বন্দে মাতৰমৰ ১৫০সংখ্যক বৰ্ষপূৰ্তি উপলক্ষে লোকসভাত বিশেষ আলোচনাৰ সময়ত প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ অসমীয়া অনুবাদ
December 08th, 12:30 pm
এয়া এনে এক সময় য'ত ইতিহাসৰ বহুতো অনুপ্ৰেৰণাদায়ক অধ্যায় আমাৰ সন্মুখত পুনৰ উন্মোচিত হৈছে। আমি আমাৰ সংবিধানৰ ৭৫সংখ্যক বৰ্ষপূৰ্তি উদযাপন কৰিছো। আজি দেশবাসীয়ে চৰ্দাৰ বল্লভভাই পেটেল আৰু ভগৱান বিৰছা মুণ্ডাৰ ১৫০সংখ্যক জয়ন্তী পালন কৰিছে আৰু অলপতে আমি গুৰু টেগ বাহাদুৰজীৰ ৩৫০সংখ্যক বলিদান দিৱস পালন কৰাৰ লগতে আজি আমি বন্দে মাতৰমৰ ১৫০সংখ্যক বৰ্ষপূৰ্তি সদনৰ এক সামূহিক শক্তি উপলব্ধি কৰাৰ প্ৰয়াস কৰিছো। ১৫০বছৰীয়া বন্দে মাতৰমৰ এই যাত্ৰা বিভিন্ন পৰ্যায়ত হৈছে।লোকসভাত ৰাষ্ট্ৰীয় গীত ‘বন্দে মাতৰম’ৰ ১৫০ বছৰ উদযাপন উপলক্ষে অনুষ্ঠিত বিশেষ আলোচনাত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণ প্ৰদান
December 08th, 12:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি লোকসভাত ৰাষ্ট্ৰীয় গীত ‘বন্দে মাতৰম’ৰ ১৫০ বছৰ উদযাপন উপলক্ষে অনুষ্ঠিত বিশেষ আলোচনাত ভাষণ দিয়ে। প্ৰধানমন্ত্ৰীয়ে এই গুৰুত্বপূৰ্ণ অনুষ্ঠানত সামূহিক আলোচনাৰ পথ বাছনি কৰাৰ বাবে সদনৰ সকলো সন্মানীয় সদস্যক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ মন্তব্য কৰে যে ত্যাগ আৰু তপস্যাৰ পথ প্ৰদৰ্শন কৰি ৰাষ্ট্ৰৰ স্বাধীনতা আন্দোলনক শক্তি প্ৰদান আৰু অনুপ্ৰাণিত কৰা মন্ত্ৰ তথা স্পষ্ট আহ্বানেৰে বন্দে মাতৰমক স্মৰণ কৰা হৈছে আৰু ই সদনৰ সকলোৰে বাবে এক বৃহৎ বিশেষত্ব। শ্ৰী মোদীয়ে উল্লেখ কৰে যে দেশখনে ১৫০ বছৰীয়া বন্দে মাতৰমৰ ঐতিহাসিক অনুষ্ঠানৰ সাক্ষী হোৱাটো গৌৰৱৰ বিষয়। তেওঁ কয় যে এই সময়ছোৱাই আমাৰ সন্মুখত ইতিহাসৰ অগণন ঘটনা কঢ়িয়াই আনিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে গুৰুত্ব আৰোপ কৰি কয় যে এই আলোচনাত কেৱল সদনৰ প্ৰতিশ্ৰুতিয়েই প্ৰতিফলিত নহয়, বৰঞ্চ সকলোৱে সামূহিকভাৱে ইয়াৰ উচিত ব্যৱহাৰ কৰিলে ভৱিষ্যৎ প্ৰজন্মৰ বাবে শিক্ষাৰ উৎস হিচাপেও কাম কৰিব পাৰিব।ৰাজ্যসভাৰ অধ্যক্ষ শ্ৰী চি পি ৰাধাকৃষ্ণনৰ সম্বৰ্ধনা অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পূৰ্ণপাঠ
December 01st, 11:15 am
