১১টা পৰিৱৰ্তনশীল বছৰ সম্পূৰ্ণ কৰা প্ৰধানমন্ত্ৰী জন ধন যোজনাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

August 28th, 01:20 pm

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰধানমন্ত্ৰী জন ধন যোজনাৰ ১১ বছৰীয়া জয়ন্তী উপলক্ষে ইয়াৰ পৰিৱৰ্তনশীল পদক্ষেপ প্ৰশংসা কৰে, যিয়ে সমগ্ৰ ভাৰতবৰ্ষত বিত্তীয় অন্তৰ্ভুক্তিক নতুন ৰূপ দিছে। শ্ৰী মোদীয়ে কয় যে পিএমজেডিৱায়ে প্ৰান্ত্ৰীয় ব্যক্তিক আৰ্থিক অন্তৰ্ভুক্তিৰ সুবিধা প্ৰদান কৰি মানুহৰ মৰ্যাদা বৃদ্ধি কৰাৰ লগতে নিজৰ ভাগ্য লিখাৰ ক্ষমতা প্ৰদান কৰিছে।

প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতে মহাকাশত উল্লেখযোগ্য অগ্ৰগতি লাভ কৰিছে; যুৱক-যুৱতী আৰু ষ্টাৰ্টআপক নতুৰ অঞ্চল অন্বেষণ কৰিবলৈ উৎসাহিত কৰা সংস্কাৰৰ আহ্বান

August 23rd, 01:03 pm

প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে আমাৰ চৰকাৰে মহাকাশ খণ্ডত বিভিন্ন সংস্কাৰৰ সূচনা কৰিছে, যিয়ে যুৱক-যুৱতী, ব্যক্তিগত খণ্ড আৰু ষ্টাৰ্টআপক নতুন সীমা বিচাৰিবলৈ আৰু ভাৰতৰ মহাকাশ যাত্ৰাত অৰ্থপূৰ্ণ অৰিহণা যোগাবলৈ উৎসাহিত কৰিছে।

আত্মনিৰ্ভৰশীলতাৰ জৰিয়তেহে ২০৪৭ চনত এখন উন্নত ভাৰতৰ পথ প্ৰশস্ত হ'ব: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

July 27th, 11:30 am

'মন কি বাত'ত আকৌ এবাৰ আমি দেশৰ সফলতা, দেশবাসীৰ সাফল্যৰ কথা ক'বলৈ ওলাইছো। যোৱা কেইসপ্তাহমানৰ ভিতৰত ক্ৰীড়ায়েই হওক, বিজ্ঞানেই হওক বা সংস্কৃতিয়েই হওক, বহু ক্ষেত্ৰত কথাই ঘটিছে, যাৰ বাবে প্ৰতিজন ভাৰতীয়ই গৌৰৱবোধ কৰিছে। শেহতীয়াকৈ মহাকাশৰ পৰা শুভাংশু শুক্লাই উভতি অহাক লৈ দেশত ব্যাপক চৰ্চা চলিছে। শুভাংশুৱে নিৰাপদে পৃথিৱীত অৱতৰণ কৰাৰ লগে লগে মানুহে আনন্দত আত্মহাৰা হৈ পৰিছে, প্ৰতিজন লোকৰ হৃদয়ত সুখৰ ঢৌৱে খেলাই গৈছে। সমগ্ৰ দেশ গৌৰাৱান্বিত হৈ পৰিছে। মোৰ মনত পৰিছে, ২০২৩ চনৰ আগষ্ট মাহত যেতিয়া চন্দ্ৰযান-৩-এ সফলতাৰে অৱতৰণ কৰিছিল, তেতিয়া দেশত এক নতুন পৰিৱেশৰ সৃষ্টি হৈছিল। বিজ্ঞানৰ প্ৰতি, মহাকাশৰ প্ৰতিও শিশুসকলৰ মনতো নতুন কৌতুহল জগাই তুলিছিল। এতিয়া শিশুসকলে কয়, আমিও মহাকাশলৈ যাম, আমি চন্দ্ৰতো অৱতৰণ কৰিম - আমি মহাকাশ বিজ্ঞানী হ'ম।

বিগত ১১ বছৰত ভাৰতৰ প্ৰতিৰক্ষা খণ্ডৰ অভূতপূৰ্ব বৃদ্ধি, আত্মনিৰ্ভৰশীলতা আৰু আধুনিকীকৰণক শক্তিশালী কৰি তোলাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

