প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ পৰা সাহায্য প্ৰাপ্ত ৰে’ল আন্তঃগাঁথনি প্ৰকল্প উদ্বোধন কৰে

April 06th, 12:09 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি মহামহিম অনুৰা কুমাৰা দিছানায়কাৰ সৈতে অনুৰাধাপুৰাত ভাৰতৰ সহায়ত নিৰ্মিত দুটা ৰে'লৱে প্ৰকল্পৰ উদ্বোধন আৰু শুভাৰম্ভ সমাৰোহত অংশগ্ৰহণ কৰে।

জয়া শ্ৰী মহা বোধি মন্দিৰ পৰিদৰ্শন প্ৰধানমন্ত্ৰীৰ

April 06th, 11:24 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি অনুৰা কুমাৰ দিছানায়কৰ সৈতে অনুৰাধাপুৰাৰ পবিত্ৰ জয়া শ্ৰী মহা বোধি মন্দিৰ পৰিদৰ্শন কৰি পূজনীয় মহাবোধি বৃক্ষত প্ৰাৰ্থনা কৰে। খ্ৰীষ্টপূৰ্ব তৃতীয় শতিকাত ভাৰতৰ পৰা সংগমিত মহা থেৰীয়ে শ্ৰীলংকালৈ অনা আহত পুলিৰ পৰাই গছজোপা গজা বুলি ধাৰণা কৰা হয়। ভাৰত-শ্ৰীলংকাৰ ঘনিষ্ঠ অংশীদাৰিত্বৰ ভেটি গঠন কৰা শক্তিশালী সভ্যতামূলক সংযোগৰ প্ৰমাণ হিচাপে এই মন্দিৰটো থিয় হৈ আছে।

শ্ৰীলংকাৰ ভাৰতীয় মূলৰ তামিলৰ নেতাসকলৰ সাক্ষাৎ প্ৰধানমন্ত্ৰীক

April 05th, 10:59 pm

শ্ৰীলংকাৰ পৰা অহা ভাৰতীয় মূলৰ তামিল নেতাসকলে আজি কলম্বোত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰে। এই সাক্ষাৎকালতে প্ৰধানমন্ত্ৰী মোদীয়ে ঘোষণা কৰে যে ভাৰতে শ্ৰীলংকা চৰকাৰৰ সহযোগত আই অ’ টি বা অৰিজিন তামিলসকলৰ বাবে ১০ হাজাৰ গৃহ নিৰ্মাণ কৰাৰ উপৰিও, স্বাস্থ্যসেৱাৰ সুবিধা, পবিত্ৰ স্থান সীতা এলিয়া মন্দিৰ আৰু অন্যান্য সামূহিক উন্নয়ন প্ৰকল্প নিৰ্মাণত সহায় কৰিব।

শ্ৰীলংকাৰ তামিল সম্প্ৰদায়ৰ নেতাসকলেৰে মিলিত হয় প্ৰধানমন্ত্ৰী

April 05th, 10:48 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কলম্বোত শ্ৰীলংকাৰ তামিল সম্প্ৰদায়ৰ নেতাসকলক সাক্ষাৎ কৰে। বৈঠকত তেওঁ সন্মানীয় তামিল নেতা থিৰু আৰ সম্পান্থন আৰু থিৰু মাভাই সেনাথিৰাজাহৰ মৃত্যুত সমবেদনা জ্ঞাপন কৰে।

শ্ৰীলংকাৰ বিৰোধী দলৰ দলপতিক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ

April 05th, 10:34 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কলম্বোত শ্ৰীলংকাৰ বিৰোধী দলৰ নেতা শ্ৰীযুত সাজিথ প্ৰেমদাসাক সাক্ষাৎ কৰে।

১৯৯৬ৰ শ্ৰীলংকাৰ ক্ৰিকেট টীমৰ সৈতে প্ৰধানমন্ত্ৰীৰ বিশেষ মত-বিনিময়ৰ অসমীয়া অনুবাদ

April 05th, 10:25 pm

আপোনালোক সকলোকে লগ পোৱাৰ সুযোগ পাই মই আনন্দিত হৈছোঁ। মই অনুভৱ কৰোঁ যে আপোনালোকৰ টীমটো এনেকুৱা এটা দল, যাক ভাৰতৰ জনসাধাৰণে এতিয়াও মৰমেৰে মনত পেলায়। আপোনাসৱে ভাৰতীয় দলক পৰাস্ত কৰা সময়খিনিৰ কথা ৰাষ্ট্ৰই পাহৰা নাই।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৯৯৬ৰ শ্ৰীলংকাৰ ক্ৰিকেট টীমৰ সৈতে মত-বিনিময় কৰে

