উত্তৰ প্ৰদেশৰ মীৰাটত বিভিন্ন উন্নয়নমূলক কামৰ শুভাৰম্ভণী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ মূল পাঠ
February 22nd, 01:30 pm
বাবা ঔঘৰনাথৰ এই পবিত্ৰ ভূমিত, মীৰাটৰ ভূমিত আজি উন্নত উত্তৰ প্ৰদেশ, উন্নত ভাৰতৰ বাবে এক নতুন বিপ্লৱৰ শক্তি উজ্জীৱিত কৰা হৈছে। আজি প্ৰথমবাৰৰ বাবে নমো ভাৰত ৰেপিড ৰেল আৰু মেট্ৰ’ সেৱা একেদিনাই, এটা প্লেটফৰ্মৰ পৰা আৰম্ভ কৰা হৈছে। উন্নত ভাৰতৰ যোগাযোগ কেনেকুৱা হ’ব তাৰ এক উল্লেখযোগ্য আভাস এয়া। মই সন্তুষ্ট যে এই কাম উত্তৰ প্ৰদেশত কৰা হৈছে, চহৰৰ ভিতৰৰ ভ্ৰমণৰ বাবে মেট্ৰ’ আৰু টুইন চিটীৰ দৃষ্টিভংগী ত্বৰান্বিত কৰিবলৈ নমো ভাৰতৰ দৰে আধুনিক ৰে’ল সেৱা প্ৰৱৰ্তন কৰা হৈছে।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ প্ৰথমখন নমো ভাৰত আৰ আৰ টি এছ উদ্বোধন কৰে আৰু দিল্লী–মীৰাট নমো ভাৰত কৰিডৰ ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰে
February 22nd, 01:12 pm
প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে এই প্ৰকল্পই উন্নত ভাৰতত যোগাযোগ ব্যৱস্থা কেনেকুৱা হ’ব তাৰ এক গুৰুত্বপূৰ্ণ আভাস দিয়ে। সংহত ব্যৱস্থাটোৱে চহৰৰ ভিতৰত ভ্ৰমণৰ বাবে মেট্ৰ' আৰু টুইন চিটী দৃষ্টিভংগী ত্বৰান্বিত কৰিবলৈ নমো ভাৰত ৰে'ল ব্যৱহাৰ কৰিছে। ডাবল ইঞ্জিনৰ চৰকাৰৰ কৰ্ম সংস্কৃতিৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে প্ৰকল্পসমূহ এতিয়া অনিশ্চয়তাত ওলমি নাথাকে। তেওঁ গুৰুত্ব আৰোপ কৰে যে তেওঁৰ চৰকাৰে যিটো কামৰ বাবে আধাৰশিলা স্থাপন কৰে, ব্যক্তিগতভাৱে এই সেৱাসমূহৰ আধাৰশিলা স্থাপন আৰু উদ্বোধনী দুয়োটা কামৰ নেতৃত্ব দি সেই কাম সম্পূৰ্ণ কৰে।PM Modi approves ex-gratia for the victims of Moradabad road accident
January 31st, 05:12 pm
PM Narendra Modi has approved an ex-gratia of Rs. 2 lakh each from Prime Minister’s National Relief Fund for the next of kin of those who have lost their lives in a road accident in Moradabad, Uttar Pradesh. Furthermore, an amount of Rs. 50,000 has been approved for everyone who is seriously injured in the accident.