June 10th, 09:47 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কয় যে বিগত ১১ বছৰত ভাৰতে প্ৰতিৰক্ষা খণ্ডত উল্লেখযোগ্য উন্নতি প্ৰত্যক্ষ কৰিছে, য’ত প্ৰতিৰক্ষা সামগ্ৰী উৎপাদনত আধুনিকীকৰণ আৰু আত্মনিৰ্ভৰশীলতাৰ ওপৰত স্পষ্টৰূপত গুৰুত্ব দিয়া হৈছে।

৩০.০৩.২০২৫ত ‘মন কী বাত’ৰ ১২০সংখ্যক খণ্ডত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

March 30th, 11:30 am

নমস্কাৰ। আজি এটা অতি পবিত্ৰ দিনত আপোনালোকৰ লগত মোৰ চিন্তাধাৰা ব্যক্ত কৰাৰ সুযোগ পালোঁ। আজি চ’ত মাহৰ শুক্ল পক্ষৰ প্ৰতিপদ তিথি। আজিৰ পৰা আৰম্ভ হৈছে চৈত্ৰ নৱৰাত্ৰি। আজি ভাৰতীয় নৱবৰ্ষৰো আৰম্ভণি। এইবাৰ বিক্ৰম সংম্বাত ২০৮২ আৰম্ভ হৈছে। এই সময়ত মোৰ সন্মুখত আপোনালোকে পঠোৱা বহু চিঠি আছে। কোনোবাখন বিহাৰৰ, কোনোবাখন বংগৰ, কোনোবাখন তামিলনাডুৰ, কোনোবাখন গুজৰাটৰ। এই চিঠিসমূহত মানুহে নিজৰ চিন্তাবোৰ অতি আনন্দদায়ক ৰূপত লিখিছে। কেইবাখনো চিঠিত শুভেচ্ছা আৰু অভিনন্দন বাৰ্তাও আছে। আজি আপোনালোকৰ সৈতে কিছু বাৰ্তা শ্বেয়াৰ কৰিব ওলাইছোঁ-

আমি আমাৰ অন্নদাতাসকলক লৈ গৌৰৱান্বিত আৰু তেওঁলোকৰ জীৱন উন্নত কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধঃ প্ৰধানমন্ত্ৰী

February 24th, 10:01 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মন্তব্য কৰিছে যে চৰকাৰ ভাৰতৰ অন্নদাতাসকলক লৈ গৌৰৱান্বিত আৰু তেওঁলোকৰ জীৱন উন্নত কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। এক্স-ত মাইগভ ইণ্ডিয়াৰ এটা থ্ৰেড পোষ্টৰ উত্তৰ দি তেওঁ কৈছেঃ

প্ৰবাসী ভাৰতীয়সকলে বিভিন্ন দেশত নিজৰ নাম উজলাইছেঃ মন কী বাতৰ সময়ত প্ৰধানমন্ত্ৰী মোদী

November 24th, 11:30 am

মন কী বাতৰ ১১৬সংখ্যক খণ্ডত প্ৰধানমন্ত্ৰী মোদীয়ে এনচিচি দিৱসৰ তাৎপৰ্যৰ বিষয়ে আলোচনা কৰি দুৰ্যোগ সাহায্যৰ ক্ষেত্ৰত এন চি চি কেডেটৰ ভূমিকাক আলোকপাত কৰে। তেওঁ উন্নত ভাৰতৰ বাবে যুৱ সৱলীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰি বিকশিত ভাৰত যুৱ নেতাসকলৰ আলোচনাৰ বিষয়ে কয়। তেওঁ যুৱক-যুৱতীসকলে জ্যেষ্ঠ নাগৰিকসকলক ডিজিটেল প্লেটফৰ্ম চলোৱাত সহায় কৰা আৰু এক পেড় মা কে নাম অভিযানৰ সফলতাৰ প্ৰেৰণাদায়ক কাহিনীও শ্বেয়াৰ কৰে।

ত্ৰিৰংগাৰ গৌৰৱ অক্ষুণ্ণ ৰখাৰ ক্ষেত্ৰত ‘হৰ ঘৰ তিৰংগা অভিযান’ এক অনন্য উৎসৱত পৰিণত হৈছেঃ মন কী বাতৰ সময়ত প্ৰধানমন্ত্ৰী

