মেক ইন ইণ্ডিয়া পদক্ষেপৰ ১১ বছৰ সম্পূৰ্ণ হোৱাত আনন্দিত প্ৰধানমন্ত্ৰী
September 25th, 01:01 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মেক ইন ইণ্ডিয়া পদক্ষেপৰ একাদশ বৰ্ষপূৰ্তি উপলক্ষে ভাৰতৰ অৰ্থনৈতিক পৰিৱেশ আৰু ঔদ্যোগীকৰণৰ পৰিস্থিতিতন্ত্ৰত ইয়াৰ পৰিৱৰ্তনশীল প্ৰভাৱক লৈ আনন্দ প্ৰকাশ কৰে। শ্ৰী মোদীয়ে ভাৰতীয় উদ্যোগীসকলক মেক ইন ইণ্ডিয়াই প্ৰদান কৰা প্ৰেৰণা আৰু ইয়াৰ বৈশ্বিক প্ৰভাৱৰ প্ৰশংসা কৰে।আয়ুষ্মান ভাৰতৰ সপ্তম বৰ্ষপূৰ্তি উপলক্ষে প্ৰধানমন্ত্ৰীৰ বক্তব্য
September 23rd, 12:52 pm
আয়ুষ্মান ভাৰতৰ ৭ বছৰ পূৰ্তি উপলক্ষে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পুনৰ দৃঢ়তাৰে কয় যে আয়ুষ্মান ভাৰতে লক্ষ-লক্ষ নাগৰিকৰ ব্যয়সাধ্যতা, আৰ্থিক সুৰক্ষা আৰু মৰ্য্যাদা নিশ্চিতকৰণেৰে গুণগত স্বাস্থ্যসেৱাৰ সুবিধাক পুনৰ সংজ্ঞায়িত কৰিছে।১৭ ছেপ্টেম্বৰত মধ্যপ্ৰদেশ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে
September 16th, 02:49 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৭ ছেপ্টেম্বৰত মধ্যপ্ৰদেশ ভ্ৰমণ কৰিব। তেওঁ ধাৰত দুপৰীয়া প্ৰায় ১২ বজাত ‘স্বস্থ নাৰী সশক্ত পৰিয়াল’ আৰু ‘৮ম ৰাষ্ট্ৰীয় পোষণ মাহ’ অভিযান আৰম্ভ কৰিব। তেওঁ কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু শুভাৰম্ভ কৰাৰ লগতে এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ দিব।১০ বছৰ পূৰ্তিত ডিজিটেল ইণ্ডিয়া পদক্ষেপক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
July 01st, 09:40 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সফলতাৰে ১০ বছৰ পূৰ্ণ কৰা ডিজিটেল ইণ্ডিয়া পদক্ষেপক প্ৰশংসা কৰিছে। তেখেতে কয় যে এটা দশকৰ পাছত আমি এনে এক যাত্ৰা প্ৰত্যক্ষ কৰিছোঁ, যিয়ে অগণন জীৱনক স্পৰ্শ আৰু সবলীকৰণৰ এক নতুন যুগৰ সূচনা কৰিছে। শ্ৰী মোদীয়ে কয়, “ভাৰতে ডিজিটেল পেমেন্টৰ ক্ষেত্ৰত বহু অগ্ৰগতি লাভ কৰিছে, ১৪০ কোটি ভাৰতীয়ৰ সামূহিক সংকল্পই ইয়াক চালিত কৰিছে।“২০ - ২১ জুনত বিহাৰ, ওড়িশা আৰু অন্ধ্ৰ প্ৰদেশ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে
June 19th, 05:48 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০ - ২১ জুনত বিহাৰ, ওড়িশা আৰু অন্ধ্ৰ প্ৰদেশ ভ্ৰমণ কৰিব। অহা ২০ জুনত তেওঁ বিহাৰৰ ছিৱান ভ্ৰমণ কৰি দুপৰীয়া প্ৰায় ১২ বজাত আধাৰশিলা স্থাপনৰ লগতে একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰিব। লগতে এই উপলক্ষে সভাত ভাষণ দিব।বন্যপ্ৰাণী সুৰক্ষাৰ বাবে দেশবাসীৰ প্ৰতিশ্ৰুতিৰ ওপৰত আলোকপাত প্ৰধানমন্ত্ৰীৰ
