গুজৰাটৰ ডেদিয়াপাড়াত আয়োজিত জনজাতীয় গৌৰৱ দিৱসৰ কাৰ্য্যসূচীত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ পূৰ্ণপাঠ
November 15th, 03:15 pm
দৰাচলতে আপোনালোকৰ সন্মুখত গুজৰাটী ভাষাত কথা ক’ব লাগে যদিও বৰ্তমান দেশৰ ভিন্ন প্ৰান্তৰ লোক আমাৰ অনুষ্ঠানৰ সৈতে সংযুক্ত হৈ আছে। সেয়েহে আপোনালোক সকলোৰে আশীৰ্বাদ আৰু অনুমতি সাপেক্ষে মই হিন্দীত ক’বলৈ আগবাঢ়িছোঁ।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ ডেদিয়াপাড়াত ধৰতী আবা ভগৱান বীৰছা মুণ্ডাৰ ১৫০ সংখ্যক জয়ন্তী উপলক্ষে জনজাতীয় গৌৰৱ দিৱসৰ কাৰ্য্যসূচী সম্বোধন কৰে
November 15th, 03:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ ডেদিয়াপাড়াত ধৰতী আবা ভগৱান বীৰছা মুণ্ডাৰ ১৫০ সংখ্যক জয়ন্তী উপলক্ষে জনজাতীয় গৌৰৱ দিৱসৰ কাৰ্য্যসূচী সম্বোধন কৰে। ইয়াতে তেওঁ ৯,৭০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক আন্তঃগাঁথনি আৰু উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। মা নৰ্মদাৰ পবিত্ৰ ভূমি আজি আন এক ঐতিহাসিক অনুষ্ঠানৰ সাক্ষী হৈ পৰিছে বুলি উল্লেখেৰে শ্ৰী মোদীয়ে কয় যে ৩১ অক্টোবৰত ভাৰতৰ ঐক্য আৰু বৈচিত্ৰ্যক উদযাপনৰ বাবে একেটা স্থানতে চৰ্দাৰ পেটেলৰ ১৫০ সংখ্যক জয়ন্তী উদযাপন কৰা হৈছিল। প্ৰধানমন্ত্ৰীয়ে কয় যে আজি ভগৱান বীৰছা মুণ্ডাৰ ১৫০ সংখ্যক জয়ন্তীৰ বিশাল উদযাপনৰ লগে-লগে আমি ভাৰত পৰ্বৰ শিখৰত উপনীত হৈছোঁ। এই পবিত্ৰ অনুষ্ঠানত তেওঁ ভগৱান বীৰছা মুণ্ডালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে এই অনুষ্ঠানলৈ গুজৰাট, ৰাজস্থান, মধ্যপ্ৰদেশ আৰু সমগ্ৰ জনজাতীয় বেল্টত স্বাধীনতাৰ মনোভাৱক জাগ্ৰত কৰা গোবিন্দ গুৰুৰ আশীৰ্বাদো আছে। তেওঁ মঞ্চৰ পৰাই গোবিন্দ গুৰুলৈ শ্ৰদ্ধাঞ্জলি জনায়। তেওঁ আৰু কয় যে কিছু সময়ৰ পূৰ্বে তেওঁ দেৱমোগৰা মাতাৰ মন্দিৰ দৰ্শনৰ সৌভাগ্য লাভ কৰিছিল আৰু পুনৰবাৰ তেওঁৰ চৰণত প্ৰণাম জনাইছিল।প্ৰধানমন্ত্ৰীক সাক্ষাৎ ওড়িশাৰ মুখ্যমন্ত্ৰীৰ
July 12th, 02:31 pm
নতুন দিল্লীত আজি ওড়িশাৰ মুখ্যমন্ত্ৰী শ্ৰী মোহন চৰণ মাঝিয়ে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।ওড়িশাৰ ৰাজ্য চৰকাৰৰ এবছৰ সম্পূৰ্ণ হোৱা উপলক্ষে্য অনুষ্ঠিত কাৰ্যসূচীত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ পূৰ্ণপাঠ
June 20th, 04:16 pm
ওড়িশাৰ ৰাজ্যপাল হৰি বাবু ডাঙৰীয়া , আমাৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী মোহন চৰণ মাঝি ডাঙৰীয়া , কেন্দ্ৰীয় কেবিনেটত মোৰ সহযোগী জুৱাল ওৰাম ডাঙৰীয়া , ধৰ্মেন্দ্ৰ প্ৰধান ডাঙৰীয়া , অশ্বিনী বৈষ্ণৱ ডাঙৰীয়া, ওড়িশাৰ উপ মুখ্যমন্ত্ৰী কনক বৰ্ধন সিং দেৱ ডাঙৰীয়া, প্ৰৱতী পৰিদা ডাঙৰীয়া, ৰাজ্য চৰকাৰৰ অন্যান্য মন্ত্ৰী, সাংসদ আৰু বিধায়ক আৰু ওড়িশাৰ মোৰ সকলো ভাই-ভনী!প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ওড়িশা চৰকাৰৰ এবছৰ সম্পূৰ্ণ হোৱা উপলক্ষ্যে ১৮,৬০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন, আধাৰশিলা স্থাপন কৰে