July 28th, 11:30 am

বন্ধুসকল, ক্ৰীড়া জগতত এই অলিম্পিকৰ বাহিৰেও কিছুদিন আগতে গণিতৰ জগততো এখন অলিম্পিক অনুষ্ঠিত হৈছিল। আন্তঃৰাষ্ট্ৰীয় গণিত অলিম্পিয়াড। ভাৰতীয় ছাত্ৰ-ছাত্ৰীসকলে এই অলিম্পিয়াডত অতি সুন্দৰ প্ৰদৰ্শন আগবঢ়াইছে। ইয়াত আমাৰ দলটোৱে সৰ্বোত্তম প্ৰদৰ্শন কৰি চাৰিটা স্বৰ্ণ পদক আৰু এটা ৰূপৰ পদক লাভ কৰে। আন্তঃৰাষ্ট্ৰীয় গণিত অলিম্পিয়াডত শতাধিক দেশৰ যুৱক-যুৱতীসকলে অংশগ্ৰহণ কৰিছিল আৰু আমাৰ দলটোৱে সামগ্ৰিকভাৱে শীৰ্ষ পাঁচটা স্থানত স্থান লাভ কৰাত সফল হৈছে। দেশলৈ গৌৰৱ কঢ়িয়াই অনা এইসকল ছাত্ৰ-ছাত্ৰীৰ নাম হ'ল-পুনেৰ আদিত্য ভেংকট গণেশ, পুনেৰ সিদ্ধাৰ্থ চোপ্ৰা, দিল্লীৰ অৰ্জুন গুপ্তা, গ্ৰেটাৰ নয়দাৰ কানৱ তালৱাৰ, মুম্বাইৰ ৰুশিল মাথুৰ আৰু গুৱাহাটীৰ আনন্দ ভাদুৰী।

#10YearsOfMyGov: প্ৰধানমন্ত্ৰীয়ে মঞ্চখনক সুশাসনৰ বাবে স্পন্দনশীল মঞ্চ বুলি প্ৰশংসা কৰিছে

July 26th, 06:50 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ১০ বছৰ সম্পূৰ্ণ কৰাৰ মুহূৰ্তত ‘মাইগভ মঞ্চ’ক অংশগ্ৰহণমূলক আৰু সুশাসনৰ বাবে এক স্পন্দনশীল মঞ্চ বুলি প্ৰশংসা কৰে।

মন কী বাত: 'মোৰ প্ৰথম ভোট-দেশৰ বাবে'...নতুন ভোটদাতাসকলক তেওঁলোকৰ ভোটাধিকাৰ সাব্যস্ত কৰাৰ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ

February 25th, 11:00 am

মোৰ প্ৰিয় দেশবাসী, আজি আমাৰ জীৱনত প্ৰযুক্তিৰ গুৰুত্ব বাঢ়িছে। মোবাইল ফোন আৰু ডিজিটেল গেজেট আমাৰ জীৱনৰ এক গুৰুত্বপূৰ্ণ অংগ হৈ পৰিছে। কিন্তু আপোনালোকে জানেনে যে ডিজিটেল গেজেটৰ সহায়ত আমি এতিয়া বন্যপ্ৰাণীৰ ভাৰসাম্য ৰক্ষা কৰিবলৈ সক্ষম হৈছো? কিছুদিন পিছত ৩ মাৰ্চত বিশ্ব বন্যপ্ৰাণী দিৱস পালন কৰা হ’ব। বন্যপ্ৰাণী সংৰক্ষণ সম্পৰ্কে সজাগতা প্ৰসাৰৰ উদ্দেশ্যে এই দিৱস পালন কৰা হয়। এইবাৰ বিশ্ব বন্যপ্ৰাণী দিৱসৰ বিষয়বস্তুৱে ডিজিটেল উদ্ভাৱনক আগস্থানত ৰাখিছে। আপোনালোকে জানি আনন্দিত হ’ব যে আমাৰ দেশৰ বিভিন্ন প্ৰান্তত বন্যপ্ৰাণী সংৰক্ষণৰ বাবে প্ৰযুক্তিৰ ব্যাপক ব্যৱহাৰ হৈছে। চৰকাৰৰ প্ৰচেষ্টাৰ বাবেই যোৱা কেইবছৰমানৰ পৰা দেশত বাঘৰ সংখ্যা বৃদ্ধি পাইছে। মহাৰাষ্ট্ৰৰ চন্দ্ৰপুৰ বাঘ সংৰক্ষিত বনাঞ্চলত বাঘৰ সংখ্যা দুশ পঞ্চাশটাতকৈও অধিক হৈছে। চন্দ্ৰপুৰ জিলাত মানুহ-বাঘৰ সংঘাত হ্ৰাস কৰিবলৈ কৃত্ৰিম বুদ্ধিমত্তা গ্ৰহণ কৰা হৈছে। তাতে গাঁও আৰু বনাঞ্চলৰ সীমাত কেমেৰা স্থাপন কৰা হয়। যেতিয়াই গাঁৱৰ ওচৰলৈ বাঘ আহে, কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত স্থানীয় ৰাইজৰ মোবাইল ফোনলৈ সতৰ্কবাণী প্ৰেৰণ কৰা হয়। আজি এই বাঘ সংৰক্ষিত বনাঞ্চলৰ চাৰিওফালে থকা তেৰখন গাঁৱত এই ব্যৱস্থাই জনসাধাৰণৰ বাবে বহু উপকাৰ সাধন কৰিছে আৰু বাঘৰ সুৰক্ষা নিশ্চিত কৰিছে।