March 03rd, 07:14 pm
আজি বিশ্ব বন্যপ্ৰাণী দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ বৈচিত্ৰময় বন্যপ্ৰাণী সুৰক্ষাৰ প্ৰতিশ্ৰুতিৰ ওপৰত আলোকপাত কৰে। MyGovIndia ৰ এটা এক্স পোষ্টৰ উত্তৰত তেওঁ লিখিছে -শ্ৰেষ্ঠ বিশেষজ্ঞ, ‘পৰীক্ষা যোদ্ধা’সকলৰ পৰা শুনক যিসকলে পৰীক্ষাৰ চাপ আৰু উদ্বেগ সফলতাৰে অতিক্ৰম কৰিব পাৰিছে: প্ৰধানমন্ত্ৰী
February 17th, 07:41 pm
‘পৰীক্ষা পে’ চৰ্চা ২০২৫’-ৰ এটা বিশেষ খণ্ড ১৮ ফেব্ৰুৱাৰীৰ পুৱা ১১ বজাত সম্প্ৰচাৰিত হ'ব, য'ত যুৱ পৰীক্ষা যোদ্ধাসকল থাকিব যি সকলে সফলতাৰে পৰীক্ষাৰ চাপ আৰু উদ্বেগ অতিক্ৰম কৰিছে। খণ্ডটোত পৰীক্ষাৰ চাপ, উদ্বেগ আৰু চাপৰ মাজতো উদ্বিগ্ন নোহোৱাকৈ থকা তেওঁলোকৰ অভিজ্ঞতা, ৰণনীতি আৰু অন্তৰ্দৃষ্টি প্ৰদৰ্শন কৰিব।পৰীক্ষাৰ সময়ত পৰীক্ষা যোদ্ধাৰ অন্যতম ডাঙৰ মিত্ৰ হৈছে ধনাত্মকতাঃ প্ৰধানমন্ত্ৰী
February 15th, 05:58 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱাৰ সময়ত ছাত্ৰ-ছাত্ৰীৰ বাবে এক গুৰুত্বপূৰ্ণ মিত্ৰ হিচাপে ধনাত্মকতাৰ গুৰুত্বৰ ওপৰত জোৰ দি কাইলৈৰ ‘পৰীক্ষা পে চৰ্চা’ৰ খণ্ডটো চাবলৈ সকলোকে আহ্বান জনাইছে।গ্ৰাম্য ভূমি ডিজিটেলাইজেশ্যনে প্ৰযুক্তি আৰু সুশাসনৰ শক্তিৰ সহায় লৈ গ্ৰাম্য সবলীকৰণক আগুৱাই লৈ গৈছেঃ প্ৰধানমন্ত্ৰী
January 18th, 10:54 am
প্ৰধানমন্ত্ৰীয়ে আজি কয় যে গ্ৰাম্য ভূমি ডিজিটেলাইজেশ্যনে প্ৰযুক্তি আৰু সুশাসনৰ শক্তিৰ সহায় লৈ গ্ৰাম্য সৱলীকৰণক আগুৱাই লৈ গৈছে।প্ৰধানমন্ত্ৰীয়ে ৰূপান্তৰশীল স্বামিত্ব আঁচনি সন্দৰ্ভত এটি তথ্যসমৃদ্ধ থ্ৰেড শ্বেয়াৰ কৰিছে
January 18th, 10:07 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰূপান্তৰশীল স্বামিত্ব (SVAMITVA) আঁচনি সন্দৰ্ভত এটি তথ্যসমৃদ্ধ থ্ৰেড শ্বেয়াৰ কৰে।ভাৰতৰ প্ৰতিভাৱান যুৱক-যুৱতীসকলে খণ্ডসমূহৰ মাজত অভূতপূৰ্ব বিকাশৰ সূচনা কৰিছে: প্ৰধানমন্ত্ৰী
January 04th, 04:14 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিভিন্ন খণ্ডত ভাৰতৰ উল্লেখযোগ্য কৃতিত্বৰ প্ৰশংসা কৰি এই সফলতাৰ কাৰণ দেশৰ যুৱক-যুৱতীসকলৰ শক্তি আৰু প্ৰতিভা বুলি কয়।২৬ ডিচেম্বৰত নতুন দিল্লীত ‘বীৰ বাল দিৱস’ৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীয়ে