April 05th, 10:23 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কালি শ্ৰীলংকাৰ কলম্বোত ১৯৯৬ৰ শ্ৰীলংকাৰ ক্ৰিকেট টীমৰ সৈতে মত-বিনিময় কৰে। এই কাৰ্য্যসূচীত ক্ৰিকেটাৰসকলে সন্মানীয় প্ৰধানমন্ত্ৰীক লগ পাই সন্তোষ আৰু কৃতজ্ঞতা প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে তেওঁলোকক লগ পাই আনন্দিত হোৱাৰ লগতে কয় যে ভাৰতৰ জনসাধাৰণৰ দলটোৰ প্ৰভাৱশালী প্ৰদৰ্শনৰ কথা, বিশেষকৈ চিৰস্থায়ী ছাপ বহনকাৰী স্মৰণীয় জয়ৰ কথা এতিয়াও মনত আছে। তেখেতে লগতে কয় যে তেওঁলোকৰ এই কৃতিত্বৰ কথা ৰাষ্ট্ৰখনৰ মাজত আজিও চৰ্চিত হৈ আছে।

Prime Minister pays tribute at the Indian Peace Keeping Force (IPKF) Memorial

April 05th, 08:36 pm

​Prime Minister Shri Narendra Modi paid his respects at the ‘Indian Peace Keeping Force (IPKF) Memorial’ in Sri Jayawardenapura Kotte, near Colombo, today.

কলম্বোত ‘আইপিকেএফ মেম'ৰিয়েল’ পৰিদৰ্শন কৰে প্ৰধানমন্ত্ৰীয়ে

April 05th, 07:44 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কলম্বোত অনুষ্ঠিত আইপিকেএফ মেমৰিয়েল দৰ্শন কৰি পুষ্পস্তৱক অৰ্পণ কৰে। তেওঁ শান্তি, ঐক্য আৰু শ্ৰীলংকাৰ আঞ্চলিক অখণ্ডতাৰ সেৱাত প্ৰাণাহুতি দিয়া ভাৰতীয় শান্তিৰক্ষী বাহিনীৰ বীৰ সৈনিকসকলক প্ৰশংসা কৰে।

Prime Minister holds bilateral talks with President of Sri Lanka

April 05th, 05:54 pm

PM Modi met President of Sri Lanka, Anura Kumara Dissanayake and reviewed cooperation in the fields of connectivity, development cooperation, economic ties, defence relations, reconciliation and fishermen issues. They witnessed the exchange of seven MoUs and virtually inaugurated several projects.

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক ‘শ্ৰীলংকা মিত্ৰ বিভূষণ’ বঁটাৰে সন্মানিত

April 05th, 02:40 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক আজি ৰাষ্ট্ৰপতি দিছানায়কে ‘শ্ৰীলংকা মিত্ৰ বিভূষণ’ বঁটাৰে সন্মানিত কৰে। ইয়াৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰি শ্ৰী মোদীয়ে কয় যে ই ভাৰত আৰু শ্ৰীলংকাৰ জনগণৰ মাজত গভীৰভাৱে শিপাই থকা বন্ধুত্ব আৰু ঐতিহাসিক সম্পৰ্কৰ প্ৰতীক।

ফলাফলবোৰ – প্ৰধানমন্ত্ৰীৰ শ্ৰীলংকা ভ্ৰমণ

April 05th, 01:45 pm

বিদ্যুৎ শক্তিৰ আমদানি/ৰপ্তানিৰ হেতু এইচ ভি ডি চি আন্তঃসংযোগ ৰূপায়ণৰ বাবে ভাৰত চৰকাৰ আৰু শ্ৰীলংকা চৰকাৰৰ মাজত বুজাবুজি চুক্তি।

শ্ৰীলংকাৰ ৰাষ্ট্ৰপতিৰ সৈতে যুটীয়া সংবাদমেলত প্ৰধানমন্ত্ৰীৰ মন্তব্য

April 05th, 11:30 am

আজি ৰাষ্ট্ৰপতি দিছানায়কে মোক ‘শ্ৰীলংকা মিত্ৰ বিভূষণ’ বঁটাৰে সন্মানীত কৰাটো মোৰ বাবে অতি গৌৰৱৰ বিষয়। এই বঁটাটোৱে কেৱল মোক নহয়, ১৪০ কোটি ভাৰতীয়কো সন্মান জনায়। ভাৰত আৰু শ্ৰীলংকাৰ জনসাধাৰণৰ মাজত থকা ঐতিহাসিক সম্পৰ্ক আৰু গভীৰ বন্ধুত্বৰ প্ৰতি শ্ৰদ্ধাঞ্জলি।

PM Modi arrives in Sri Lanka

April 04th, 10:06 pm

Prime Minister Narendra Modi arrived in Colombo, Sri Lanka. During his visit, the PM will take part in various programmes. He will meet President Anura Kumara Dissanayake.