নতুন দিল্লীৰ কাৰিয়াপ্পা পেৰেড গ্ৰাউণ্ডত অনুষ্ঠিত এনচিচি কেডেট ৰেলীত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

January 27th, 05:00 pm

কেন্দ্ৰীয় কেবিনেটত মোৰ সতীৰ্থ শ্ৰী ৰাজনাথ সিং ডাঙৰীয়া, শ্ৰী অজয় ভট্ট ডাঙৰীয়া, চিডিএছ জেনেৰেল অনিল চৌহান ডাঙৰীয়া, তিনিওটা বাহিনীৰ মুৰব্বী, প্ৰতিৰক্ষা সচিব, এনচিচিৰ ডিজি, সকলো বিশিষ্ট অতিথি আৰু এনচিচিৰ মোৰ যুৱ সতীৰ্থসকল!

দিল্লীৰ কাৰিয়াপ্পা পেৰেড গ্ৰাউণ্ডত এনচিচিৰ পিএম ৰেলীত ভাষণ প্ৰধানমন্ত্ৰীৰ

January 27th, 04:30 pm

এই উপলক্ষে সমাৱেশত আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে কয় যে নিজে এজন প্ৰাক্তন এন চি চি কেডেট হিচাপে এন চি চি কেডেটৰ মাজত উপস্থিত থাকিলে স্মৃতিবোৰ স্বাভাৱিকতে মনত পৰে। “এনচিচিৰ কেডেটৰ মাজত উপস্থিত থকাটোৱে এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ ধাৰণাটোক উজ্জ্বল কৰি তোলে”, দেশৰ বিভিন্ন প্ৰান্তৰ কেডেটৰ উপস্থিতি পৰ্যবেক্ষণ কৰি প্ৰধানমন্ত্ৰীয়ে কয়। এন চি চিৰ ক্ষেত্ৰখন অহৰহ বৃদ্ধি পোৱাত তেওঁ সুখ প্ৰকাশ কৰি আজিৰ এই অনুষ্ঠানটোৱে এক নতুন আৰম্ভণি বুলি কয়। ভাইব্ৰেণ্ট ভিলেজ আঁচনিৰ অধীনত চৰকাৰে উন্নয়ন কৰি থকা সীমান্তৱৰ্তী অঞ্চলৰ পৰা ৪০০ৰো অধিক গাঁৱৰ চৰপঞ্চ আৰু সমগ্ৰ দেশৰ আত্মসহায়ক গোটৰ শতাধিক মহিলাৰ উপস্থিতিৰ কথাও তেওঁ উল্লেখ কৰে।

‘বীৰ বাল দিৱস’ কাৰ্যসূচীত প্ৰদান কৰা প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ

December 26th, 12:03 pm

আজি দেশখনে বীৰ চাহিবজাদাসকলৰ অমৰ ত্যাগক স্মৰণ কৰি তেওঁলোকৰ পৰা অনুপ্ৰেৰণা গ্ৰহণ কৰিছে। স্বাধীনতাৰ 'অমৃত কাল'ত ‘বীৰ বাল দিৱস’ৰ ৰূপত এটা নতুন অধ্যায় আৰম্ভ হৈছে। যোৱা বছৰ দেশখনে প্ৰথমবাৰৰ বাবে ‘বীৰ বাল দিৱস’ হিচাপে ২৬ ডিচেম্বৰৰ দিনটো উদযাপন কৰিছিল। সেই সময়ত সমগ্ৰ দেশৰ সকলোৱে অতি আৱেগেৰে চাহিবজাদাসকলৰ বীৰত্বপূৰ্ণ কাহিনীসমূহ শুনিছিল। ‘বীৰ বাল দিৱস’ হৈছে ভাৰতীয়ত্ব সুৰক্ষিত কৰাৰ বাবে যিকোনো কাম কৰাৰ বাবে লোৱা সংকল্পৰ প্ৰতীক। এই দিনটোৱে আমাক সোঁৱৰাই দিয়ে যে শৌৰ্যৰ পৰাকাষ্ঠা প্ৰদৰ্শনৰ সময়ত বয়সৰ কম-বেছিৰ কোনো গুৰুত্ব নাই। এয়া হৈছে সেই মহান ঐতিহ্যৰ উৎসৱ, য'ত গুৰুৱে কৈছিল, সুৰা সো পহচানিয়ে, যো লৰে দিনকে হেত, পূৰ্জা-পূৰ্জা কট মৰে, কবহ না ছাড়ে খেত! মাতা গুজৰী, গুৰু গোবিন্দ সিং জী আৰু তেওঁৰ চাৰিজন চাহিবজাদাৰ বীৰত্ব আৰু আদৰ্শই এতিয়াও প্ৰতিগৰাকী ভাৰতীয়ক সাহস প্ৰদান কৰে। সেয়েহে, ‘বীৰ বাল দিৱস’ হৈছে সেইসকল প্ৰকৃত বীৰ আৰু তেওঁলোকক জন্ম দিয়া মাতৃৰ অতুলনীয় বীৰত্বৰ প্ৰতি ৰাষ্ট্ৰৰ প্ৰকৃত শ্ৰদ্ধাঞ্জলি। আজি মই বাবা মতিৰাম মেহৰা আৰু তেওঁৰ পৰিয়াল আত্মত্যাগ আৰু দিৱান তোদৰমলৰ ভক্তিৰ কথাও শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ। আমাৰ গুৰুসকলৰ প্ৰতি অগাধ ভক্তি, ৰাষ্ট্ৰৰ যি প্ৰেম এয়া আছিল এক উদাহৰণ।

প্ৰধানমন্ত্ৰীয়ে 'বীৰ বাল দিৱস'ৰ কাৰ্যসূচী সম্বোধন কৰে

December 26th, 11:00 am

সমবেত জনতাক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে আজাদী কা অমৃত কালত ভাৰতৰ বাবে বীৰ বাল দিৱসৰ এক নতুন অধ্যায় উন্মোচিত হোৱাৰ লগে লগে দেশবাসীয়ে বীৰ চাহিবজাদাসকলৰ অমৰ ত্যাগক স্মৰণ কৰি তেওঁলোকৰ অনুপ্ৰেৰণা লাভ কৰিছে। প্ৰধানমন্ত্ৰীয়ে যোৱা বছৰৰ আজিৰ দিনটোতেই উদযাপন কৰা প্ৰথম বীৰ বাল দিৱসৰ কথা স্মৰণ কৰি কয় যে বীৰ চাহিবজাদাসকলৰ বীৰত্বৰ কাহিনীয়ে সমগ্ৰ দেশক ৰক্ষা কৰিছিল। প্ৰধানমন্ত্ৰী মোদীয়ে জোৰ দি কয়, বীৰ বাল দিৱস ভাৰতীয়তাৰ সুৰক্ষাৰ বাবে কেতিয়াও পাহৰিব নোৱাৰা মনোভাৱৰ প্ৰতীক। প্ৰধানমন্ত্ৰী মোদীয়ে জোৰ দি কয়, এই দিনটোৱে আমাক সোঁৱৰাই দিছে যে সাহসিকতাৰ শীৰ্ষত বয়সৰ কোনো গুৰুত্ব নাই। এই দিৱসক শিখ গুৰুসকলৰ ঐতিহ্যৰ উৎসৱ বুলি অভিহিত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে গুৰু গোবিন্দ সিং জী আৰু তেওঁৰ চাৰিগৰাকী বীৰ চাহিবজাদাৰ সাহস আৰু আদৰ্শই আজিও প্ৰতিগৰাকী ভাৰতীয়ক উৎসাহিত কৰি আহিছে। বীৰ বাল দিৱস হৈছে অতুলনীয় সাহসেৰে সাহসী লোকৰ জন্ম দিয়া মাতৃসকলৰ প্ৰতি ৰাষ্ট্ৰীয় শ্ৰদ্ধাঞ্জলি, প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁ বাবা মতিৰাম মেহৰাৰ পৰিয়ালৰ ত্যাগ আৰু দিৱান তোদাৰমলৰ ভক্তিৰ কথা সকলোৱে স্মৰণ কৰে। গুৰুসকলৰ প্ৰতি থকা এই প্ৰকৃত ভক্তিয়ে ৰাষ্ট্ৰৰ প্ৰতি ভক্তিৰ ভাৱনা জগাই তুলিছে বুলি প্ৰধানমন্ত্ৰীয়ে কয়।

