জি-২০ শীৰ্ষ সন্মিলনৰ সময়ত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ: অধিৱেশন ৩
November 23rd, 04:05 pm
প্ৰযুক্তিৰ উন্নতি অব্যাহত থকাৰ লগে লগে সুযোগ আৰু সম্পদ উভয়ে ক্ৰমান্বয়ে কিছুসংখ্যকৰ হাতত কেন্দ্ৰীভূত হৈ পৰিছে। সমগ্ৰ বিশ্বতে জটিল প্ৰযুক্তিৰ ওপৰত প্ৰতিযোগিতা তীব্ৰতৰ হৈ পৰিছে। এয়া মানৱতাৰ বাবে চিন্তাৰ বিষয়, আৰু ই উদ্ভাৱনৰ ক্ষেত্ৰতো বাধাৰ সৃষ্টি কৰে। ইয়াৰ সমাধানৰ বাবে আমি আমাৰ দৃষ্টিভংগীত এক মৌলিক পৰিৱৰ্তন আনিব লাগিব।“সকলোৰে বাবে এক স্বচ্ছ আৰু ন্যায্য ভৱিষ্যত” শীৰ্ষক বিষয়ত জি-২০ অধিৱেশনত ভাষণ প্ৰদান কৰিলে প্ৰধানমন্ত্ৰীয়ে
November 23rd, 04:02 pm
প্ৰধানমন্ত্ৰীয়ে আজি জি-২০ শীৰ্ষ সন্মিলনৰ তৃতীয় অধিৱেশনত সকলোৰে বাবে এক স্বচ্ছ আৰু ন্যায়সংগত ভৱিষ্যত - জটিল খনিজ; মান্য কাম; কৃত্ৰিম বুদ্ধিমত্তা শীৰ্ষক বিষয়ত ভাষণ প্ৰদান কৰে। প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ভাষণত জটিল প্ৰযুক্তিৰ প্ৰচাৰৰ ধৰণত মৌলিক পৰিৱৰ্তন আনিবলৈ আহ্বান জনায়। তেওঁ উল্লেখ কৰে যে প্ৰযুক্তিৰ প্ৰয়োগ ‘বিত্তকেন্দ্ৰিক’তকৈ ‘মানৱকেন্দ্ৰিক’, ‘ৰাষ্ট্ৰীয়’তকৈ ‘গোলকীয়’ হ’ব লাগিব আৰু ‘একচেটিয়া’ আৰ্হিৰ পৰিৱৰ্তে ‘মুক্ত উৎস’ৰ ওপৰত ভিত্তি কৰি হ’ব লাগিব। তেওঁ কয় যে এই দৃষ্টিভংগী ভাৰতৰ প্ৰযুক্তিগত পৰিৱেশ তন্ত্ৰৰ সৈতে সংযুক্ত কৰা হৈছে আৰু ইয়াৰ ফলত উল্লেখযোগ্য ফলাফল দেখিবলৈ পোৱা গৈছে, সেয়া মহাকাশৰ ক্ষেত্ৰত কৰা প্ৰয়োগেই হওক, এআইয়েই হওক বা ডিজিটেল পেমেণ্টৰ বিষয়তেই হওক।জোহান্সবাৰ্গত জি-২০ শীৰ্ষ সন্মিলনৰ সময়তে দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে
November 23rd, 02:18 pm
মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আজি জি-২০ শীৰ্ষ সন্মিলনৰ সময়তে জোহান্সবাৰ্গত দক্ষিণ আফ্ৰিকা গণৰাজ্যৰ ৰাষ্ট্ৰপতি মহামহিম চিৰিল ৰামাফোছা ডাঙৰীয়াক সাক্ষাৎ কৰে। উষ্ম আতিথ্য আৰু শীৰ্ষ সন্মিলনৰ সফল পৰিচালনাৰ বাবে প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতি ৰামাফোছাক ধন্যবাদ জ্ঞাপন কৰে। নতুন দিল্লী জি-২০ শীৰ্ষ সন্মিলনৰ সময়ত গ্ৰহণ কৰা সিদ্ধান্তসমূহ আগুৱাই নিবলৈ দক্ষিণ আফ্ৰিকাই গ্ৰহণ কৰা জি-২০ৰ প্ৰচেষ্টাৰ তেওঁ শলাগ লয়।আই বি এছ এৰ নেতা সভাত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ
November 23rd, 12:45 pm
জোহান্সবাৰ্গৰ সজীৱ আৰু সুন্দৰ চহৰত অনুষ্ঠিত হোৱা আই বি এছ এৰ নেতা সভাত অংশগ্ৰহণ কৰাটো মোৰ বাবে এক বৃহৎ আনন্দৰ কথা। এই পদক্ষেপৰ বাবে আই বি এছ এৰ অধ্যক্ষ ৰাষ্ট্ৰপতি লুলালৈ আৰু তেওঁৰ উষ্ম আতিথ্যৰ বাবে ৰাষ্ট্ৰপতি ৰামাফোছালৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো।জোহান্সবাৰ্গত ইণ্ডিয়া-ব্ৰাজিল-ছাউথ আফ্ৰিকা (আই বি এছ এ)ৰ নেতাৰ সভাত অংশগ্ৰহণ প্ৰধানমন্ত্ৰী মোদীৰ
