
Today, North East is emerging as the ‘Front-Runner of Growth’: PM Modi at Rising North East Investors Summit
May 23rd, 11:00 am
PM Modi inaugurated the Rising North East Investors Summit 2025, celebrating the region’s vast potential in trade, tourism, and bio-economy. He highlighted the transformative EAST vision-Empower, Act, Strengthen, Transform and hailed the Northeast as a vital and emerging powerhouse driving India’s future growth and prosperity.
PM Modi inaugurates Rising North East Investors Summit 2025
May 23rd, 10:30 am
PM Modi inaugurated the Rising North East Investors Summit 2025, celebrating the region’s vast potential in trade, tourism, and bio-economy. He highlighted the transformative EAST vision-Empower, Act, Strengthen, Transform and hailed the Northeast as a vital and emerging powerhouse driving India’s future growth and prosperity.
Today, when one sees India, then they can be rest assured that Democracy can deliver: PM at ABP Network India@2047 Summit
May 06th, 08:04 pm
PM Modi, at the ABP News India@2047 Summit in Bharat Mandapam, hailed India's bold strides towards becoming a developed nation. Applauding the inspiring journeys of Drone Didis and Lakhpati Didis, he spotlighted key reforms, global trade pacts, and the transformative impact of DBT—underscoring his government's unwavering commitment to Nation First.প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এবিপি নেটৱৰ্ক ইণ্ডিয়া@২০৪৭ শীৰ্ষ সন্মিলনত ভাষণ দিয়ে
May 06th, 08:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত হোৱা ABP Network India@2047 শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰে। উপস্থিত ৰাইজক সম্বোধন কৰি তেওঁ কয় যে ভাৰত মণ্ডপমত আজি পুৱাৰে পৰা কাৰ্যসূচীৰ হুলস্থুলীয়া পৰিৱেশ। তেওঁ আয়োজক দলৰ সৈতে হোৱা আদান-প্ৰদানৰ কথা উল্লেখ কৰে আৰু শীৰ্ষ সন্মিলনৰ চহকী বৈচিত্ৰ্যৰ ওপৰত আলোকপাত কৰে। তেওঁ বহু বিশিষ্ট ব্যক্তিৰ অংশগ্ৰহণৰ বাবে ধন্যবাদ জ্ঞাপন কৰে, যিসকলে এই অনুষ্ঠানটোৰ গতিশীলতাত অৰিহণা যোগায়। প্ৰধানমন্ত্ৰীয়ে আস্থা প্ৰকাশ কৰে যে উপস্থিত সকলোৰে অভিজ্ঞতা অত্যন্ত ইতিবাচক। সন্মিলনত যুৱক-যুৱতী আৰু মহিলাৰ বৃহৎ উপস্থিতিৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁ বিশেষভাৱে ড্ৰ’ন দিদি আৰু লাখপতি দিদিসকলৰ দ্বাৰা ভাগ-বতৰা কৰা প্ৰেৰণাদায়ক অভিজ্ঞতাসমূহৰ ওপৰত আলোকপাত কৰে। তেওঁ কয় যে তেওঁলোকৰ কাহিনীবোৰ প্ৰেৰণাৰ উৎস।ৰোজগাৰ মেলাৰ অধীনত ৫১,০০০ৰো অধিক নিযুক্তি পত্ৰ বিতৰণ কৰি প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
