে পশ্চিম এছিয়াৰ সংঘাতৰ বিষয়ে কয় আৰু সংকট দূৰ কৰিবলৈ একত্ৰিত হৈ থকাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ নাগৰিকসকলক উৰাবাতৰিৰ দ্বাৰা বিপথে পৰিচালিত নহ’বলৈ আৰু কেৱল চৰকাৰে প্ৰদান কৰা তথ্যৰ ওপৰত নিৰ্ভৰ কৰিবলৈ আহ্বান জনায়। প্ৰধানমন্ত্ৰীগৰাকীয়ে জ্ঞান ভাৰতম জৰীপ, ক্ৰীড়া আৰু ফিটনেছ, জল সংৰক্ষণ, মীন পালন আৰু সৌৰশক্তিৰ দৰে মূল বিষয়বস্তুৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।২০৪৭ চনৰ ভিতৰত অৰুণাচলৰ গাঁৱত বিকশিত ভাৰতৰ বাৰ্তা প্ৰতিধ্বনিত
November 30th, 01:26 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে বিকশিত ভাৰত সংকল্প যাত্ৰাৰ হিতাধিকাৰীসকলৰ সৈতে বাৰ্তালাপ কৰে। তেওঁ প্ৰধানমন্ত্ৰী মহিলা কিষাণ ড্ৰোণ কেন্দ্ৰও মুকলি কৰে। এই কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰীয়ে দেওঘৰৰ এইমছত ১০,০০০ সংখ্যক জন ঔষধী কেন্দ্ৰ উৎসৰ্গা কৰে। তদুপৰি, শ্ৰী মোদীয়ে দেশত জন ঔষধি কেন্দ্ৰৰ সংখ্যা ১০,০০০ ৰ পৰা ২৫,০০০ লৈ বৃদ্ধি কৰাৰ বাবেও কাৰ্যসূচী আৰম্ভ কৰে। মহিলা আত্মসহায়ক গোটসমূহক ড্ৰোন প্ৰদান কৰা আৰু জন ঔষধি কেন্দ্ৰৰ সংখ্যা বৃদ্ধি কৰা –এই দুয়োটা পদক্ষেপৰ বিষয়ে প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰে। তেওঁ এই বছৰৰ আৰম্ভণিতে স্বাধীনতা দিৱসৰ ভাষণত জন ঔষধি কেন্দ্ৰৰ সংখ্যা ১০,০০০ ৰ পৰা ২৫,০০০ লৈ বৃদ্ধি কৰাৰ বিষয়ে ঘোষণা কৰিছিল। এই কাৰ্যসূচীয়ে প্ৰধানমন্ত্ৰী মোডীৰ প্ৰতিশ্ৰুতি পূৰণ কৰাটো চিহ্নিত কৰে।