‘কাশী বিশ্বনাথ কৰিডৰ’-ৰ দ্বিতীয় বৰ্ষপূৰ্তি উদযাপন কৰে প্ৰধানমন্ত্ৰীয়ে

December 14th, 03:00 pm

‘কাশী বিশ্বনাথ কৰিডৰ’ৰ দ্বিতীয় বৰ্ষপূৰ্তি উদযাপন কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।

বিকশিত Bharat@2047 : যুৱকণ্ঠৰ শুভাৰম্ভণি অনুষ্ঠানত ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ

December 11th, 10:35 am

কেন্দ্ৰীয় কেবিনেটত থকা মোৰ সহকৰ্মী ধৰ্মেন্দ্ৰ প্ৰধানজী, দেশৰ বিভিন্ন প্ৰান্তৰ পৰা আমাক সহযোগ কৰা ৰাজ্যপাল, শিক্ষা জগতৰ বিশিষ্ট ব্যক্তিসকল, ভদ্ৰলোক আৰু ভদ্ৰমহিলাসকল!

‘বিকশিত ভাৰত @২০৪৭: যুৱ কণ্ঠ’ উন্মোচন প্ৰধানমন্ত্ৰীৰ

December 11th, 10:30 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ‘বিকশিত ভাৰত @২০৪৭: যুৱ কণ্ঠ’ উন্মোচন কৰে। কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে এই পদক্ষেপৰ আৰম্ভণি উপলক্ষে সমগ্ৰ দেশৰ ৰাজভৱনত আয়োজন কৰা কৰ্মশালাত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, প্ৰতিষ্ঠানৰ মুৰব্বী আৰু অধ্যাপক সদস্যসকলক উদ্দেশ্যি ভাষণ আগবঢ়ায়৷