April 26th, 11:23 am
আজি কেন্দ্ৰীয় চৰকাৰৰ ভিন্ন বিভাগত ৫১ হাজাৰৰো অধিক যুৱক-যুৱতীক স্থায়ী চৰকাৰী পদৰ নিযুক্তি পত্ৰ প্ৰদান কৰা হৈছে। ইয়াৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰৰ বিভাগসমূহত আপোনালোকৰ দৰে যুৱ প্ৰজন্মৰ বাবে দায়িত্বৰ এক নতুন অধ্যায় আৰম্ভ হৈছে। ৰাষ্ট্ৰৰ অৰ্থনীতি সুদৃঢ় কৰাটো এতিয়া আপোনাৰ কৰ্তব্য; দেশৰ অভ্যন্তৰীণ নিৰাপত্তা শক্তিশালী কৰাটো আপোনাৰ কৰ্তব্য; ৰাষ্ট্ৰখনত আধুনিক আন্তঃগাঁথনি গঢ়ি তোলাটো আপোনাৰ কৰ্তব্য আৰু শ্ৰমিকসকলৰ জীৱনৰ মৌলিক অগ্ৰগতি সাধন কৰাটো আপোনালোকৰ কৰ্তব্য। আপোনাসৱে যিমানেই আন্তৰিকতাৰে আৰু সততাৰে কামবোৰ সম্পাদন কৰিব, সিমানেই ভাৰতৰ উন্নত ৰাষ্ট্ৰ হোৱাৰ যাত্ৰাত ইয়াৰ তাৎপৰ্য্যপূৰ্ণ আৰু ইতিবাচক প্ৰভাৱ পৰিব। মোৰ বিশ্বাস যে আপোনালোকে পৰম ভক্তিৰে নিজৰ দায়িত্ব পালন কৰিব।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰোজগাৰ মেলা সম্বোধন কৰে
April 26th, 11:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ৰোজগাৰ মেলাৰ কাৰ্য্যসূচী সম্বোধনেৰে ভিন্ন চৰকাৰী বিভাগ আৰু সংস্থাৰ নৱনিযুক্ত যুৱক-যুৱতীসকলৰ মাজত ৫১ হাজাৰৰো অধিক নিযুক্তি পত্ৰ বিতৰণ কৰে। ইয়াত সমবেতসকলক উদ্দেশ্যি তেখেতে কয় যে আজি ভাৰত চৰকাৰৰ ভিন্ন বিভাগত এই যুৱক-যুৱতীসকলৰ বাবে নতুন দায়িত্বৰ আৰম্ভণি ঘটিছে। তেখেতে কয় তেওঁলোকৰ কৰ্তব্যৰাজিৰ অন্যতম হৈছেঃ ৰাষ্ট্ৰৰ অৰ্থনৈতিক কাঠামোক সুদৃঢ়কৰণ, অভ্যন্তৰীণ নিৰাপত্তাক শক্তিশালীকৰণ, আধুনিক আন্তঃগাঁথনি নিৰ্মাণত অৰিহণা যোগোৱা, শ্ৰমিকৰ জীৱনৰ পৰিৱৰ্তন সাধন কৰা। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে তেওঁলোকে যি আন্তৰিকতাৰে নিজৰ দায়িত্ব পালন কৰে, সেই কাৰ্য্যই ভাৰতৰ উন্নত ৰাষ্ট্ৰ হোৱাৰ যাত্ৰাত ইতিবাচক প্ৰভাৱ পেলাব। তেখেতে আস্থা প্ৰকাশেৰে এই যুৱক-যুৱতীসকলে পৰম নিষ্ঠাৰে নিজৰ কৰ্তব্য পালন কৰিব বুলি উল্লেখ কৰে।হাৰিয়ানাৰ যমুনা নগৰত উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধনী/আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ
April 14th, 12:00 pm
