নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ আনুষ্ঠানিক আলোচনা
July 11th, 08:09 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অকলেণ্ডৰ চৰকাৰী ভৱনত নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী শ্ৰী ক্ৰিষ্টোফাৰ লাক্সনৰ সৈতে সাক্ষাৎ কৰে। চৰকাৰী ভৱনত উপস্থিত হোৱাৰ লগে লগে তেওঁক পৰম্পৰাগত মাউৰি পদ্ধতিৰে আদৰণি জনোৱা হয়। এই অনুষ্ঠানত শান্তি, সন্মান আৰু আদৰণিৰ প্ৰতীক হিচাপে পৰম্পৰাগত মাওৰি ৰীতি-নীতি অন্তৰ্ভুক্ত আছিল। পৰম্পৰাগত আদৰণিৰ পাছত প্ৰধানমন্ত্ৰীয়ে গাৰ্ড অৱ অনাৰ পৰিদৰ্শন কৰে।ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতিৰ সৈতে যুটীয়া সংবাদ বিবৃতিৰ সময়ত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতিৰ ইংৰাজী অনুবাদ
July 07th, 11:21 am
আজি পুৱা মই অতি আন্তৰিকতা আৰু সন্মানৰ সৈতে ইণ্ডোনেছিয়াৰ সৰ্বোচ্চ বঁটা লাভ কৰি গভীৰভাৱে সন্মানিত হৈছিলো। এই সন্মান কোটি কোটি ভাৰতীয়ৰ। ই ইণ্ডোনেছিয়াৰ জনসাধাৰণৰ সদিচ্ছাক প্ৰতিফলিত কৰে আৰু ভাৰত আৰু ইণ্ডোনেছিয়াৰ মাজত ঐতিহাসিক আৰু স্থায়ী বন্ধুত্বৰ বান্ধোনৰ প্ৰতি শ্ৰদ্ধাঞ্জলি হিচাপে পৰিগণিত হৈছে। এই বিশিষ্ট সন্মানৰ বাবে মই ৰাষ্ট্ৰপতি প্ৰাবোৱো, ইণ্ডোনেছিয়া চৰকাৰ আৰু ইণ্ডোনেছিয়াৰ জনসাধাৰণক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো।কৃত্ৰিম বুদ্ধিমত্তাৰ ক্ষেত্ৰত সহযোগিতা সম্পৰ্কে ভাৰত-জাপানৰ যুটীয়া বিবৃতি
July 02nd, 10:14 pm
ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু জাপানৰ প্ৰধানমন্ত্ৰীয়ে স্বীকাৰ কৰে যে কৃত্ৰিম বুদ্ধিমত্তা (AI) হৈছে এক যুগৰ প্ৰয়োজনীয় প্ৰযুক্তি, যিয়ে অৰ্থনীতি, সমাজ, বিজ্ঞান আৰু প্ৰযুক্তি, উদ্যোগ আৰু ব্যৱসায়, শাসন, আৰু নিৰাপত্তাৰ পৰিৱৰ্তন ঘটাইছে। তেওঁলোকে স্বীকাৰ কৰে যে আজি এআইৰ ডিজাইন, বিকাশ, নিয়োগ আৰু শাসনৰ ক্ষেত্ৰত কৰা পছন্দসমূহে উদ্ভাৱন, সমাজ কল্যাণ, অৰ্থনৈতিক সুৰক্ষা আৰু আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থাৰ ক্ষেত্ৰত দীৰ্ঘম্যাদী প্ৰভাৱ পেলাব। এই বুজাবুজিৰ ভিত্তিত তেওঁলোকে এআইৰ ক্ষেত্ৰত দুয়োখন দেশৰ স্থিতিস্থাপকতা আৰু