থাইলেণ্ড আৰু শ্ৰীলংকা ভ্ৰমণৰ পূৰ্বে প্ৰধানমন্ত্ৰীৰ প্ৰস্থান বিবৃতি

April 03rd, 06:00 am

বিগত দশকত বিমষ্টেকে বংগোপসাগৰ অঞ্চলত আঞ্চলিক উন্নয়ন, সংযোগ আৰু অৰ্থনৈতিক প্ৰগতিৰ প্ৰসাৰৰ বাবে এখন উল্লেখযোগ্য মঞ্চ হিচাপে আত্মপ্ৰকাশ কৰিছে। ভৌগোলিক অৱস্থানৰ বাবে ভাৰতৰ উত্তৰ-পূব অঞ্চল বিমষ্টেকৰ কেন্দ্ৰবিন্দুত অৱস্থিত। বিমষ্টেক দেশসমূহৰ নেতাসকলক সাক্ষাৎ কৰি আমাৰ জনসাধাৰণৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ সহযোগিতা আৰু অধিক শক্তিশালী কৰাৰ বাবে অৰ্থপূৰ্ণভাৱে জড়িত হ’বলৈ মই আগ্ৰহী।

০৩-০৬ৰ এপ্ৰিল, ২০২৫ৰ পৰা প্ৰধানমন্ত্ৰীৰ থাইলেণ্ড আৰু শ্ৰীলংকা ভ্ৰমণ

April 02nd, 02:00 pm

বেংকক(৩-৪ এপ্ৰিল, ২০২৫)ত অনুষ্ঠিত হ’বলগীয়া ষষ্ঠ বিমষ্টেক সন্মিলনত অংশগ্ৰহণৰ বাবে থাইলেণ্ড ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । ইয়াৰ পিছত ৰাষ্ট্ৰপতি অনুৰা কুমাৰ দিছানায়কৰ আমন্ত্ৰণত তেওঁ শ্ৰীলংকালৈ (৪-৬ এপ্ৰিল, ২০২৫) ভ্ৰমণলৈ যাব।

জাফনা সাংস্কৃতিক কেন্দ্ৰ ভাৰত আৰু শ্ৰীলংকাৰ মাজত ঘনিষ্ঠ সাংস্কৃতিক সহযোগিতাৰ সূচনা কৰা এক গুৰুত্বপূৰ্ণ পদক্ষেপঃ প্ৰধানমন্ত্ৰী

February 11th, 09:43 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জাফনা সাংস্কৃতিক কেন্দ্ৰৰ উচৰ্গাক এক গুৰুত্বপূৰ্ণ পদক্ষেপ আখ্যা দি এই উপলক্ষে ৰাষ্ট্ৰপতি ৰণীল উইক্ৰেমসিংহৰ উপস্থিতি স্বীকাৰ কৰে। প্ৰধানমন্ত্ৰীয়ে ২০১৫ চনত কেন্দ্ৰটোৰ আধাৰশিলা স্থাপন কৰি সেই বিশেষ ভ্ৰমণৰ কিছু ফটো শ্বেয়াৰ কৰে।

শ্ৰীলংকাত ভাৰতীয় সম্প্ৰদায়ৰ সৈতে সাক্ষাৎ প্ৰধানমন্ত্ৰী মোদীৰ

June 09th, 03:00 pm

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্ৰীলংকাৰ কলম্বোত ভাৰতীয় সম্প্ৰদায়ৰ সন্মুখত বক্তব্য প্ৰদান কৰে৷ তেওঁ কয় যে বিশ্ব দৰবাৰত ভাৰতৰ স্থান ক্ৰমে শক্তিশালী হ’বলৈ ধৰিছে আৰু ইয়াৰ বাবে প্ৰবাসী ভাৰতীয়সকল প্ৰশংসাৰ যোগ্য৷ ‘‘মই য’লৈ যাও তাতেই ভাৰতীয় প্ৰবাসীসকলৰ সাফল্যৰ ধাৰাৰ বিষয়ে শুনিবলৈ পাও’’, তেওঁ এইদৰে কয়৷

প্ৰধানমন্ত্ৰী মোদীৰ শ্ৰীলংকা ভ্ৰমণ

June 09th, 02:40 pm

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি মৈথ্ৰীপালা ছিৰিসেনা, প্ৰধানমন্ত্ৰী ৰণিল উইক্ৰেমেছিংঘে, প্ৰাক্তন ৰাষ্ট্ৰপতি মহিন্দা ৰাজাপাক্ষা আৰু তামিল ৰাষ্ট্ৰীয় মৈত্ৰী প্ৰতিনিধিৰ নেতা আৰ. সমাপানথানক সাক্ষাৎ কৰে৷

PM Modi visits St. Anthony's Shrine at Kochchikade in Sri Lanka

June 09th, 12:33 pm

PM Narendra Modi began his Sri Lanka visit by paying my respects at one of the sites of the horrific Easter Sunday Attack, St. Anthony's Shrine, Kochchikade.