হাৰিয়ানাৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰী নয়াব সিং চাইনীজী, কেন্দ্ৰীয় কেবিনেটৰ মোৰ সহকৰ্মী মনোহৰ লালজী, ৰাও ইন্দ্ৰজিৎ সিং জী আৰু কৃষ্ণ পালজী, হাৰিয়ানা চৰকাৰৰ মন্ত্ৰী, সাংসদ আৰু বিধায়ক আৰু মোৰ মৰমৰ ভাই-ভনীসকল। হাৰিয়ানাৰ মোৰ ভাই-ভনীসকলক মোদীয়ে শুভেচ্ছা জনাইছোঁ।হাৰিয়ানাৰ যমুনা নগৰত উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
April 14th, 11:54 am
আজি হাৰিয়ানাৰ যমুনা নগৰত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। হাৰিয়ানাৰ জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰি তেওঁ হাৰিয়ানাৰ পবিত্ৰ ভূমিক শ্ৰদ্ধাঞ্জলি জনায়। প্ৰধানমন্ত্ৰীয়ে হাৰিয়ানাৰ পবিত্ৰ ভূমিক মা সৰস্বতীৰ উৎপত্তিস্থল, মন্ত্ৰ দেৱীৰ বাসস্থান, পঞ্চমুখী হনুমান জীৰ জন্মস্থান আৰু ধন্য কপালমোচন চাহিবৰ উৎপত্তিস্থল বুলি স্বীকাৰ কৰে। “হাৰিয়ানা হৈছে সংস্কৃতি, ভক্তি আৰু নিষ্ঠাৰ সংগম”,ৰ কথাও তেওঁ বৰ্ণনা কৰে। তেওঁ বাবাছাহেব আম্বেদকাৰৰ ১৩৫সংখ্যক জয়ন্তীত সকলো নাগৰিকলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি বাবা চাহেবৰ দৃষ্টিভংগী আৰু প্ৰেৰণাক আলোকপাত কৰে, যিয়ে ভাৰতৰ উন্নয়নৰ দিশত যাত্ৰা অব্যাহত ৰাখিছে।‘মুদ্ৰা যোজনা’ৰ ১০টা বছৰ সৱলীকৰণ আৰু উদ্যমশীলতা সন্দৰ্ভত আছিল: প্ৰধানমন্ত্ৰী
April 08th, 09:43 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনা’ৰ ১০ বছৰ সম্পূৰ্ণ হোৱাৰ প্ৰশংসা কৰি ইয়াক সৱলীকৰণ আৰু উদ্যমশীলতাৰ যাত্ৰা বুলি অভিহিত কৰে। তেওঁ উল্লেখ কৰে যে সঠিক সহযোগিতাৰ দ্বাৰা ভাৰতৰ জনসাধাৰণে আশ্চৰ্যকৰ কাৰ্য সম্পাদিত কৰিব পাৰে।When growth is driven by aspirations, it becomes inclusive and sustainable: PM Modi at Rising Bharat Summit
April 08th, 08:30 pm
PM Modi addressed the News18 Rising Bharat Summit. He remarked on the dreams, determination, and passion of the youth to develop India. The PM highlighted key initiatives, including zero tax on income up to ₹12 lakh, 10,000 new medical seats and 6,500 new IIT seats, 50,000 new Atal Tinkering Labs and over 52 crore Mudra Yojana loans. The PM congratulated the Parliament for enacting Waqf law.প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘নিউজ১৮ ৰাইজিং ভাৰত সন্মিলন’ত ভাষণ দিয়ে
