উত্তৰপ্ৰদেশত হাইব্ৰীড এনুইটি মডেলৰ অধীনত ১৯নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু বাৰাণসী ৰিং ৰোডৰ মাজত ৬ লেনযুক্ত গ্ৰীণফিল্ড এলিভেটেড কৰিডৰ, ৰেম্প/লুপ আৰু ফুট অভাৰ ব্ৰীজ নিৰ্মাণৰ বাবে ১৪,৪৪৭.৬৪ কোটি টকাৰ সৰ্বমুঠ মূলধনী ব্যয়ত কেবিনেটৰ অনুমোদন

July 15th, 04:53 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত অৰ্থনৈতিক পৰিক্ৰমাৰ কেবিনেট কমিটিয়ে আজি উত্তৰপ্ৰদেশৰ বাৰাণসী চহৰৰ যান-জঁট হ্ৰাস কৰাৰ উদ্দেশ্যে গংগা নদীৰ পাৰে পাৰে সংযোগ ব্যৱস্থাৰে সৈতে ১৯নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু বাৰাণসী ৰিং ৰোডৰ মাজত এটা সংযোগকাৰী কৰিডৰ নিৰ্মাণৰ বাবে অনুমোদন জনাইছে। ৪৬.০৩৯ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই প্ৰকল্পটোৰ অধীনত এটা ৬লেনযুক্ত এলিভেটেড মূল কেৰিজৱে, এটা আকৰ্ষণীয় কেবল-ষ্টেড দলং, এখন এক্সট্ৰাড’জড ফুট অভাৰ ব্ৰীজ-তথা-প্ৰধান দলং, লুপ, ৰেম্প, সংযোগকাৰী পথ আৰু চাৰ্ভিচ ৰোড নিৰ্মাণ কৰা হ’ব। এই প্ৰকল্পটো ৰাষ্ট্ৰীয় ঘাইপথৰ অধীনত ১৪,৪৪৭.৬৪ কোটি টকাৰ সৰ্বমুঠ মূলধনী ব্যয়ৰে হাইব্ৰীড এনুইটি মডেলৰ ভিত্তিত ৰূপায়ণ কৰা হ’ব, য’ত ৬,০৩৭.৮৫ কোটি টকাৰ অসামৰিক নিৰ্মাণ ব্যয় (ইউটিলিটি স্থানান্তৰণ সহ, জিএছটি অবিহনে) আৰু ৫৪১.১১ কোটি টকাৰ ভূমি অধিগ্ৰহণ ব্যয় অন্তৰ্ভুক্ত হৈ আছে।

২৮-২৯ এপ্ৰিলত উত্তৰপ্ৰদেশ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে

April 26th, 03:46 pm

২৮-২৯ এপ্ৰিলত উত্তৰ প্ৰদেশ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। ২৮ এপ্ৰিলৰ সন্ধিয়া প্ৰায় ৫ বজাত প্ৰধানমন্ত্ৰীগৰাকীয়ে মহিলা সন্মিলনত অংশগ্ৰহণ কৰিব, য’ত তেওঁ বাৰাণসীত প্ৰায় ৬,৩৫০ কোটি টকাৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। এই উপলক্ষে তেওঁ ৰাজহুৱা সমাৱেশতো ভাষণ দিব।