প্ৰতিযোগিতামূলক ক্ষমতা পাৰস্পৰিকভাৱে বৃদ্ধি কৰাৰ লগতে দুয়োখন দেশতে উদ্ভাৱন তথা বিকাশৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াই নিবলৈ সহমত প্ৰকাশ কৰে, যাতে এক নিৰাপদ, সুৰক্ষিত, বিশ্বাসযোগ্য, সৰ্বাংগীন, মানৱকেন্দ্ৰিক, বহনক্ষম, জবাবদিহি, আৰু উদ্ভাৱনমুখী এআই পৰিৱেশ তন্ত্ৰ গঢ়ি তোলাটো সম্ভৱ হয়।ছেচেলছৰ ৰাষ্ট্ৰপতিৰ সৈতে যৌথ প্ৰেছ বিবৃতিৰ সময়ত প্ৰধানমন্ত্ৰীৰ বক্তব্য
June 28th, 02:02 pm
তেখেতৰ দ্বাৰা গাৰ্ডিয়ান অব দ্য ব্লু হৰিজন উপাধিৰে সন্মানিত হোৱাটো মোৰ লগতে ১৪০ কোটি ভাৰতীয়ৰ বাবে অপৰিসীম আনন্দৰ বিষয়। মই এই সন্মান কৃতজ্ঞতা সহকাৰে গ্ৰহণ কৰিছোঁ আৰু জলবায়ু পৰিৱৰ্তনৰ প্ৰত্যাহ্বানৰ সৈতে যুঁজি অব্যাহত ৰখা আৰু পৰিৱেশ সংৰক্ষণক নিজৰ দায়িত্ব বুলি গণ্য কৰা সেই সকলো দেশৰ বাবে উৎসৰ্গা কৰিছোঁ।শ্লভাকিয়াৰ প্ৰধানমন্ত্ৰীৰ সৈতে যুটীয়া সংবাদমেলত প্ৰধানমন্ত্ৰীৰ বক্তব্য
June 15th, 03:00 pm
আজি প্ৰধানমন্ত্ৰী আৰু মই আমাৰ পাৰস্পৰিক সহযোগিতাক এক নতুন দিশ আৰু নতুন শক্তি প্ৰদান কৰাৰ সন্দৰ্ভত বিতংভাৱে আলোচনা কৰিলোঁ। আমাৰ দ্বিপাক্ষিক বাণিজ্য আৰু অৰ্থনৈতিক সহযোগিতাৰ ক্ষেত্ৰত হোৱা প্ৰগতিত আমি সন্তোষ প্ৰকাশ কৰিছোঁ।ভাৰত-ইটালীৰ যুটীয়া ঘোষণা
May 20th, 10:28 pm
ইটালী গণৰাজ্যৰ মন্ত্ৰী পৰিষদৰ অধ্যক্ষা জিঅ’ৰ্জিয়া মেল’নীৰ আমন্ত্ৰণমৰ্মে ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬ চনৰ ১৯-২০ মে’ত ইটালী ভ্ৰমণ কৰে।২০২৪ চনৰ জুন মাহত জি-৭ সন্মিলনৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে ইটালী ভ্ৰমণ আৰু ২০২৩ চনত জি-২০ শীৰ্ষ সন্মিলনৰ বাবে প্ৰধানমন্ত্ৰী মেল’নীয়ে কৰা ভাৰত ভ্ৰমণৰ পিছত এই ভ্ৰমণে নানান বিষয়ত দ্বিপাক্ষিক সম্পৰ্কক উন্নীত কৰিছে । দুয়োগৰাকী নেতাই ভাৰত-ইটালীৰ সম্পৰ্কক বিশেষ কৌশলগত অংশীদাৰিত্বৰ স্তৰলৈ উন্নীত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।ভাৰত-নেদাৰলেণ্ডৰ কৌশলগত অংশীদাৰিত্বৰ ৰূপৰেখা [২০২৬-২০৩০]