সংসদৰ শীতকালীন অধিৱেশন আৰম্ভ হৈছে। আৰু আজি আমাৰ সদনৰ সন্মানীয় সকলো সদস্যৰ বাবে এক গৌৰৱৰ মুহূৰ্ত। আপোনাক আদৰণি জনোৱা আৰু আপোনাৰ নিৰ্দেশনাত গুৰুত্বপূৰ্ণ বিষয়সমূহৰ ওপৰত আলোচনা কৰা, গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা আৰু সদনৰ জৰিয়তে দেশখনক প্ৰগতিৰ পথত আগবঢ়াই নিবলৈ আপোনাৰ বহুমূলীয়া পথ-প্ৰদৰ্শন কাৰ্য্য আমাৰ সকলোৰে বাবে এক ব্যাপক সুযোগ। সদনৰ হৈ আপোনালৈ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছো। আৰু এই সদনত সমবেত সকলো সন্মানীয় সদস্যই উচ্চ সদনৰ মৰ্য্যাদা অক্ষুণ্ণ ৰাখি সদায় আপোনাৰ মৰ্য্যাদাৰ প্ৰতিও সচেষ্ট হৈ থাকিব বুলিও মই আপোনাক আশ্বাস প্ৰদান কৰিব খুজিছো।ৰাজ্যসভাৰ অধ্যক্ষ শ্ৰী চি. পি. ৰাধাকৃষ্ণনৰ সম্বৰ্ধনা অনুষ্ঠানত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ বক্তব্য
December 01st, 11:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰথমবাৰৰ বাবে ৰাজ্যসভাত অধ্যক্ষতা কৰা উপ-ৰাষ্ট্ৰপতি শ্ৰী চিপি ৰাধাকৃষ্ণনক আদৰণি জনায়। প্ৰধানমন্ত্ৰীয়ে আজিৰ দিনটোক ৰাজ্যসভাৰ সকলো মাননীয় সদস্যৰ বাবে এক গৌৰৱৰ মুহূৰ্ত বুলি অভিহিত কৰে। অধ্যক্ষ গৰাকীক উষ্ম আদৰণি জনাই শ্ৰী মোদীয়ে কয়, “সদনৰ হৈ আৰু মোৰ ফালৰপৰা আপোনাক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো, শুভেচ্ছা আৰু শুভকামনা জনাইছো। লগতে আপোনাক আশ্বস্ত কৰিব খুজিছো যে উচ্চ সদনৰ সকলো মাননীয় সদস্যই এই সন্মানীয় প্ৰতিষ্ঠানৰ মৰ্য্যাদা সদায় অক্ষুণ্ণ ৰাখিব আৰু একেদৰে আপোনাৰ মৰ্য্যাদা অক্ষুণ্ণ ৰখাৰ প্ৰতি সদায় সচেষ্টতা অৱলম্বন কৰিব। এয়াই হৈছে আপোনাৰ প্ৰতি মোৰ গভীৰ আশ্বাস।”আইচিচি মহিলা বিশ্ব কাপ চেম্পিয়ন দলৰে প্ৰধানমন্ত্ৰীৰ মত বিনিময়ৰ অসমীয়া অনুবাদ
November 06th, 10:15 am
–মাননীয় প্ৰধানমন্ত্ৰী মহোদয়, আপোনাক বহুত বহুত ধন্যবাদ। আমি ইয়াত উপস্থিত হৈ নিজকে সন্মান আৰু সৌভাগ্যৱান অনুভৱ কৰিছো। মই মাত্ৰ এটা অভিযানৰ কথা ক’ম, এই ছোৱালীবোৰে এটা আচৰিত কাম কৰিলে, দেশৰ কন্যাসকলে এটা আচৰিত কাম কৰিলে, তেওঁলোকে দুবছৰ ধৰি এই লক্ষ্যত কাম কৰি আহিছে। ছাৰ, তেওঁলোকে ইমান কষ্ট কৰিছে, আচৰিত ধৰণে কষ্ট কৰিছে, প্ৰতিটো অনুশীলনত একে তীব্ৰতাৰে খেলিছে, প্ৰতিটো অনুশীলনত একে শক্তিৰে খেলপথাৰত প্ৰৱেশ কৰিছে, মই মাত্ৰ ক’ব পাৰো যে তেওঁলোকে তেওঁলোকৰ কষ্টৰ ফল পাইছে।আইচিচি মহিলা বিশ্বকাপ ২০২৫ চেম্পিয়নৰ সৈতে মত বিনিময় প্ৰধানমন্ত্ৰীৰ
November 06th, 10:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কালি নতুন দিল্লীৰ ৭, লোক কল্যাণ মাৰ্গত আইচিচি মহিলা বিশ্বকাপ ২০২৫ৰ চেম্পিয়নসকলৰ সৈতে বাৰ্তালাপ কৰে। ভাৰতীয় দলটোৱে ২০২৫ চনৰ ২ নৱেম্বৰ দেওবাৰে অনুষ্ঠিত ফাইনেলত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে জয়লাভ কৰে। প্ৰধানমন্ত্ৰীয়ে দেৱ দীপাৱলী আৰু গুৰপুৰবৰ উপলক্ষৰ প্ৰসংগৰে এয়া এটা অতি গুৰুত্বপূৰ্ণ দিন বুলি মন্তব্য কৰি উপস্থিত সকলোকে তেওঁৰ শুভেচ্ছা জ্ঞাপন কৰে।