June 20th, 04:15 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভুৱনেশ্বৰত ওড়িশা চৰকাৰৰ এবছৰ সম্পূৰ্ণ হোৱা উপলক্ষ্যে আয়োজিত অনুষ্ঠানত সভাপতিত্ব কৰে। ওড়িশাৰ সামগ্ৰিক উন্নয়নৰ প্ৰতি থকা দায়বদ্ধতাৰ সৈতে সংগতি ৰাখি প্ৰধানমন্ত্ৰীয়ে খোৱাপানী, জলসিঞ্চন, কৃষি আন্তঃগাঁথনি, স্বাস্থ্য আন্তঃগাঁথনি, গ্ৰাম্য পথ আৰু দলং, ৰাষ্ট্ৰীয় ঘাইপথৰ কিছু অংশ, আৰু নতুন ৰে'লপথকে ধৰি জটিল খণ্ডসমূহ সামৰি ১৮,৬০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়ন প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে।ওড়িশাৰ মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰে
May 24th, 08:45 pm
ওড়িশাৰ মুখ্যমন্ত্ৰী শ্ৰী মোহন চৰণ মাঝিয়ে আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।উৰিষ্যাৰ ভুৱনেশ্বৰত ‘অষ্টাদশ প্ৰৱাসী ভাৰতীয় দিৱস সন্মিলন’ৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ
January 09th, 10:15 am
ভদ্ৰমহিলা আৰু ভদ্ৰলোকসকল! ‘ভগৱান জগন্নাথ’ আৰু ‘ভগৱান লিঙ্গৰাজ’ৰ এই পবিত্ৰ ভূমিত মই সমগ্ৰ বিশ্বৰ পৰা অহা মোৰ ভাৰতীয় প্ৰবাসী পৰিয়ালসমূহক আদৰণি জনাইছোঁ। আৰম্ভণিতে গোৱা আদৰণি গীতটো, সমগ্ৰ বিশ্বৰ য'তেই ভাৰতীয় সম্প্ৰদায়ৰ অনুষ্ঠান অনুষ্ঠিত হ'ব এই আদৰণি গীতটো ভৱিষ্যতে বাৰে বাৰে বজোৱা হ'বই বুলি মই ন-দি ক’ব পাৰো। আপোনালোকক অভিনন্দন। আপোনালোকৰ দলে এগৰাকী প্ৰবাসী ভাৰতীয়ৰ আবেগ সুন্দৰভাৱে প্ৰকাশ কৰিছে, আপোনালোকক অভিনন্দন জনাইছোঁ।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ওড়িশাত ১৮ সংখ্যক প্ৰবাসী ভাৰতীয় দিৱস সন্মিলন উদ্বোধন কৰে
January 09th, 10:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ওড়িশাৰ ভূৱনেশ্বৰত ১৮ সংখ্যক প্ৰবাসী ভাৰতীয় দিৱস সন্মিলন উদ্বোধন কৰে। বিশ্বৰ ভিন্ন প্ৰান্তৰপৰা ইয়ালৈ অহা সকলো প্ৰতিনিধি আৰু প্ৰবাসী লোকসকলক আদৰণি জনাই শ্ৰী মোদীয়ে সমগ্ৰ বিশ্বতে ভৱিষ্যতে প্ৰবাসী ভাৰতীয়ৰ ভিন্ন অনুষ্ঠানত উদ্বোধনী গীতটো পৰিবেশন কৰা হ’ব বুলি আশা প্ৰকাশ কৰে। তেখেতে গ্ৰেমী বঁটা বিজয়ী শিল্পী ৰিকি কেজ আৰু তেওঁৰ টীমটোক প্ৰশংসাৰে কয় যে প্ৰবাসী ভাৰতীয়ৰ আৱেগ আৰু অনুভৱৰ অনুৰণন ঘটা গীতটি আশ্চৰ্য্যকৰ।PM Modi meets Chief Minister of Odisha
December 23rd, 05:50 pm
The Prime Minister, Shri Narendra Modi, met today Chief Minister of Odisha, Shri Mohan Charan Majhi.উৰিষ্যাৰ নতুন চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ প্ৰধানমন্ত্ৰীৰ
June 12th, 09:46 pm
প্ৰধানমন্ত্ৰী, শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উৰিষ্যাৰ নতুন চৰকাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা শ্ৰী মোহন চৰণ মাঝীক অভিনন্দন জ্ঞাপন কৰে। ইফালে উপ-মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা শ্ৰী কনক বৰ্ধন সিং দেও আৰু প্ৰভাতী পৰিদালৈও শুভেচ্ছা জ্ঞাপন কৰে প্ৰধানমন্ত্ৰীয়ে।