December 25th, 01:58 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৪ চনৰ ২৬ ডিচেম্বৰত নতুন দিল্লীৰ ‘ভাৰত মণ্ডপম’ত দুপৰীয়া প্ৰায় ১২ বজাত শিশুসকলক ভাৰতৰ ভৱিষ্যতৰ ভেটি হিচাপে সন্মান জনোৱাৰ বাবে দেশজুৰি উদযাপন কৰা ‘বীৰ বাল দিৱসৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিব। তেওঁ অনুষ্ঠানটোত সমবেত লোকসকলক সম্বোধন কৰিব।আমাৰ যুৱ শক্তিয়ে বিস্ময়কৰ কাম কৰিব পাৰে: প্ৰধানমন্ত্ৰী
November 28th, 07:41 pm
ভাৰতৰ যুৱ শক্তিয়ে বিস্ময়কৰ কাম কৰিব পাৰে বুলি বিশ্বাস ব্যক্ত কৰি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁলোকক উজ্জ্বল আৰু উৎকৃষ্ট কৰাৰ সকলো সুযোগ প্ৰদান কৰাৰ বাবে চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতা দোহাৰে।Prime Minister hails Make In India success story for global economic boost
July 16th, 10:28 pm
The Prime Minister, Shri Narendra Modi has hailed Make In India success story for global economic boost. Shri Modi has shared a glimpse of how Make In India is propelling India's economy onto the global stage.PM lauds 9 years of the Digital India initiative
July 01st, 01:49 pm
The Prime Minister, Shri Narendra Modi has lauded the successful completion of 9 years of the Digital India initiative. He remarked that Digital India symbolizes an empowered India which boosts 'Ease of Living' and transparency.বেংকিং খণ্ডৰ ৰূপান্তৰ সাধনৰ ক্ষেত্ৰত ‘পিএছইউ বেংক’সমূহৰ অৱদানৰ প্ৰশংসা কৰে প্ৰধানমন্ত্ৰীয়ে
June 19th, 08:03 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মাইগভইণ্ডিয়া-ৰ জৰিয়তে ছ'চিয়েল মিডিয়া প্লেটফৰ্ম ‘এক্স’ত এলানি পোষ্ট শ্বেয়াৰ কৰি বেংকিং খণ্ডৰ ৰূপান্তৰ সাধনৰ ক্ষেত্ৰত ‘ৰাজহুৱা খণ্ডৰ বেংক’(পিএছইউ) সমূহৰ অৱদানৰ কথা উল্লেখ কৰে।প্ৰধানমন্ত্ৰীয়ে জনসাধাৰণক নেচনেল ক্ৰিয়েটৰ্ছ এৱাৰ্ডত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে
February 11th, 08:28 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জনসাধাৰণক মাইগভ ৱেবছাইটত উপলব্ধ নেচনেল ক্ৰিয়েটৰ্ছ এৱাৰ্ডত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।প্ৰধানমন্ত্ৰীয়ে ২৬ ডিচেম্বৰত 'বীৰ বাল দিৱস' উপলক্ষে আয়োজন কৰা কাৰ্যসূচীত অংশগ্ৰহণ কৰিব