April 08th, 08:15 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ‘ভাৰত মণ্ডপম’ত অনুষ্ঠিত ‘নিউজ১৮ ৰাইজিং ভাৰত সন্মিলন’ত ভাষণ দিয়ে। সমবেত সকলক সম্বোধন কৰি তেওঁ এই সন্মিলনৰ জৰিয়তে ভাৰত আৰু সমগ্ৰ বিশ্বৰ সন্মানীয় অতিথিসকলৰ সৈতে সংযোগ স্থাপনৰ সুযোগ প্ৰদান কৰাৰ বাবে ‘নেটৱৰ্ক১৮’লৈ কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ ভাৰতৰ যুৱপ্ৰজন্মৰ আশা-আকাংক্ষাৰ প্ৰতি এই বছৰৰ সন্মিলনে গুৰুত্ব প্ৰদান কৰা কথাক প্ৰশংসা কৰে। ‘ভাৰত মণ্ডপম’ত স্বামী বিবেকানন্দ জয়ন্তী উপলক্ষে চলিত বৰ্ষৰ আৰম্ভণিতে অনুষ্ঠিত 'বিকশিত ভাৰত যুৱ নেতা আলাপ'ৰ তাৎপৰ্যৰ কথা উল্লেখ কৰি তেওঁ ভাৰতক এখন উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ বাবে যুৱসকলৰ সপোন, সংকল্প আৰু আবেগ সন্দৰ্ভত মন্তব্য কৰে। তেওঁ ২০৪৭ চনৰ ভিতৰত ভাৰতৰ প্ৰগতিৰ পথ-পৰিকল্পনা যুগুতোৱাত গুৰুত্ব আৰোপ কৰি কয় যে প্ৰতিটো পদক্ষেপত নিৰন্তৰ আলোচনাই মূল্যৱান অন্তৰ্দৃষ্টি লাভ কৰিব। তেওঁ উল্লেখ কৰে যে এই অন্তৰ্দৃষ্টিয়ে ‘অমৃত কালৰ প্ৰজন্ম’ক শক্তি, নিৰ্দেশনা আৰু গতি ত্বৰান্বিত কৰিব। তেওঁ সন্মিলনৰ বাবে অভিনন্দন আৰু সফলতাৰ কামনাৰে শুভেচ্ছা জ্ঞাপন কৰে।মুদ্ৰা যোজনাৰ হিতাধিকাৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ বাৰ্তালাপৰ অসমীয়া অনুবাদ
April 08th, 01:30 pm
হিতাধিকাৰী - ছাৰ, আজি মই মোৰ এটা কাহিনী ক’বলৈ বিচাৰিছো। কেনেকৈ এটা পোহনীয়া জন্তুৰ চখৰ পৰা মই আজি এগৰাকী উদ্যোগীলৈ উত্তৰণ হ'লোঁ তাৰেই কথা ক’বলৈ ওলাইছো। মোৰ ব্যৱসায়িক উদ্যোগৰ নাম K9 World, য'ত আমি সকলো ধৰণৰ পোহনীয়া জন্তুৰ সামগ্ৰী, ঔষধ আৰু পোহনীয়া জন্তু যোগান ধৰো। ছাৰ, মুদ্ৰা ঋণ লাভ কৰাৰ পিছত আমি আমাৰ সেৱা বহু পৰিমাণে সম্প্ৰসাৰণ কৰিবলৈ সক্ষম হৈছিলো। আমাৰ এটা মূল পদক্ষেপ আছিল পোহনীয়া জন্তুৰ ব’ৰ্ডিঙৰ সুবিধা আৰম্ভ কৰা। ভ্ৰমণ কৰিবলগীয়া পোহনীয়া জন্তুৰ গৰাকীৰ বাবে এইটোৱে এক বৃহৎ সহায় কৰিছে—এতিয়া তেওঁলোকে নিজৰ পোহনীয়া জন্তুবোৰক মৰমেৰে যত্ন লোৱা হ’ব বুলি জানি আমাৰ লগত নিৰাপদ, ঘৰুৱা পৰিৱেশত এৰি দিব পাৰিছে। ছাৰ, জীৱ-জন্তুৰ প্ৰতি মোৰ প্ৰেম সঁচাকৈয়ে বিশেষ। মই খাওঁ বা নাখাওঁ কোনো কথা নাই, কিন্তু জীৱ-জন্তুবোৰক খুৱাবই লাগিব আৰু সিহঁতৰ যত্ন লোৱাটো মোৰ বাবে সৰ্বোপৰি। এইটো কেৱল ব্যৱসায় নহয়—এইটো এটা আবেগ, যিটো মোৰ জীৱনৰ উদ্দেশ্য হৈ পৰিছে।PM Modi interacts with MUDRA Yojana beneficiaries
April 08th, 01:03 pm
PM Modi, while interacting with MUDRA Yojana beneficiaries on its 10th anniversary, spotlighted inspiring journeys—from startups in solar, food and pet care to a bakery in Kashmir. The Prime Minister highlighted the transformative impact of the Mudra Yojana on empowering citizens, particularly women and fostering entrepreneurship across India.‘মুদ্ৰা যোজনা’ৰ দশম বাৰ্ষিকীত ইয়াৰ ৰূপান্তৰণশীল প্ৰভাৱৰ প্ৰশংসা কৰে প্ৰধানমন্ত্ৰীয়ে