May 17th, 03:15 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু নেদাৰলেণ্ডৰ প্ৰধানমন্ত্ৰী শ্ৰী ৰব জেটেনে ২০২৬ চনৰ ১৬ মে’ত হেগত এখন বৈঠকত মিলিত হয়। ইয়াৰ বাবে ভাৰত আৰু নেদাৰলেণ্ডে পৰৱৰ্তী পাঁচ বছৰৰ বাবে (২০২৬-২০৩০) ভাৰত-নেদাৰলেণ্ড কৌশলগত অংশীদাৰিত্বৰ কাঠামো গ্ৰহণ কৰে।ফলাফলৰ তালিকাঃ প্ৰধানমন্ত্ৰীৰ নেদাৰলেণ্ডছ ভ্ৰমণ
May 17th, 02:47 am
ভাৰত-নেদাৰলেণ্ডছৰ কৌশলগত অংশীদাৰিত্বৰ ৰূপৰেখা [২০২৬-২০৩০]সংযুক্ত আৰৱ এমিৰেটছলৈ প্ৰধানমন্ত্ৰীৰ ভ্ৰমণ
May 15th, 03:59 pm
এক চৰকাৰী ভ্ৰমণসূচীৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সংযুক্ত আৰৱ এমিৰেটছত উপস্থিত হয়। বিমানবন্দৰত ইউ এ ইৰ ৰাষ্ট্ৰপতি শ্বেইখ মহম্মদ বিন জায়েদ আল নাহিয়ানে তেওঁক আনুষ্ঠানিক আদৰণি জনায়।ভাৰত গণৰাজ্য আৰু ভিয়েটনাম সমাজবাদী গণৰাজ্যৰ মাজত বৰ্ধিত ব্যাপক কৌশলগত অংশীদাৰিত্বৰ বিষয়ত যৌথ বিবৃতি প্ৰকাশ
May 06th, 05:24 pm
ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণমৰ্মে ভিয়েটনামৰ কমিউনিষ্ট পাৰ্টিৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক ভিয়েটনামৰ সমাজবাদী গণৰাজ্যৰ ৰাষ্ট্ৰপতি মহামহিম শ্ৰীমান টু লামে ২০২৬ চনৰ ০৫ মে’ৰ পৰা ০৭ মে’লৈ ভাৰত ভ্ৰমণ কৰিছে।শ্ৰীমান টু লামৰ সৈতে ভাৰতলৈ আহিছে ভিয়েটনামৰ এটা উচ্চ পৰ্যায়ৰ প্ৰতিনিধিৰ দল। এক শক্তিশালী ব্যৱসায়িক প্ৰতিনিধিৰ দলো ভাৰতলৈ আহিছে।ফলাফলৰ তালিকাঃ ভিয়েটনামৰ ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণ
May 06th, 03:44 pm
আই আৰ ই এল (ইণ্ডিয়া) লিমিটেড আৰু ভিয়েটনামৰ ইনষ্টিটিউট ফৰ টেকন’লজি অৱ ৰেডিঅ’ এক্টিভ এণ্ড ৰেয়াৰ এলিমেণ্টছ (আই টি আৰ আৰ ই)ৰ মাজত পাৰস্পৰিক সহযোগিতাৰ বুজাবুজি চুক্তিভিয়েটনামৰ ৰাষ্ট্ৰপতি টো লামৰ সৈতে যুটীয়া সংবাদমেলত প্ৰধানমন্ত্ৰীৰ ভাষণৰ মূল পাঠ
May 06th, 01:00 pm
কেৱল এয়াই নহয়, তেওঁ বুদ্ধগয়াৰ পৰাই তেওঁৰ ভাৰত ভ্ৰমণ আৰম্ভ কৰিছে। ই আমাৰ দুয়োখন দেশৰ অভিন্ন সভ্যতা আৰু আধ্যাত্মিক পৰম্পৰাক প্ৰতিফলিত কৰে। এই ভ্ৰমণ আৰু আমাৰ ফলপ্ৰসূ আলোচনাৰ জৰিয়তে আমি আমাৰ পাৰস্পৰিক সদিচ্ছাক দৃঢ় ফলাফলত পৰিণত কৰিছো।জাহাজ নিৰ্মাণ, জাহাজ চালনা আৰু সামুদ্ৰিক লজিষ্টিকছৰ অংশীদাৰিত্বৰ বাবে ভাৰত-কোৰিয়া গণৰাজ্যৰ বিস্তৃত কাঠামো
April 20th, 10:51 pm
