দাদাচাহেব ফাল্কে বঁটা লাভ কৰাৰ বাবে শ্ৰী মোহনলাল জীক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

September 20th, 07:42 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰী মোহনলাল জীক দাদাচাহেব ফাল্কে বঁটা লাভ কৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰিছে। শ্ৰী মোদীয়ে কয় যে শ্ৰী মোহনলাল জী হৈছে উৎকৃষ্টতা আৰু বহুমুখীতাৰ প্ৰতিমূৰ্তি। শ্ৰী মোদীয়ে কয়, দশক দশক ধৰি চহকী কামেৰে তেওঁ মালয়ালম চিনেমা আৰু থিয়েটাৰৰ আগশাৰীৰ ব্যক্তি হিচাপে ধৰা দিছে আৰু কেৰালাৰ সংস্কৃতিৰ প্ৰতি তেওঁৰ গভীৰ আবেগ জড়িত হৈ আছে। তেলেগু, তামিল, কানাড়া আৰু হিন্দী ছবিতো তেওঁ উল্লেখযোগ্য অভিনয় কৰিছে। বিভিন্ন মাধ্যমত তেওঁৰ চিনেমা আৰু নাট্যৰ বিচক্ষণতা সঁচাকৈয়ে প্ৰেৰণাদায়ক।

মন কী বাতৰ শেহতীয়া খণ্ডত মেদবহুলতাৰ বিৰুদ্ধে সামূহিক ব্যৱস্থা গ্ৰহণৰ আহ্বান প্ৰধানমন্ত্ৰীৰ

February 24th, 09:11 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মেদবহুলতাৰ বৰ্ধিত হাৰ প্ৰতিহত কৰাৰ জৰুৰী প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰে তথা খোৱা তেলৰ ব্যৱহাৰ হ্ৰাস কৰাৰ বিষয়টোত ভূমিকা গ্ৰহণৰ বাবে বিশিষ্ট ব্যক্তিসকলক আহ্বান জনায়। তেওঁ লগতে আন্দোলনটোক অধিক সম্প্ৰসাৰণৰ বাবে আৰু ১০ গৰাকী লোকক মনোনীত কৰিবলৈ আহ্বান জনায়।