April 08th, 09:08 am
দেশে #10YearsOfMUDRA উদযাপনৰ মুহূৰ্তত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনা’ (পিএমএমৱাই)ৰ হিতাধিকাৰীসকলক আন্তৰিক অভিনন্দন জ্ঞাপন কৰে।গুজৰাটৰ চুৰাটত চুৰাট খাদ্য সুৰক্ষা পৰিপূৰক অভিযান মুকলি কৰি প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ
March 07th, 05:34 pm
আশাকৰোঁ আপোনালোক সকলোৰে ভালেই আছে। এই দেশৰ জনসাধাৰণৰ লগতে বিশেষকৈ গুজৰাটৰ জনসাধাৰণৰ কৃপাত তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ সুযোগ পোৱাটো সঁচাকৈয়ে এক সন্মানৰ কথা। পুনৰ কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত এইটোৱেই মোৰ প্ৰথমবাৰৰ বাবে চুৰাট ভ্ৰমণ। গুজৰাটৰ পৰা পোৱা মৰম আৰু সমৰ্থনে মোৰ এই যাত্ৰাক গঢ় দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে, আৰু ইয়াৰ বাবে মই চিৰদিনৰ বাবে কৃতজ্ঞ হৈ থাকিম। আজি চুৰাট ভ্ৰমণ কৰি থাকোঁতে এই চহৰখনৰ সজীৱ মনোভাৱৰ কথা মনত নেপেলোৱাকৈ থাকিব নোৱাৰিলোঁ৷ চুৰাট হৈছে এনে এখন ঠাই য’ত কাম আৰু দান-বৰঙণি একেলগে চলে, আৰু য’ত সমাজে ইজনে সিজনক সহায় কৰে, সামূহিক অগ্ৰগতিৰ উদযাপন কৰে। আজিৰ অনুষ্ঠানটো চুৰাটৰ এই আত্মা আৰু আৱেগক প্ৰচাৰৰ ক্ষেত্ৰত এক পদক্ষেপ।‘চুৰাট খাদ্য সুৰক্ষা সংপৃক্তকৰণ অভিযান’ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে
March 07th, 05:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি চুৰাটৰ লিম্বায়াতত ‘চুৰাট খাদ্য সুৰক্ষা সংপৃক্তকৰণ অভিযান’ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। প্ৰধানমন্ত্ৰীয়ে ‘ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন’ৰ অধীনত ২.৩ লাখতকৈয়ো অধিক হিতাধিকাৰীক লাভ বিতৰণ কৰে। সমবেত লোকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে চুৰাট চহৰখনৰ অনন্য ভাৱনাত গুৰুত্ব আৰোপ কৰে আৰু ইয়াৰ কাম আৰু দানৰ শক্তিশালী ভেটি সন্দৰ্ভত আলোকপাত কৰে। তেওঁ প্ৰকাশ কৰে যে কেনেকৈ চহৰখনৰ মৰ্ম পাহৰিব নোৱাৰি, কিয়নো ইয়াক সামূহিক সহযোগিতা আৰু সকলোৰে উন্নয়ণ উদযাপনেৰে সংজ্ঞায়িত কৰা হয়।ছিলভাছাত উন্নয়নমূলক কামৰ শুভাৰম্ভ কৰি প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
March 07th, 03:00 pm
দাদৰা আৰু নগৰ হাভেলী, দমন আৰু দিউৰ প্ৰশাসক শ্ৰী প্ৰফুল্লভাই পেটেল, সংসদত মোৰ সতীৰ্থ শ্ৰীমতী কলবেন ডেলকাৰ, সকলো গণ্যমান্য ব্যক্তি, ভাই-ভনীসকল, সকলোকে নমস্কাৰ জনালোঁ।কেন্দ্ৰীয় শাসিত অঞ্চল দাদৰা আৰু নগৰ হাভেলী আৰু দমন আৰু দিউৰ ছিলভাছাত ২,৫৮০ কোটিৰো অধিক মূল্যৰ বিভিন্ন উন্নয়নমূলক কামৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
