সংযুক্ত আৰৱ এমিৰেটছলৈ প্ৰধানমন্ত্ৰীৰ ভ্ৰমণ

May 15th, 03:59 pm

এক চৰকাৰী ভ্ৰমণসূচীৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সংযুক্ত আৰৱ এমিৰেটছত উপস্থিত হয়। বিমানবন্দৰত ইউ এ ইৰ ৰাষ্ট্ৰপতি শ্বেইখ মহম্মদ বিন জায়েদ আল নাহিয়ানে তেওঁক আনুষ্ঠানিক আদৰণি জনায়।

List of Outcomes: Prime Minister’s Visit to the UAE

May 15th, 03:46 pm

The state visit of PM Modi to the UAE resulted in the signing of several MoUs and agreements. These cover areas such as petroleum, oil, defence, ship repair, maritime cooperation and supercomputing. A major announcement included the Abu Dhabi Investment Authority (ADIA) and India’s NIIF exploring investments of up to US$ 1 billion in India’s infrastructure sector.

ইউএইত উপস্থিত প্ৰধানমন্ত্ৰী মোদী

May 15th, 01:31 pm

ইউএইৰ আবুধাবিত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। তেওঁক উষ্ম আদৰণি জনায় ইউএইৰ ৰাষ্ট্ৰপতি মহামহিম শ্বেইখ মহম্মদ বিন জায়েদ আল নাহিয়ানে।

Prime Minister’s Departure Statement ahead of his visit to the UAE, Netherlands, Sweden, Norway, and Italy

May 15th, 07:56 am

PM Modi is embarking on a five-nation visit to the UAE, the Netherlands, Sweden, Norway and Italy from 15-20 May 2026. During the visit, he will meet various Heads of State and hold discussions to further strengthen partnerships across key sectors. Highlights of the visit include his participation in the European Round Table for Industry in Sweden and the 3rd India-Nordic Summit in Oslo.

ইউ এ ই, নেদাৰলেণ্ড, ছুইডেন, নৰৱে, আৰু ইটালীলৈ প্ৰধানমন্ত্ৰীৰ ভ্ৰমণ (১৫ - ২০ মে', ২০২৬)

May 11th, 09:00 pm

২০২৬ চনৰ ১৫ মে’ৰ পৰা ২০ মে’লৈ ইউ এ ই, নেদাৰলেণ্ড, ছুইডেন, নৰৱে আৰু ইটালী ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। এই ভ্ৰমণৰ সময়ত তেওঁ ইউ এ ইৰ ৰাষ্ট্ৰপতি শ্বেইখ মহম্মদ বিন জায়েদ আল নাহিয়ানক সাক্ষাৎ কৰি বিভিন্ন বিষয়ত মত বিনিময় কৰিব। নেদাৰলেণ্ডত প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰজা উইলেম-আলেকজেণ্ডাৰক সাক্ষাৎ কৰাৰ লগতে প্ৰধানমন্ত্ৰী ৰব জেটেনৰ সৈতে আলোচনাত মিলিত হ’ব। ছুইডেনত তেওঁ প্ৰধানমন্ত্ৰী ক্ৰীষ্টাৰছনৰ সৈতে আলোচনাত মিলিত হ’ব। নৰৱেত তেওঁ ৰজা পঞ্চম হাৰাল্ডক সাক্ষাৎ কৰাৰ লগতে প্ৰধানমন্ত্ৰী জ’নাছ গাহৰ ষ্ট’ৰৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ’ব। ইয়াৰ পিছত তেওঁ ইটালী ভ্ৰমণ কৰি প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলনীৰ সৈতে আলোচনাত মিলিত হ’ব।

যুটীয়া বিবৃতিঃ প্ৰধানমন্ত্ৰীৰ সংযুক্ত আৰৱ আমিৰাত ভ্ৰমণ (১৩-১৪ ফেব্ৰুৱাৰী, ২০২৪)

February 14th, 10:23 pm

সংযুক্ত আৰৱ আমিৰাতৰ ৰাষ্ট্ৰপতি, মহামহিম শ্বেখ মহম্মদ বিন জায়েদ আল নাহিয়ান আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ২০২৪ৰ ১৩ ফেব্ৰুৱাৰীত আবু ধাবিত মিলিত হয়। ৰাষ্ট্ৰপতি, মহামহিম শ্বেখ মহম্মদ বিন জায়েদ আল নাহিয়ানে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ইউএইলৈ স্বাগতম জনায় আৰু ১৪ ফেব্ৰুৱাৰী, ২০২৪ত ডুবাইত অনুষ্ঠিত বিশ্ব চৰকাৰ সন্মিলন, ২০২৪ত ভাষণ প্ৰদানৰ আমন্ত্ৰণ গ্ৰহণৰ বাবে প্ৰশংসা প্ৰকাশ কৰে।