November 23rd, 12:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দক্ষিণ আফ্ৰিকাৰ জোহান্সবাৰ্গত অনুষ্ঠিত ইণ্ডিয়া-ব্ৰাজিল-ছাউথ আফ্ৰিকা (আই বি এছ এ)ৰ সভাত অংশগ্ৰহণ কৰে। দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি মহামহিম চিৰিল ৰামাফোছাৰ আতিথ্যত আয়োজিত বৈঠকত ব্ৰাজিলৰ ৰাষ্ট্ৰপতি মহামহিম লুইজ ইনাচিঅ’ লুলা ডা ছিলভায়ো ভাগ লয় ।জি-২০ সন্মিলনৰ দ্বিতীয় পৰ্বত প্ৰধানমন্ত্ৰীৰ বিবৃতি
November 22nd, 09:57 pm
প্ৰাকৃতিক দুৰ্যোগ মানৱতাৰ বাবে এক বৃহৎ প্ৰত্যাহ্বান হৈ আহিছে। এই বছৰো প্ৰাকৃতিক দুৰ্যোগে বিশ্বৰ বৃহৎ সংখ্যক লোকক প্ৰভাৱিত কৰিছে। এই কথা স্পষ্ট যে প্ৰাকৃতিক দুৰ্যোগৰ মোকাবিলাৰ বাবে আমি বৈশ্বিক সহযোগিতা শক্তিশালী কৰিব লাগিব।জি-২০ সন্মিলনৰ সময়ত প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ অসমীয়া অনুবাদঃ প্ৰথম পৰ্ব
November 22nd, 09:36 pm
প্ৰথমে ৰাষ্ট্ৰপতি ৰামাফোছাক জি-২০ সন্মিলনৰ সুন্দৰ আয়োজন আৰু সফল অধ্যক্ষতাৰ বাবে অভিনন্দন জনাইছো।জোহান্সবাৰ্গত জি-২০ সন্মিলনত অংশগ্ৰহণ প্ৰধানমন্ত্ৰীৰ
November 22nd, 09:35 pm
প্ৰধানমন্ত্ৰীয়ে আজি জোহান্সবাৰ্গত দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি চিৰিল ৰামাফোছাৰ আতিথ্যত অনুষ্ঠিত জি-২০ নেতৃবৃন্দৰ সন্মিলনত অংশগ্ৰহণ কৰে। এয়া আছিল জি-২০ সন্মিলনত প্ৰধানমন্ত্ৰীৰ দ্বাদশ বাৰ্ষিক অংশগ্ৰহণ। প্ৰধানমন্ত্ৰীয়ে সন্মিলনৰ উদ্বোধনী অনুষ্ঠানৰ দুয়োটা পৰ্বত ভাষণ প্ৰদান কৰে। তেওঁ উষ্ণ আতিথ্য আৰু সন্মিলনখন সফলতাৰে আয়োজন কৰাৰ বাবে ৰাষ্ট্ৰপতি ৰামাফোছাক ধন্যবাদ জ্ঞাপন কৰে।Joint statement by the Government of India, the Government of Australia and the Government of Canada
November 22nd, 09:21 pm
India, Australia, and Canada have agreed to enter into a new trilateral partnership: the Australia-Canada-India Technology and Innovation (ACITI) Partnership. The three sides agreed to strengthen their ambition in cooperation on critical and emerging technologies. The Partnership will also examine the development and mass adoption of artificial intelligence to improve citizens' lives.জি-২০ নেতৃবৰ্গৰ সন্মিলনৰ সমান্তৰালভাৱে অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ প্ৰধানমন্ত্ৰী মোদীৰ
November 21st, 10:43 pm