March 07th, 02:45 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কেন্দ্ৰীয় শাসিত অঞ্চল দাদৰা আৰু নগৰ হাভেলী আৰু দমন আৰু দিউৰ ছিলভাছাত ২,৫৮০ কোটিৰো অধিক মূল্যৰ বিভিন্ন উন্নয়নমূলক কামৰ শুভাৰম্ভ কৰে। কাৰ্যসূচীৰ পূৰ্বে তেওঁ ছিলভাছাত নমো হাস্পতাল উদ্বোধন কৰে। ৰাজহুৱা সভাত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে কেন্দ্ৰীয় শাসিত অঞ্চল দাদৰা আৰু নগৰ হাভেলী, দমন আৰু দিউৰ নিষ্ঠাবান কৰ্মীসকলক অঞ্চলটোৰ সৈতে সাক্ষাৎ আৰু সংযোগ স্থাপনৰ সুযোগ দিয়াৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে। জনসাধাৰণৰ সৈতে তেওঁৰ উষ্ণ আৰু দীৰ্ঘদিনীয়া সংগক স্বীকাৰ কৰি তেওঁ কয় যে অঞ্চলটোৰ সৈতে তেওঁৰ সম্পৰ্ক কেইবা দশক পুৰণি। ২০১৪ চনত তেওঁৰ চৰকাৰ ক্ষমতালৈ অহাৰ পিছৰে পৰা বিভিন্ন খণ্ডৰ অগ্ৰগতিৰ ওপৰত আলোকপাত কৰি তেওঁ কয় যে দাদৰা আৰু নগৰ হাভেলী, দমন আৰু দিউৰ সম্ভাৱনাক আধুনিক আৰু প্ৰগতিশীল পৰিচয়লৈ ৰূপান্তৰিত কৰিছে।ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে এমএছএমই খণ্ডৰ ওপৰত বাজেট পৰৱৰ্তী তিনিখন ৱেবিনাৰত প্ৰধানমন্ত্ৰীৰ ভাষণ
March 04th, 01:00 pm
মোৰ কেবিনেটৰ সকলো সহকৰ্মী, বিত্ত আৰু অৰ্থনীতি বিশেষজ্ঞ, অংশীদাৰ, মহিলা আৰু ভদ্র লোকসকল!প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বাজেট-পৰৱৰ্তি ‘ৱে’বিনাৰ’সমূহ সম্বোধন কৰে
March 04th, 12:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘ভিডিঅ' কনফাৰেন্স’ৰ জৰিয়তে বাজেট-পৰৱৰ্তি ‘ৱে’বিনাৰ’সমূহ সম্বোধন কৰে। ৱে’বিনাৰকেইখন বিকাশৰ ইঞ্জিন হিচাপে এমএছএমই; নিৰ্মাণ, ৰপ্তানি আৰু পাৰমাণৱিক শক্তি অভিযান; নিয়ামক, বিনিয়োগ আৰু ব্যৱসায় কৰাৰ স্বাচ্ছন্দ্য সম্পৰ্কীয় সংস্কাৰ শীৰ্ষক বিষয়বস্তুৰে অনুষ্ঠিত কৰা হৈছিল। অনুষ্ঠানত উপস্থিত সকলক সম্বোধন কৰি তেওঁ মন্তব্য কৰে যে নিৰ্মাণ আৰু ৰপ্তানিৰ ক্ষেত্ৰত বাজেটৰ পিছৰ ৱেবিনাৰসমূহ হৈছে যথেষ্ট গুৰুত্বপূৰ্ণ। এই বাজেট চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ প্ৰথমখন পূৰ্ণ বাজেট বুলি উল্লেখ কৰি তেওঁ গুৰুত্ব আৰোপ কৰে যে এই বাজেটৰ আটাইতকৈ উল্লেখযোগ্য দিশটো হৈছে ইয়াৰ বিতৰণ, যি প্ৰত্যাশাকো অতিক্ৰম কৰিছে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে কেবাটাও ক্ষেত্ৰত চৰকাৰে বিশেষজ্ঞসকলে আশা কৰাতকৈ অধিক পদক্ষেপ গ্ৰহণ কৰিছে। তেওঁ এইটোও উল্লেখ কৰে যে এই বাজেটত উৎপাদন আৰু ৰপ্তানি সন্দৰ্ভত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে।