তৃতীয় ভাৰত-নৰ্ডিক সন্মিলনৰ মাজতে আইচলেণ্ডৰ প্ৰধানমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক
May 19th, 06:44 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তৃতীয় ভাৰত-নৰ্ডিক সন্মিলনৰ সমান্তৰালভাৱে অছলোত আইচলেণ্ডৰ প্ৰধানমন্ত্ৰী মাননীয়া ক্ৰিষ্টাৰ্ন ফ্ৰ’ষ্টাড’টিৰৰ সৈতে দ্বিপাক্ষিক বৈঠকত অংশগ্ৰহণ কৰে।তৃতীয় ভাৰত-নৰ্ডিক সন্মিলনৰ মাজতে ডেনমাৰ্কৰ অস্থায়ী প্ৰধানমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক
May 19th, 06:40 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰত-নৰ্ডিক সন্মিলনৰ মাজতে অছলোত ডেনমাৰ্কৰ অস্থায়ী প্ৰধানমন্ত্ৰী মাননীয়া মেটে ফ্ৰেডৰিকছেনক সাক্ষাৎ কৰে।.তৃতীয় ভাৰত-নৰ্ডিক সন্মিলনত যুটীয়া সংবাদ বিবৃতিৰ সময়ত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতিৰ ইংৰাজী অনুবাদ
May 19th, 04:25 pm
গণতন্ত্ৰ, আইনৰ শাসন আৰু বহুদিশতাৰ প্ৰতি আমাৰ অংশীদাৰী দায়বদ্ধতাই আমাক স্বাভাৱিক সহযোগী কৰি তুলিছে। একে সময়তে প্ৰযুক্তি আৰু বহনক্ষমতাৰ ক্ষেত্ৰত আমাৰ অংশীদাৰী অগ্ৰাধিকাৰসমূহে আমাৰ সম্পৰ্কক অপৰিসীম সুযোগেৰে ভৰাই তুলিছে। সেয়েহে আঠ বছৰ আগতে নৰ্ডিক দেশসমূহৰ সৈতে আমাৰ সম্পৰ্কত অধিক শক্তি আৰু গতি অনাৰ বাবে এই বিন্যাস প্ৰতিষ্ঠা কৰিছিলো।নৰৱে’-ভাৰত বাণিজ্য আৰু গৱেষণা সন্মিলনত প্ৰধানমন্ত্ৰীৰ ভাষণ
May 18th, 11:49 pm
আজি নৰৱে’ আৰু ভাৰতৰ বাণিজ্যিক আৰু গৱেষণা সম্প্ৰদায়ৰ মাজত থাকিবলৈ পোৱাটো মোৰ বাবে অতি আনন্দৰ বিষয়। মই একাংশ সহযোগীৰ কথা শুনিছো, ইয়ে মোক আত্মবিশ্বাস প্ৰদান কৰিছে যে আমাৰ অংশীদাৰিত্বৰ ভেটি অতি শক্তিশালী।ভাৰত-নৰৱে’ বাণিজ্য আৰু গৱেষণা সন্মিলনত অংশগ্ৰহণ প্ৰধানমন্ত্ৰীৰ
May 18th, 08:50 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অছলোত অনুষ্ঠিত ভাৰত-নৰৱে’ বাণিজ্য আৰু গৱেষণা সন্মিলনত অংশগ্ৰহণ কৰে। ৰাজকুমাৰ হাকন আৰু নৰৱে’ৰ প্ৰধানমন্ত্ৰী জ’নাছ গৰ ষ্ট’ৰেও সন্মিলনত অংশগ্ৰহণ কৰে।নৰৱে’ৰ প্ৰধানমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ দ্বিপাক্ষিক আলোচনা
May 18th, 08:21 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অছলোত নৰৱে’ৰ প্ৰধানমন্ত্ৰী মাননীয় জোনাছ গহৰ ষ্ট’ৰেৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হয়। আজি পুৱা অছলো বিমানবন্দৰত উপস্থিত হোৱাৰ সময়ত ভাৰত আৰু নৰৱেৰ মাজৰ ঘনিষ্ঠ সম্পৰ্কৰ বিশেষ চিহ্ন হিচাপে প্ৰধানমন্ত্ৰী ষ্ট’ৰে তেওঁক উষ্ম আদৰণি জনায়।নৰ'ৱেৰ মহামহিম ৰজা পঞ্চম হেৰাল্ডৰ সৈতে বিশেষ অনুষ্ঠানত ভাগ ল'লে প্ৰধানমন্ত্ৰী মোদীয়ে
May 18th, 07:36 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অছলোৰ ৰয়েল পেলেচত নৰৱেৰ মহামহিম ৰজা পঞ্চম হাৰাল্ডৰ সৈতে এক অনুষ্ঠানত অংশগ্ৰহণ কৰে।প্ৰধানমন্ত্ৰীয়ে গ্ৰহণ কৰিলে ৰয়েল নৰৱেজিয়ান অৰ্ডাৰ অৱ মেৰিটৰ গ্ৰেণ্ড ক্ৰছ
May 18th, 07:35 pm
অছলোত আয়োজিত এক বিশেষ অনুষ্ঠানত নৰ'ৱেৰ মহামহিম ৰজা পঞ্চম হেৰাল্ডে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক ‘ৰয়েল নৰৱেজিয়ান অৰ্ডাৰ অৱ মেৰিটৰ গ্ৰেণ্ড ক্ৰছ’ প্ৰদান কৰে। এই সন্মান নৰ'ৱেই বিদেশৰ চৰকাৰৰ মুৰব্বীসকলক প্ৰদান কৰা সৰ্বোচ্চ সন্মান। নৰ'ৱে তথা মানৱ জাতিৰ স্বাৰ্থত কৰা অসাধাৰণ সেৱাৰ স্বীকৃতি স্বৰূপে এই সন্মান প্ৰদান কৰা হয়।নৰ'ৱেৰ প্ৰধানমন্ত্ৰীৰ সৈতে যৌথ প্ৰেছ বিবৃতি প্ৰদানৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতি
May 18th, 04:44 pm
যোৱা বছৰ মই নৰ'ৱে ভ্ৰমণ কৰাৰ কথা আছিল যদিও পহলগামত সংঘটিত হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ বাবে সেই ভ্ৰমণ পিছুৱাই দিবলগীয়া হৈছিল। সেই কঠিন সময়ছোৱাত নৰ'ৱেই সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজত ভাৰতৰ কাষত দৃঢ়তাৰে থিয় দি বন্ধুত্বৰ প্ৰকৃত মনোভাৱ প্ৰদৰ্শন কৰিছিল। আজি নৰ'ৱে ভ্ৰমণ কৰাৰ সময়ত সেই সংহতিৰ বাবে মই আন্তৰিক কৃতজ্ঞতা প্ৰকাশ কৰিছো।