দক্ষিণ আফ্ৰিকাৰ জোহান্সবাৰ্গত অনুষ্ঠিত হোৱা জি-২০ নেতা সন্মিলনৰ সমান্তৰালভাৱে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এইচ ই মিষ্টাৰ এণ্টনি আলবানিজে বৈঠকত মিলিত হয়। ২০২০ চনত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত সম্পৰ্কটো সৰ্বাংগীন কৌশলগত অংশীদাৰিত্বলৈ উন্নীত কৰাৰ পিছত বিগত পাঁচ বছৰত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত সহযোগিতা গভীৰ আৰু বৈচিত্ৰ্যপূৰ্ণ হোৱাত দুয়োগৰাকী নেতাই সন্তুষ্টি প্ৰকাশ কৰে। সন্ত্ৰাসবাদৰ বিৰুদ্ধে বিশ্বজুৰি যুঁজখন শক্তিশালী কৰাৰ প্ৰতিশ্ৰুতি দিছিল নেতাসকলে।‘জি-২০ শীৰ্ষ সন্মিলন’ত অংশগ্ৰহণৰ বাবে দক্ষিণ আফ্ৰিকাৰ জোহান্সবাৰ্গত উপস্থিত হৈছেহি প্ৰধানমন্ত্ৰী মোদী
November 21st, 06:25 pm
কিছু সময়ৰ পূৰ্বে দক্ষিণ আফ্ৰিকাৰ জোহান্সবাৰ্গত উপস্থিত হৈছেহি প্ৰধানমন্ত্ৰী মোদী। ‘২০ সংখ্যক জি-২০ নেতৃমণ্ডলীৰ সন্মিলন’ত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে। শীৰ্ষ সন্মিলনৰ আহৰি পৰত তেওঁ বিশ্বৰ নেতাসকলৰ সৈতে দ্বিপাক্ষিক বৈঠক অনুষ্ঠিত কৰাৰ লগতে ‘ভাৰত-ব্ৰাজিল-দক্ষিণ আফ্ৰিকা (আই বি এছ এ) নেতৃমণ্ডলীৰ বৈঠক’তো অংশগ্ৰহণ কৰিব।দক্ষিণ আফ্ৰিকাৰ জোহান্সবাৰ্গত জি-২০ নেতৃবৰ্গৰ সন্মিলনত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে
November 19th, 10:42 pm
প্ৰধানমন্ত্ৰী মোদীয়ে ২১-২৩ নৱেম্বৰ, ২০২৫ত জি-২০ নেতৃবৰ্গৰ সন্মিলনত অংশগ্ৰহণৰ বাবে দক্ষিণ আফ্ৰিকাৰ জোহান্সবাৰ্গ ভ্ৰমণ কৰিব। সন্মিলনৰ সময়ছোৱাত প্ৰধানমন্ত্ৰীয়ে জি-২০ৰ কেতবোৰ গুৰুত্বপূৰ্ণ বিষয়ত ভাৰতৰ দৃষ্টিভংগী দাঙি ধৰিব। সন্মিলনৰ সমান্তৰালভাৱে তেওঁ বিশ্ব নেতাসকলৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব আৰু দক্ষিণ আফ্ৰিকাৰ আতিথ্যত অনুষ্ঠিত হ'বলগীয়া ভাৰত-ব্ৰাজিল-দক্ষিণ আফ্ৰিকা (আইবিএছএ) নেতাসকলৰ বৈঠকত অংশগ্ৰহণ কৰিব।Prime Minister’s participation in the BRICS-Africa Outreach and BRICS Plus Dialogue
August 25th, 12:12 am
PM Modi participated in the BRICS-Africa Outreach and BRICS Plus Dialogue, on 24 August, 2023 in Johannesburg. During his intervention, PM Modi called for the BRICS to be the voice of the Global South. He called for further cooperation to strengthen multi-polar world and emphasised the need to reform the global institutions to keep them representative and relevant. He urged the leaders for cooperation in the domains of counter-terrorism, environment conservation, climate action, cybersecurity, food & health security and resilient supply chains.দক্ষিণ আফ্ৰিকাৰ বিজ্ঞান একাডেমীৰ বিশিষ্ট জিনীয় বিশেষজ্ঞ আৰু মুখ্য কাৰ্যবাহী বিষয়া ড° হিমলা ছুডিয়ালৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক
August 24th, 11:33 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৩ চনৰ ২৪ আগষ্টত জোহান্সবাৰ্গত দক্ষিণ আফ্ৰিকাৰ বিজ্ঞান একাডেমীৰ বিখ্যাত জিনীয় বিশেষজ্ঞ আৰু মুখ্য কাৰ্যবাহী বিষয়া ড° হিমলা ছুডিয়ালক সাক্ষাৎ কৰে।প্ৰসিদ্ধ ৰকেট বিজ্ঞানী আৰু গেলেক্টিক এনাৰ্জি ভেঞ্চাৰ্ছৰ প্ৰতিষ্ঠাপক শ্ৰীযুত চিয়াবুলেলা জুজাৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক
August 24th, 11:32 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৪ আগষ্টত জোহান্সবাৰ্গত প্ৰসিদ্ধ ৰকেট বিজ্ঞানী আৰু গেলেক্টিক এনাৰ্জি ভেঞ্চাৰ্ছৰ প্ৰতিষ্ঠাপক আৰু পৰিচালনা সঞ্চালক শ্ৰী চিয়াবুলেলা জুজাক সাক্ষাৎ কৰে।Prime Minister Narendra Modi’s meeting with Prime Minister of the Republic of Ethiopia
August 24th, 11:27 pm
PM Modi met H.E. Dr. Abiy Ahmed Ali, Prime Minister of the Republic of Ethiopia, in Johannesburg on the sidelines of the 15th BRICS Summit. Both leaders held productive discussions on key areas including development partnership & capacity building among various others. PM Modi congratulated PM Abiy Ahmed on Ethiopia’s membership of BRICS and appreciated PM Abiy Ahmed for his participation in the Voice of Global South Summit.‘চেনেগাল গণৰাজ্য’ৰ ৰাষ্ট্ৰপতিৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক
August 24th, 11:26 pm
জোহান্সবাৰ্গত অনুষ্ঠিত পঞ্চদশ ব্ৰিকছ সন্মিলনৰ মাজতে, ২৪ আগষ্ট ২০২৩ তাৰিখে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চেনেগাল গণৰাজ্যৰ ৰাষ্ট্ৰপতি মহামহিম শ্ৰী মেকি চালক সাক্ষাৎ কৰে।ইৰাণৰ ৰাষ্ট্ৰপতিৰে প্ৰধানমন্ত্ৰীৰ বৈঠক
August 24th, 11:23 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ইৰাণৰ ৰাষ্ট্ৰপতি ড০ ছেইয়দ ইব্ৰাহিম ৰাইছীয়ে ২৪ আগষ্ট, ২০২৩ত জোহান্সবাৰ্গত পঞ্চদশ ব্ৰিকছ শীৰ্ষ সন্মিলনৰ সমান্তৰালভাৱে বৈঠকত মিলিত হয়৷ব্ৰিকছ-আফ্ৰিকা আউটৰিচ আৰু ব্ৰিকছ প্লাছ আলোচনাত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
August 24th, 02:38 pm
আফ্ৰিকা ভূমিত থকা মোৰ সকলো বন্ধুৰ মাজত উপস্থিত হৈ মই আনন্দিত।ব্ৰিকছ সম্প্ৰসাৰণ সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ বক্তব্য
August 24th, 01:32 pm
প্ৰথমতে, এই ব্ৰিকছ সন্মিলনৰ সফল আয়োজনৰ বাবে মই ৰাষ্ট্ৰপতি, মোৰ বন্ধু ৰামাফোচাজীক অভিনন্দন জনাইছো।