১৪০ কোটি লোকে বহু পৰিৱৰ্তন আনিছেঃ মন কী বাতৰ সময়ত প্ৰধানমন্ত্ৰী মোদী

November 26th, 11:30 am

মন কী বাতলৈ আদৰণি জনাইছো৷ আমি আমি এই ২৬ নৱেম্বৰৰ দিনটোৰ কথা পাহৰিব নোৱাৰো৷ কিন্তু ভাৰতৰ দৃঢ়তাই আমাক এই কষ্ট অতিক্ৰম কৰাত সহায় কৰিলে; এতিয়া আমি সম্পূৰ্ণ উৎসাহেৰে সন্ত্ৰাসবাদৰ অন্ত পেলাইছো। মুম্বাই আক্ৰমণত প্ৰাণ হেৰুওৱা সকলোকে শ্ৰদ্ধাঞ্জলি জনাইছো। আজি দেশে সেই বীৰসকলক স্মৰণ কৰিছে যিসকলে আক্ৰমণৰ সময়ত সৰ্বস্ব ত্যাগ কৰিছিল।মোৰ পৰিয়ালৰ সদস্যসকল, এই ২৬ নৱেম্বৰৰ দিনটো আৰু এটা কাৰণত অত্যন্ত তাৎপৰ্যপূৰ্ণ। ১৯৪৯ চনৰ আজিৰ দিনটোতে সংবিধান সভাই ভাৰতৰ সংবিধান গৃহীত কৰিছিল। মোৰ মনত আছে, ২০১৫ চনত যেতিয়া আমি বাবাচাহেব আম্বেদকাৰৰ ১২৫সংখ্যক জন্ম বাৰ্ষিকী উদযাপন কৰিছিলো, তেতিয়া ২৬ নৱেম্বৰ দিনটোক সংবিধান দিৱস হিচাপে পালন কৰাৰ এটা চিন্তাই মনত দোলা দিছিল। আৰু তেতিয়াৰ পৰা প্ৰতি বছৰে আমি এই দিনটো সংবিধান দিৱস হিচাপে পালন কৰি আহিছো। সংবিধান দিৱস উপলক্ষে সকলো দেশবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু একেলগে আমি নিশ্চিতভাৱে নাগৰিকৰ কৰ্তব্যৰ অগ্ৰাধিকাৰ অনুসৰি এখন উন্নত ভাৰতৰ সংকল্পৰ উপনীত হ’ম।

‘ৰাষ্ট্ৰীয় একতা দিৱস’ উদযাপন উপলক্ষে কেৱাড়িয়াত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ

October 31st, 10:00 am

আপোনালোক যুৱক-যুৱতী আৰু দুৰন্ত সাহসীসকলৰ এই উৎসাহ হৈছে ‘ৰাষ্ট্ৰীয় একতা দিৱস’ৰ এক বৃহৎ শক্তি। এক প্ৰকাৰে মই মোৰ সন্মুখত এখন ‘মিনি ইণ্ডিয়া’, ‘ক্ষুদ্ৰ ভাৰত’ৰ ৰূপ দেখিবলৈ পাইছো। ৰাজ্য পৃথক, ভাষা পৃথক, পৰম্পৰা পৃথক, কিন্তু ইয়াত উপস্থিত প্ৰতিগৰাকী ব্যক্তি একতাৰ এডাল শক্তিশালী সূতাৰে সংযুক্ত। ভবিলে বহুত যেন লাগে, মালা কিন্তু এডালেইহে। শৰীৰ বহুত, মন কিন্তু এটাহে। ঠিক যেনে দৰে ১৫ আগষ্ট আমাৰ ‘স্বাধীনতা’ উদযাপনৰ দিন, আৰু ২৬ জানুৱাৰী আমাৰ ‘গণৰাজ্য’ উদযাপনৰ দিন, ঠিক তেনেদৰেই ৩১ অক্টোবৰৰ এই দিনটো হৈছে দেশৰ প্ৰতিটো কোণত ‘জাতীয়তাবাদৰ সঞ্চাৰণৰ উৎসৱ’ উদযাপনৰ দিন হৈ উঠিছে।

গুজৰাটৰ কেৱাদিয়াত ৰাষ্ট্ৰীয় একতা দিৱস উদযাপন অনুষ্ঠানত অংশগ্ৰহণ প্ৰধানমন্ত্ৰীৰ

October 31st, 09:12 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাষ্ট্ৰীয় একতা দিৱস উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰে৷ চৰ্দাৰ পেটেলৰ জন্ম বাৰ্ষিকীত উপলক্ষে তেওঁ তেওঁৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰী মোদীয়ে বিএছএফ আৰু বিভিন্ন ৰাজ্যিক আৰক্ষীৰ দলৰ দলৰে গঠিত ৰাষ্ট্ৰীয় একতা দিৱস পেৰেড, মহিলা চিআৰপিএফ বাইকাৰ্ছৰ ডেয়াৰডেভিল শ্ব’, বিএছএফৰ মহিলা পাইপ বেণ্ড, গুজৰাট মহিলা আৰক্ষীৰ নৃত্য প্ৰদৰ্শন, বিশেষ এনচিচি শ্ব’, স্কুল বেণ্ডৰ প্ৰদৰ্শন, ভাৰতীয় বায়ু সেনাৰ ফ্লাই পাষ্ট, সজীৱ গাঁওসমূহৰ অৰ্থনৈতিক জীৱনমুখীতা প্ৰদৰ্শন উপভোগ কৰে৷