২০২৬ চনৰ ২০ এপ্ৰিলত ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণ মৰ্মে কোৰিয়া গণৰাজ্যৰ ৰাষ্ট্ৰপতি মহামহিম লি জে ম্যুঙে ভাৰত ভ্ৰমণ কৰাৰ সময়তে দুয়োপক্ষই জাহাজ নিৰ্মাণ, জাহাজ চালনা আৰু সামুদ্ৰিক লজিষ্টিকছৰ অংশীদাৰিত্বৰ বাবে তেওঁলোকৰ চৰকাৰী সংস্থা তথা ব্যক্তিগত সত্তাসমূহৰ মাজত পাৰস্পৰিকভাৱে লাভজনক সহযোগিতাৰ বিশয়ত মত বিনিময় কৰে।ফলাফলৰ তালিকা: কোৰিয়া গণৰাজ্যৰ ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণ
April 20th, 03:57 pm
ভাৰত-কোৰিয়া গণৰাজ্যৰ বিশেষ কৌশলগত অংশীদাৰিত্বৰ বাবে যুটীয়া কৌশলগত দৃষ্টিভংগী গ্ৰহণকোৰিয়া গণৰাজ্যৰ ৰাষ্ট্ৰপতিৰ সৈতে প্ৰধানমন্ত্ৰীয়ে দিয়া যৌথ প্ৰেছ বিবৃতিৰ অসমীয়া অনুবাদ
April 20th, 01:05 pm
ৰাষ্ট্ৰপতি লীক প্ৰথম ভাৰত ভ্ৰমণৰ সময়ত আদৰণি জনাবলৈ পোৱাৰ কথাই মোক অতি আনন্দিত কৰিছে। তেওঁৰ জীৱনটো স্থিতিস্থাপকতা, সেৱা আৰু সমৰ্পণৰ এক প্ৰেৰণাদায়ক উদাহৰণ হিচাপে থিয় দিছে। তেওঁ সন্মুখীন হোৱা প্ৰতিটো প্ৰত্যাহ্বানেই তেওঁৰ মনত থকা জনসাধাৰণৰ সেৱাৰ সংকল্পক অধিক শক্তিশালী কৰি তুলিছে। যদিও এয়া তেওঁৰ প্ৰথম ভাৰত ভ্ৰমণ, তথাপি আমাৰ প্ৰথম সাক্ষাতৰ পৰাই ভাৰতৰ প্ৰতি তেওঁৰ উষ্ম মৰম আৰু আত্মীয়তা স্পষ্ট হৈ পৰিছে।অষ্ট্ৰিয়াৰ চেন্সেলৰৰ সৈতে প্ৰধানমন্ত্ৰীৰ যুটীয়া সংবাদ বিবৃতি
April 16th, 11:55 am
আন্তঃগাঁথনি, উদ্ভাৱন তথা বহনক্ষমতাৰ ক্ষেত্ৰত ভাৰত আৰু অষ্ট্ৰিয়া নিৰ্ভৰযোগ্য অংশীদাৰ হৈ আহিছে। দিল্লী মেট্ৰোৱে হওক বা হিমালয়ৰ ১০,০০০ ফুট উচ্চতাত নিৰ্মিত অটল সুৰংগই হওক, অষ্ট্ৰিয়াৰ সুৰংগ নিৰ্মাণৰ কাৰুকাৰ্যই এক গভীৰ ছাপ পেলাইছে।কানাডাৰ প্ৰধানমন্ত্ৰীৰ সৈতে যুটীয়া প্ৰেছ বিবৃতিৰ সময়ত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতি
March 02nd, 11:40 am
আমাৰ প্ৰথম সাক্ষাতৰ পৰাই আমাৰ সম্পৰ্কত এক নতুন শক্তি, পাৰস্পৰিক বিশ্বাস আৰু ইতিবাচকতা আহিছে। প্ৰতিটো ক্ষেত্ৰতে সহযোগিতাৰ গতি বৃদ্ধি পোৱাটোৰ কৃতিত্ব মই মোৰ বন্ধু প্ৰধানমন্ত্ৰী কাৰ্ণীক দিওঁ।বৰ্ধিত সংযোগৰ জৰিয়তে বহনক্ষমতা, অৰ্থনৈতিক বৃদ্ধি আৰু সুৰক্ষাৰ বাবে ভাৰত – ছিচেলছৰ যৌথ দৃষ্টিভংগী
February 09th, 03:28 pm