ইউএইৰ আবুধাবিত বিএপিএছ হিন্দু মন্দিৰ উদ্বোধন কৰি প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

February 14th, 07:16 pm

শ্ৰী স্বামী নাৰায়ণ জয় দেৱ, মহামহিম শ্বেখ নাহিয়ান আল মুবাৰক, সন্মানীয় মহন্ত স্বামী জী মহাৰাজ, ভাৰত আৰু ইউএই তথা বিশ্বৰ ভিন্ন দেশৰ বিশিষ্ট অতিথি আৰু বিশ্বৰ প্ৰতিটো কোণৰপৰা এই অনুষ্ঠানত অংশগ্ৰহণ কৰা মোৰ ভ্ৰাতৃ-ভগ্নীসকল!

PM Modi inaugurates BAPS Hindu Mandir in Abu Dhabi, UAE

February 14th, 06:51 pm

Prime Minister Narendra Modi inaugurated the BAPS Hindu Mandir in Abu Dhabi, UAE. The PM along with the Mukhya Mahant of BAPS Hindu Mandir performed all the rituals. The PM termed the Hindu Mandir in Abu Dhabi as a symbol of shared heritage of humanity.

ডবুাই, উপ-ৰাষ্ট্ৰপতি আৰু ইউএইৰ প্ৰধানমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক

February 14th, 03:49 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৪ ফেব্ৰুৱাৰী, ২০২৪ত ডুবাইত উপ-ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, প্ৰতিৰক্ষা মন্ত্ৰী তথা ডুবাইৰ শাসক মহামহিম শ্বেখ মহম্মদ বিন ৰছিদ আল মাকটুমক সাক্ষাৎ কৰে।

ডুবাইৰ জেবেল আলিত ভাৰ্চুৱেলী ভাৰত মাৰ্টৰ আধাৰশিলা স্থাপন

February 14th, 03:48 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু ডুবাইৰ উপ-ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আৰু শাসক শ্বেখ মহম্মদ বিন ৰছিদ আল মাকটুমে ১৪ ফেব্ৰুৱাৰী, ২০২৪ত ভাৰ্চুৱেলী ডুবাইৰ জেবেল আলি মুক্ত বাণিজ্য মণ্ডলত ডি পি ৱৰ্ল্ডে নিৰ্মাণ কৰিবলগীয়া ভাৰত মাৰ্টৰ আধাৰশিলা স্থাপন কৰে।

২০২৪ চনত ডুবাইত অনুষ্ঠিতব্য বিশ্ব চৰকাৰী সন্মিলন সন্দৰ্ভত আলোচনাৰ বাবে মাদাগাস্কাৰৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ

February 14th, 02:55 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ডুবাইত অনুষ্ঠিতব্য বিশ্ব চৰকাৰৰ শীৰ্ষ সন্মিলন সন্দৰ্ভত আলোচনা কৰিবৰ বাবে মাদাগাস্কাৰৰ ৰাষ্ট্ৰপতি এণ্ড্ৰি ৰজোলিনাক সাক্ষাৎ কৰে। উল্লেখ্য যে এইখনেই আছিল দুয়োগৰাকী নেতাৰ প্ৰথম বৈঠক।

বিশ্ব চৰকাৰ সন্মিলনত প্ৰধানমন্ত্ৰীৰ ভাষণ

February 14th, 02:30 pm

বিশ্ব চৰকাৰৰ শীৰ্ষ সন্মিলনত মূল ভাষণ দিয়াটো মোৰ বাবে এক বৃহৎ সন্মানৰ কথা, আৰু এই সৌভাগ্য মোৰ দ্বিতীয়বাৰৰ বাবে। এই আমন্ত্ৰণ আৰু অদ্ভুত আদৰণিৰ বাবে মহামহিম শ্বেখ মহম্মদ বিন ৰছিদ জীক মই অতিশয় কৃতজ্ঞতা জ্ঞাপন কৰিছো।লগতে মোৰ ভাই মহামহিম শ্বেখ মহম্মদ বিন জায়েদকো ধন্যবাদ জনাইছো। শেহতীয়াকৈ তেওঁক কেইবাবাৰো লগ পোৱাৰ সুযোগ পাইছিলোঁ। তেওঁলোক কেৱল দূৰদৰ্শী নেতা নহয় সংকল্প আৰু দায়বদ্ধতাৰ নেতাও।

বিশ্ব চৰকাৰ শীৰ্ষ সন্মিলন ২০২৪ত প্ৰধানমন্ত্ৰীৰ অংশগ্ৰহণ

February 14th, 02:09 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৪ চনৰ ১৪ ফেব্ৰুৱাৰীত ডুবাইত অনুষ্ঠিত বিশ্ব চৰকাৰৰ সন্মিলনত সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰে। ইউএইৰ উপ-ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, প্ৰতিৰক্ষা মন্ত্ৰী আৰু ডুবাইৰ শাসক মহামান্য শ্বেখ মহম্মদ বিন ৰছিদ অল মাকতুমৰ আমন্ত্ৰণত তেওঁ সন্মিলনৰ বিষয়বস্তু ভৱিষ্যত চৰকাৰক আকাৰ দিয়াৰ ওপৰত মূল ভাষণ প্ৰদান কৰে। প্ৰধানমন্ত্ৰীয়ে ২০১৮ চনত বিশ্ব চৰকাৰ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰাৰ লগতে সন্মানীয় অতিথি হিচাপেও অংশগ্ৰহণ কৰিছিল। এইবাৰ অনুষ্ঠিত সন্মিলনত ১০ জন ৰাষ্ট্ৰপতি আৰু ১০ জন প্ৰধানমন্ত্ৰীকে ধৰি ২০ জন বিশ্ব নেতাই অংশগ্ৰহণ কৰে। আন্তৰ্জাতিক সন্মিলনখনত ১২০ খনতকৈও অধিক দেশৰ চৰকাৰ আৰু প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰে।

PM Modi arrives in Abu Dhabi, UAE

February 13th, 05:47 pm

Prime Minister Narendra Modi arrived in Abu Dhabi, UAE. He was warmly received by UAE President HH Mohamed bin Zayed Al Nahyan at the airport.

ইউএই ভ্ৰমণৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে ভাৰতীয় সম্প্ৰদায়ক প্ৰশংসা কৰে

February 13th, 10:56 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিশ্বৰ সৈতে ভাৰতৰ সম্পৰ্ক গভীৰ কৰাৰ প্ৰচেষ্টাৰ বাবে ভাৰতীয় সম্প্ৰদায়ক প্ৰশংসা কৰে।

ইউএই আৰু কাটাৰ ভ্ৰমণৰ পূৰ্বে প্ৰধানমন্ত্ৰীৰ বিবৃতি

February 13th, 10:46 am

আবুধাবিত মইইউএইৰ ৰাষ্ট্ৰপতি শ্বেখ মহম্মদ বিন জায়েদ আল নাহিয়ানক সাক্ষাৎ কৰি আমাৰ ব্যাপক কৌশলগত অংশীদাৰীত্বআগবঢ়াই নিয়াৰ ক্ষেত্ৰত বিস্তৃত আলোচনা কৰাৰ বাবে আশাবাদী। অলপতে মই গুজৰাটত ৰাষ্ট্ৰপতিগৰাকীক আদৰাৰ সৌভাগ্য লাভ কৰিছিলো, য'ত তেওঁ ভাইব্ৰেণ্ট গুজৰাট গ্লোবেল ছামিট ২০২৪ত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিছিল।

উজবেকিস্তানৰ ৰাষ্ট্ৰপতিৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক

December 01st, 09:36 pm

ইউএইত অনুষ্ঠিত চিঅ’পি-২৮ৰ সমান্তৰালভাৱে ১ ডিচেম্বৰত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উজবেকিস্তানৰ ৰাষ্ট্ৰপতি শ্ৰীযুত শ্বাৱকট মিৰ্জিঅ’য়েভক সাক্ষাৎ কৰে৷

Prime Minister’s meeting with the President of the Republic of the Maldives

December 01st, 09:35 pm

Prime Minister Shri Narendra Modi met H.E. Dr. Mohamed Muizzu, President of the Republic of the Malpes, on 01 December 2023, on the sidelines of COP-28 Summit in the UAE.

ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক

December 01st, 09:32 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৩ চনৰ ১ ডিচেম্বৰত ডুবাইত অনুষ্ঠিত চিঅ'পি ২৮ শীৰ্ষ সন্মিলনৰ সময়ত ফ্ৰান্সৰ ৰাষ্ট্ৰপতি শ্ৰী ইমানুৱেল মেক্ৰ'ৰ সৈতে এক দ্বিপাক্ষিক বৈঠকত মিলিত হয়।

Prime Minister participates in the COP-28 Presidency’s Session on Transforming Climate Finance

December 01st, 08:39 pm

Prime Minister Shri Narendra Modi participated in the COP-28 Presidency’s Session on Transforming Climate Finance” on 1 December 2023 in Dubai, UAE. The event focussed on making climate finance more available, accessible, and affordable to developing countries.