ছেচিলছৰ স্বাধীনতাৰ ৫০ সংখ্যক বাৰ্ষিকী উদযাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ অংশগ্ৰহণ
June 29th, 08:00 am
ছেচিলছৰ ৰাষ্ট্ৰপতি ড০ পেট্ৰিক হাৰ্মিনিৰ আমন্ত্ৰণ মৰ্মে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ছেচিলছৰ স্বাধীনতাৰ ৫০ সংখ্যক বাৰ্ষিকী উদযাপন অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে। ছেচিলছত স্বাধীনতা দিৱস উদযাপনত অংশগ্ৰহণ কৰা তেওঁ প্ৰথমগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰী।মৰিচাছৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ
June 28th, 08:45 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মৰিচাছৰ প্ৰধানমন্ত্ৰী মহামান্য মাহেৰ ভিক্টোৰিয়াত ডাঃ নবীনচন্দ্ৰ ৰামগুলমৰ সৈতে সাক্ষাৎ কৰে। ছেচেলছৰ সোণালী জয়ন্তী ৰাষ্ট্ৰীয় দিৱস উদযাপনৰ সময়ত দুয়েগৰাকী নেতাই এক বৈঠকত মিলিত হয়। ২০২৪ চনৰ নৱেম্বৰ মাহত প্ৰধানমন্ত্ৰী ৰামগুলামে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত প্ৰধানমন্ত্ৰী মোদীয়ে এয়া চতুৰ্থখন বৈঠকত মিলিত হয়।ছেচেলছলৈ প্ৰধানমন্ত্ৰীৰ ৰাজ্যিক ভ্ৰমণ
June 28th, 08:30 pm
২০২৬ চনৰ ২৭-২৯ জুনলৈ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ছেচেলছ ভ্ৰমণৰ অংশ হিচাপে প্ৰধানমন্ত্ৰী তথা ছেচেলছৰ ৰাষ্ট্ৰপতি মহামান্য ডাঃ পেট্ৰিক হাৰ্মিনীয়ে আজি মাহেৰ ভিক্টোৰিয়াৰ ষ্টেট হাউছত আনুষ্ঠানিক আলোচনাত মিলিত হয়।ফলাফলৰ সবিশেষঃ প্ৰধানমন্ত্ৰীৰ চৰকাৰী ছেচিলছ ভ্ৰমণ
June 28th, 08:17 pm
ছেচিলছ চৰকাৰক এখন দ্ৰুত টহলদাৰী জাহাজ উপহাৰছেচেলছৰ ৰাষ্ট্ৰীয় সদনত প্ৰধানমন্ত্ৰীৰ ভাষণ
June 28th, 05:00 pm
প্ৰধানমন্ত্ৰী হিচাপে ভাৰত মহাসাগৰ অঞ্চললৈ মোৰ প্ৰথমটো ভ্ৰমণ আছিল ২০১৫ চনত ছেচেলছলৈ।প্ৰধানমন্ত্ৰী হিচাপেও মই প্ৰথমবাৰৰ বাবে আফ্ৰিকা ভ্ৰমণ কৰিছিলো। মই ইয়ালৈ আহিছোঁ কাৰণ মই বিশ্বাস কৰোঁ যে ভাৰত মহাসাগৰৰ প্ৰতি ভাৰতৰ দৃষ্টিভংগীত ছেচেলছৰ এক বিশেষ স্থান আছে। আজি এটা দশকৰ পাছত ইয়ালৈ উভতি অহাৰ লগে লগে মোৰ বিশ্বাস আগতকৈ অধিক সুদৃঢ় হৈ পৰিছে।ছেচেলছৰ ৰাষ্ট্ৰপতিৰ সৈতে যৌথ প্ৰেছ বিবৃতিৰ সময়ত প্ৰধানমন্ত্ৰীৰ বক্তব্য
June 28th, 02:02 pm
তেখেতৰ দ্বাৰা গাৰ্ডিয়ান অব দ্য ব্লু হৰিজন উপাধিৰে সন্মানিত হোৱাটো মোৰ লগতে ১৪০ কোটি ভাৰতীয়ৰ বাবে অপৰিসীম আনন্দৰ বিষয়। মই এই সন্মান কৃতজ্ঞতা সহকাৰে গ্ৰহণ কৰিছোঁ আৰু জলবায়ু পৰিৱৰ্তনৰ প্ৰত্যাহ্বানৰ সৈতে যুঁজি অব্যাহত ৰখা আৰু পৰিৱেশ সংৰক্ষণক নিজৰ দায়িত্ব বুলি গণ্য কৰা সেই সকলো দেশৰ বাবে উৎসৰ্গা কৰিছোঁ।ছিচেলছত উপস্থিত হোৱা প্ৰধানমন্ত্ৰী মোদীক উষ্ম আদৰণি
June 27th, 03:30 pm
ছিচেলছত উপস্থিত হোৱা প্ৰধানমন্ত্ৰী মোদীক বিমানবন্দৰত ৰাষ্ট্ৰপতি ড০ পেট্ৰিক হাৰ্মিনিয়ে উষ্ম আদৰণি জনায়। ইয়াৰ উপৰিও পৰম্পৰাগত নৃত্য-গীতৰ বিশেষ সাংস্কৃতিক কাৰ্য়ক্ৰম উপস্থাপন কৰা হয়। এই ভ্ৰমণত ভাৰত-চিচেলছৰ ঘনিষ্ঠ আৰু দীৰ্ঘদিনীয়া সম্পৰ্ক সম্পৰ্কত আলোকপাত কৰা হৈছে, য’ত বিভিন্ন খণ্ডৰ মাজত সহযোগিতা শক্তিশালী কৰাত গুৰুত্ব আৰোপ কৰা হ’ব। এই ভ্ৰমণৰ সময়ছোৱাত প্ৰধানমন্ত্ৰী মোদীয়ে ছিচেলছৰ নেতৃবৰ্গৰ সৈতে মিলিত হৈ দুয়োখন ৰাষ্ট্ৰৰ মাজত সহযোগিতা আৰু অধিক প্ৰসাৰৰ দিহা কৰিব।