December 25th, 04:17 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৬ ডিচেম্বৰ, ২০২৩ তাৰিখে নতুন দিল্লীৰ ভাৰত মণ্ডপমত পুৱা ১০:৩০ বজাত 'বীৰ বাল দিৱস' উপলক্ষে আয়োজিত অনুষ্ঠানত অংশগ্ৰহণ কৰিব। এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে দিল্লীত যুৱপ্ৰজন্মৰ এক পদযাত্ৰাৰ ফ্লেগ অফ কৰিব।চৰকাৰী আঁচনিসমূহে দেৱালীত প্ৰতিঘৰ গৃহস্থীতে সুখৰ সঞ্চাৰ কৰিছেঃ প্ৰধানমন্ত্ৰী
November 10th, 03:03 pm
মাই গভ ইণ্ডিয়া (MyGovIndia) এক্স হেণ্ডেলে পিএম আৱাস যোজনা, উজ্জ্বলা যোজনা, পিএম কিষাণ সন্মান নিধি যোজনা, প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনা, আয়ুষ্মান ভাৰত যোজনা, ইউপিআই ডিজিটেল পেমেন্ট, ষ্টাৰ্ট আপ ইণ্ডিয়া আদি আঁচনিসমূহৰ লাভা-লাভৰাজি সম্পৰ্কে অৱগতকৰণেৰে এটি ভিডিঅ’ প’ষ্ট কৰিছে।২৪.০৯.২০২৩ত ‘মন কী বাত’ৰ ১০৫সংখ্যক খণ্ডত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
September 24th, 11:30 am
'মন কী বাত'ৰ আন এটা খণ্ডত দেশৰ সফলতা, দেশবাসীৰ সফলতা, তেওঁলোকৰ প্ৰেৰণাদায়ক জীৱনশৈলী আপোনালোকৰ লগত শ্বেয়াৰ কৰাৰ সুযোগ পালোঁ। শেহতীয়াকৈ মই পোৱা চিঠি আৰু বাৰ্তা বেছিভাগেই দুটা কথাৰ ওপৰত কেন্দ্ৰীভূত। প্ৰথমটো হৈছে চন্দ্ৰযান-৩ৰ সফল অৱতৰণ আৰু দ্বিতীয়টো হ’ল দিল্লীত জি-২০ৰ সফল আয়োজন। দেশৰ প্ৰতিটো প্ৰান্তৰ পৰা, সমাজৰ প্ৰতিটো শ্ৰেণীৰ পৰা সকলো বয়সৰ মানুহৰ পৰা অগণন চিঠি পাইছিলোঁ। চন্দ্ৰযান-৩ৰ লেণ্ডাৰখন যেতিয়া চন্দ্ৰত অৱতৰণ কৰিবলৈ ওলাইছিল তেতিয়া লাখ লাখ লোকে বিভিন্ন মাধ্যমৰ জৰিয়তে এই অনুষ্ঠানৰ প্ৰতিটো মুহূৰ্তৰ সাক্ষী হৈছিল। ইছৰোৰ ইউটিউব লাইভ চেনেলত আশী লক্ষাধিক লোকে এই অনুষ্ঠানটো চাইছিল– যিটো এক অভিলেখ। ইয়াৰ পৰাই বুজা যায় যে চন্দ্ৰযান-৩ৰ সৈতে লাখ লাখ ভাৰতীয়ৰ কিমান গভীৰ সম্পৰ্ক আছে। চন্দ্ৰযানৰ এই সফলতাক লৈ বৰ্তমান দেশত এক কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হৈছে আৰু ইয়াৰ নাম– ‘চন্দ্ৰযান-৩ মহাকুইজ’। মাইগভ পৰ্টেলত চলি থকা এই প্ৰতিযোগিতাত এতিয়ালৈকে পোন্ধৰ লাখতকৈ অধিক লোকে অংশগ্ৰহণ কৰিছে। মাইগভ আৰম্ভ হোৱাৰ পিছত যিকোনো কুইজৰ বাবে এইটোৱেই সৰ্বাধিক অংশগ্ৰহণ। মই এইটোও ক'ম যে যদি আপুনি এতিয়াও অংশগ্ৰহণ কৰা নাই তেন্তে পলম নকৰিব আৰু ছদিন বাকী আছে। এই কুইজত নিশ্চিতভাৱে অংশগ্ৰহণ কৰক।