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণমৰ্মে ছিচেলছ গণৰাজ্যৰ ৰাষ্ট্ৰপতি ড° পেট্ৰিক হাৰ্মিনিয়ে ৫ ফেব্ৰুৱাৰীৰ পৰা ১০ ফেব্ৰুৱাৰীলৈ ভাৰত ভ্ৰমণ কৰিছে ।ৰাষ্ট্ৰপতি হাৰ্মিনিৰ কাৰ্যভাৰ গ্ৰহণৰ প্ৰায় ১০০ দিনৰ পাছত কৰা এই ভ্ৰমণে দীৰ্ঘদিনীয়া আৰু বহুমুখী দ্বিপাক্ষিক অংশীদাৰিত্বক শক্তিশালী, সম্প্ৰসাৰিত আৰু গভীৰ কৰিব বুলি ভাৰত আৰু ছিচেলছৰ প্ৰতিশ্ৰুতিৰ সংকেত বহন কৰিছে। ছিচেলছৰ স্বাধীনতাৰ ৫০ বথছৰ সম্পূৰ্ণ হোৱা আৰু দুয়োখন দেশৰ মাজত কূটনৈতিক সম্পৰ্ক স্থাপনৰ ৫০ বছৰীয়া বৰ্ষপূৰ্তিৰ সৈতে সংগতি ৰাখি কৰা ৰাষ্ট্ৰপতিগৰাকীৰ এই ভ্ৰমণে বিশেষ তাৎপৰ্য্য বহন কৰিছে। ২০২৬ চনৰ ৯ ফেব্ৰুৱাৰীত অনুষ্ঠিত হোৱা বৈঠকৰ সময়ত প্ৰধানমন্ত্ৰী মোদী আৰু ৰাষ্ট্ৰপতি হাৰ্মিনিয়ে দ্বিপাক্ষিক সম্পৰ্কৰ সমগ্ৰ বিষয়ক সামৰি লৈ বিস্তৃত আৰু ইতিবাচক আলোচনা কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে ২০২৫ চনৰ অক্টোবৰ মাহত অনুষ্ঠিত হোৱা নিৰ্বাচনত ৰাষ্ট্ৰপতি হাৰ্মিনীয়ে লাভ কৰা সফলতাৰ বাবে অভিনন্দন জনায়।দুয়োগৰাকী নেতাই দৃঢ়তাৰে কয় যে ভাৰত আৰু ছিচেলছ, ঘনিষ্ঠ সামুদ্ৰিক প্ৰতিবেশী হিচাপে ঐতিহাসিক সম্পৰ্কৰে বান্ধ খাই আছে। দুয়োখন দেশে গণতন্ত্ৰ আৰু বহুত্ববাদৰ ভাগ-বতৰা কৰা মূল্যবোধৰ দ্বাৰা লালিত-পালিত এক বিশেষ তথা সময়-পৰীক্ষিত অংশীদাৰিত্ব লাভ কৰিছে। নেতাদ্বয়ে স্বীকাৰ কৰে যে ছিচেলছ-ভাৰতৰ মাজৰ সম্পৰ্ক জনকেন্দ্ৰিক আৰু ই পশ্চিম ভাৰত মহাসাগৰ অঞ্চলৰ নিৰাপত্তা তথা স্থিতিশীলতাক অধিক শক্তিশালী কৰিছে। ভাৰতৰ ভিজন মহাসাগৰ (মিউচুৱেল এণ্ড হোলিষ্টিক এডভান্সমেণ্ট ফৰ ছিকিউৰিটি এণ্ড গ্ৰ’থ এক্ৰছ ৰিজিঅ’নছ)ৰ গুৰুত্বপূৰ্ণ স্তম্ভ হিচাপে ছিচেলছৰ ভূমিকাকো নেতাদ্বয়ে স্বীকাৰ কৰে।ছিচেলছৰ ৰাষ্ট্ৰপতিৰ সৈতে প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা যৌথ প্ৰেছ বিবৃতিৰ অসমীয়া অনুবাদ
February 09th, 01:00 pm
ৰাষ্ট্ৰপতি হাৰ্মিনী আৰু তেওঁৰ প্ৰতিনিধি দলক ভাৰতলৈ আদৰণি জৱৃনাবলৈ পাই মই অপৰিসীম আনন্দ লাভ কৰিছো।ফলাফলৰ তালিকা : প্ৰধানমন্ত্ৰীৰ মালয়েছিয়া ভ্ৰমণ
February 08th, 11:05 am
ভাৰত গণৰাজ্য চৰকাৰ আৰু মালয়েছিয়া চৰকাৰৰ মাজত দৃশ্য-শ্ৰব্য সহ-উৎপাদন চুক্তি